মানৱকেন্দ্রিক বিশ্বায়ন : জি–২০ক পৃথিৱীৰ অন্তিমটো প্রান্তলৈকে লৈ যোৱাৰ প্রয়াস
🔹 নৰেন্দ্র মোদী
‘বসুধৈৱ কুটুম্বকম’ –আমাৰ ভাৰতীয় সংস্কৃতিৰ এই দুটা শব্দত এক সুগভীৰ দার্শনিক চিন্তা অন্তর্নিহিত হৈ আছে৷ ইয়াৰ অর্থ হৈছে- ‘সমগ্র পৃথিৱীয়েই এটা পৰিয়াল’৷ ই হৈছে এনে এক সর্বাত্মক দৃষ্টিভংগী, যিয়ে আমাক এক সার্বজনীন পৰিয়াল হিচাপে প্রগতিৰ পথেৰে আগুৱাই যাবলৈ উৎসাহিত কৰে৷ এনে এক পৰিয়াল, য’ত সীমা, ভাষা আৰু বিচাৰধাৰাৰ কোনো বান্ধোন নাই৷ জি–২০ত ভাৰতৰ অধ্যক্ষতাৰ কালছোৱাত এই ধাৰণাটো মানৱকেন্দ্রিক প্রগতিৰ আহ্বান হিচাপে প্রকাশ পাইছে ৷ আমি ‘এক পৃথিৱী’ হিচাপে মানৱ জীৱন উন্নত কৰিবলৈ একত্রিত হৈছোঁ৷ আমি ‘এটা পৰিয়াল’ হিচাপে পৰস্পৰে পৰস্পৰৰ বিকাশৰ অংশীদাৰ হৈছোঁ৷ আৰু ‘এক ভৱিষ্যত’ৰ বাবে আমি একেলগে এক উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়িছোঁ। ক’ৰোনাৰ পিছৰ বিশ্ব ব্যৱস্থা আগৰ বিশ্ব ব্যৱস্থাতকৈ বহুগুণে পৃথক৷ আন বহুতো দিশৰ মাজতে এই সময়ছোৱাত তিনিটা গুৰুত্বপূর্ণ পৰিৱর্তন হৈছে৷
প্রথমতে, এক বর্ধিত উপলব্ধি হৈছে যে বিশ্বৰ জিডিপিকেন্দ্রিক দৃষ্টিভংগীৰ পৰা ক্রমাৎ মানৱকেন্দ্রিক দৃষ্টিভংগীলৈ আগবাঢ়ি যোৱাৰ প্রয়োজনীয়তা আছে৷
দ্বিতীয়তে, বিশ্বব্যাপী যোগান শৃংখলাত সুস্থতা আৰু নির্ভৰযোগ্যতাৰ গুৰুত্ব ইতিমধ্যেই বিশ্বই স্বীকাৰ কৰিছে৷
তৃতীয়তে, বিশ্বজুৰি প্রতিষ্ঠানসমূহৰ সংস্কাৰৰ জৰিয়তে বহুপাক্ষিকতাক প্রচাৰ কৰাৰ বাবে এক সামূহিক আহ্বান জনোৱা হৈছে৷
এই পৰিৱর্তনবোৰত আমাৰ জি–২০ৰ অধ্যক্ষতাই এক শক্তিশালী অনুঘটকৰ ভূমিকা পালন কৰিছে৷
আমি যেতিয়া ২০২২ চনৰ ডিচেম্বৰত ইণ্ডোনেছিয়াৰ পৰা জি–২০ৰ অধ্যক্ষতা গ্রহণ কৰিছিলোঁ, মই লিখিছিলোঁ যে জি–২০ হ’ব লাগিব মানুহৰ মানসিকতাৰ আমূল পৰিৱর্তনৰ বাহন৷
উন্নয়নশীল দেশসমূহ, ‘গ্লোবেল ছাউথ’ৰ দেশসমূহ আৰু আফ্রিকাৰ দেশসমূহৰ অৱহেলিত বা প্রান্তীয় সমাজৰ আকাংক্ষাক মূলসুঁতিলৈ অনাৰ এক বিশেষ প্রয়োজনীয়তা আছে৷
এই চিন্তাধাৰাৰেই ভাৰতে ‘ভইচ অৱ গ্লোবেল ছাউথ ছামিট’ৰ আয়োজন কৰিছিল৷ এই সন্মিলনখনত প্রায় ১২৫খন দেশে অংশগ্রহণ কৰিছিল৷ এইটো ভাৰতৰ অধ্যক্ষতাত গ্রহণ কৰা আটাইতকৈ গুৰুত্বপূর্ণ পদক্ষেপসমূহৰ ভিতৰত অন্যতম আছিল৷ এয়া ‘গ্লোবেল ছাউথ’ৰ দেশবোৰৰ পৰা তেওঁলোকৰ অভিজ্ঞতা আহৰণ কৰাৰ এক গুৰুত্বপূর্ণ প্রয়াস আছিল৷ তদুপৰি, আমাৰ অধ্যক্ষতাত কেৱল আফ্রিকাৰ দেশসমূহৰ সর্ববৃহৎ অংশগ্রহণেই সম্ভৱ হোৱা নাই, বৰঞ্চ আফ্রিকান ইডনিয়নক জি–২০ৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷
আমাৰ পৃথিৱীখন পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত হৈ আছে বা আন্তঃসংযোগত আবদ্ধ হৈ আছে, ইয়াৰ অর্থ হৈছে যে বিভিন্ন ক্ষেত্রত আমাৰ প্রত্যাহ্বানসমূহো পাৰস্পৰিক বা আন্তঃসংযোগযুক্ত৷ এয়া হৈছে ২০৩০ চনৰ এজেণ্ডাৰ মধ্য–ম্যাদী বর্ষ আৰু এই সন্দর্ভত বহু লোকেই উদ্বেগ প্রকাশ কৰি আছে যে বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি) দিশবোৰত অগ্রগতি স্থবিৰ হৈ পৰিছে, কিম্বা পথচ্যুত হৈছে৷
বহনক্ষম উন্নয়ন লক্ষ্যৰ সন্মুখৰ গতি ত্বৰান্বিত কৰাৰ বাবে জি–২০য়ে ২০৩০ৰ বাবে সাজু কৰা কার্যপন্থাই ভৱিষ্যতৰ দিক নির্ণয় কৰিব৷ আৰু ইয়েহ বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ পথ প্রশস্ত কৰিব৷
ভাৰতত প্রাচীন কালৰ পৰাই প্রকৃতিৰ সৈতে সামঞ্জস্য ৰাখি আগবাঢ়ি যোৱাটো এক আদর্শ হৈ আহিছে আৰু আমি আধুনিক সময়তো ‘ক্লাইমেট একচন’ বা পৰিৱেশৰ বাবে কৰা কামৰ ক্ষেত্রত অৰিহণা যোগোৱাৰ কাম অব্যাহত ৰাখিছোঁ৷
‘গ্লোবেল ছাউথ’ৰ বহুতো দেশ উন্নয়নৰ বিভিন্ন পর্যায়ত আছে আৰু এই সময়ছোৱাত সেই দেশবোৰত জলবায়ু ব্যৱস্থাৰ ক্ষেত্রত যত্ন লোৱা উচিত ৷ জলবায়ু পদক্ষেপৰ আকাংক্ষাৰ লগতে আমি জলবায়ু বিত্ত আৰু প্রযুক্তিৰ স্থানান্তৰৰ যত্নও ল’ব লাগিব৷
আমি বিশ্বাস কৰোঁ যে জলবায়ু পৰিৱর্তনৰ সমস্যাৰ মোকাবিলা কৰিবলৈ প্রতিবন্ধকতাৰ মনোভাব সলনি কৰিব লাগিব ৷ আমি ‘কি কৰিব নালাগে’ৰ পৰা ‘কি কৰিব পাৰি’লৈ চিন্তাৰ পৰিৱর্তন কৰিব লাগিব৷ আমি এটা সৃষ্টিশীল কর্মসংস্কৃতিৰ ওপৰত গুৰুত্ব দিব লাগিব৷
চেন্নাই এইচ এল পিয়ে এক বহনক্ষম আৰু শক্তিশালী নীল অর্থনীতিৰ বাবে আমাৰ মহাসাগৰবোৰৰ জল ব্যৱস্থা সুস্থ কৰি ৰখাৰ কাম কৰি আছে৷
আমাৰ অধ্যক্ষতাত গ্রীন হাহড্র’জেন উদ্ভাৱন কেন্দ্রৰ সৈতে স্বচ্ছ আৰু গ্রীন হাহড্র’জেন সম্পর্কীয় এক গ্লোবেল ইকো ছিষ্টেম বা বৈশ্বিক পৰিৱেশ তন্ত্র সৃষ্টি কৰা হ’ব৷
২০১৫ চনত আমি আন্তর্জাতিক সৌৰ মিত্রতা আৰম্ভ কৰিছিলোঁ৷ এতিয়া বিশ্ব ইন্ধন মৈত্রীৰ জৰিয়তে আমি বিশ্বক এক শক্তি পৰিৱর্তনৰ বাবে যোগ্য কৰি তোলাত সহায় কৰিম৷ ইয়াৰ সৈতে বৃত্তাকাৰ অর্থনীতি (circular economy)ৰ লাভালাভ অধিকসংখ্যক লোকৰ ওচৰলৈ যোৱাটো সম্ভৱ হৈ উঠিব৷
ক্লাইমেট একচন বা জলবায়ুৰ বাবে কৰা কামক গণতান্ত্রিক কৰি তোলা পদক্ষেপে এই আন্দোলনক গতি দিয়াৰ বাবে সর্বশ্রেষ্ঠ উপায় হিচাপে চিহ্ণিত হৈছে৷ যিদৰে মানুহে তেওঁলোকৰ স্বাস্থ্যৰ কথা মনত ৰাখি দৈনন্দিন সিদ্ধান্ত লয়, তেওঁলোকে এই পৃথিৱীৰ সামগ্রিক স্বাস্থ্যৰ ওপৰত প্রভাৱৰ কথা মনত ৰাখি তেওঁলোকৰ জীৱনশৈলী নির্ধাৰণ কৰিব পাৰে, যিদৰে যোগ এক বিশ্বব্যাপী গণ আন্দোলনত পৰিণত হৈছে, তাৰ প্রতি লক্ষ্য ৰাখিয়েই আমি ‘বহনক্ষম পৰিৱেশৰ বাবে জীৱনশৈলী’ (LiFE)ৰ প্রচাৰ কৰি আছোঁ ৷
জলবায়ু পৰিৱর্তনৰ ফলত খাদ্য আৰু পুষ্টি সুৰক্ষা নিশ্চিত কৰাটো এক ডাঙৰ প্রত্যাহ্বান হ’ব৷ মোটা শস্য বা শ্রীঅন্নৰ পৰা এইক্ষেত্রত মোকাবিলা কৰাত যথেষ্ট সহায় হ’ব৷ শ্রীঅন্নই জলবায়ু স্মার্ট কৃষি (Climate smart agriculture)কো প্রসাৰ কৰি আছে৷ আন্তর্জাতিক বাজৰা বর্ষত আমি শ্রীঅন্নক বিশ্ব পর্যায়লৈ লৈ গৈছোঁ ৷ The Deccan High Level Principles and Food Security and Nutrition এই দিশত সহায়ক হৈছে৷
প্রযুক্তি পৰিৱর্তনশীল, কিন্তু ইয়াক অন্তর্ভুক্ত কৰাও প্রয়োজন৷ অতীতত প্রযুক্তিগত উন্নতিৰ লাভালাভ সমাজৰ সকলো শ্রেণীৰ লোকৰ ওচৰত সমানভাৱে উপনীত হোৱা নাছিল৷ যোৱা কেইবছৰমানত ভাৰতে দেখুৱাইছে যে প্রযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা কেনেদৰে অসমতা হ্রাস কৰিব পাৰি৷
উদাহৰণস্বৰূপে, বিশ্বজুৰি কোটি কোটি লোক যাৰ বেংকিঙৰ সুবিধা নাই বা যাৰ ডিজিটেল পৰিচয় নাই, তেওঁলোকক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ (ডিপিআই) জৰিয়তে লগত লৈ যাব পাৰি৷
সমগ্র বিশ্বই ডি পি আই ব্যৱহাৰ কৰি আমি লাভ কৰা ফলাফলবোৰ প্রত্যক্ষ কৰিছে, ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিছে ৷ এতিয়া জি–২০ৰ জৰিয়তে আমি উন্নয়নশীল দেশবোৰক ডি পি আই গ্রহণ, প্রস্তুত আৰু সম্প্রসাৰণ কৰাত সহায় কৰিম, যাতে তেওঁলোকে সামগ্রিক বিকাশৰ শক্তি লাভ কৰিব পাৰে৷
ভাৰত দ্রুতগতিত বিকশিত হোৱা বৃহৎ অর্থনীতিত পৰিণত হোৱাটো এটা আকস্মিক পৰিঘটনা নহয়৷ আমাৰ সৰল, ব্যৱহাৰিক আৰু বহনক্ষম পদ্ধতিয়ে দুর্বল আৰু দৰিদ্র শ্রেণীৰ লোকসকলক আমাৰ উন্নয়ন যাত্রাৰ নেতৃত্ব দিবলৈ শক্তিশালী কৰি তুলিছে৷ মহাকাশৰ পৰা আৰম্ভ কৰি ক্রীড়ালৈকে, অর্থনীতিৰ পৰা উদ্যোগলৈকে, ভাৰতীয় মহিলাসকল বিভিন্ন ক্ষেত্রত আগবাঢ়িছে৷ আজি ভাৰতে মহিলাৰ বিকাশতেই থমকি নৰৈ মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্রেৰে আগবাঢ়িছে৷ আমাৰ জি–২০ অধ্যক্ষতাই ‘লিংগ ডিজিটেল বিভাজন’ আঁতৰ কৰা, কর্মী শক্তিত (Labour Force) অংশগ্রহণৰ ব্যৱধান হ্রাস কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্রত মহিলাসকলৰ বাবে অধিক ভূমিকা সক্ষম কৰাৰ ওপৰত কাম কৰি আছে৷
ভাৰতৰ বাবে জি–২০ৰ অধ্যক্ষতা কেৱল এক উচ্চ পর্যায়ৰ কূটনৈতিক প্রচেষ্টা নহয়, ইয়াক আমি গণতন্ত্রৰ মাতৃ আৰু বৈচিত্র্যৰ আর্হি হিচাপে, এক অভিজ্ঞতাৰ দুৱাৰ বিশ্বৰ বাবে মুকলি কৰি দিছোঁ ৷
আজি যেতিয়া যিকোনো বৃহৎ কাম কৰাৰ কথা আহে, তাত ভাৰতৰ নাম সহজেই উচ্চাৰিত হয়৷ জি–২০ৰ অধ্যক্ষতাও ইয়াৰ ব্যতিক্রম নহয়৷ ই এতিয়া ভাৰতত এক গণ আন্দোলনত পৰিণত হৈছে৷
আমাৰ কার্যকাল সমাপ্ত হোৱা পর্যন্ত জি–২০ৰ অধ্যক্ষতাত ভাৰতৰ ৬০খন চহৰত ২০০ৰো অধিক বৈঠক অনুষ্ঠিত হৈ উঠিব৷ এই সময়ছোৱাত আমি ১২৫খন দেশৰ পৰা প্রায় ১,০০,০০০ প্রতিনিধিক আতিথ্য প্রদান কৰিম৷ কোনো অধ্যক্ষতাত কেতিয়াও ইমান বিশাল আৰু বৈচিত্র্যপূর্ণ ভৌগোলিক বিস্তাৰ এনেদৰে সামৰি লোৱা হোৱা নাই৷
ভাৰতৰ জনগাঁথনি, গণতন্ত্র, বৈচিত্র্য আৰু উন্নয়নৰ বিষয়ে আন কাৰোবাৰ মুখত শুনিবলৈ পোৱাটো আৰু ইয়াক প্রত্যক্ষভাৱে অনুভৱ কৰাটো সম্পূর্ণ পৃথক অনুভৱ৷ মই নিশ্চিত যে আমাৰ জি–২০ৰ প্রতিনিধিসকলে নিজেই এই কথা উপলব্ধি কৰিব৷
আমাৰ জি–২০ অধ্যক্ষতাই বিচৰা আটাহতকৈ গুৰুত্বপূর্ণ উপাদানকেহটা হৈছে বিভাজন দূৰ কৰা, বাধা আঁতৰ কৰা আৰু সহযোগিতা গভীৰ কৰা৷ আমাৰ ইচ্ছা, এনে এখন পৃথিৱী গঢ়ি তোলা, য’ত একতা সকলো পার্থক্যৰ ঊর্ধ্বত থাকিব, য’ত অংশীদাৰী লক্ষ্যবোৰে বিচ্ছিন্নতাৰ চিন্তাধাৰাৰ সমাপ্তি ঘটাব৷
জি–২০ৰ অধ্যক্ষ হিচাপে আমি বিশ্বক্ষেত্রখন অধিক প্রসাৰিত কৰাৰ প্রতিশ্রুতি দিছিলোঁ, যাতে প্রতিটো আহ্বান শুনা যায় আৰু প্রতিখন দেশে ইয়াত অৱদান আগবঢ়াব পাৰে৷ মই নিশ্চিত যে আমি আমাৰ সংকল্পবোৰ কার্য আৰু স্পষ্ট ফলাফলেৰে পূৰণ কৰিছোঁ ৷