পতি–হিংসা
🔹 পার্থসাৰথি মহন্ত
‘কামৰ পৰা আহি কাপোৰ সলাই মুখ–হাত ধুবলৈ যাওঁ মানে পকেট খালীয়ে হৈ যায়৷’
‘এবাৰ ওলাই যোৱাৰ পিছত ক’ত লুকুৱাই ক’ত বিচাৰি পাবা আৰু৷’
‘মই অৱশ্যে নিলেও নিব পৰাকৈয়ে পকেটত থওঁ৷ স্ফূর্তি এটা পায়৷ দৰকাৰো থাকে৷’
‘মই অৱশ্যে যেতিয়াই লাগে বুলি কয়, তেতিয়াই দিওঁ দেই৷’
এয়া হৈছে পতিৰ কথোপকথন৷ পত্নীয়ে কেনেকৈ তেওঁলোকৰ পৰা পইচা লয়, তাৰ বিষয়ে৷ কথাখিনি শুনিলে এনেকুৱা লাগে ইয়াত যেন বহুত মৰম নিহিত হৈ আছে৷ পতিয়ে যেন পত্নীক ভীষণ প্রশ্রয় দিয়ে৷ যদি আমি ওপৰে ওপৰে চাওঁ৷ অলপ গমি চালেই দেখিব যে পত্নীয়ে পতিক পইচা খুজিব লগা হয়, তেতিয়াহে পায়৷ বা মনে মনে ল’ব লগা হয়৷ অর্থাৎ ঘৰখনৰ উপার্জনৰ ওপৰত পত্নীৰ সমান অধিকাৰ নাই৷ ইফালে পতিয়ে এনেকৈ দেখুৱাব যে পত্নীক মনে মনে পইচা ল’বলৈ সুবিধা কৰি দি বা খোজাৰ লগে লগে দি সাংঘাতিক মৰম কৰিছে৷ পতি ধর্ম পালন কৰিছে৷ এই অদ্ভুত পতি ধর্মও কেতিয়ালৈ?
অহংকাৰ৷ পুৰুষৰ এক অহংকাৰ আছে৷ মই মতা৷ পত্নীৰ ক্ষেত্রত এই অহংকাৰ আটাইতকৈ বেছি৷ পইচাৰ ক্ষেত্রত আৰু বেছি৷ ‘তোমাক মই খুৱাই–বুৱাই ৰাখিছোঁ৷’
আমেৰিকাত এটা অধ্যয়ন হৈছিল৷ ৬০০০ বিবাহিত দম্পতীৰ ১৫ বছৰৰ আয় সম্পর্কীয় সকলো তথ্য সংগ্রহ কৰা হৈছিল৷ দেখা গ’ল পত্নীয়ে যদি উপার্জন নকৰে বা পত্নীৰ আয় যেতিয়া পতিৰ তুলনাত নগণ্য, তেতিয়া পতিৰ কোনোধৰণৰ ইছ্যু নাথাকে৷ সমস্যা আৰম্ভ হয় পত্নীৰ আয় বাঢ়িবলৈ ল’লে৷ তথ্যসহকাৰে প্রমাণ হৈছে যে পত্নীৰ আয় সর্বমুঠ ঘৰুৱা উপার্জনৰ ৪০ শতাংশ হোৱাৰ লগে লগে পতি উদ্বিগ্ণতাত ভুগিবলৈ আৰম্ভ কৰে৷ তেওঁ চিন্তিত হৈ পৰে পত্নীৰ আয় তেওঁতকৈ বাঢ়ি যাব বুলি৷ এয়া হ’ল পুৰুষপ্রধান সমাজৰ পৰম্পৰাগত চিন্তাধাৰা আৰু আজিৰ আধুনিক জীৱনৰো বাস্তৱ৷ পুৰুষৰ উপার্জনেহে পুৰুষত্ব সূচায়৷ পতিৰ আয় পত্নীতকৈ বেছি হ’বই লাগিব৷ পত্নীয়ে যদি পতিতকৈ অধিক ধন ঘটিলে, পুৰুষত্ব ক’ত থাকিল? কৌটিকালৰে পৰা এই ধাৰণা সোমাই আছে মজ্জাই মজ্জাই৷ তাৰ আগত দাম্পত্য প্রেম কোন কুটা, মৰম–আবদাৰ নাইকিয়া হৈ আহিব৷ সেই ঠাই পূৰাব হিংসাই, ঈর্ষাই৷
হয়, ভাবিলে আচৰিত লাগে, কিন্তু পতিয়ে পত্নীক কৰা মৰমবোৰ, বিশেষকৈ সকলোকে দেখুৱাই কৰা মৰম আচলতে বাহিৰে বাহিৰে দেখা পোৱা এটা তৰপ৷ এই তৰপৰ তলতে সুপ্ত অৱস্থাত থাকে এক হিংসা ভাব৷ কিছুমান বিশেষ মুহূর্ত, পৰিৱেশ বা পৰিস্থিতিত আনে দেখা মৰমৰ লেয়াৰ ফালি এই হিংসাৰ আগ্ণেয়গিৰি বিস্ফোৰণ হয়৷ কিন্তু কিয়?
পতিৰ অৱচেতন মনত এটা ভয় সোমাই থাকে, পত্নীয়ে কেতিয়াবা তেওঁক পিছ পেলাই যাব নেকি এইটো এটা সাংঘাতিক অশান্তি, এক বিৰাট নিৰাপত্তাহীনতা৷ অনেক পতিয়ে ভাবে যে তেওঁলোকৰ সাফল্য অনবৰতে পত্নীৰ সফলতাৰ লগত আনে তুলনা কৰি আছে৷ পত্নীয়ে যদি নিজৰ কর্মক্ষেত্রত সফলতা লাভ কৰিছে, তাৰ যেন অর্থ হ’ল তেওঁৰ যি সফলতা আছে সেয়া ম্লান পৰি গ’ল৷ সবাতোকৈ ডাঙৰ সমস্যাটো উদ্ভৱ হয় যেতিয়া পতিয়ে পৰিয়ালৰ উপার্জনকাৰীৰ ভূমিকা পালন কৰিব পৰা নাই বুলি হীনমন্যতাত ভুগিবলৈ লয়৷ হীনমন্যতা৷ পতিৰ পত্নীৰ প্রতি হিংসাৰ এটা মুখ্য কাৰণ হীনমন্যতা৷ পত্নীৰ সাফল্য, ব্যক্তিত্ব, প্রতিভা, প্রতিষ্ঠাৰ সন্মুখত যেতিয়া টিকিব পৰা নাই বুলি পতিয়ে অনুভৱ কৰিবলৈ লয়, সেয়াই হীনমন্যতা৷ অনেকৰে ক্ষেত্রত পত্নী বা প্রেয়সীৰ সাফল্যই পুৰুষৰ অন্তর্নিহিত আত্মসন্মানত আঘাত কৰে৷ কাৰণ পত্নী বা প্রেয়সীৰ সফলতাক তেওঁ নিজৰ বিফলতা বুলি লয়৷ পুৰুষৰ মনত সোমাই থকা প্রতিযোগিতামূলক ভাবটোৱেই এই অনুভৱ আনি দিয়ে৷ লগতে পতিৰ মনত সোমাই আছে যে পুংলিংগ স্ত্রীলিংগতকৈ অধিক শক্তিশালী৷ অধিক শক্তিশালী হ’ব লাগিব৷ কিন্তু কিমান শক্তিশালী এই পুৰুষত্ব, এই শৌর্য!
সঁচা কথাটো হ’ল প্রেয়সী বা পত্নীৰ সাফল্যই প্রেমিক বা পতিৰ মনত, অন্ততঃ অৱচেতন মনত এক নেতিবাচক অনুভৱ আনি দিয়ে৷ প্রায়ভাগৰে ক্ষেত্রত৷ এই সাফল্য নিজৰ কর্মক্ষেত্র বা পতিৰ লগত জড়িত কিবা ক্ষেত্র বুলি কথা নাই৷ যিকোনো সাফল্যৰ পৰাই এনে নেতিবাচক অনুভৱ সৃষ্টি হ’ব পাৰে৷ লেহুকা হ’বলৈ আৰম্ভ কৰে তথাকথিত পুৰুষত্ব৷ মইবৰ ভাব উৰি যায়৷ মই হৈ পৰোঁ হীন৷
অৱশ্যে পত্নীৰ সাফল্য যদি পতিৰ কাৰণে, সেয়া বেলেগ৷ মানে পত্নীয়ে লাভ কৰা সফলতাত যদি পতিৰ ভূমিকা আছে, অৰিহণা আছে, তেতিয়া আকৌ তেওঁ এক আত্মসন্তুষ্টিত থাকিব৷ মই নহ’লে এওঁ নোৱাৰে৷ পিছে সেই সফলতাই যেতিয়া পত্নীক আকর্ষণৰ কেন্দ্রবিন্দু কৰি তোলে বহুতেই তেতিয়া ভুলেই কৰিলোঁ নেকি বুলি অনুশোচনাত ভুগিবলৈ আৰম্ভ কৰে৷
পতিয়ে পত্নীক অত্যধিক মৰম কৰা, ভাল পোৱা স্বাভাৱিক৷ কিছু লোক চকুত পৰাকৈ প’জেছিভ হয়৷ সেয়াও এটা বেলেগ বিষয়৷ কিন্তু পত্নীৰ সফলতাত যেতিয়া পতি হিংসাত দগ্ধ হয়, তেতিয়া সেয়া নিয়ন্ত্রণ কৰিব লাগিব৷ সম্পর্কটো শেষ হৈ যোৱাৰ আগতেই৷
এই হিংসাৰ আচল কাৰণটো বিচাৰিব লাগে৷ কিহৰ পৰা এই হিংসা ভাব আৰম্ভ হ’ল৷ এনেকুৱা পতি আমি সকলোৱে দেখিছোঁ, যি বিয়াৰ পিছতো পত্নীক পঢ়ুৱাই খুব ভাল চাকৰিৰ কাৰণে উপযুক্ত কৰি তুলিছে৷ এনেকুৱা পতি দেখিছোঁ, যি পত্নীক সম্পূর্ণ ছাপ’ৰ্ট দি কোনো এখন বিশেষ ক্ষেত্র, সংস্কৃতি বা ক্রীড়া আদিত থিয় কৰাইছে৷ আৰু তাৰ পাছতেই ভুগিছে নিৰাপত্তাহীনতাত, হীনমন্যতাত৷
এভইড কৰি থাকিলে নহ’ব৷ কথাবোৰ নপতাকৈ থাকি এৰাই চলিলে নহ’ব৷ এজনে আনজনক বুজিব লাগিব, কথাবোৰ খোলোচা হ’ব লাগিব৷ গাপ দি থাকিলে গেলিহে যাব৷ যুগলবন্দী সৃষ্টি কৰিবলৈ দুজন লাগে, এজনৰ দ্বাৰা অকলে নহয়৷
এটা কথা মনত ৰাখিব লাগিব, পত্নীক হিংসা কৰা পতিয়ে পত্নীক সন্দেহ নকৰে৷ পত্নীৰ প্রতি তেওঁৰ মৰম–ভালপোৱা কমিও নাযায়৷ সেয়া অটুট থাকে৷ কিন্তু তেওঁ অনুভৱ কৰিবলৈ লয়– তেওঁ এখন প্রতিযোগিতাত হাৰি গ’ল, তেওঁৰ আত্মবিশ্বাস কমিবলৈ লয়, তেওঁ হীনমন্যতাত ভুগিবলৈ লয়৷ তেওঁ শংকিত হ’বলৈ আৰম্ভ কৰে– তেওঁ পত্নীৰ বাবে উপযুক্তনে!
সেয়েহে কোনো অনামী পতিয়ে কৈছে– ‘হয়, মই তোমাৰ সফলতাত উদ্বিগ্ণ, মোৰ ভৱিষ্যতক লৈ মই অনিশ্চিত৷ নিৰাপত্তাহীনতাত ভুগিছোঁ মই৷ নিজকে নিয়ন্ত্রণ কৰিব পৰা নাই৷ মই মোৰ নিকৃষ্টতম মানসিক অৱস্থাত আছোঁ৷ তুমি যদি মোক ইয়াৰ পৰা উলিয়াই নিনিয়া, কোনে নিব?’