মহাৰাষ্ট্ৰৰ নতুন ডিজিপিৰ দৌৰত আইপিএছ ৰশ্মি শুক্লা!
বাৰ্তা ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰঃ আই পি এছ বিষয়া ৰশ্মি শুক্লা হ’ব মহাৰাষ্ট্ৰৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান। কালি এক সূত্ৰই এই তথ্য প্ৰদান কৰিছে সূত্ৰই। বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান ৰজনীশ ছেঠৰ পৰা ৰাজ্য আৰক্ষীৰ বাঘজৰী ল’বলৈ সাজু হৈছে শুক্লা। শীঘ্ৰে মহাৰাষ্ট্ৰ লোকসেৱা আয়োগৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব ৰজনীশ ছেঠে। বৰ্তমান ডিজি পদত কেন্দ্ৰীয় প্ৰতিনিধিত্বত আছে ৰশ্মি শুক্লা। পুনে আৰক্ষী আয়ুক্ত আৰু ৰাজ্যিক চোৰাংচোৱা শাখাৰ সঞ্চালককে ধৰি বিগত সময়ছোৱাত শুক্লাই ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে। ৰাজ্যৰ আটাইতকৈ জ্যেষ্ঠ আই পি এছ বিষয়া ৰশ্মি শুক্লা। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে কয় যে ৰাজ্য চৰকাৰে জ্যেষ্ঠতাৰ স্তৰ অনুযায়ী এখন তালিকা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ দাখিল কৰিছে। জ্যেষ্ঠতাৰ ক্ষেত্ৰত শুক্লাৰ পিছতে আছে মহাৰাষ্ট্ৰ আৰক্ষী গৃহ নিৰ্মাণ আৰু কল্যাণ নিগমৰ পৰিচালন সঞ্চালক সন্দীপ বিষ্ণই আৰু মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানছালকাৰ। ৰশ্মি শুক্লা ১৯৮৮ বেটচৰ, বিষ্ণই আৰু ফানছালকাৰ ১৯৮৯ বেটচৰ। ৰশ্মি শুক্লাই ২০২৪ চনৰ ৩০ জুনত, ২০২৪ চনৰ ৩১ মাৰ্চত বিষ্ণই আৰু ২০২৫ চনৰ ৩১ মাৰ্চত ফানছালকাৰে অৱসৰ গ্ৰহণ কৰিব। ৪ অক্টোবৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে ৰাজনীশ ছেথক এম পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। অৱশ্যে তাৰ পিছত তেওঁক নতুন দায়িত্ব গ্ৰহণ নকৰিবলৈ কোৱা হয় আৰু তেওঁৰ ঠাইত কোনোবা এজনক ডিজিপি নিযুক্তি দিয়ালৈকে অপেক্ষা কৰিবলৈ কোৱা হয়। ১৯৮৮ চনৰ বেটচৰ আই পি এছ বিষয়া ছেথে ৩১ ডিচেম্বৰত অৱসৰ লোৱাৰ কথা।