চাতুৰীৰ ছল
🔹 ড০ পার্থসাৰথি মহন্ত
অহংকাৰ এটা বেলুনৰ নিচিনা৷ ফুলালে ফুলি থাকে৷ কেতিয়াবা নিজে ফুলাও, কেতিয়াবা আনে৷ বেলুনটো নুফুটালৈকে৷ কথ্য ভাষাত ‘জেক দিয়া’ বুলিও কয়৷ কেতিয়াবা নিজে নিজক জেক দিওঁ, কেতিয়াবা দিয়ে আনে৷
চাটুকাৰিতা–
কাৰোবাৰ অনুগ্রহ, অনুকূলতা লাভ কৰিবলৈ প্রশংসা কৰা এই সূক্ষ্ম কলা যুগ যুগ ধৰি মানুহৰ পাৰস্পৰিক ক্রিয়া বা আন্তঃব্যক্তিক সম্পর্কৰ অন্যতম মূল শিলাস্তম্ভ হৈ আহিছে৷ সঠিকভাৱে প্রয়োগ কৰিলে ই এক সামাজিক মহাশক্তি৷ কিন্তু ভুলকৈ পৰিচালিত হ’লে ই হৈ পৰে কমেডী৷ ই হৈ পৰে বিপর্যয়৷ কৈতববাদৰ আঁৰৰ মনোবিজ্ঞান, ইয়াত থকা সতকাই চকুত নপৰা হাস্যৰস আৰু ই কেনেকৈ হাস্যকৰভাৱে ভুল হ’ব পাৰে সেয়েহে এক আকর্ষণীয় অধ্যয়ন৷
চাতুৰীয়ে কাম কৰে কাৰণ ই মানৱ মনোবিজ্ঞানৰ কিছুমান মৌলিক দিশক স্পর্শ কৰে৷
বৈধকৰণৰ প্রয়োজনীয়তা৷ মানুহ সহজাতভাৱে স্বীকৃতিৰ বাবে হাহাকাৰ কৰা সামাজিক জীৱ৷ চাটুক্তিক সেয়েহে মানুহে প্রাপ্য প্রশংসা বুলি ভাবি লয় আৰু এই প্রয়োজনীয়তা জোখতকৈ বেছি পূৰ হয়৷ আৰু নিজকে সাংঘাতিক বুলি ভাবিবলৈ লোৱাৰ লগতে তেনেদৰে আচৰণ কৰিবলৈ আৰম্ভ কৰি দিয়ে৷
পাৰস্পৰিকতা নীতি৷ সামাজিক মনোবিজ্ঞানী ৰবার্ট চিয়াল্ডিনিৰ পাৰস্পৰিকতা তত্ত্বৰ মতে, যেতিয়া আমাক কোনোবাই কিবা এটা দিয়ে, আমি বিনিময়ত কিবা এটা দিবলৈ বাধ্য হোৱা অনুভৱ কৰোঁ৷ আমাক যেতিয়া কোনোবাই প্রশংসা কৰে, আমাৰো তেওঁৰ প্রতি সদিচ্ছা বৃদ্ধি পায়৷ চাটুক্তিৰ জালত পৰি গ’লেতো কথাই নাই, যি বিচাৰে আমি তাকে কৰি দিওঁ বা কৰি দিব খোজো৷
আত্মবর্ধন বা স্ব–উন্নতি পক্ষপাত৷ মানুহে সাধাৰণতে নিজৰ বিষয়ে ভাল কথা বিশ্বাস কৰিবলৈ ভাল পায়৷ চাতুৰী এই পক্ষপাতিত্বৰ সৈতে মিলি যায়৷ তেওঁলোকৰ ইতিবাচক ভাবমূর্তিক শক্তিশালী কৰে৷ মানে খাবলৈ ৰৈ থকা জেকটোৱে দিয়া হ’ল৷
জ্ঞানগত অসংগতি হ্রাস৷ আমি কাৰোবাৰ প্রতি নিৰপেক্ষ, কাৰোবাৰ প্রতি নেতিবাচক৷ আনেও তেনেদৰে আমাৰ প্রতি নিৰপেক্ষ হ’ব পাৰে, নেতিবাচক হ’ব পাৰে৷ তেওঁলোকে যদি আমাক প্রশংসা কৰে, গম নোপোৱাকৈয়ে তেওঁলোকৰ প্রতি আমাৰ মনোভাব সলনি হৈ যায়৷
মূলতঃ এয়াই হ’ল চাতুৰীৰ মানসিক মেকানিজম৷ বহু ৰাজহুৱা ব্যক্তি যেনেদৰে চাতুৰীৰ চিকাৰ হয়, তেনেদৰে তেওঁলোকে সমজুৱাৰ ওপৰতো চাতুৰী প্রয়োগ কৰে৷ ৰাজহুৱা ভাষণত দিয়া ৰাজহুৱা স্বীকৃতিয়ে ইতিবাচক আৱেগৰ ঢৌ সৃষ্টি কৰিব পাৰে৷
কিন্তু অতিৰঞ্জিত হ’লে বা ভুল প্রয়োগ কৰিলে চাতুৰীয়ে অনাকাংক্ষিত কমেডী বা লাজ লগা পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্রশংসা আৰু প্রসংগৰ মাজৰ মিল–মিলৰ বাবেই চাতুৰী হৈ পৰে হাস্যকৰ৷ চাতুৰী কৰাজনে অত্যধিক চেষ্টা কৰিলেও হাস্যৰসৰ সৃষ্টি হ’ব৷ ‘ছাৰ আপোনাৰ বাইদেউ (আচলতে পত্নী বুজাইছে) ইমান ধুনীয়া, আমি চায়ে থাকোঁ৷’ এতিয়া যাক কৈছে তেওঁহে জানে ভালেই পালে নে বেয়া!
বিভিন্ন কাৰণত চাতুৰী ভুল হয়৷ বেকফায়াৰ কৰে৷ টার্গেট মানুহজনৰ ব্যক্তিত্ব, তেওঁৰ আত্মসন্মানবোধৰ ভুল বিচাৰ, কাৰোবাক তেওঁলোকে মূল্য নিদিয়া কিবা এটাৰ বাবে প্রশংসা কৰিলে ওলোটা প্রতিক্রিয়াহে হ’ব পাৰে৷ কোনোবাই কিবা এটা পদবী পাইছে, কোনোবা এটা পদলৈ বদলি হৈছে, অভিনন্দন–শুভেচ্ছাৰ নৈ ব’ব৷ অথচ তেওঁ সেই পদ বা পদবীক আনবোৰতকৈ অধিক গুৰুত্বপূর্ণ বুলি নাভাবে৷
অত্যধিক চাতুৰী৷ অতিমাত্রা চাতুৰী হৈ পৰে ধৰা পৰা স্তাৱকতা৷ ‘আপুনি, মই লগ পোৱা আটাইতকৈ চতুৰ, ধেমেলীয়া আৰু প্রতিভাশালী ব্যক্তি৷’ এয়া আচলতে অকপট প্রশংসা নে অনুমোদনৰ কাৰণে কৰা অনুৰোধ!
প্রক্ষেপণ মূল্য৷ অদৰকাৰী প্রশংসাই যাক কোৱা হৈছে তেওঁতকৈ, যি কৈ আছে তেওঁৰ অগ্রাধিকাৰহে প্রতিফলিত কৰে৷ মানে আপুনি ভাবি আছে ৰকেট উৰুওৱাৰ কথা, এওঁ কৈ আছে দেৱালীৰ ফট্কাৰ কথা৷
অস্বস্তিকৰ সময়৷ অনুপযুক্ত সময়ত চাতুৰী কৰিলে অস্বস্তিহে হয়৷ কোনোবা মানসিক চাপত আছে, কিবা কথাত বিচলিত হৈ আছে৷ আপুনি কৈ আছে– ‘আপোনাক ইমান ভাল দেখিছে৷’ হৈ গ’ল আৰু!
ৰন্ধা–বঢ়াৰ দৰে চাতুৰীৰ বাবেও সঠিক অনুপাতত সঠিক উপাদানৰ প্রয়োজন৷ তেহে চাতুৰী আয়ত্ত কৰিব পাৰিব৷ নির্দিষ্ট হওক৷ ‘আপুনি আচৰিত’ৰ দৰে অস্পষ্ট প্রশংসাৰ প্রভাৱ ক্ষণস্থায়ী৷ মানুহে পাহৰি যায়৷ ‘ইমান চাপৰ মাজতো আপুনি কেনেকৈ শান্ত হৈ থাকে’ নির্দিষ্ট৷ ইম্পেক্ট বেছি৷
তেওঁৰ বাবে কি গুৰুত্বপূর্ণ সেইটো মন কৰক৷ তেওঁ কি মূল্য দিয়ে চাওক৷ যদি তেওঁ নিজৰ প্রতি আৱেগিক, তেওঁৰ নিষ্ঠাক প্রশংসা কৰক৷ যদি নিজৰ চখক লৈ গৌৰৱ কৰে, সেয়া হাইলাইট কৰক৷ আৰু এটা কথা৷ কেতিয়া বন্ধ কৰিব লাগে, সেয়াও জানিব লাগে৷ প্রশংসা অতিৰিক্ত বোজা হৈ পৰিব নালাগে৷ ৰৈ দিয়ক৷ নহ’লে প্রভাৱ কমি যায়৷ সেয়েহে চাতুৰী ভুল হ’লে তৎক্ষণাত চম্ভালি লওক৷ প্রয়োজন হ’লে কথোপকথন অন্য দিশলৈ লৈ যাওক৷
প্রশংসা আচলতে অকপট আৰু আন্তৰিক হোৱাই শ্রেয়৷ কাৰণ আমি যিটো সাংঘাতিক চাতুৰী বুলি ভাবি আছোঁ, শুনাজনেহে জানে কি বুলি লৈছে৷ সকলোৱেতো উইনষ্টন চার্চিলৰ দৰে ক’ব নোৱাৰে–I am easily satisfied with that very best.’ অতি উত্তমৰ ক্ষেত্রত মই সহজেই সন্তুষ্ট হওঁ৷
ফোন : ৯৪৩৫০–৪৮৪৮০