নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাৰত–শ্রীলংকাৰ প্রথম টি–২০

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ এদিনীয়া শৃংখলা জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি শ্রীলংকাৰ বিৰুদ্ধে প্রথম টি–২০ খেলিব৷ কলম্বোত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ টি–২০ শৃংখলাৰ প্রথমখন মেচত নৱাগত স্পীনাৰ বৰুণ চক্রৱর্তী আৰু উদীয়মান বাঁওহতীয়া অ’পেনাৰ দেৱদত্ত পাড়িকালৰ অভিষেক ঘটাৰ সম্ভাৱনা আছে৷ অধিনায়ক শিখৰ ধাৱনৰ বাবে এই শৃংখলা গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ তিনিখন মেচৰ শৃংখলাত উন্নত প্রদর্শনেৰে তেওঁ আগন্তুক টি–২০ বিশ্বকাপত খেলাৰ লক্ষ্য লৈছে৷

বিচিচিআইৰ পৰিকল্পনা অনুসৰি ইংলেণ্ড যাবলৈ সাজু হোৱা পৃথ্বি শ্ব আৰু সূর্য কুমাৰ যাদৱৰ স্থানত পাড়িকাল আৰু ঈশান কিষণে টীম ইণ্ডিয়াৰ মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা স্পষ্ট হৈছে৷ আই পি এলত চমকপ্রদ বেটিঙেৰে ইতিমধ্যে কর্ণাটকৰ উদীয়মান তাৰকা পাড়িকালে প্রতিভাৰ প্রমাণ দিবলৈ সক্ষম হৈছে৷ উইকেট ৰক্ষক হিচাপে ঈশান কিষণ দলত থাকিলেও সঞ্জু ছেমচনে মিডল অর্ডাৰ বেটছমেন হিচাপে দলত স্থান পাব বুলি ভাৰতীয় দলীয় মেনেজমেণ্টে   ইংগিত দিছে৷ হার্দিক আৰু ক্রুনাল পাণ্ডিয়াই অলৰাউণ্ডাৰৰ দায়িত্ব পালন কৰিব৷ বলিঙত অভিজ্ঞ তাৰকা ভুবনেশ্বৰ কুমাৰ আৰু দীপক চহৰে য়ুজবেন্দ্র চাহাল আৰু বৰুণ চক্রৱর্তীক সংগ দিব৷

ইফালে, ঘৰৰ মাটিত ৯ বছৰৰ মূৰত ভাৰতক এদিনীয়াত পৰাস্ত কৰি আত্মবিশ্বাস ওভতাই পোৱা শ্রীলংকাই টি–২০ শৃংখলাত উন্নত প্রদর্শনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

খেলৰ সময়: নিশা ৮ বজা৷

You might also like