নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালৰ বিহু

যোৱা বর্ষত ক’ৰোনা সংক্রমণৰ বাবে অসমবাসীয়ে উদ্যাপন কৰিব পৰা নাছিল অতি আপোন জাতীয় উৎসৱ ৰঙালী বিহু৷ বিগত সময়ত ক’ৰোনা মহামাৰী নিয়ন্ত্রণলৈ অহাৰ পাছত জাতীয় উৎসৱটো উদ্যাপনৰ বাবে সাজু হৈ উঠিছিল অসমবাসী৷ ঠিক এনে সময়তে এতিয়া ক’ৰোনাৰ দ্বিতীয় লহৰে ভাৰতবর্ষৰ বহুকেইখন ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে অসমতো আৰম্ভ হৈছে এই কালান্তক ভাইৰাছটোৰ সংক্রমণ৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ প্রচাৰৰ সময়ত হোৱা ব্যাপক জনসমাগমৰ পাছত এতিয়া বিহু উদ্যাপনৰ পৰিপ্রেক্ষিতত সাংস্কৃতিক অনুষ্ঠানসমূহত হোৱা জনসমাগমে ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি অতি ভয়াৱহ কৰি তুলিব পাৰে বুলি অনুমান কৰা হৈছে৷ এনে পটভূমিত বিহুৰ পূর্বে জাতীয় উৎসৱটো আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ উদ্যাপনৰ বাবে ৰাজ্য চৰকাৰে ক’ৰোনা সংক্রমণ নিয়ন্ত্রণৰ কিছুমান নীতি–নিয়ম ধার্য কৰি নির্দেশনা জাৰি কৰিছে৷ ক’ভিড প্রট’কল অনুসৰি বিহু উদ্যাপনৰ বাবে ৰাজ্যৰ চুকে–কোণে থকা বিহু উদ্যাপন সমিতিসমূহক স্বাস্থ্য বিভাগে বাৰে বাৰে অনুৰোধ জনাই আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত এতিয়া জাতীয় উৎসৱটো উদ্যাপন জাতিটোৰ বাবে ভয়াৱহ হৈ পৰিছে৷ বিগত সময়ত ক’ৰোনাই মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছত ৰাজ্যখনত সহস্রাধিক লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে আক্রান্ত হৈছিল লক্ষ লক্ষ লোক৷ পুনৰ তেনে পৰিস্থিতিৰ উদ্ভৱ হোৱাটো এই মুহূর্তত কোনো ব্যক্তিয়েই কামনা কৰা নাই৷ উল্লেখ্য যে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰিয়েই গৰুৰ বিহুৰ দিনা ৰাজ্যখনত ৩৫৮জন আৰু মানুহ বিহুৰ দিনা ৪৯৯জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ গৰুৰ বিহুৰ দিনা গুৱাহাটীত ২০১জন আক্রান্ত হোৱাৰ বিপৰীতে মানুহ বিহুৰ দিনা গুৱাহাটীত আক্রান্তৰ সংখ্যা ২৫৫জন৷ ইতিমধ্যে বিহুৰ দিনাই ৰাজ্যত ক’ভিড আক্রান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যখনত এই মুহূর্তত ৩,৬১৩জন ক’ৰোনাত আক্রান্ত হৈ আছে৷
ক’ৰোনা সংক্রমণৰ এই পৰিসংখ্যা অসমৰ বাবে কোনো কাৰণতে শুভ লক্ষণ হ’ব নোৱাৰে৷ এনে পৰিস্থিতিত অতি আদৰৰ হোৱা সত্ত্বেও ৰঙালী বিহু উদ্যাপনৰ ক্ষেত্রত অসমৰ জনসাধাৰণ অতিকে সচেতন হোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ কিন্তু ক’ৰোনা সংক্রমণৰ এনে বিপজ্জনক অৱস্থাতো যোৱা দুটা দিনত বিহু উদ্যাপনৰ নামত যি ব্যাপক জনসমাগমৰ সৃষ্টি হৈছে, সেয়া অতিকে উদ্বেগজনক বিষয়৷ মাজনিশালৈকে ৰাজ্যৰ বিভিন্ন চহৰত বিহুবলিয়া ৰাইজে বিহু অনুষ্ঠান উপভোগ কৰাটোৱে এতিয়া ক’ৰোনা সংক্রমণৰ পৰিস্থিতি যিকোনো মুহূর্ততে জটিল কৰি তোলাৰ সম্ভাৱনা প্রবল হৈ পৰিছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা প্রশাসনে বিহু উদ্যাপনৰ বাবে যি কঠোৰ নীতি–নিয়ম ধার্য কৰি দিছে, সেয়া বিহু কমিটীসমূহে মানি চলা পৰিলক্ষিত হোৱা নাই৷ ক’ৰোনা সংক্রমণ প্রতিৰোধৰ প্রাথমিক নিয়ম অনুসৰি সামাজিক দূৰত্ব মানি চলা অথবা মাস্ক পৰিধান কৰাটো অপৰিহার্য যদিও এনে নীতি–নিয়ম সম্পূর্ণৰূপে আওকাণ কৰিছে বিহু কমিটীসমূহে৷ নিশা বিহু সময়ত আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াসমূহত ব্যাপক জনসমাগম হোৱাৰ ফলত তেনে অনুষ্ঠানত সামাজিক দূৰত্ব মানি চলাৰ নিয়ম ধোঁৱাচাঙত তোলাহে পৰিলক্ষিত হৈছে৷ এনে পৰিৱেশত এতিয়া অসমীয়া জাতিৰ জাতীয় উৎসৱ বিহু উদ্যাপন কৰাটোৱেই এতিয়া অতিকে স্পর্শকাতৰ বিষয় হৈ পৰিছে৷ ক’ৰোনা সংক্রমণৰ সকলো নীতি–নিয়ম আওকাণ কৰি বিহু উদ্যাপন কৰাৰ বাবেই যদি ক’ভিড–১৯এ পুনৰ মহামাৰীৰ ৰূপ ধাৰণ কৰে, সেয়া অসমীয়া জাতিৰ বাবে হ’ব অতিকে দুর্ভাগ্যজনক ঘটনা৷ উৎসৱৰ আনন্দই যদি শত–সহস্রজনৰ প্রাণ কাঢ়ি নিয়ে, তেনে উৎসৱৰ আনন্দই ঘৰে ঘৰে কান্দোনৰ ৰোল তুলিবলৈ বেছি সময় নালাগিব৷ সময় থাকোঁতেই প্রতিজন অসমীয়াই এই বিষয়টো গভীৰভাৱে উপলব্ধি কৰা প্রয়োজন৷ অন্যথা জাতীয় উৎসৱ জাতীয় দুর্যোগলৈ পর্যবসিত হ’লে আমি প্রত্যেকেই ইয়াৰ বাবে উত্তৰ প্রজন্মৰ ওচৰত জবাবদিহি হ’ব লাগিব৷

You might also like