যোৱা মাহৰ মাজভাগত বেংক কর্মচাৰীৰ সংগঠনসমূহে চৰকাৰে লোৱা ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি দুদিন ধর্মঘট কৰে আৰু এই বিষয়ে এইকেইদিন বাতৰিকাকত আৰু অন্য মিডিয়াতো বহুতো চর্চা হৈছে৷ এই বছৰ কেন্দ্রীয় বাজেটত ভাৰতৰ বিত্তমন্ত্রীয়ে কেইবাটাও ৰাজহুৱা খণ্ডৰ উদ্যোগত বিনিৱেশ Disinvestment) কৰি বিত্তীয় বর্ষটোত ১,৭৫,০০০ কোটি টকা সংগ্রহ কৰাৰ লক্ষ্য ঘোষণা কৰে৷ এই উদ্যোগসমূহৰ ভিতৰতIDBI বেংক আৰু এতিয়ালৈকে নাম ঘোষণা নকৰা অন্য দুটা ৰাজহুৱা খণ্ডৰ বেংকো আছে৷ ৰাজহুৱা খণ্ডৰ উদ্যোগ বা প্রতিষ্ঠানত চৰকাৰে বিনিৱেশ কৰাটো নতুন ঘটনা নহয়৷ ১৯৫৬ চনৰ ঔদ্যোগিক নীতি অনুসৰি আমাৰ দেশত ১৭টা উদ্যোগ কেৱল ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত ৰখা হৈছিল৷ ১৯৯১ চনৰ পৰা ভাৰতবর্ষত অর্থনৈতিক উদাৰীকৰণৰ যুগ আৰম্ভ হয় আৰু এই ধৰণৰ সংৰক্ষিত উদ্যোগৰ সংখ্যা ১৭টাৰ পৰা আঠটালৈ হ্রাস কৰি প্রতিৰক্ষা উৎপাদন, পাৰমাণৱিক শক্তি, সোণ আৰু হীৰা, খনিজ তেল, ৰে’ল বিভাগ আৰু কেইটামান গুৰুত্বপূর্ণ উদ্যোগ আৰু প্রতিষ্ঠানকহে এই তালিকাত ৰখা হয়৷ কিন্তু বিনিৱেশৰ প্রক্রিয়া প্রকৃতার্থত আৰম্ভ হয় ১৯৯৯ চনৰ পৰাহে৷ সেই বছৰতে বাজপেয়ী চৰকাৰে এটা সুকীয়া বিনিৱেশ মন্ত্রালয় আৰু বিভাগ সৃষ্টি কৰে আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক কৌশলগত আৰু অ–কৌশলগত Strategic আৰুNon-Strategic) দুটা শ্রেণীত ভাগ কৰে৷ এই বিভাজন অনুসৰি কেৱল প্রতিৰক্ষা উৎপাদন, পাৰমাণৱিক শক্তি আৰু ৰে’ল পৰিবহণ কৌশলগত বাStrategic খণ্ডত থাকিব আৰু অন্য সকলো উদ্যোগ অ–কৌশলগত বাNon-Strategic খণ্ডত অন্তর্ভুক্ত হ’ব৷ সহজভাৱে ক’লৈ গ’লে বিনিৱেশৰ অর্থ হ’ল চৰকাৰৰ দ্বাৰা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানত থকা নিজৰ স্বত্ব বা অধিকাৰ আংশিক বা সম্পূর্ণভাৱে বিক্রী কৰা৷ এই ধৰণৰ বিনিৱেশ কৰাৰ কেইবাটাও উদ্দেশ্য বা লক্ষ্য থাকে৷ যিবিলাক প্রতিষ্ঠানে আর্থিকভাৱে দুর্বল বা নিয়মীয়াভাৱে লোকচান ভৰি আহিছে, তেনেবোৰ প্রতিষ্ঠান চৰকাৰৰ বাবে ডাঙৰ বোজস্বৰূপহে হয়৷ তেনে প্রতিষ্ঠানক লোকচান ভৰি চলাই থকাতকৈ ব্যক্তিগত খণ্ডত বিক্রী কৰি দিয়াটোৱে চৰকাৰে উচিত বুলি গণ্য কৰে৷ চৰকাৰে গ্রহণ কৰা অন্য এটা স্থিতি হ’ল ব্যৱসায় কৰাটো চৰকাৰৰ মূল কাম নহয় আৰু বাণিজ্যিক উদ্যোগ আৰু প্রতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডলৈ স্থানান্তৰিত হ’লে সকলোৰে উপকাৰ হ’ব৷ কিন্তু বিনিৱেশৰ আটাইতকৈ গুৰুত্বপূর্ণ উদ্দেশ্যটো হ’ল পুঁজি সংগ্রহ কৰা, যি পুঁজি চৰকাৰে দেশ চলোৱাৰ লগতে সমাজৰ বিভিন্ন কল্যাণমূলক আঁচনিসমূহত খৰচ কৰিব পাৰে৷ নানা কাৰণত চৰকাৰৰ বিনিৱেশৰ লগত বহুতো বিতর্ক জড়িত হৈ থাকে৷ বিশেষকৈ কর্মচাৰী সংগঠনসমূহে এইবুলি শংকা আৰু উদ্বেগ প্রকাশ কৰে যে বিনিৱেশৰ ফলত ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডলৈ গ’লে কর্মচাৰীৰ চাকৰিৰ নিৰাপত্তা নাইকিয়া হব৷ যি নহওক, আজি আমি সমগ্র ৰাজহুৱা খণ্ডৰ বিনিৱেশ বা ব্যক্তিগতকৰণৰ সম্পর্কে আলোচনা নকৰি প্রস্তাৱিত ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ ফলত দেশৰ অর্থনীতি আৰু জনসাধাৰণৰ ওপৰত কি ধৰণৰ প্রভাৱ পৰিব পাৰে, সেই বিষয়েহে বিশ্লেষণ কৰিম৷
১৯৬৯ চনৰ জুলাই মাহত ভাৰতবর্ষৰ ১৪টা বৃহৎ বেংকৰ ৰাষ্ট্রীয়কৰণ কৰা হয়৷ এইকেইটা বেংকৰ হাতত বেংকিং উদ্যোগৰ ৮৫ শতাংশ জমা ধনৰ নিয়ন্ত্রণ আছিল৷ ৰাষ্ট্রীয়কৰণৰ পিছত চৰকাৰে এই বিপুল পৰিমাণৰ ধনৰ ওপৰত নিয়ন্ত্রণ লাভ কৰিলে আৰু ফলত দেশৰ অর্থনীতিৰ ওপৰতো চৰকাৰৰ নিয়ন্ত্রণ অধিক সুদৃঢ় হ’ল৷ ১৯৮০ চনৰ এপ্রিল মাহত আৰু ৬টা বেংকৰ ৰাষ্ট্রীয়কৰণৰ পিছত ৰাষ্ট্রীয়কৃত বেংকৰ সংখ্যা ২০টালৈ বৃদ্ধি হ’ল৷ বেংক ৰাষ্ট্রীয়কৰণৰ মূল উদ্দেশ্যসমূহ আছিল– কৃষি খণ্ডক অধিক শক্তিশালী কৰা, প্রাথমিকতাপ্রাপ্ত খণ্ডলৈ অধিক ঋণ আগবঢ়োৱা, কর্মসংস্থান বৃদ্ধি কৰা, দেশৰ সকলো নাগৰিকলৈ সুলভ মূল্যত বেংকিং সেৱা আগবঢ়োৱা, সুদখোৰ মহাজনৰ কবলৰ পৰা গাঁৱৰ দুখীয়া মানুহক ঋণমুক্ত কৰা, বেংক ধনৰ অপচয় আৰু অপব্যৱহাৰ প্রতিৰোধ কৰা ইত্যাদি৷ এই লক্ষ্যসমূহৰ বেছিভাগেই আজিও ভাৰতবর্ষৰ বাবে বৈধ আৰু প্রাসংগিক হৈ আছে৷ কেইটামান উদাহৰণেই এই কথা বুজিবলৈ যথেষ্ট হ’ব৷ নিযুক্তিৰ দিশৰ পৰা ভাৰতবর্ষ এতিয়াও এখন কৃষিপ্রধান দেশ আৰু প্রায় ৪২ শতাংশ মানুহেই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নির্ভৰশীল৷ কৃষি খণ্ডলৈ স্বীকৃত মুঠ ঋণৰ ৮৬ শতাংশই আগবঢ়াইছে ৰাজহুৱা খণ্ডৰ বেংকসমূহে, এইক্ষেত্রত ব্যক্তিগত খণ্ডৰ বেংকৰ অৱদান মাত্র ১৪ শতাংশ৷ কেৱল কৃষিৰ ক্ষেত্রতেই নহয়, গ্রামীণ ক্ষেত্রৰ সকলো দিশতেই ব্যক্তিগত খণ্ডৰ বেংকসমূহ পিছহুঁহকি থাকে৷ বর্তমান ভাৰতবর্ষৰ গ্রামাঞ্চলত প্রায় ৫২,০০০ বেংক শাখা আছে৷ ইয়াৰ ৮৫ শতাংশ শাখাই ৰাজহুৱা খণ্ডৰ অধীনত৷ সেইদৰে গ্রামাঞ্চলৰ মুঠ এটিএমৰ ৮২ শতাংশই ৰাজহুৱা খণ্ডৰ বেংকৰ৷ ২০১৪ চনত ভাৰত চৰকাৰে ‘জনধন যোজনা’ নামৰ এটা উচ্চাকাংক্ষী আৰু গুৰুত্বপূর্ণ আঁচনি আৰম্ভ কৰে, যাৰ দ্বাৰা প্রতিজন ভাৰতীয় নাগৰিকেই বেংকিং আৰু বীমা সম্পর্কিত বিভিন্ন সুবিধা লাভ কৰিব পাৰিব৷ এতিয়ালৈকে ৪০ কোটিতকৈয়ো অধিক জনধন একাউণ্ট খোলা হৈছে৷ ইয়াৰ ভিতৰত ৯৬ শতাংশ একাউণ্ট খুলিছে ৰাজহুৱা খণ্ডৰ বেংকে আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ অৱদান মাত্র ৪ শতাংশতেই সীমাবদ্ধ৷ উল্লেখ্য যে ভাৰতবর্ষৰ প্রায় ২০ শতাংশ জনসংখ্যা এতিয়াও বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ আছে৷ ৰাজহুৱা খণ্ডৰ বেংকৰ অবিহনে যে এইখিনি মানুহ ভৱিষ্যতেও বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থাকিব সেয়া নিশ্চিত৷ ব্যক্তিগত খণ্ডৰ অন্য যিকোনো প্রতিষ্ঠানৰ দৰেই এই খণ্ডৰ বেংকসমূহৰো একমাত্র লক্ষ্য হ’ল লাভ Profit)৷ যিহেতু কৃষি বা গ্রামীণ ক্ষেত্রৰ অন্যান্য ব্যৱসায় বেছি লাভদায়ক নহয়, সেইবাবে ব্যক্তিগত খণ্ডৰ বেংকসমূহ এইবোৰ ক্ষেত্রৰ পৰা সাধাৰণতে আঁতৰি থাকে৷ একেটা কাৰণতেই জনধন আঁচনিৰ অন্তর্গত জমা একাউণ্ট খুলিবলৈও এইবোৰ বেংক আগ্রহী নহয়৷ কেইদিনমান আগতে এজন বন্ধুৰ লগত এটা ব্যক্তিগত খণ্ডৰ বেংকলৈ বন্ধুৰ একাউণ্ট খুলিবলৈ গৈছিলোঁ৷ জানিব পাৰিলোঁ যে নূ্যনতম ২৫,০০০ টকা একাউণ্টত জমা থাকিব লাগিব, নহ’লে নিয়ম অনুযায়ী জৰিমনা ভৰিব লাগিব৷ আমাৰ কিমান মানুহৰ সকলো সময়তে বেংক একাউণ্টত এই পৰিমাণৰ পইচা ৰখাৰ সামর্থ্য আছে? ৰাজহুৱা খণ্ডৰ বেংকে গ্রাহকৰ সুবিধা বুজি পইচা জমা নোলোৱাকৈয়ে একাউণ্ট খোলে Zero Balance Account) বাণিজ্যিক লাভৰ উপৰি ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ এটা প্রধান লক্ষ্য হ’ল সামাজিক লাভ Social profit)৷ দুর্গম অঞ্চলতো বেংক শাখা খুলি সেৱা আগবঢ়োৱা, কৃষি খণ্ডক শক্তিশালী কৰা বা সমাজৰ দৰিদ্র আৰু বঞ্চিত শ্রেণীৰো বেংক একাউণ্ট খোলা ইত্যাদি সামাজিক লাভৰ কেইটামান উদাহৰণ৷ কোৱা বাহুল্য যে সুদূৰ ভৱিষ্যতেও ভাৰতীয় সমাজ আৰু অর্থনীতিৰ বিকাশৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ ৰাজহুৱা খণ্ডৰ বেংকৰ প্রয়োজন হ’ব৷
সমাজৰ প্রয়োজনীয়তাৰ উপৰি ৰাষ্ট্রীয়কৃত বেংকৰ ব্যক্তিগতকৰণৰ সন্দর্ভত আন কিছুমান চিন্তা কৰিবলগীয়া বিষয় আছে৷ নব্বৈৰ দশকৰ অর্থনৈতিক উদাৰীকৰণৰ সময়ৰ পৰা যথেষ্টসংখ্যক ব্যক্তিগত খণ্ডৰ বেংকৰ জন্ম হৈছিল যদিও তাৰ ভিতৰত বহুতো বেংক ইতিমধ্যে হয় বন্ধ হৈ গ’ল, নহয় অন্য বেংকৰ লগত বিলীন হৈ গ’ল৷ ১৯৪৭ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত (অর্থাৎ প্রথমবাৰ বেংক ৰাষ্ট্রীয়কৰণৰ সময়লৈকে) ভাৰতবর্ষত ৫৫৯টা ব্যক্তিগত খণ্ডৰ বেংকৰ পতন হয়, যাৰ ফলত বহুতো মানুহে জীৱনজোৰা সঞ্চয় হেৰুৱাবলগীয়া হয়৷ যোৱা দুই দশকৰ ভিতৰতে ১৫টা ব্যক্তিগত খণ্ডৰ বেংক নিম্ন খাপৰ ব্যৱস্থাপনা বা বিভিন্ন অনিয়মীয়তাৰ ফলত বন্ধ হ’ল অথবা অন্য বেংকৰ লগত বিলীন হৈ গ’ল৷ বেছিভাগ ক্ষেত্রতেই এই বেংকসমূহক বচাইছে বা উদ্ধাৰ কৰিছে ৰাজহুৱা খণ্ডৰ বেংকে৷ ১৯৬৯ চনৰ পৰা ২০২০ চনলৈকে ২৫টা ব্যক্তিগত খণ্ডৰ বেংকক ৰাজহুৱা খণ্ডৰ বেংকৰ লগত একত্রিত কৰি গ্রাহকৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছে৷ আনহাতে সময়ে সময়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’লেও এতিয়ালৈকে কোনো ৰাজহুৱা খণ্ডৰ বেংক বন্ধ বা অন্য বেংকৰ লগত বিলীন হ’বলগীয়া পৰিস্থিতিলৈ অহা নাই৷ বাহ্যিক আৰু আভ্যন্তৰীণ নিয়ন্ত্রণ দিশৰ পিনৰ পৰাও এই দুয়োটা খণ্ডৰ বেংকসমূহৰ মাজত কিছুমান ডাঙৰ পার্থক্য আছে, যাৰ বাবে হয়তো ৰাজহুৱা খণ্ডৰ বেংকসমূহক বেছি সুৰক্ষিত বুলি ধৰিব পাৰি৷ মোৰ নিজৰ ৩৫ বছৰৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে ৰাজহুৱা খণ্ডৰ বেংকৰ নিয়ম প্রণালীসমূহ ইমানেই কটকটীয়া যে ইচ্ছাকৃতভাৱে নিয়মৰ বাহিৰত কাম কৰাটো যিকোনো পর্যায়ৰ বিষয়াৰ বাবেই প্রায় অসম্ভৱ৷ এই খণ্ডৰ বেংকসমূহৰ ওপৰত চৰকাৰ আৰু ভাৰতীয় ৰিজার্ভ বেংকৰ উপৰি তিনিটা’C’ৰ CBI, CVC আৰুCAG) শেনচকুৱা দৃষ্টি অনবৰতে থাকে৷ বাস্তৱিক ক্ষেত্রত দেখা গৈছে যে ব্যক্তিগত খণ্ডৰ বেংকৰ ওপৰত বিভিন্ন চৰকাৰী সংস্থাৰ নিয়ন্ত্রণ তুলনামূলকভাৱে শিথিল৷ কেইটামান উদাহৰণ দিলেই বিষয়টো স্পষ্ট হ’ব৷ ভাৰতবর্ষত অর্থনৈতিক উদাৰীকৰণৰ আৰম্ভণিৰ সময়ছোৱাতে গ্ল’বেল ট্রাষ্ট বেংক Global Trust Bank চমুকৈGTB) নামৰ এটা ব্যক্তিগত খণ্ডৰ বেংক খোলা হৈছিল আৰু উন্নত গ্রাহক সেৱা আৰু প্রযুক্তিবিদ্যাৰ দ্বাৰাGTB-এ কম সময়ৰ ভিতৰতে নিজকে এটা আগশাৰীৰ বেংক হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ২০০১ চনৰ শ্বেয়াৰ বজাৰ কেলেংকাৰিত জড়িত হৈ বেংকটো ডাঙৰ বিপদত পৰে আৰু ৰিজার্ভ বেংকৰ পৰিদর্শনত এই কথা ধৰা পৰে যে শ্বেয়াৰ বজাৰত বেপৰোৱাভাৱে পইচা নিৱেশ কৰাৰ ফলত বেংকটোৰ পুঁজি সম্পূর্ণভাৱে নিঃশেষ হৈ গৈছে৷ ইয়াৰ পিছতো কিন্তু গ্রাহকৰ সুৰক্ষা বিপন্ন কৰি বেংকটো প্রায় আৰু তিনি বছৰ চলি থাকিব দিয়া হ’ল৷ অৱশেষত ২০০৪ চনতGTBক চৰকাৰী খণ্ডৰ বেংক অ’ৰিয়েণ্টেল বেংক অৱ কমার্চৰ লগত বিলীন কৰা হয়৷ সেইদৰে আন এটা আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক ইয়েছ বেংকৰ মালিক ৰাণা কাপুৰে সকলো নিয়ম–কানুন উলংঘা কৰি নিজৰ ইচ্ছাতে ঋণ বিতৰণ কৰি বেংকটোক প্রায় মৃত্যুৰ দুৱাৰডলিলৈ আনিলে৷ শেষত চৰকাৰৰ নির্দেশত ভাৰতীয় ষ্টেট বেংক আৰু অন্য কেইটামান বেংকে ইয়েছ বেংকত প্রায় ১০,০০০ কোটি টকা নিৱেশ কৰি বেংকটোক গুৰুতৰ সংকটৰ পৰা উদ্ধাৰ কৰে৷ এনে উদাহৰণ আৰু বহুতো দিব পাৰি৷ ভাৰতৰ এটা অন্যতম বৃহৎ আৰু আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক আইচিআইচিআই বেংকৰ প্রাক্তন প্রবন্ধ নির্দেশক চন্দা কোচ্চাৰকForbes মেগাজিনে একেৰাহে কেইবাবছৰো বিশ্বৰ ১০০গৰাকী আটাইতকৈ প্রভাৱশালী মহিলাৰ তালিকাত অন্তর্ভুক্ত কৰিছিল আৰু ভাৰত চৰকাৰেও তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে ২০১১ চনত তেওঁক পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল৷ কিন্তু ব্যক্তিগত লাভৰ বাবে তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰি এক ডাঙৰ বিত্তীয় কেলেংকাৰিত জড়িত হয়, যাৰ ফলত তেওঁ চাকৰিও হেৰুৱাবলগীয়া হ’ল আৰু তেওঁৰ স্বামীও জে’ললৈ গ’ল৷
ৰিজার্ভ বেংকৰ প্রাক্তন গৱর্নৰ ৰঘুৰাম ৰাজনেও অলপতে চৰকাৰৰ বেংক ব্যক্তিগতকৰণৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰিছে৷ যোৱা মাহত ৰাজনে এইবুলি অভিমত প্রকাশ কৰে যেI think it would be a colossal mistake to sell the banks to industrial houses. ৰাজনৰ লগতে বহুতো আগশাৰীৰ অর্থনীতিবিদৰ আশংকা এয়ে যে যি ক্ষেত্রত বৃহৎ বাণিজ্যিক প্রতিষ্ঠানসমূহৰ অপৰিশোধিত ঋণ বা এনপিএৰ ফলত বেংকিং উদ্যোগ কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে, তেনেক্ষেত্রত এই ধৰণৰ এটা প্রতিষ্ঠানে ব্যক্তিগতকৰণৰ ফলত বেংকৰ মালিক হ’লে অর্থনীতিৰ বাবে জটিল পৰিস্থিতি সৃষ্টি হ’ব পাৰে৷
উল্লেখ্য যে এই এনপিএৰ দোহাৰি দিয়েই কিছুমানে ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ পৃষ্ঠপোষকতা কৰিছে৷ ২০২০ চনৰ মার্চ মাহত ৰাজহুৱা খণ্ডৰ বেংকৰ মুঠ ঋণৰ ১০.৩ শতাংশ ঋণেই আছিল এনপিএ৷ আনহাতে ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ এনপিএৰ দ্বাৰাই ব্যক্তিগত খণ্ডৰ বেংক বেছি সুৰক্ষিত বা দক্ষ বুলি গণ্য কৰাটো অনুচিত হ’ব৷ আগতে উল্লেখ কৰাৰ দৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহে অর্থনৈতিক বিকাশৰ সমাজ কল্যাণ আৰু কর্মসংস্থান সৃষ্টি আদি সামাজিক লক্ষ্য পূৰণৰ বাবে এনে কিছুমান ঋণ দিয়ে যিবোৰ লাভজনকো নহয় আৰু যাৰ এনপিএ হোৱাৰ সম্ভাৱনাও বেছি৷ তদুপৰি আজি আমি ভাৰতবর্ষৰ ছয়লেনযুক্ত হাইৱে’ বা সুদৃশ, আধুনিক এয়াৰপ’ট আদিক লৈ গর্ব কৰোঁ৷ এইবোৰ নির্মাণ কৰিবলৈ যি বিশাল পৰিমাণৰ অর্থৰ প্রয়োজন হৈছিল, তাৰ অধিকাংশই আহৰণ হৈছিল ৰাজহুৱা খণ্ডৰ বেংকৰ ঋণৰ দ্বাৰা৷ এনেধৰণৰ ঋণসমূহ সুৰক্ষিত নহয় বুলি আশংকা কৰি বেছিভাগ ব্যক্তিগত খণ্ডৰ বেংকেই এই ক্ষেত্রসমূহৰ পৰা আঁতৰি থাকিছিল৷
এই আলোচনাৰ দ্বাৰা আমি ক’ব খোজা নাই যে ব্যক্তিগত খণ্ডৰ বেংকৰ প্রয়োজনীয়তা নাই বা এইবোৰ বেংক নির্ভৰযোগ্য নহয়৷ এই বেংকসমূহেও দেশৰ অর্থনীতি বিকাশৰ ক্ষেত্রত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে আৰু ৰাজহুৱা খণ্ডৰ বেংকলৈ প্রতিযোগিতা আগবঢ়াই বেংকিং উদ্যোগটো সতেজ আৰু স্বাস্থ্যৱান কৰি ৰাখিছে৷ কিন্তু নানা দিশলৈ লক্ষ্য ৰাখি ইতিমধ্যে ৰাষ্ট্রীয়কৃত কৰা বেংক কেইটামান পুনৰ ব্যক্তিগত খণ্ডলৈ স্থানান্তৰিত কৰিলে চৰকাৰী কোষাগাৰ সমৃদ্ধ হোৱাৰ বাহিৰে আন কাৰ কি লাভ বা লোকচান হ’ব সি ভাবি চাবলগীয়া বিষয়৷ পৃথিৱীৰ ৩০টা সর্ববৃহৎ বেংকৰ ৯টা বেংকেই ৰাজহুৱা খণ্ডত অৱস্থিত আৰু পৃথিৱীৰ দ্বিতীয় সর্ববৃহৎ অর্থনীতি চীনৰো বেছিভাগ বেংকেই চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত৷ আনকি আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে এখন পুঁজিবাদী দেশতো এতিয়া ৰাজহুৱা খণ্ডৰ বেংকৰ প্রতি সমর্থন বৃদ্ধি পাবলৈ ধৰিছে৷ যিয়েই নহওক, চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এই বছৰ দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণ নিশ্চিত বুলি ক’ব পাৰি৷ এই মুহূর্তত আমি কেৱল এইটোৱে আশা কৰিব পাৰোঁ যে চৰকাৰে এই দুটা বেংকৰ ব্যক্তিগতকৰণৰ পৰা লাভ হোৱা অভিজ্ঞতা চালিজাৰি বিচাৰ কৰিহে এই সন্দর্ভত ভৱিষ্যতৰ কর্ম পৰিকল্পনা হাতত ল’ব৷