নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাজ্যিক মুখপাত্র জয়ন্ত মল্ল বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ- উৎপল চক্রৱর্তী

  • বিধানসভা নির্বাচনলৈ মাজত মাত্র আঠ মাহ বাকী৷ যোৱা লোকসভা নির্বাচনৰ পিছতেই বিজেপি দলে আসন্ন বিধানসভা নির্বাচনত ১০০ৰো অধিক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছিল৷ আজিৰ তাৰিখত সেই ঘোষণা বাস্তৱ অর্থত কিমানদূৰ সম্ভৱ হ’ব বুলি আপোনালোক আশাবাদী?

আমি ১০০ শতাংশই আশাবাদী৷ বিজেপি আৰু মিত্রদল মিলি আমি ১০০ৰো অধিক আসনত জয়লাভ কৰিম৷ তাত কোনো সন্দেহ নাই৷

  • এইক্ষেত্রত আপোনালোকক কি কি বিষয় বা ইছ্যুৱে সহায় কৰিব বুলি ভাবে?

 মুখ্যতঃ উন্নয়নৰ বাবেই আমি সেই লক্ষ্যত উপনীত হ’ব পাৰিম৷ যোৱা পাঁচটা বছৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত–স্বাস্থ্য–শিক্ষা– বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনত বিভিন্ন দিশত যথেষ্ট উন্নয়ন হৈছে৷ লগতে অসমীয়া জাতিৰ দীর্ঘদিনীয়া সমস্যা অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, গৰাখহনীয়া সমস্যাক দুর্যোগ ব্যৱস্থাপনাৰ অধীনস্থ কৰা, এন আৰ চি প্রস্তুত আদি বিষয়ে আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটক সহায় কৰিব৷ কাৰণ পূর্বৰ চৰকাৰসমূহে অসমীয়া জাতিৰ সেই দীর্ঘদিনীয়া সমস্যাসমূহ পিছুৱাই ৰাখিছিল৷ বিজেপি মিত্রজোঁটৰ চৰকাৰৰ দিনতেই সেই সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰা হয়৷

  • আপুনি এন আৰ চিৰ কথা কৈছে৷ কিন্তু ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্রকাশ পোৱাৰ আজি প্রায় এবছৰ হ’বৰ হ’ল৷ এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকে আজিলৈকে বিদেশী ট্রিবুনেলত আপীল কৰাৰ বাবে ৰিজেকচন শ্লিপ লাভ কৰা নাই৷ ফলত সমগ্র এন আৰ চিখন ওলমি আছে৷ কার্যতঃ এন আৰ চিখন এতিয়া পেলনীয়া কাগজত পৰিণত হৈছে৷ আপুনি কি কয়?

পেলনীয়া কাগজ নহয়৷ এন আৰ চিখন কৰোঁতে কিছু ভুল–ত্রুটি ৰৈ গৈছে৷ নাম অন্তর্ভুক্ত হ’ব নলগীয়া বহু লোকৰ নাম সন্নিৱিষ্ট হৈছে৷ সেইদৰে নাম অন্তর্ভুক্ত হ’বলগীয়া বহু লোকৰ নাম বাদ পৰিছে৷ আমি সেই ভুল–ত্রুটিসমূহ সংশোধন কৰি প্রকৃত ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট আৰু কোনো বিদেশীৰ নাম নথকা এখন শুদ্ধ এন আৰ চি হোৱাটো বিচাৰিছোঁ৷ শুদ্ধ এন আৰ চি এখন প্রস্তুতৰ বাবে বিলম্ব হোৱাটো ডাঙৰ কথা নহয়৷ এক নির্ধাৰিত সময়ৰ ভিতৰত এন আৰ চিখন প্রস্তুত কৰাৰ পৰিৱর্তে শুদ্ধ এন আৰ চি এখন যুগুতোৱাটোহে গুৰুত্বপূর্ণ কথা৷

  • অসম চুক্তিৰ ৬নং দফা আপোনালোকে ৰূপায়ণ কৰা বুলি কৈছে৷ কিন্তু চুক্তিখনৰ ৬নং দফা ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীৰ পৰামর্শাৱলী কার্যকৰী কৰাৰ ক্ষেত্রত চৰকাৰে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ তাৰ পিছতো ৬নং দফাক লৈ আপোনালোকে কৃতিত্ব বিচৰাৰ কাৰণ কি?

 চাওক, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বিষয়টো যোৱা ৩৫টা বছৰে কাগজতে সীমাবদ্ধ আছিল৷ বর্তমানৰ চৰকাৰৰ দিনত সেই বিষয়টো সংসদ পালেগৈ৷ পূর্বৰ কোনো চৰকাৰৰ দিনতেই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে এনেধৰণৰ কোনো তৎপৰতাই গ্রহণ কৰা নাছিল৷ চুক্তিখনৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্রত একমাত্র বিজেপি দলৰ চৰকাৰেহে সদিচ্ছা দেখুৱাইছে৷ অৱশ্যে ক’ৰোনা মহামাৰীৰ বাবে সেই দফা ৰূপায়ণৰ বাবে যি ক্ষিপ্রতাৰে আগবাঢ়িব লাগিছিল, তেনেদৰে আগবঢ়া নাই৷

  • বিৰোধী দল কংগ্রেছে এ আই ইউ ডি এফৰে ইতিমধ্যে মিত্রতা কৰিছে৷ চি পি আই, চি পি আই (এম), অখিল গগৈৰ নেতৃত্বত গঠন হ’বলগীয়া দল তথা ‘কা’বিৰোধী শক্তিৰ সৈতে মহাজোঁট গঠনৰ কুচকাৱাজ চলাই আছে৷ কংগ্রেছৰ নেতৃত্বত গঠন হ’বলগীয়া তেনে মহাজোঁটে বিজেপিক ক্ষতিগ্রস্ত কৰিব বুলি নাভাবেনে?

 আমি আনন্দিত হৈছোঁ যে এনে মহাজোঁটৰ বিৰুদ্ধে নির্বাচন খেলিব পাৰিম৷ এই মহাজোঁটে উদঙাই দিব সেই ৰাজনৈতিক দলসমূহৰ চৰিত্র৷ কংগ্রেছ, এ আই ইউ ডি এফৰ মাজত জন্মলগ্ণৰ পৰাই মিত্রতা আছে৷ দুয়োটা দল এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ এই কথা আমি পূর্বৰে পৰাই কৈ আহিছোঁ৷ বাঁওপন্থী শক্তিয়েও মাওবাদক প্রশ্রয় দিব বিচাৰে৷ সেইদৰে ‘কা’ আন্দোলনত অংশগ্রহণ কৰি এতিয়া কংগ্রেছৰ মহাজোঁটত চামিল হোৱা শক্তিৰ ক্ষেত্রতো ৰাইজে বুজি পাব তেওঁলোকৰ উদ্দেশ্য কি? আচলতে কংগ্রেছৰ নেতৃত্বত হ’বলগীয়া মহাজোঁট আৰু মিত্রতাতে দলসমূহৰ প্রকৃত স্বৰূপ ওলাই পৰিব৷

  • নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি আছু, যুৱ–ছাত্র পৰিষদ আদিয়েও বিজেপিবিৰোধী স্থিতি গ্রহণ কৰিছে৷ তেওঁলোকৰ এই বিৰোধিতাই নির্বাচনত কেনেধৰণৰ প্রভাৱ পেলাব বুলি ভাবে?

অসমত বহু নির্বাচনত বহু সংগঠনে বিৰোধিতা–সমর্থন দেখুৱাই আহিছে৷ কিন্তু দেখা গৈছে– সাধাৰণ ৰাইজৰ মতামতৰ ওপৰত সেই সংগঠনসমূহৰ বিশেষ প্রভাৱ নপৰে৷ সেয়ে ভাবোঁ, আসন্ন বিধানসভা নির্বাচনতো কোনো সংগঠনে ৰাজনৈতিক অংকত প্রভাৱ পেলাব নোৱাৰে৷ বিগত দিনত তেনে হোৱা দেখা নাই৷

  • বর্তমানৰ মিত্রদল অগপ–বিপিএফ, ৰাভা–তিৱা–গণশক্তি আসন্ন বিধানসভা নির্বাচনতো বিজেপিৰ মিত্রতা অক্ষুণ্ণ থাকিবনে?

মিত্রতা অক্ষুণ্ণ থাকিব৷ বর্তমানৰ মিত্রশক্তিৰ প্রতিটো দলেই আমাৰ লগত থাকিব বুলি বিশ্বাস৷

  • বিটিচি নির্বাচনত বিজেপিয়ে বিপিএফৰে মিত্রতা নকৰা, অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তনক কেন্দ্র কৰি বিপিএফ দল ভিতৰি ভিতৰি নাৰাজ৷ যদিহে বিটিচি নির্বাচনত বিপিএফ ক্ষমতাচ্যুত হয়, তেতিয়াহ’লে বড়োভূমিৰ মিত্রতাৰ ৰাজনীতিত বিজেপিৰ মিত্রতাৰ সমীকৰণ সলনি হ’ব নেকি?

 ৰাজ্য চৰকাৰৰ ক্ষেত্রত বিপিএফৰ লগত বিজেপিৰ মিত্রতা আজিও অব্যাহত আছে৷ অৱশ্যে বিটিচি নির্বাচনত বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতা কৰিছে৷ ক্ষুদ্র ক্ষুদ্র নির্বাচনত মিত্রশক্তি ইতিমধ্যে পৃথকে পৃথকে নির্বাচনত অৱতীর্ণ হৈছে৷ পঞ্চায়ত নির্বাচনতো অগপ, বিজেপিয়ে পৃথকে পৃথকে নির্বাচনত অৱতীর্ণ হৈছিল৷ কিন্তু ৰাজ্য চৰকাৰৰ ক্ষেত্রত মিত্রশক্তি একেলগে আছে৷ অনাগত দিনতো বিপিএফ বিজেপিৰ লগতে থাকিব বুলি ভাবোঁ৷

  • মহামাৰী ক’ৰোনাক লৈ সম্প্রতি শাসক–বিৰোধীৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি পৰিলক্ষিত হৈছে৷ ইয়াৰ কাৰণ কি?

ক’ৰোনাৰ দৰে মহামাৰীক লৈ ৰাজনীতি কৰাটো দুর্ভাগ্যজনক৷ কিন্তু কংগ্রেছকে ধৰি বিৰোধীয়ে ক’ৰোনাক লৈ ৰাজনীতি কৰিব বিচাৰিছে৷ আচলতে আমাৰ বিজেপি চৰকাৰে ক’ৰোনাক নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত অসমত যি পদক্ষেপ গ্রহণ কৰিছে, সেয়া সমগ্র দেশতে প্রশংসিত হৈছে৷ সকলোৱে অসম মডেল গ্রহণৰ কথা কৈছে৷ ক’ৰোনা নিয়ন্ত্রণৰ ক্ষেত্রত দেশৰ ভিতৰতে অসমে উল্লেখযোগ্য সফলতা লাভ কৰাৰ পিছতে শংকিত হৈ পৰিছে কংগ্রেছকে ধৰি বিৰোধী ৰাজনৈতিক দল–সংগঠনসমূহ৷ ক’ৰোনা ৰোধৰ ক্ষেত্রত অসম চৰকাৰে গ্রহণ কৰা ভূমিকাত কোনো সুৰুঙা নেদেখি তেওঁলোকে ৰাজনীতি কৰা আৰম্ভ কৰিছে৷ তেওঁলোকে বিচাৰে ক’ৰোনাত ৰাজ্যখনত অধিক লোকৰ মৃত্যু হওক আৰু তাকে লৈ তেওঁলোকে ৰাজনীতি কৰিব৷ কিন্তু আমি সকলোৱে এই মুহূর্তত অসমবাসী ৰাইজক ক’ৰোনাৰ পৰা কেনেদৰে পৰিত্রাণ দিব পাৰোঁ, সেই কামত ব্যস্ত হৈ আছোঁ৷ আশা কৰিছোঁ– অহা এক–ডেৰ মাহৰ ভিতৰত স্বাভাৱিক পৰিস্থিতি যদি উভতি আহে, তেতিয়াহ’লে আমি ৰাজনীতি কৰিম৷ তেতিয়া বিৰোধীক ক’ম– ৰাজনীতি কেনেদৰে কৰে৷ তেওঁলোকক শিকাম ৰাজনীতি কি?

  • ২০২০ বছৰটো অসমৰ বাবে অতি দুর্ভাগ্যজনক বছৰ হিচাপে চিহ্ণিত হৈছে৷ বছৰটোৰ আৰম্ভণিতে চলা ‘কা’বিৰোধী আন্দোলন, পৰৱর্তী পর্যায়ত ক’ৰোনা মহামাৰী আৰু লকডাউন, প্রলয়ংকৰী বানৰ বাবে ৰাজ্যৰ অর্থনীতিত যথেষ্ট বিৰূপ প্রভাৱ পৰিছে৷ অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ– পর্যটন খণ্ডত ইয়াৰ প্রভাৱ কিমান দূৰ পৰিছে?

 ২০২০ চনটোত আৰম্ভণিৰে পৰাই সকলোৱে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পর্যটন খণ্ডত কেৱল অসমে নহয়, সমগ্র বিশ্ব ক্ষতিগ্রস্ত হৈছে৷ অসম পর্যটনৰ গ্রাফডাল ঊর্ধ্বগামী হৈ থকাৰ সময়তে এইবাৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে৷ যোৱা কেইটামান বছৰৰ ভিতৰত পর্যটন খণ্ডৰ পৰা ৰাজ্যখনত যথেষ্ট উপার্জন হৈছে৷ প্রত্যক্ষ আৰু পৰোক্ষভাৱে বহু লোক এই খণ্ডত জড়িত হৈ থাকে৷ কিন্তু এইবাৰ প্রতিকূল পৰিস্থিতিৰ বাবে যিহেতু ঘৰুৱা, বিদেশী পর্যটক আহিব পৰা নাই, স্বাভাৱিকতে খণ্ডটো ক্ষতিগ্রস্ত হৈছে৷ যোৱা বছৰ ৰাজ্যখনলৈ ৬০ লাখ ঘৰুৱা পর্যটক আৰু ৪২ হাজাৰ আন্তঃৰাষ্ট্রীয় পর্যটক আহিছিল৷ ঘৰুৱা পর্যটক এজনে দৈনিক অসমত পাঁচ হাজাৰ টকা খৰচ কৰে৷ বিদেশী পর্যটকে ৫০ হাজাৰ টকা খৰচ কৰে৷ এতিয়া সেই হিচাপ কৰিলেই অনুমান কৰিব পাৰিব পর্যটন খণ্ডত এইবাৰ কিমান লোকচান হ’ল৷ অৱশ্যে এই ক্ষতিৰ কিছু জোৰা মৰাৰ বাবে বিভাগে পৰিকল্পনা যুগুত কৰিছে৷ ক’ৰোনা অধ্যায় শেষ হোৱাৰ পিছতে ইখন জিলাৰ পৰা সিখন জিলালৈ, ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ পর্যটক অহা–যোৱাৰ সুবিধা প্রদান কৰাৰ পৰিকল্পনা কৰা হৈছে৷

  • বর্তমানৰ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে সময়ে সময়ে ছিণ্ডিকেটৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰখন ছিণ্ডিকেট ৰোধত ব্যর্থ কিয় হৈছে?

 কোনো তথ্য নথকাকৈ অভিযোগ অনাটো সহজ৷ যিসকলে সেই অভিযোগ কৰি আহিছে, তেওঁলোকে প্রকৃত তথ্যৰে আইনৰ আশ্রয় লৈ অভিযোগ উত্থাপন কৰক৷ এনেয়ে সংবাদ মাধ্যম, সামাজিক মাধ্যমত অভিযোগ কৰি লাভ নাই৷ বর্তমানৰ বিজেপি মিত্রজোঁটৰ চৰকাৰে ছিণ্ডিকেটক প্রশ্রয় দিয়া নাই, পৃষ্ঠপোষকতা কৰা নাই আৰু ছিণ্ডিকেট হ’বলৈ দিয়া নাই৷ ভৱিষ্যতৰ দিনতো হ’বলৈ নিদিয়ে৷

  • আসন্ন বিধানসভা নির্বাচনত আপুনি প্রতিদ্বন্দ্বিতা আগবঢ়াবনে?

 নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো নির্ভৰ কৰে দলৰ সিদ্ধান্তৰ ওপৰত৷ আমি যিহেতু আগেয়েও বিধায়ক আছিলোঁ, সেয়ে আসন্ন নির্বাচনত প্রার্থিত্ব বিচৰাৰ বিষয়ে দলক জনাম৷ প্রার্থিত্ব দিয়া–নিদিয়াটো দলৰ ওপৰত নির্ভৰ কৰিব৷ দলে যেতিয়াই যি দায়িত্ব দিছে, সেয়া নিষ্ঠাৰে পালন কৰি আহিছোঁ৷ এতিয়া আমাক অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিছে, ৰাজ্যিক বিজেপিৰ মুখপাত্রৰ দায়িত্ব দিছে, সেয়া পালন কৰি আহিছোঁ৷

  • আসন্ন বিধানসভা নির্বাচনত আপুনি পাটাছাৰকুছি সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বুলিও ব্যাপক চর্চা চলি আছে৷ এই বিষয়ত আপুনি কি কয়?

সেয়া সম্পূর্ণ দলৰ ওপৰত নির্ভৰ কৰিব৷

  • বর্তমান পাটাছাৰকুছি সমষ্টিটো অগপৰ দখলত আছে, এনে অৱস্থাত অহা নির্বাচনত সেই সমষ্টিত বিজেপিয়ে প্রার্থিত্ব আগবঢ়ালে অগপৰে সংঘাত সৃষ্টি নহ’বনে?

আসন ভাগ–বাটোৱাৰা দলৰ শীর্ষ নেতৃত্বৰ ওপৰত নির্ভৰ কৰে৷ ইয়াত আমি কোনো অভিমত দিব নোৱাৰোঁ৷

You might also like