ভাৰতৰ স্বাধীনতা : বিভীষিকাময় বিভাজনৰ কৰুণগাথা
🔹 অশোক সিংহল
বহু প্রতীক্ষিত স্বাধীনতা লাভৰ বিৰল মুহূর্তত, ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত উপমহাদেশৰ জনসাধাৰণ বিজয়–উল্লাসত আত্মহাৰা হৈ পৰিছিল৷ প্রায় দুই শতিকাজোৰা ব্রিটিছৰ ঔপনিৱেশিক শাসনকালৰ সেয়া আছিল পৰিসমাপ্তি৷ ১৭৫৭ চনৰ পলাশী যুদ্ধৰ পাছত ব্রিটিছে ভাৰতত খোপনি পোতাৰ পৰা আৰম্ভ কৰি ১৯৪৭ চনৰ স্বাধীনতালৈকে ভাৰতী আই ককবকাইছিল পৰাধীনতাৰ শিকলি ভাঙি উন্মুক্ত আকাশৰ সূৰুযৰ সন্ধানত৷ অনেকজন শ্বহীদ হ’ল নিজৰ মাতৃভূমিক বিদেশীৰ কবলৰ পৰা মুক্ত কৰাৰ সেই যুঁজত৷ কিন্তু সেই স্বাধীনতাৰ শেষ পৰিণতি হ’লগৈ দেশ বিভাজন৷ বিভাজিত হ’ল অখণ্ড ভাৰত৷ নিজৰ শক্তি যাতে কেতিয়াও ম্লান নপৰে তাৰ বাবেই ব্রিটিছে ৰুইছিল বিভাজনৰ বীজ৷ এটা সময়ত সেই বীজে গজালি মেলি ঠন ধৰি উঠিল ভাৰত বিভাজনৰ ৰূপত৷
ভাৰতবর্ষৰ অখণ্ডতা আছিল ব্রিটিছৰ বাবে এটি বৃহৎ প্রত্যাহ্বান৷ সেই প্রত্যাহ্বান সাম্রাজ্যবাদী ব্রিটিছে কূটনৈতিক কৌশলেৰে নাশ কৰিবলৈ আনিলে ‘বিভাজন আৰু শাসন’ৰ নীতি৷ দেশত আনিলে পৃথক তথা সুকীয়া প্রতিনিধিত্বমূলক ব্যৱস্থা৷ এফালে মুছলিম লীগৰ নেতৃত্বত থকা মহম্মদ আলী জিন্নাৰ ভাৰতক দ্বিখণ্ডিত কৰি ‘পাকিস্তান’ নামেৰে পৃথক ৰাষ্ট্র গঢ়াৰ প্রবল দাবী, আনফালে ভাৰতৰ অখণ্ডতাক বর্তাই ৰাখি এখন শক্তিশালী স্বাধীন ভাৰত গঢ়াৰ সপোন৷ এই দোমোজাৰ অন্ত পৰিল ১৯৪৭ চনৰ স্বাধীনতাৰ প্রাকমুহূর্তত৷ ইতিমধ্যে ভাৰতক স্বাধীনতা প্রদানৰ সকলো চিন্তা–চর্চা সমাপ্ত হৈছিল৷ তাৰ লগতে ভাৰতবর্ষক দ্বি–খণ্ডিত কৰাৰ সিদ্ধান্তও৷ ১৪–১৫ আগষ্টৰ মাজনিশা স্বাধীনতা লাভ কৰিলে দ্বিখণ্ডিত ভাৰত আৰু পাকিস্তানে৷ কিন্তু সেই স্বাধীনতাই যে দেশত এক বিভীষিকাময় পৰিস্থিতিৰ সূত্রপাত ঘটাব সেয়া হয়তো আছিল কল্পনাৰ অতীত৷
কেৱল ভৌগোলিকভাৱেই অখণ্ড ভাৰতৰ বিভাজন হোৱা নাছিল, বিভাজিত হৈছিল ধর্মৰ নামত– হিন্দু আৰু মুছলমান৷ লগে লগেই দেশত সৃষ্টি হৈছিল ইতিহাসৰ এক অবর্ণনীয় ক’লা অধ্যায়, যাৰ কৰুণগাথা আজিও অনুৰণিত হৈ আছে৷
দেশ বিভাজনৰ পিছমূহূর্ততে সূচনা হৈছিল স্বাধীনতা লাভৰ অন্য এক কঠোৰ ৰণৰ৷ হিন্দু, শিখ আদি অমুছলমান লোকসকলে বিচাৰিছিল ভাৰতবর্ষৰ ছত্রছায়াত মুক্তভাৱে জীয়াই থাকিবলৈ৷ বৃহৎসংখ্যক হিন্দু–মুছলমান আৰু অন্যান্য ধর্মৰ পীড়িতই আশ্রয় বিচাৰি সীমা অতিক্রম কৰিছিল বিভাজনে নির্ধাৰণ কৰা নিজ নিজ দেশলৈ অর্থাৎ ভাৰত আৰু পাকিস্তানলৈ৷ সিন্ধু নদী, যাৰ পাৰতে এসময়ত গঢ়ি উঠিছিল বেদ–বেদাংগৰ সৃষ্টিৰাজিৰে ভাৰতীয় সংস্কৃতিৰ এক অনুপম ধাৰা, সেই ঠাই হৈ পৰিল শত্রু বাহিনীৰ ৰণক্ষেত্র৷ দুই পাৰৰ লক্ষ লক্ষ ভাৰতীয় হৈ পৰিল পৰস্পৰৰ শত্রু৷ স্বাধীনতা লাভৰ আগদিনালৈ নিজৰ পৰিয়াল, আত্মীয়–স্বজনক লৈ সুখেৰে পাৰ কৰা সেই গাঁওসমূহক এৰাতিৰ ভিতৰতেই আৱৰি ল’লে জুইৰ লেলিহান শিখাই৷ সাম্প্রদায়িক উৎপীড়নৰ বলি হৈ পৰিল হাজাৰ হাজাৰ লোক৷ আক্রমণ–প্রত্যাক্রমণৰ নিষ্ঠুৰতাই প্রাণ কাঢ়িলে অগণন শৰণার্থীৰ৷ পঞ্জাব, সিন্ধু আৰু সীমান্ত প্রদেশত চলিল অগণন হত্যা, লুণ্ঠন, নাৰীৰ শ্লীলতা হানিৰ চেষ্টা৷ হিন্দুবিৰোধী সীমান্ত অঞ্চলত বলপূর্বক ধর্মান্তৰকৰণৰ নামত চলিল অবর্ণনীয় বর্বৰতা৷ মহিলাসকলক অপহৰণ, ধর্ষণ কৰাৰ উপৰি ৰাজহুৱাভাৱে অপমানিত কৰা হৈছিল৷ সন্মানৰ নামত নাৰীক পৰিয়ালৰ লোকেও হত্যা কৰিছিল আৰু নিজৰ সতীত্ব ৰক্ষাৰ বাবে বহুতে আত্মহত্যা কৰিবলৈও বাধ্য হৈছিল৷ এই নৰসংহাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সকলোবোৰ এৰি সীমান্ত অতিক্রম কৰিছিল লাখ লাখ মানুহে৷ ভাৰতৰ ইতিহাসত এয়া আছিল মানৱ প্রব্রজনৰ সর্ববৃহৎ উদাহৰণ৷এই প্রব্রজনত দুর্বিসহ হৈ পৰিছিল পীড়িতসকলৰ জীৱন৷ পাঁচ লক্ষাধিক লোকৰ প্রাণ কাঢ়ি নিছিল এই বিভাজনৰ জটিল সময়ছোৱাই৷
ভাৰত বিভাজনৰ ইতিহাসৰ অন্যতম সাক্ষী হৈ ৰৈছিল অসম প্রমুখ্যে উত্তৰ–পূর্বাঞ্চলৰ অঞ্চলসমূহো৷ সেই সময়ছোৱাতে দাবী উঠিছিল অসমৰ একাংশ বংগভাষী মুছলমান অধ্যুষিত অঞ্চলক পূব পাকিস্তানৰ (যি আজি বাংলাদেশ হিচাপে পৰিচিত) লগত চামিলকৰণৰ৷ সেই দাবী উঠিছিল হিন্দু সংখ্যাগৰিষ্ঠ অসমীয়া আৰু মুছলমান সংখ্যাগৰিষ্ঠ বংগভাষীৰ মাজত সৃষ্টি হোৱা ধর্মীয় আৰু ভাষিক পার্থক্যৰ বাবেই৷ মুছলিম লীগৰ নেতৃত্ব বহন কৰা এচাম বৰমূৰীয়াই বিচাৰিছিল অসমকো পূব পাকিস্তানৰ সৈতে সংলগ্ণ কৰি ভাৰতবর্ষৰ পৰা পৃথক হোৱাটো৷ সেই দুর্যোগৰ সময়ত অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈয়ে তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ প্রমাণ দিছিল৷ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ভৱিষ্যতক অন্ধকাৰৰ পৰা উদ্ধাৰ কৰি সার্বভৌমত্ব আৰু স্বকীয় সাংস্কৃতিক, সামাজিক একতা বজাই ৰখাৰ বাবে তেওঁ অহোপুৰুষার্থ কৰিছিল৷ এই কঠিন সময়ছোৱাত গোপীনাথ বৰদলৈৰ সমান্তৰালকৈ ড০ শ্যামাপ্রসাদ মুখার্জীৰো আছিল এক অনবদ্য অৱদান৷ তেওঁ অসমৰ ভৱিষ্যতক সুৰক্ষা দিয়াৰ স্বার্থত বিভাজনত জুৰুলা হৈ পৰা জাতীয় একতাক সুদৃঢ় ৰূপত সংগঠিত কৰিছিল৷
বিভাজনে অসমতো সৃষ্টি কৰিছিল ৰাজনৈতিক অচলাৱস্থা৷ নিজৰ প্রাণৰক্ষাৰ কাৰণে পূব পাকিস্তানৰ পৰা সোঁত বোৱা হিন্দু শৰণার্থী আৰু অসমৰ পৰা পূব পাকিস্তানলৈ যোৱা মুছলমান ধর্মাৱলম্বীসকলৰ প্রব্রজনে সৃষ্টি কৰিছিল সাম্প্রদায়িক সংঘর্ষ আৰু ভেদাভেদ৷ জনগাঁথনিৰ ব্যাপক পৰিৱর্তনৰ সূচনা কৰিছিল, যাৰ প্রভাৱ আজিও দেখিবলৈ পোৱা যায়৷ অর্থনৈতিকভাৱেও এই অঞ্চলে ভুগিবলগীয়া হৈছিল এক বিড়ম্বনা৷ ৰে’লগাডীৰ সংযোগ বিচ্ছিন্ন হোৱাৰ লগতে গুৰুত্বপূর্ণ জাহাজ ঘাট, যাতায়াতৰ পথ আদি পলকতে হৈ পৰিছিল পূব পাকিস্তানৰ অন্তর্গত৷ এইসমূহো আছিল অসমৰ বিভাজনৰ বিভীষিকাময় অভিজ্ঞতাৰ এটি অধ্যায়৷
ভাৰত স্বাধীন হ’ল ঠিকেই, কিন্তু তাৰ লগতেই এৰি থৈ গ’ল ইতিহাসৰ অবর্ণনীয় দুর্দশা আৰু উৎপীড়ন, লগতে সোলোক–ঢোলোক কৰি গ’ল একতাৰ বান্ধোনো৷ বিদেশী শক্তিৰ স্বার্থ পূৰণৰ কাৰণে কিদৰে এটা জাতিৰ সাতামপুৰুষীয়া একতা বিনষ্ট কৰি সাম্প্রদায়িকতাৰ কূটনীতি সুমুৱাই দিব পাৰি তাৰ এক জ্বলন্ত উদাহৰণ এই দেশ বিভাজনে সমগ্র ভাৰতবাসীৰ সন্মুখত দাঙি ধৰি থৈ গ’ল৷ দেশমাতৃৰ মুক্তিৰ বাবে জীৱনপণ কৰা দেশৰ মহান শ্বহীদসকলে এনে এক স্বাধীনতা কেতিয়াও বিচৰা নাছিল, যিয়ে অখণ্ড ভাৰতক খণ্ডিত ৰূপত সজাই ধর্মৰ নামত দুই ৰাষ্ট্র গঢ়ি তোলে৷
মহম্মদ আলী জিন্নাৰ দৰে সাম্প্রতিক সময়তো বহুতো ক্ষমতালোভী বিভাজনবাদী অপশক্তিয়ে ভাৰতৰ অখণ্ডতাক চূর্ণ–বিচূর্ণ কৰাৰ চেষ্টা চলাই আহিছে৷ ভাৰতবিৰোধী বিভেদকামী শক্তিয়ে যাতে ভাৰতৰ ঐক্য আৰু সম্প্রীতিত কেতিয়াও আঁচোৰ মাৰিব নোৱাৰে, তাৰ বাবে দেশ ৰক্ষার্থে আমি আজিয়েই পণ ল’ব লাগিব৷
বিভাজনৰ কৰুণ কাহিনী আজিকোপতি কোনেও পাহৰিব পৰা নাই৷ সেইবাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিভাজনৰ সময়ত উৎপীড়নৰ কবলত প্রাণ হেৰুওৱা ভাৰতী আইৰ ভাতৃ–ভগ্ণীসকলক শ্রদ্ধাঞ্জলি আৰু স্মৃতি ৰোমন্থন কৰাৰ কাৰণে ১৪ আগষ্টৰ দিনটোক ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিগত বর্ষৰ দৰেই এইবেলিও তেওঁলোকৰ শ্রদ্ধাঞ্জলিৰ কাৰণে এই দিৱসটি পালন কৰা হৈছে৷ দেশক ভাল পোৱা আৰু দেশৰ হকে সমর্পিত এগৰাকী নাগৰিক হিচাপে সেইসকল ভাতৃ–ভগ্ণীলৈ ময়ো জনাইছোঁ সশ্রদ্ধ প্রণাম আৰু শ্রদ্ধাঞ্জলি৷ দেশৰ স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত মোৰ এয়াই গভীৰ প্রত্যাশা– দেশৰ একতা আৰু সমৃদ্ধিৰ জয়গান যেন সদায়েই গাবলৈ সমর্থ হওঁ – ‘ভাৰত মাতা কী জয়’৷