নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰসতত্ত্ব আৰু সাম্প্রতিক সংস্কৃতি

🔹 ডাঃ জয়ন্ত বিশ্ব শর্মা

সম্প্রতি সংস্কৃতি আৰু অপসংস্কৃতি বা কলা আৰু বাণিজ্যিক মনোৰঞ্জন একাকাৰ হৈছে৷ ব্যৱসায়িক সফলতাই মূল কথা হৈছে৷ মতাদর্শ কলাৰে দাঙি ধৰিব পৰাটো সৃষ্টিশীলতা । কিন্তু ধাৰণা অজীর্ণ হ’লেওবা প্রদর্শন স্থূল হ’লেও অবাধ পৰিৱেশন এটা সহজ পৰিৱেশ হৈছে৷ এনে পৰিৱেশ সৃষ্টিশীলতা বা কলাত্মক পৰীক্ষা–নিৰীক্ষাৰ কাৰণেও সহায়ক৷ সেয়ে আজিৰ পৰিৱেশ দুফালে ধাৰ থকা এখন তৰোৱালসদৃশ৷ দায়িত্বশীল ব্যৱহাৰ আৰু মননশীলতাই শিল্পীৰ সুনাম আনে৷ আনহাতে, প্রদর্শন স্থূল হ’লেও বহু দর্শক পোৱাৰ গুণে প্রদর্শকৰ আত্মতৃপ্তি আৰু ব্যৱসায়িক সফলতা দুয়োটাহ প্রাপ্তি হয়৷ স্থানীয় অনুভূতিত আঘাত লাগি হৈ–চৈ সমালোচনা হ’লে বাণিজ্যিক সফলতা অধিকহে হয়৷ এয়া আজিৰ সময়ৰ বৈশিষ্ট্য৷

এই পটভূমিত ভাৰতীয় ৰসতত্ত্বৰ উপলব্ধি অতি প্রাসংগিক৷ খ্রীষ্টপূর্ব ২য় শতিকাৰ আশে–পাশে ভৰত মুনিৰ নাট্যশাস্ত্রত ৰসৰ ধাৰণাটোৰ প্রথম উত্থান হৈছিল৷ ৰসৰ ধাৰণাটো ভাৰতীয় মনৰ গুৰুত্বপূর্ণ এক উল্লেখযোগ্য উপলব্ধি৷ শিল্পত প্রকাশ হোৱা সৌন্দর্যৰ উপভোগ বা উপলব্ধি–ৰস আস্বাদন– এই অভিজ্ঞতাৰ ফলত জাগি উঠা আনন্দময় সচেতনতা হৈছে ৰসবোধ৷ আৱেগ–অভিজ্ঞতাৰ জৰিয়তে আনন্দ–চেতনা জাগৃত কৰা ৰসৰ লক্ষ্য যি ভাৰতীয় নান্দনিকতাৰ এক অনন্য দিশ৷ ৰসেই ভাৰতীয় নান্দনিকতাৰ বিষয়বস্তু৷ ৰসৰ সমতুল্য শব্দ আন ভাষাত নাই৷ ইংৰাজীত Aesthetic relish সমার্থক নহ’লেও ওচৰা–উচৰি বুলি ক’ব পাৰি৷

ৰস এক পৰিৱর্তনশীল অভিজ্ঞতা

সংস্কৃত সাহিত্য পৰম্পৰাৰ পৰা উৎপত্তি হোৱা ৰসবোধৰ ধাৰণাটোৱে কলাত্মক প্রকাশৰ সূক্ষ্মতা আৰু গভীৰতাক গুৰুত্ব দিয়ে৷ শিল্পীয়ে আৱেগৰ স্থূল চিত্রনতকৈ দর্শক বা শ্রোতাক ইংগিতৰ জৰিয়তে আলোড়িত কৰে, আৱেগক দিশ প্রদান কৰে৷ আৱেগক প্রত্যক্ষভাৱে চিত্রিত কৰা (যেনে– দুখজনক দৃশ্য বা ক্রোধ–সংঘাতৰ চিত্রন কৰা) পশ্চিমীয়া কলাত্মক পৰম্পৰাৰ বিপৰীতে ভাৰতীয় নান্দনিকতাই বিশেষকৈ ৰসবোধে দিশ প্রদান আৰু সূক্ষ্মতাৰে আৱেগক উদগনি দিয়াত গুৰুত্ব আৰোপ কৰে৷ শিল্পীয়ে কেৱল আৱেগক মূর্ত নকৰে, বৰং এনে এক পৰিৱেশ বা ‘মুড’ সৃষ্টি কৰে, যিয়ে দর্শকক ব্যক্তিগত এক গভীৰ অনুভৱ কৰিবলৈ আমন্ত্রণ জনায়৷

এটা সাধাৰণ অভিজ্ঞতা অতিক্রম কৰি মনত কেনেকৈ গভীৰ আৱেগিক আৰু আধ্যাত্মিক অনুৰণন উঠে ৰসতত্ত্বই তাৰ ব্যাখ্যা দিয়ে৷ ৰসবোধ কেৱল নান্দনিক গুণ নহয়, বৰঞ্চ  এক পৰিৱর্তনশীল আৱেগিক অভিজ্ঞতা, যিয়ে ব্যক্তিক তীব্র আৱেগিক অনুনাদৰ জগতখনত অংশ ল’বলৈ সাজু কৰি তোলে৷ পশ্চিমীয়া পৰম্পৰাত আৱেগ ক্ষন্তেকীয়া বা ব্যক্তিগত৷ কিন্তু ৰসবোধে ব্যক্তিৰ আৱেগ–অনুভৱক অতিক্রমণীয (Transcendental) কৰি তোলে৷ উত্তম শিল্পকর্মই দর্শক বা শ্রোতাৰ গভীৰ আৱেগ আলোড়িত কৰি তোলাই নহয়, বৰং তেওঁলোকক পৰিৱর্তনশীল এক আধ্যাত্মিক যাত্রাতো প্রবৃত্ত কৰে৷ শিল্প কেৱল বাহ্যিক প্রতিনিধিত্বৰ মাধ্যম নহয়, বৰঞ্চ  এনে এক মাধ্যম যাৰ জৰিয়তে আৱেগ হূদয়ংগম কৰি উচ্চ অধিক পৰিশোধিত পর্যায়ত অনুভৱ কৰা হয়৷ গভীৰ আৱেগক আলোড়িত কৰা কলা–শিল্প তাৎক্ষণিক উদ্দেশ্যে কিন্তু ৰসবোধে অনুভূতিৰ বাহ্যিক প্রকাশ অতিক্রম কৰি এক আধ্যাত্মিক অভিজ্ঞতাৰ জাগৰণ কৰে৷ শিল্প অসাধাৰণক অনুভৱ কৰাৰ পাথেয় হৈ পৰে৷ নাট্যশাস্ত্রৰ মতে ৰস হৈছে কোনো শিল্পকর্মই দর্শকৰ মাজত  জগাই তোলা আৱেগিক অভিজ্ঞতাৰ সাৰ–এটা আৱেগিক সোৱাদ, যি শিল্পী আৰু দর্শক, পাঠক বা শ্রোতাক এক অকথিত আৱেগিক ডোলেৰে সংযোগ কৰে৷ আৱেগৰ এই ৰস সার্বজনীন, যিয়ে সামূহিক অভিজ্ঞতাৰ সৃষ্টি কৰে৷

তেনেহ’লে ৰস হৈছে সাধাৰণ অনুভূতিক অসাধাৰণ, গভীৰ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰা এক আৱেগিক দিশ নির্ণায়ক৷ ৰসবোধ কেৱল সাধাৰণ আৱেগিক অৱস্থা নহয়, বৰং তাৎক্ষণিক আৰু লৌকিকক অতিক্রম কৰা আৱেগিক অভিজ্ঞতাৰ শিখৰ৷

সূক্ষ্ম প্রকাশ

ৰসতত্ত্বৰ অন্যতম আকর্ষণীয় বৈশিষ্ট্য হ’ল স্থূল চিত্রনতকৈ ইংগিতপূর্ণ সূক্ষ্ম প্রকাশৰ ওপৰত গুৰুত্ব৷ উদাহৰণস্বৰূপে– নৃত্য বা নাটকত কোনো পৰিৱেশকে কেৱল দুখজনক পৰিঘটনা এটা চিত্রিত কৰি দুখ প্রকাশ নকৰিবও পাৰে৷ বৰং দুখৰ অনুভৱ জগাই তুলিবলৈ সূক্ষ্ম ইংগিত, অভিব্যক্তি আৰু গতিবিধি ব্যৱহাৰ কৰিব পাৰে৷ তাৰ পিছত দর্শকে নিজৰ গ্রহণযোগ্য হূদয়েৰে আৱেগিক ব্যৱধান পূৰণ কৰে৷ দৰাচলতে শিল্পীয়ে প্রত্যক্ষভাৱে কোনো আৱেগিক অভিজ্ঞতা প্রদান কৰা নাই ৷ বৰং এনে এক পৰিৱেশ সৃষ্টি কৰিছে য’ত দর্শকক অংশগ্রহণ কৰিবলৈ উৎসাহিত হৈছে৷ এইটোৱেই হৈছে ৰসৰ সাৰমর্ম–শিল্পীয়ে আৱেগিক পৰিৱেশ সৃষ্টি কৰে আৰু দর্শকে তেওঁলোকৰ সংবেদনশীলতাৰ জৰিয়তে ৰসৰ অভিজ্ঞতা লাভ কৰে আৰু ৰসোত্তীর্ণ বা ৰূপান্তৰিত হয়৷

সহূদয়তা

শিল্পীৰ প্রয়াস সফল হ’বলৈ অথবা ৰস আস্বাদন কৰিবলৈ দর্শক সহূদয় হ’ব লাগিব৷ আক্ষৰিক অর্থত সহূদয়ৰ অর্থ হূদয়ৰ সৈতে এক৷ এই ধাৰণাটো আতি অর্থবহ৷ সহূদয় এনে এজন ব্যক্তি যাৰ হূদয় গ্রহণযোগ্য৷ তেওঁ কেৱল পর্যবেক্ষক বা সাক্ষী নহয়, বৰং পৃষ্ঠৰ তলত লুকাই থকা অতিক্রমণীয় আৱেগক অনুভৱ কৰিবলৈ সক্ষম৷ আৱেগিক কম্পাংকবোৰৰ লগত সুৰ মিলাই ৰস সম্পূর্ণৰূপে আস্বাদন কৰিব পৰাটোৱেই হ’ল সহূদয়তা৷ দর্শক নিষ্ক্রিয় নহয় বৰং শিল্পীৰ সৈতে আৱেগিক অভিজ্ঞতা সৃষ্টিৰ সক্রিয় অংশগ্রহণকাৰী৷ ৰসবোধে পৰিৱেশক আৰু দর্শকৰ মাজত সম্পর্ক স্থাপন কৰে৷

ভাব–জগত

ভৰত মুনিয়ে মানুহৰ আত্মাক ভাব–জগত (আৱেগৰ জগত) বুলি অভিহিত কৰিছে৷ শিল্পই আৱেগক সার্বজনীন কৰি দর্শকৰ বাবে আকর্ষণৰ আহিলা কৰি তোলে৷ অভিনেতাই চৰিত্রটোৰ আৱেগৰ বাহক, মাধ্যম আৰু সংযোগকাৰী হিচাপে কাম কৰে৷ অভিনেতাই চৰিত্রটোৰ আভ্যন্তৰীণ ভাব–জগত মুকলি কৰে, বিশেষ আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে, যিটো অনুভৱ কৰিব আৰু সোৱাদ ল’ব পাৰি৷ অভিনেতাই দর্শকক এই আৱেগিক পৰিৱেশৰ সৈতে পৰিচয় কৰাই জড়িত কৰে৷ চৰিত্রটোৰ আৱেগ অভিনেতাৰ জৰিয়তে দর্শকলৈ সঞ্চাৰিত হয়৷ তেওঁলোকে ৰসৰ সোৱাদ উমৈহতীয়াকৈ ভগাই লয়৷ এইদৰে আৱেগ এজনৰ পৰা বহুতৰ মাজত মূর্ত হৈ পৰে৷ ভৰতে তেওঁৰ ধ্রুপদী গ্রন্থ নাট্য শাস্ত্রৰ ষষ্ঠ অধ্যায়ত ৰসৰ ধাৰণাটোৰ গভীৰ বিশ্লেষণ কৰিছে৷ ৰসসূত্রৰ ব্যাখ্যা কৰিছে ৷ ৰসসূত্রৰ সাৰাংশত সজোৰে কোৱা হৈছে ‘না হী ৰসাদ ৰীতে কাছিদ অর্থঃ প্রৱর্ততে’ অর্থাৎ ৰসবোধ অবিহনে কোনো অর্থপূর্ণ ধাৰণা প্রকাশ কৰা নহয়৷ ভৰতৰ নাট্য তত্ত্বৰ মূল কথাটোৱেই হ’ল ৰসৰ সৃষ্টি৷ ভৰতে কৈছে যে নাট হৈছে জীৱনৰ অনুকৰণ (লোকনুত্রুতি) য’ত বিভিন্ন মানৱীয় আৱেগক নাটকীয়ভাৱে মহিমামণ্ডিত কৰিব লাগে (ভৱনুকীর্তনম) যাতে দর্শকে চিত্রিত সুখ–দুখ (লোকস্য সুখদুহখা)ক নাট্যৰস হিচাপে সোৱাদ ল’ব পাৰে৷ এই ৰস অভিজ্ঞতাই ‘ৰশিকা’ হোৱা দর্শকক মনোৰঞ্জন আৰু জ্ঞান প্রদান কৰে৷ ৰস আৰু ইয়াৰ প্রয়োগ মূলতঃ নাটকীয় পৰিৱেশন আৰু সাহিত্য ক্ষেত্রত ৷ কিন্তু ই ইয়াৰ প্রাৰম্ভিক প্রয়োগ অতিক্রম কৰি নৃত্য, সংগীত, চিত্রকলা, আনকি স্থাপত্য ক্ষেত্রতো গভীৰ আৱেগিক সঁহাৰিৰ সৃষ্টি কৰিব পৰা শিল্প সৃষ্টিৰ পথ প্রদর্শক হৈ আছে৷

ভৰত মুনিয়ে আঠোটা প্রাথমিক ৰস সংজ্ঞায়িত কৰিছিল৷ ইয়াৰ প্রতিটোৱেই এটা সুকীয়া আৱেগক প্রতিনিধিত্ব কৰে৷

শ্রিংগাৰ– সৌন্দর্য আৰু ৰোমাণ্টিক আকাংক্ষাৰ সৈতে জড়িত শ্রিংগাৰে আৱেগ, প্রেম, আৰু ভক্তিৰ অনুভূতিত উদগনি দিয়ে৷ ই আনন্দময় মিলন আৰু বিচ্ছেদ–বিৰহ দুয়োটাকে সামৰি লৈছে৷

হাস্য– এই ৰস হৈছে কৌতুকপূর্ণ শ আৰু লঘু পৰিস্থিতিৰ প্রতি আৱেগিক সঁহাৰি৷

কৰুণা– কৰুণাই দুখ, মমতা আৰু সহানুভূতিক প্রতিনিধিত্ব কৰে, যিয়ে আনৰ দুখৰ প্রতি দুখ, শোক বা সহানুভূতিৰ অনুভূতি জাগ্রত কৰে৷

ৰুদ্র– এই ৰসত তীব্র ক্রোধৰ অনুভূতি সাঙোৰ খাই আছে, যি প্রায়ে নাটকীয় সংঘাতত দেখা যায়৷

বীৰ– বীৰ ৰসে প্রতিকূলতা বা সন্মুুখ সমৰত সাহস আৰু বীৰত্বৰ অনুভূতিত উদগনি দিয়ে৷

ভয়ানক– ভয়ানক ৰস হৈছে আতংকৰ ভাবাৱেগ, যিয়ে উদ্বেগ আৰু আশংকা জাগ্রত কৰে, যি প্রায়ে ৰহস্য বা উত্তেজনা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷

বীভৎস– এই ৰসে বিতৃষ্ণা বা বীভৎস অনুভূতিৰ সৃষ্টি কৰে, যি সাহিত্য আৰু নাটকত অন্ধকাৰময় এক অনিশ্চিত বীভৎস ভাব চিত্রিত কৰিবলৈ ব্যৱহাৰ কৰা হয়৷

অদ্ভুত– অদ্ভুতত ভয় আৰু বিস্ময় প্রতিফলিত হয়, যিয়ে প্রায় অলৌকিক বা ৰহস্যময়তাক উদগনি দিয়ে৷

পিছৰ লেখকসকলে নৱমটো শান্ত ৰস সংযোজন কৰিছিল৷

শান্ত ৰস নৱম ৰসৰ এটা৷ কিন্তু একে সময়তে ই নান্দনিক আনন্দৰ আটাহতকৈ সুস্পষ্ট ৰূপ হিচাপে সুকীয়া৷ অভিনৱ গুপ্তই ইয়াক ৰত্নখচিত হাৰৰ দোলৰ সৈতে তুলনা কৰিছে৷ এই ৰস বেছিভাগ মানুহৰে বাবে আটাহতকৈ আকর্ষণীয় নহ’বও পাৰে৷ তথাপি যিদৰে দোলেই হাৰডালক ৰূপ দিয়ে, তেনেদৰে ইয়াৰ দ্বাৰাই আন আঠটা ৰসৰ সোৱাদ ল’ব পৰা যায়৷ ৰস আৰু বিশেষকৈ শান্ত ৰসৰ সোৱাদক যোগীসকলে অনুভৱ কৰা আত্ম–বাস্তৱায়ন (Self-Actualisation)ৰ আনন্দৰ প্রায় সমান বুলি কোৱা হয়৷

ভাৰতীয় শাস্ত্রীয় নৃত্য যেনে– ভাৰত নাট্যম, ওডিচি, কথক, কুচিপুডী আদিত ৰসৰ ধাৰণাই মৌলিক ভূমিকা পালন কৰে৷ নৃত্যশিল্পীসকলে কেৱল গতিবিধি প্রদর্শন নকৰে, বৰঞ্চ প্রতিটো ৰসৰ লগত জড়িত আৱেগক মূর্ত কৰি ৰাখে৷ জটিল হাতৰ ইংগিত (মুদ্রা), মুখৰ ভাব (অভিনয়), শৰীৰৰ গতিবিধিৰ জৰিয়তে নৃত্যশিল্পীয়ে অভিনয়ৰ আৱেগিক সাৰমর্মক জীৱন্ত কৰি তোলে৷ দর্শকে নৃত্যশিল্পীৰ অভিব্যক্তি আৰু গতিবিধিৰ জৰিয়তে প্রকাশ কৰা ৰসক হূদয়ংগম কৰি এই আৱেগিক যাত্রাত অংশগ্রহণ কৰে৷

ভাৰতীয় শাস্ত্রীয় সংগীত, কণ্ঠ আৰু বাদ্যযন্ত্র উভয়ে ৰসৰ নীতি মানি চলে৷ সুৰকাৰ আৰু পৰিৱেশকসকলে বিশেষ আৱেগিক প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ৰাগ (নির্দিষ্ট সুৰীয়া গঠন) ব্যৱহাৰ কৰে৷ নাটকীয় অভিনয়ত যেনেকৈ কৰুণা বা বীৰত্ব প্রকাশ হ’ব পাৰে, ৰাগেও একেধৰণৰ অনুভূতিৰ সৃষ্টি কৰিব পাৰে৷ উদাহৰণস্বৰূপে– ৰাগ যমনৰ সহায়ত আকাংক্ষা বা ভক্তিৰ ভাব জগাই তোলা হ’ব পাৰে, আনহাতে ৰাগ ভৈৰৱে গম্ভীৰতা আৰু শ্রদ্ধাৰ আৱেগ জগাই তুলিব পাৰে৷ এইদৰে ভাৰতীয় শাস্ত্রীয় সংগীতৰ সৈতে ৰসতত্ত্ব অবিচ্ছেদ্য৷ সমসাময়িক সংস্কৃতিত বিশেষকৈ চিনেমা, সাহিত্য, দৃশ্যকলাৰ ক্ষেত্রত ইয়াৰ প্রভাৱ অনুভূত হৈছে৷ আধুনিক চলচ্চিত্র নির্মাতা, নাট্যকাৰ আৰু ঔপন্যাসিকসকলে প্রায়ে অধিক প্রত্যক্ষ বা প্রতীকী ৰূপত দর্শকৰ মাজত আৱেগ জগাই তুলিবলৈ ৰসৰ মূল ধাৰণাসমূহৰ সহায় লৈছে৷ উদাহৰণস্বৰূপে– সমসাময়িক ভাৰতীয় চিনেমাত প্রকাশ কৰা আৱেগিক অভিজ্ঞতাবোৰ ৰসৰ প্রভাৱ গভীৰভাৱে শিপাই আছে, য’ত দর্শকৰ মাজত নির্দিষ্ট আৱেগিক সঁহাৰি আলোড়িত কৰিবলৈ গীত, নৃত্য, সংলাপ ৰচনা কৰা হয়৷

আৱেগিক অনুনাদৰ ধাৰণা, শিল্পক ৰূপান্তৰৰ বাহন হিচাপে লোৱা ধাৰণাটো ভাৰতীয় সৃষ্টিশীল প্রকাশৰ কেন্দ্রীয় বিষয়৷ প্রতিটো ৰসে এক বিশেষ আৱেগিক পৰিৱেশ সৃষ্টি কৰে৷ দর্শকক আংশিক অভিজ্ঞতাৰ পৰা উত্তীর্ণ হৈ গভীৰ এক আধ্যাত্মিক সংযোগ স্থাপন কৰিবলৈ আমন্ত্রণ জনায়৷ এই সংযোগ আখ্যান বা আৱেগৰ আক্ষৰিক প্রকাশৰ দ্বাৰা সীমাবদ্ধ নহয়, বৰং ৰসৰ আভ্যন্তৰীণকৰণ বা উপলব্ধি বা হূদয়ংগম কৰাৰ ওপৰতহে গঢ় লৈ উঠে৷ এই ৰসোত্তীর্ণ অৱস্থাত সার্বজনীন মানৱ অভিজ্ঞতাৰ সৈতে অনুৰণন ঘটে৷

এনে এক সুউচ্চ পৰম্পৰাৰ উত্তৰাধিকাৰী ভাৰতীয় শিল্পী আৰু অনুৰাগী জনতা৷ ইয়াৰ বিপৰীতে সাম্প্রতিক প্রদর্শনসমূহৰ সুন্দৰ সাধনাৰ প্রয়াসৰ বিপৰীতে স্থূল প্রকাশে মন আশাহত কৰে৷

ফোন : +৪৪৭৪২৪১৪৬৬৩৬

You might also like