নিভৃত আলাপ : যুদ্ধ আৰু শৈশৱ
মানৱ জাতিৰ ইতিহাসৰ সবাতোকৈ কলংকপূর্ণ সময়বোৰ হ’ল যুদ্ধ -ৰ সময়৷ যুগে যুগে দেশ আৰু ৰাজ্যই ক্ষমতাৰ বাবে সংগ্রাম কৰি আহিছে৷ বিশ্বৰ চাৰিওখন বিখ্যাত মহাকাব্যৰে মূল আধাৰ হ’ল মহাযুদ্ধ৷ হত্যা আৰু হিংসাৰ কাহিনীকে বাৰে বাৰে পঢ়ি মানৱ জাতিৰ হেঁপাহ পলোৱা নাই ৷ যুদ্ধৰ ভয়ংকৰ ঘটনাসমূহৰ মাজতে যুক্তি আৰু ন্যায়–ন্যায়ৰ বিচাৰ কৰি মানুহে সেই দুখ আৰু বিষাদৰ কাহিনীবোৰকে মান্যতা প্রদান কৰি আহিছে৷ মৃত্যু, হত্যা, ছলনা, হিংসা আৰু প্রতিশোধৰ কাহিনীৰে ভৰা হৈ আছে প্রতিখন মহাকাব্য৷ ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীৰ মাজত বহুতো বীৰত্ব, ছলনা আৰু প্রতিহিংসাৰ কাহিনী থূপ খাই আছে৷ ভাৰতীয় শিশুৱে শৈশৱৰ পৰা সেইবোৰ শুনি আৰু জানি আহিছে৷ এই আটাইবোৰ কার্যকলাপ ভগৱানৰ লীলা বুলি আৰু অসৎ শক্তিক দমন কৰিবৰ বাবে সৎ শক্তিৰ প্রচেষ্টা বুলি গণ্য কৰা হয়৷ সেয়েহে যুদ্ধকাব্যৰ লণ থাকিলেও ভাৰতীয় মানুহৰ বাবে মহাকাব্য দুখন নমস্য আৰু আদৰণীয়৷ শৈশৱৰে পৰা ভাৰতীয় মানুহৰ মনে এনেকৈয়ে গঢ় লয়৷
মোৰ নিজৰ শৈশৱ ৰামায়ণ আৰু মহাভাৰতৰ মাজেদিয়েই পাৰ হৈছিল৷ মোৰ মাতৃৰ নিপুণ কথকতাৰ যোগেদি শুনা কাহিনীবোৰ বেছি সজীৱ কৰি তুলিছিল মামা সাহিত্যাচার্য অতুলচন্দ্র হাজৰিকাৰ অতি মিঠা ৰচনা ‘ৰামায়ণৰ ৰহঘৰা’ আৰু ‘ভাৰত জেউতি’ নামৰ গ্রন্থ দুখনে৷ সেই কোমল বয়সতে দুখ লাগিছিল সীতালৈ, জটায়ুলৈ, অভিমন্যুলৈ আৰু ঘটোৎকচলৈ৷ শৈশৱৰ সেই দুখ আজিও মই পাহৰা নাই৷ নিচেই কোমল বয়সতে মই নিজেও এখন সংগ্রামৰ মাজেদি পাৰ হৈ অহা ৰিণিকি ৰিণিকি মনত পৰে৷ সেয়া আছিল নগাপাহাৰৰ নগাসকলে ভাৰতৰ পৰা বেলেগ হৈ আহিবলৈ কৰা সশস্ত্র বিদ্রোহ৷ এটা ৰাতিৰ প্রচণ্ড গুলীয়াগুলীৰ মাজেৰে জীৱন বিপন্ন হৈ পৰা ঘটনাবোৰ মোৰ মনত নাই৷ মনত নাই আমাৰ পিছ চোতালৰ পৰা আৰু বাৰাণ্ডাৰ পৰা নগা বিদ্রোহীয়ে তলৰ মিলিটেৰী কেম্পলৈ গুলী চলোৱা ৰাইফলৰ খটখট শব্দ আৰু আমাৰ পকী ঘৰত থূপ খাই চেপেটা হৈ মাটিয়ে–বালিয়ে পৰি থকা চুবুৰীয়া মানুহৰ ভয়ৰ চেপা মাতবোৰ৷ সেইবোৰ কাহিনী পিছতহে শুনিছোঁ৷ মোৰ মাথোন মনত আছে আমাৰ কয়লাখনিৰ চহৰখন একেৰাতিতে এৰি আহিবলৈ নির্দেশ পাই মা–দেউতাহঁত কেনেবাকৈ আহি শিমলুগুৰি জংচনত ৰে’লৰ বাবে ৰৈ থাকোঁতে মাজৰাতি মই বাকচ এটাৰ ওপৰত বহি থকাৰ কথা আৰু মানুহৰ ঠেলা–হেঁচাৰ মাজতে মাই ক’ৰবাৰ পৰা কেক এটা কিনি আনি খাবলৈ দিয়াৰ কথা৷ সেয়া মোৰ যুদ্ধৰ প্রথম অভিজ্ঞতা৷
ইয়াৰ পিছত মনত পৰে ১৯৬২ চনৰ চীনা যুদ্ধৰ কথা৷ মই তেতিয়া পঞ্চম শ্রেণীৰ ছাত্রী৷ যুদ্ধৰ ভয়াৱহতা বুজাৰ বয়স নাছিল যদিও ঘৰে–বাহিৰে পৰিৱেশটো কিবা এটা বেলেগ হৈ পৰা যেন লাগিছিল৷ আমাৰ পৰিয়ালৰ মানুহখিনি শিক্ষিত আৰু সচেতন আছিল৷ ঘৰত প্রায়ে হৈ থকা আলোচনাবোৰ শুনি শুনি লগৰ ছোৱালীবোৰতকৈ মই কিছু বেছিয়েই বুজিছিলোঁ৷ তথাপি সিমান ভয় খাবলৈ তেতিয়া শিকা নাছিলোঁ৷ আনহাতে ‘ট্ৰেন্স’ বা ‘ছেলটাৰ’ সজাৰ কার্যই আমাক আনন্দহে দিছিল৷ ট্ৰেন্স আছিল ছাইৰেন বজাৰ লগে লগে দৌৰি গৈ আশ্ৰয় ল’ব পৰা মাটিৰ তলৰ এটা দীঘলীয়া গাঁত বা সুৰংগ কক্ষ৷ পৰিয়ালৰ মানুহৰ সংখ্যা অনুসৰি ইয়াৰ জোখ বেলেগ বেলেগ হয়৷ আমাৰ পৰিয়ালত দহজনমান মানুহ আছিল৷ গতিকে আমাৰ ট্ৰেন্সটো ‘এল পেটার্ন’ কৰি সজা হৈছিল৷ দাদাহঁতে আৰু ঘৰত থকা ককাহঁতে কোৰ মাৰি মাৰি, চিপৰাং লৈ খান্দি মাটিৰ তলৰ এই আশ্রয়টো নির্মাণ কৰাৰ সময়ত মোৰ ফূর্তিত তত্ নোহোৱা হৈছিল৷ আশ্রয়লৈ নামি যাবলৈ এশাৰী খট্খটি সজা হৈছিল৷ দহজন মানুহ সোমাব পৰা ঠাইখিনি ওপৰত কাঠৰ পাট দি ঢাকি দিয়া হৈছিল৷ আমাৰ ওচৰৰ অণুহঁতৰ ঘৰতো এটা ডাঙৰ ট্ৰেন্স খান্দিছিল৷ পাৰুলহঁতৰো ডাঙৰেই আছিল৷ এই আটাইকেহটা আছিল আমাৰ ওচৰ–চুবুৰীয়া ছোৱালীবোৰৰ দৰা–কইনা খেলাৰ বৰ উপযুক্ত ঠাই৷
শাৰী শাৰীকৈ গৈ থকা মিলিটেৰী ট্ৰাকবোৰৰ কথাও মনত পৰে৷ আমি স্কুলৰ খিৰিকীৰে টা টা কৰিছিলোঁ৷ উত্তৰত তেওঁলোকেও হাত জোকাৰিছিল৷ বাটত লগ পোৱা ট্ৰাকবোৰলৈ আঙুলিৰে ‘ভি’ সাজি বিজয়চিহ্ণ প্রদর্শন কৰাটো ডাঙৰবোৰৰ পৰা শিকিছিলোঁ৷ মনত পৰিলে এতিয়াও দুখ লাগে, দুই–এজন কোমল বয়সীয়া জোৱানৰ মুখ আৰু চকু আছিল বৰ কৰুণ৷ তেওঁলোকে সেমেকা হাঁহি মাৰি হাত জোকাৰিছিল৷ সেই সময়ৰ ভাৰতীয় সৈন্য বাহিনীৰ নিশকতীয়া অৱস্থাৰ বাবে তেওঁলোক যেন মৃত্যুৰ মুখলৈকে আগবাঢ়ি যোৱাৰ দৰে গৈ আছিল৷ সেই দুখ লগা দৃশ্যও মই পাহৰা নাই৷ সেই সময়বোৰত মহিলাসকলে হাতে হাতে ছুৱেটাৰ, টুপী আৰু মোজা গুঁঠি চৰকাৰক যোগান ধৰিছিল৷ দিনে–ৰাতি আমনি–ভাগৰ পাহৰি ডল আৰু শলা লৈ বহি থকা মহিলাসকললৈ মনত পৰে৷ মোৰ শৈশৱৰ এইবোৰ দৃশ্যৰ লগত কিছুমান সামাজিক কথা–কাহিনীও জড়িত হৈ আছে৷ সেই সময়বোৰত খাদ্য সামগ্রীত বৰ বেছি পৰিমাণে ভেজাল দ্রব্য মিহলি কৰা হৈছিল৷ বস্তুৰ দাম বোধকৰো অতিশয় বৃদ্ধি পাইছিল৷ চাউলবোৰ মহাজনৰ গোলাত লুকুৱাই থোৱাৰ বাবে মানুহে নতুনকৈ আটাৰ ৰুটী খাবলৈ শিকিছিল আৰু বহুতো উজনিৰ গাঁৱৰ মানুহে ৰুটীক ‘আটাপিঠা’ বুলিছিল৷ সেই আটাৰো চাহিদা বঢ়াৰ লগে লগে তাত ডিডিটি মিহলাই বিক্রী কৰাৰ বাবে খাবলৈ তিতা লাগিছিল৷ সেইদৰে মবিল মিহলি কৰা হৈছিল মিঠাতেলৰ লগত৷ এইবোৰ তিতা–কেঁহা সোঁৱৰণে যুদ্ধৰ প্রতি আমি সৰু সৰুবোৰৰ মনতো বিৰূপ ধাৰণাৰ সৃষ্টি কৰিছিল৷
যুদ্ধ আৰু শৈশৱ এটা খাপ নোখোৱা সম্পর্ক৷ একো নুবুজা অৱস্থাতে যুদ্ধই কাঢ়ি নিয়ে শৈশৱৰ উলাহ আৰু মুকলি জীৱন৷ অলেখ শিশু হয় গৃহহাৰা, পিতৃহাৰা, পৰিয়ালৰ পৰা বিছিন্ন৷ যুদ্ধৰ প্রত্যক্ষ প্রভাৱ নপৰা ঠাইতো শৈশৱত সৃষ্টি হয় গভীৰ আতংকৰ৷ বর্তমান সময়ত নানাধৰণৰ বৈদ্যুতিন মাধ্যমৰ যোগেদি বিশ্বৰ সকলোধৰণৰ খবৰ আৰু ছবি আমি নিমিষতে লাভ কৰোঁ৷ সেয়েহে যুদ্ধৰ ধুমুহাত লালকাল হৈ পৰা মানৱ জাতিৰ শিশু আৰু কিশোৰৰ মন চুই যোৱা, বুকু ভাঙি নিয়া, সহ্য কৰিব নোৱৰা ছবিবোৰে প্রতি মুহূর্ততে সোঁৱৰাই থাকে ইয়াৰ ভয়াৱহতা৷ প্রাচীন কালৰে পৰা আজিলৈকে যুদ্ধ–মহাযুদ্ধৰ আঘাতত ক্ষত–বিক্ষত হৈ আহিছে আমাৰ শৈশৱ আৰু কৈশোৰ৷ ই মানৱ জাতিলৈ এটা এৰাব নোৱৰা অভিশাপ৷
🔹 ড০ কৰবী ডেকা হাজৰিকা
ফোন : ৯৯৪৩৫–১৩১৮৮