কিতাপে মোক কেনেকৈ সহায় কৰে
২০০৫ চনত মোৰ চকুৰ অস্ত্রোপচাৰ হৈছিল৷ চকুৰ চামনি গুচাবলৈ কৰা অস্ত্রোপচাৰ সৌ সিদিনালৈকে যিমান যন্ত্রণাদায়ক আছিল এতিয়া সি সিমান নহয়৷ চিকিৎসা বিজ্ঞানৰ বিস্ময়কৰ অগ্রগতিয়ে মানুহৰ জীৱন আগতকৈ ক্রমান্বয়ে বেছি যন্ত্রণামুক্ত কৰি তুলিছে৷ কিন্তু সেইবুলি শৰীৰত কটা–ছিঙা হ’লে এক্বোৰে যন্ত্রণা অনুভৱ নকৰাকৈ থকাটো অসম্ভৱ৷ চকুৰ অস্ত্রোপচাৰ চলি থাকোঁতে ময়ো সামান্য যন্ত্রণা অনুভৱ কৰিছিলোঁ৷
অস্ত্রোপচাৰ শেষ হোৱাৰ পিছত বিখ্যাত চকু চিকিৎসকজনে মোক ক’লে– ‘ছাৰ, আপোনাক বিদায় দিয়াৰ আগতে মই আপোনাক এটা কথা সুধিব খুজিছোঁ৷ অস্ত্রোপচাৰ চলি থাকোঁতে এটা কম্পিউটাৰযুক্ত মেচিনে ৰোগীৰ সমস্ত শাৰীৰিক আৰু মানসিক প্রতিক্রিয়াৰ মনিটৰিং কৰি থাকে৷ ৰোগীৰ শৰীৰৰ ৰক্তচাপ, নাড়ীৰ স্পন্দন, অম্লজানৰ হ্রাস–বৃদ্ধি, মানসিক উদ্বেগ বা অস্থিৰতা– এই সকলোবোৰ কথা লগে লগে মেচিনটোত ধৰা পৰে৷… আমি এটা কথা লক্ষ্য কৰি অতি আচৰিত হৈছোঁ যে অস্ত্রোপচাৰৰ গোটেই সময়খিনিত আপোনাৰ শৰীৰত বা মনত কোনোধৰণৰ প্রতিক্রিয়াৰ সৃষ্টি নহ’ল৷ শৰীৰ স্বাভাৱিক আৰু মন শান্ত হৈ থাকিল৷ আপোনাৰ চকুত যে এটা অস্ত্রোপচাৰ চলি আছে সেই কথা আপুনি সেই সময়ত অনুভৱেই নকৰিলে৷ এইটো কেনেকৈ সম্ভৱ হ’ল সেই কথা জানিবলৈ মই এজন ডাক্তৰ হিচাপে কৌতূহল অনুভৱ কৰিছোঁ৷’
ডাক্তৰৰ কথা শুনি মই প্রথমে খুব আচৰিত হ’লোঁ৷ অস্ত্রোপচাৰ চলি থকাৰ সময়ত মোৰ শৰীৰত আৰু মনত যে বিশেষ একো প্রতিক্রিয়া নহ’ল, অর্থাৎ মই যন্ত্রণাক ভয় কৰাৰ বা অনুভৱ কৰাৰ একো লক্ষণ নেদেখুৱালোঁ, সেই কথা মই নিজে সমূলি জনা নাছিলোঁ৷ ওপৰত কোৱা হৈছে যে আজিকালি কেটেৰেক্টৰ অস্ত্রোপচাৰ আগতকৈ বহু পৰিমাণে যন্ত্রণামুক্ত৷ সেই কাৰণে মই মনে মনে ভাবি আছিলোঁ যে আন সকলো ৰোগীৰ যি ধৰণৰ অনুভূতি আৰু অভিজ্ঞতা হয়, মোৰো ঠিক একে অনুভূতি আৰু অভিজ্ঞতাই হৈছে৷ অর্থাৎ শাৰীৰিক যন্ত্রণা কমকৈ অনুভৱ কৰিছোঁ, আৰু মনটোও মোটামুটিভাৱে শান্ত হৈ আছে৷ কিন্তু ডাক্তৰৰ কথা শুনিহে বুজি পালোঁ যে সকলো ৰোগীয়েই মোৰ নিচিনা আচৰণ নকৰে৷ মই আনতকৈ অলপ বেলেগ৷ ডাক্তৰৰ চকুৰে নিজৰ এটা অজান ৰূপ আৱিষ্কাৰ কৰি স্বাভাৱিকতেই মোৰ মনটো ভাল লাগিল৷
মোৰ উত্তৰ শুনিবলৈ ডাক্তৰে মোৰ মুখলৈ চাই আছে৷ দীঘলীয়া উত্তৰ দিবলৈ সময় নাই, কাৰণ অস্ত্রোপচাৰৰ কাৰণে আৰু বহুতো ৰোগীয়ে অপেক্ষা কৰি আছে৷ উত্তৰটো যিমান পাৰোঁ সংক্ষিপ্ত কৰিবলৈ চেষ্টা কৰি মই ক’লোঁ– ‘আপোনাৰ কথা শুনি মই সুখী হোৱাৰ লগতে অলপ আচৰিতো হৈছোঁ৷ সর্বসাধাৰণ ৰোগীতকৈ মোৰ প্রতিক্রিয়া যে বেলেগ হৈছে সেই কথা আপুনি নোকোৱা হ’লে মই নিজে কল্পনাও কৰিব নোৱাৰিলোঁহেঁতেন৷ সি যি কি নহওক, অস্ত্রোপচাৰৰ সময়ত মই প্রশান্ত আৰু নিৰুদ্বেগ হৈ থাক্বি পৰাৰ এটা কাৰণ এইটো হ’ব পাৰে যে শাৰীৰিক যন্ত্রণা সম্পর্কে মই যোৱা বহু বছৰ ধৰি বিক্ষিপ্তভাৱে যিবোৰ কথা পঢ়িছোঁ আৰু বুজিবলৈ চেষ্টা কৰিছোঁ, খুব সম্ভৱ সেইবোৰ কথাই শাৰীৰিক যন্ত্রণাৰ প্রতি মোৰ এক বিশেষ দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিছে৷ উদাহৰণ স্বৰূপে মই জন গান্থাৰৰ এখন কিতাপৰ কথা ক’ব পাৰোঁ৷ প্রায় ৪০ বছৰমানৰ আগতে তেওঁৰ এখন কিতাপত পঢ়া এটা বাক্যই মোৰ মনত ইমান দকৈ সাঁচ বহুৱাইছিল যে যোৱা ৪০ বছৰত মই এটা দিনৰ কাৰণেও বাক্যটো পাহৰি থকা নাই৷ জন গান্থাৰে লিখিছিল– শাৰীৰিক যন্ত্রণাক যদিintellectualise কৰা যায়, তেতিয়াহ’লে যন্ত্রণাক সম্পূর্ণৰূপে জয় কৰিব নোৱাৰিলেও তাক বহু পৰিমাণে সহনীয় কৰি পাৰি৷ মই নিজে সেইটো কৰিব পাৰিছোঁ বুলি দাবী নকৰোঁ, কিন্তু কৰিবলৈ চেষ্টা কৰি থাকোঁ৷ কিতাপত পঢ়া আৰু এষাৰ কথাই মোৰ মনৰ ওপৰত দীর্ঘস্থায়ী প্রভাৱ পেলাইছে৷ কলেজত পঢ়োঁতে আমাৰ ইংৰাজী অনার্ছ পাঠ্যক্রমৰ এখন পাঠ্যপুথি আছিল জর্জ বার্নার্ড শ্বৰYou Can Never Tell৷ নাটকখনৰ এটা চৰিত্রই তেওঁৰ দন্ত চিকিৎসকক কৈছে–In our time we were taught to bear necessary pain৷ এই বাক্যটোৱেও যন্ত্রণা সহ্য কৰিবলৈ মোক অলপ হ’লেও শক্তি দিয়ে৷ …মুঠতে একে আষাৰে ক’বলৈ গ’লে গোটেই জীৱন ধৰি টুকুৰা–টুকুৰকৈ পঢ়া এইবোৰ কথাই মোক যথেষ্ট চিন্তাৰ খোৰাক দিছে বুলি মই অনুভৱ কৰোঁ৷’
চমু কৰিবলৈ চেষ্টা কৰোঁতেও মোৰ উত্তৰটো অলপ দীঘলীয়া হ’ল৷ অৱশ্যে ইয়াতকৈ কম কথাত ডাক্তৰজনৰ প্রশ্ণৰ উত্তৰ দিয়াটো মোৰ পক্ষে সম্ভৱ নহ’লহেঁতেন৷ কিন্তু মোৰ উত্তৰত সম্পূর্ণ সন্তুষ্ট নহৈ ডাক্তৰে আকৌ প্রশ্ণ কৰিলে– ‘শাৰীৰিক যন্ত্রণাক কেনেকৈintellectualise কৰিব পাৰি আপুনি নিজে এই কামটো কেনেকৈ কৰিছে?’
ডাক্তৰৰ এই প্রশ্ণটোৰ উত্তৰ কম কথাত দিয়াটো মোৰ পক্ষে সম্ভৱ নহয় আনহাতে ব্যস্ত ডাক্তৰজনৰ বেছি সময় ল’বলৈকো মোৰ মন যোৱা নাই৷ মই ক’লোঁ– ‘মই শাৰীৰিক যন্ত্রণাকintellectualise কৰিব পাৰিছোঁ বুলি দাবী নকৰোঁ, কিয়নো মই এতিয়াও আচল পৰীক্ষাৰ সন্মুখীন হোৱা নাই৷ কিন্তু মই কিতাপৰ পৰা যিবোৰ মূল্যৱান শিক্ষা পাওঁ, সেইবোৰ পার্যমানে কামত লগাবলৈ চেষ্টা কৰোঁ৷ উদাহৰস্বৰূপে আজিয়েই মই তেনে এটা শিক্ষা কামত লগাবলৈ চেষ্টা কৰিছিলোঁ৷ সেই কথা কোৱাৰ আগতে জন গান্থাৰ আৰু তেওঁৰ কিতাপখনৰ বিষয়ে দুটামান কথা কৈ লোৱাটো ভাল হ’ব৷ যোৱা শতিকাৰ চল্লিশ নে পঞ্চাশৰ দশকত জন গান্থাৰেInside Russia, Inside India… ইত্যাদি এলানি কিতাপ লিখি খুব জনপ্রিয় হৈছিল৷ মই তেওঁৰInside Russia নামৰ কিতাপখন বিশেষ মনোযোগ দি পঢ়িছিলোঁ৷ জন গান্থাৰৰ একমাত্র সন্তানৰ ১২ বছৰ বয়সত লিউকেমিয়া অর্থাৎ তেজৰ কেঞ্চাৰ হৈছিল৷ ডাক্তৰে ঘোষণা কৰিলে যে ল’ৰাটো মাত্র এবছৰ জীয়াই থাক্বি৷ জন গান্থাৰে পুতেকৰ জীৱনৰ বাকী থকা দিনকেইটা সহনীয় কৰি ৰাখিবলৈ তাক লগত লৈ বিশ্বভ্রমণত বাহিৰ হ’ল৷ লগতে পুতেকৰ অসহ্য শাৰীৰিক যন্ত্রণা যিমান পৰা যায় সহনীয় কৰি তুলিবলৈ তেওঁ নানা উপায় অৱলম্বন কৰিব লগা হ’ল৷ পুতেকৰ মৃত্যুৰ পিছত জন গান্থাৰে এখন সৰু কিতাপ লিখি শাৰীৰিক যন্ত্রণাৰ বিষয়ে হোৱা তেওঁৰ অভিজ্ঞতা বর্ণনা কৰিছিল৷ প্রায় ৫০ বছৰৰ আগতে পঢ়া কিতাপখনৰ আন একো কথা মই এতিয়া স্পষ্টভাৱে মনত পেলাব নোৱাৰোঁ কিন্তু শাৰীৰিক যন্ত্রণাক সহনীয় কৰিবৰ কাৰণে তাকintellectualise কৰিবলৈ তেওঁ কিতাপখনত যি উপদেশ দিছিল সি মোৰ মনত শিলৰ ৰেখাৰ দৰে ৰৈ গ’ল৷ জন গান্থাৰৰ উপদেশ কামত লগাবলৈ আজি মই কেনেকৈ চেষ্টা কৰিছিলোঁ– এতিয়া সেই কথা মই আপোনাক ক’ব খোজোঁ৷ শাৰীৰিক যন্ত্রণাকintellectualise কৰাৰ অর্থ হ’ল তাক হূদয় দি অনুভৱ নকৰি মগজ তথা যুক্তি–বুদ্ধিৰ সহায়েৰে বুজিবলৈ চেষ্টা কৰা৷ সেইটো কৰিবলৈ নিশ্চয় বহুতো উপায় আছে৷ মই নিজে অৱলম্বন কৰা সহজ উপায়টো আছিল এনেধৰণৰ– আপোনালোকে যেতিয়া মোৰ চকুত বাৰে বাৰে দৰব দি আৰু প্লাষ্টিক নে আন কিহবাৰে ঢ়াকি অস্ত্রোপচাৰৰ কাৰণে তাক প্রস্তুত কৰি আছিল, তেতিয়া মোৰ মনলৈ অহা প্রথম ভাবটো আছিল এই যে আৰু কেইমুহূর্তমানৰ পিছতে আপোনালোকে মোৰ চকুৰ চামনি কাট্বিলৈ আৰম্ভ কৰিব, আৰু তেতিয়া মই নিশ্চয় অলপ যন্ত্রণা পাম৷ কিন্তু যন্ত্রণা সহ্য কৰিবলৈ মই তাকintellectualise কৰিব লাগিব অর্থাৎ যন্ত্রণাক অনুভৱ কৰাৰ পৰিৱর্তে তাক বিশ্লেষণ কৰিব লাগিব৷ এনাছথেছিয়া আৱিষৃকত হোৱাৰ আগতে অস্ত্রোপচাৰবোৰ কিমান ভয়ংকৰ যন্ত্রণাপূর্ণ আছিল সেই কথা মনত পেলাবলৈ মই চেষ্টা কৰিলোঁ৷ লগে লগে মোৰ হূদয়তকৈ মোৰ মগজ বেছি সক্রিয় হৈ পৰিল৷ এটা সত্য কাহিনী মোৰ মনলৈ আহিল৷ ভূমিকম্প নে আন ক্বিা এটা প্রাকৃতিক দুর্যোগৰ সময়ত এজন পর্যটকৰ এখন হাত প্রকাণ্ড শিল এচটাৰ তলত চেপা খাই পৰিল৷ সেই বিস্তীর্ণ নির্জন প্রান্তৰত তেওঁক সহায় কৰিবলৈ বা উদ্ধাৰ কৰিবলৈ দ্বিতীয় কোনো মানুহ নাছিল৷ এদিনমান অপেক্ষা কৰাৰ পিছত তেওঁ বুজি পালে যে হাতখন কাটি পেলোৱাৰ বাহিৰে তেওঁৰ প্রাণৰক্ষাৰ আন কোনো উপায় নাই৷ তেওঁৰ মোনাত অন্যান্য লাগতিয়াল বস্তুৰ লগতে এখন দাও আছিল৷ মানুহজনে দাৰে ঘপিয়াই ঘপিয়াই নিজৰ হাতখন কাটি পেলালে৷ …সেই অকল্পনীয় যন্ত্রণাৰ তুলনাত মোৰ চকুৰ সামান্য অস্ত্রোপচাৰৰ যন্ত্রণা এটা গুড়ি পৰুৱাৰ কামোৰৰ সমান নহয়নে?… এইবোৰ কথা ভাবি থাকোঁতে কেতিয়া চকুৰ অস্ত্রোপচাৰ আৰম্ভ হ’ল মই ক’বই নোৱাৰিলোঁ৷ মই মোৰ চকুৰ আগত জ্বলি থকা উজ্জ্বল পোহৰ দুটাৰ অপৰূপ বর্ণ সুষমা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলোঁ জে বি এছ হলডেইনে কেঞ্চাৰৰ বিষয়ে লিখা পদ্যটো মনত পেলালোঁ চিকিৎসা বিজ্ঞানৰ অবিশ্বাস্য অগ্রগতিৰ কথা স্মৰণ কৰি মানুহৰ অঘটন–ঘটন–পটীয়্ প্রতিভাক নমস্কাৰ কৰিলোঁ… মুঠতে একমাত্র অপাৰেচনৰ বাহিৰে আন বিচিত্র কথা মোৰ মনলৈ আহিল৷ অপাৰেচনটোক মই বুজিবলৈ চেষ্টা কৰিলোঁ এজন কৌতূহলী বিজ্ঞানীৰ দৰে বা নাটকৰ এজন দর্শকৰ দৰে৷…শাৰীৰিক যন্ত্রণাকintellectualise কৰিবলৈ কৈ জন গান্থাৰে নিশ্চয় মই কৰা কামটোকেই বুজাব খুজিছিল৷’
ডাক্তৰে ক’লে– ‘মই আজি এটা নতুন কথা শিকিলোঁ৷ আপোনাক অশেষ ধন্যবাদ৷’
মই ক’লোঁ– ‘মোৰ আৰু দুটামান কথা ক’ব লগা আছে৷ প্রথমতে, যন্ত্রণাৰ প্রতি মোৰ প্রতিক্রিয়া যদি সর্বসাধাৰণ ৰোগীতকৈ অলপ বেলেগ হ’ল, তেন্তে তাৰ কাৰণে বহুখিনি কৃতিত্ব আপোনাৰ প্রাপ্য৷ এজন ৰোগীয়ে যেতিয়া তেওঁৰ ডাক্তৰৰ হাতত নিজকে সম্পূর্ণ নিৰাপদ বুলি অনুভৱ কৰে, আৰু তেওঁৰ স্নিগ্ধ প্রশান্ত ব্যক্তিত্বৰ দ্বাৰা মোহিত হয়, তেতিয়া ৰোগীৰ মানসিক উদ্বেগ পঞ্চাশ শতাংশ আপোনা–আপুনি হ্রাস পায়৷ আপুনি তেনে এজন ডাক্তৰ৷ দ্বিতীয়তে, মই আপোনাক আগতেই কৈছোঁ যে মোৰ সহ্যশক্তি বা মানসিক সংযমৰ আচল পৰীক্ষা এতিয়াও হোৱা নাই৷ অৱশ্যে এটা কথা ক’ব পাৰোঁ যে জন গান্থাৰৰ উপদেশৰ কার্যকাৰিতা পৰীক্ষা কৰি চাবলৈ মই আজি এটা সুযোগ পালোঁ৷’