২৫ জুন, ১৯৭৫ 🔹 ভাৰতীয় গণতন্ত্রৰ ক’লা দিন
🔹 অশোক সিংহল
৪৭ বছৰৰ আগৰ ঠিক আজিৰ দিনটোতে সংঘটিত এক অপ্রত্যাশিত ঘটনাই আমাৰ দেশৰ প্রতিষ্ঠাপক পিতৃপুৰুষসকলে জাতিটোক প্রদান কৰি যোৱা সংবিধানখন আৰু ইয়াৰ অন্তৰাত্মাক কঁপাই তুলিছিল৷ সংসদত ভোটদান কৰাত বাধা আৰোপ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জগমোহনলাল সিন্হাহ প্রদান কৰা অযোগ্যতাৰ ৰায়ৰ সিদ্ধান্তক সহজে ল’ব নোৱাৰি তেতিয়াৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ এই দিনটোতে দেশত জাপি দিছিল জৰুৰীকালীন অৱস্থা, যি ঘটনাই যিকোনো গণতান্ত্রিক গণৰাজ্যৰ মূল আধাৰস্বৰূপ সর্বসাধাৰণ নাগৰিকৰ স্বাধীনতাত হানিছিল এক প্রচণ্ড কুঠাৰাঘাত ৷
ভাৰতীয় ইতিহাসৰ এই একক মুহূর্তটোৱে আমাক সকলোকে আজিও এই কথাই সোঁৱৰায় যে যিকোনো মূল্যৰ বিনিময়তে আমাৰ সভ্যতাই প্রদান কৰা মূল্যবোধ তথা অমূল্য সাংস্কৃতিক পৰম্পৰাসমূহক আমি জীয়াই ৰাখিবই লাগিব৷ নিজৰ জীৱনকো তুচ্ছ কৰি যিদৰে সমগ্র দেশৰ কোটি কোটি নাগৰিকে সেই সময়ত গণতন্ত্র ৰক্ষাৰ বাবে একগোট হৈ থিয় দিছিল, সেয়া মানৱ ইতিহাসৰেই এক বিৰল পৰিঘটনা৷ ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ ভূমিকাক লৈ সদায়ে গৌৰৱ কৰি অহা কংগ্রেছ পার্টীয়ে (এতিয়া কার্যকৰীভাৱে ইন্দিৰা কংগ্রেছ) যে সুযোগ পালে ক্ষমতাৰ স্বার্থত যিকোনো স্তৰলৈকে নিজকে অৱনমিত কৰিব পাৰে আৰু সেই ক্ষেত্রত প্রত্যাহ্বানৰ সন্মুখীন হ’লে যে আপোন মানুহৰ ওপৰতো প্রতিশোধ ল’বলৈ কুণ্ঠাবোধ নকৰে, ই আছিল দেশবাসীলৈ তাৰেই এক সংকেত৷
সেই সময়ত মোৰ বয়স আছিল মাত্র ৮ বছৰ, কিন্তু ক’বলগীয়া বহু ব্যক্তিগত স্মৃতি মোৰ মানসপটত আজিও সজীৱ হৈ আছে৷ মোৰ পিতৃ প্রয়াত পৰমানন্দ সিংহল ভাৰতীয় জনসংঘৰ এগৰাকী নেতা আছিল আৰু ইয়াৰ আভ্যন্তৰীণ কাম–কাজৰ অংশ আছিল, যাৰ ফলত আমাৰ বাসগৃহতো চৰকাৰৰ মানুহে অহৰহ নজৰ ৰাখিছিল৷ অৱশেষত ১৯৭৬ চনৰ ৩০ নৱেম্বৰত দেউতাক গ্রেপ্তাৰ কৰি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে৷ প্রতিবাদী কার্যকলাপৰ তথ্য উদ্ধাৰ কৰিবলৈ তথা লোক সংঘর্ষ সমিতিৰ কাম–কাজৰ পৰা আঁতৰি থকাৰ ভয়–ভাবুকিৰে তেওঁৰ ওপৰতো চলোৱা হৈছিল অপৰিসীম নির্যাতন৷
আমাৰ জীৱনৰ বাবে বিশেষভাৱে গুৰুত্বপূর্ণ সেই ২১টা মাহত আমাৰ পৰিয়ালটোৱে কি অবর্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছিল, সেই কথা আজিও মোৰ মনত আছে৷ মোৰ আজিও মনত আছে যে মোৰ মা ইন্দুমতী সিংহল, মোৰ সৰু ভনী মঞ্জু আৰু মই নিজেও এশ দিনলৈকে দেউতাক কাৰাগাৰত লগ কৰিব নোৱাৰিছিলোঁ ৷ ১০০ দিনৰ পাছত আমাক দেউতাক লগ কৰাৰ অনুমতি দিয়া হৈছিল, কিন্তু সেয়াও মাথোঁ ১৫ মিনিটৰ বাবে৷
পিছলৈ সাংগঠনিক নেতা–কর্মীসকলে ৰাতি দুপৰত ইজনে সিজনক লগ কৰিবলৈ আমাৰ ঘৰলৈ আহিছিল, আত্মগোপনকাৰী কর্মীসকলক দিবলৈ খাদ্যৰ পেকেট তৈয়াৰ কৰা হৈছিল৷ কাৰো চকুত নপৰিবৰ বাবে মাজনিশা মমবাতিৰ পোহৰত লিখা–মেলাৰ কাম–কাজ কৰা হৈছিল আৰু আমাৰ ঘৰটো প্রচাৰ–পত্র আদি বিতৰণৰ এক কেন্দ্রস্বৰূপ হৈ পৰিছিল৷
মই যেতিয়া ডাঙৰ হ’লোঁ আৰু সেই সময়ছোৱাত মোৰ নিজৰ পৰিয়ালটোৱে সন্মুখীন হোৱা কষ্টৰ কথা উপলব্ধি কৰিব পাৰিলোঁ, তেতিয়া মোৰ বর্তমানৰ বহু নায়কৰ দৰে নিজৰ আৰু দেশবাসীৰ অধিকাৰৰ বাবে থিয় দিয়াৰ ক্ষেত্রত পোৰ পৰিয়াল আৰু আত্মীয়–স্বজনে সেই সময়ত প্রদর্শন কৰা সাহস আৰু সংকল্পৰ কথা ভাবি প্রশংসিত, গর্বিত অনুভৱ কৰিলোঁ৷ সি যি নহওক, পৰৱর্তী সময়ত দেশৰ পৰিস্থিতিয়ে, যি সময়ত ‘বিৰোধিতাৰ অর্থ আছিল মাথোঁ দেশদ্রোহ’ – মোৰ ৰাজনৈতিক মতাদর্শক এক স্বকীয় ৰূপ প্রদান কৰিলে৷ গণতান্ত্রিক প্রতিষ্ঠানসমূহক শব্দটোৰ প্রকৃত অর্থত কেনেকৈ ভেঙুচালি কৰা হ’ল, সেয়া মই দেখিবলৈ পালোঁ৷
ৰাজনৈতিক নেতা, নির্বাচিত জনপ্রতিনিধি, সকলো প্রকাৰৰ সাংবাদিক আৰু আজিৰ ভাৰতীয় জনতা পার্টীৰ পূর্বপুৰুষস্বৰূপ আৰ এছ এছ তথা জনসংঘৰ লগত তিলমানো সংযোগ ৰখাৰ সম্ভাৱনা থকা যিকোনো ব্যক্তিকেই তুলি লৈ জনাকীর্ণ কাৰাগাৰৰ অন্ধ কুঠৰীলৈ নিক্ষেপ কৰা হ’ল৷ প্রধানমন্ত্রী বা কংগ্রেছ দলৰ বিৰোধীসকলৰ ওপৰত আইনৰ যিকোনো ধৰণৰ ধাৰা প্রযোজ্য কৰি ব্যৱহাৰ কৰা হৈছিল৷ সকলোৰে বিড়ম্বনা আছিল এয়াই যে এহাতে তেতিয়াৰ প্রধানমন্ত্রীগৰাকীয়ে গণতন্ত্রৰ নামত নিজৰ পদক্ষেপক সুৰক্ষা প্রদান কৰি ঘূৰি ফুৰিছিল, আনহাতে নিজে গণতন্ত্রকেই প্রত্যাহ্বান জনাহছিল! এইটো এটা ‘তিতা বড়ি’ বুলি স্বীকাৰ কৰাৰ পিছতো তেওঁ দেশ ৰক্ষাৰ নামত নিজৰ স্বৈৰাচাৰী সিদ্ধান্তৰ পক্ষ লৈছিল৷ বিশ্বৰ সন্মুখত লাহে লাহে এক গণতান্ত্রিক পৰিকাঠামো গঢ়ি তুলিবলৈ সক্ষম হোৱা এখন দেশক স্বাধীনতা সংগ্রামী আৰু দেশপ্রেমিকৰ চকুত ধ্বংস কৰা হৈছিল৷ সকলোৰে মনলৈ এইটো প্রশ্ণই আহিছিল– ‘যিটো দিনৰ বাবে আমি ইমান ত্যাগ কৰিছিলোঁ, সেই দিনটো ইয়েই আছিল নেকি?’
সেই অন্ধকাৰ সময়ৰ বিষয়ে পৰৱর্তী সময়ত কৰা পঢ়া–শুনাই এতিয়াও মোক খেদি ফুৰে৷ মাত্র ২৫ বছৰ বয়সীয়া ভাৰতীয় গণৰাজ্যক ইমান সহজে এটা পৰিয়াল বা দলে নিজৰ মালিকানাধীন অধিকাৰ হিচাপে ল’ব পাৰে বুলি ভাবি মোৰ আজিও কঁপনি উঠে৷ স্বাধীনতাৰ প্রকৃত অর্থ এইটোৱেহ আছিল নেকি যাৰ বাবে এই দেশৰ জনসাধাৰণে নিজৰ সকলো ত্যাগ কৰিছিল?
জনতাৰ প্রতিবাদ, বাতৰিকাকত, আনকি ফুচফুচনিৰ জৰিয়তেও কথাবোৰ মুকলি হোৱাৰ লগে লগে প্রকৃত বাস্তৱতা উন্মোচন হ’বলৈ আৰম্ভ কৰিলে৷ ই আছিল এনে এক বাস্তৱ, যিটো কল্পকাহিনীৰো অগোচৰ আছিল৷ সকলো ধৰণৰ নিষ্ঠুৰতা এক স্বাভাৱিক ঘটনাস্বৰূপ হৈ পৰিল আৰু ক্ষমতাৰ বেদীত বহুতো বহুমূলীয়া জীৱন বলিদান দিয়া হ’ল৷ বিধানসভা, ন্যায়পালিকা, কার্যপালিকা আৰু গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ মাধ্যম সকলোকে জোৰ–জবৰদস্তি বা লোভত বশ কৰা হৈছিল, যিয়ে আমাৰ গণতান্ত্রিক পৰিগাঁথনিটোক ভাবিব নোৱৰাকৈ নিম্ন স্তৰলৈ লৈ গৈছিল৷ আটাইতকৈ বেয়া কথাটো হ’ল– সংসদতো আপোচ কৰা হ’ল৷ বিৰোধী দলৰ বেছিভাগ সাংসদ কাৰাগাৰৰ আঁৰত থকাৰ বাবেই কার্যক্ষম গণতন্ত্রৰ বাবে বিলসমূহ বিৰোধহীনভাৱেই গৃহীত কৰা হৈছিল৷ ৰাষ্ট্রপতিৰ শাসনৰ জৰিয়তে ৰাজ্যসমূহক নিজৰ ক্ষমতা তথা অধিকাৰ ব্যৱহাৰ কৰাত বাধা দিয়া হৈছিল আৰু নির্বাচিতসকলক ওফৰাই পেলোৱাৰ বাবে পক্ষপাতিত্বৰ অভিসন্ধি ৰচা হৈছিল৷ তোষামোদ বা চাতুকাৰিতাই এক বিশাল ৰূপ পাহছিল আৰু যুক্তিবাদৰ গ্রহণকাৰী কম আছিল৷ এনে লাগিছিল যেন অধিক ভয়ংকৰ ৰূপত ব্রিটিছৰাজ পুনৰ দেশলৈ ঘূৰি আহিছিল৷ গণতন্ত্রৰ হত্যাৰ তেজেৰে নিজৰ ইতিহাস তিতি থকা এটা দলে আজি গণতান্ত্রিক প্রতিষ্ঠানৰ কথা কোৱাটোত এতিয়া মই সঁচাকৈয়ে আচৰিত হৈছোঁ৷
সি যি নহওক, এই নিস্তব্ধ সময়ৰ মাজতো জনসাধাৰণৰ কণ্ঠ ক্রমাৎ সবল হৈ আহিল৷ লাহে লাহে, কিন্তু শক্তিশালীভাৱে৷ যিসকলে কংগ্রেছ দলক নিজৰ অধিকাৰৰ প্রতিনিধিত্বকাৰী হিচাপে গ্রহণ কৰিছিল, তেওঁলোকেও উপলব্ধি কৰিছিল যে তেওঁলোকে কিমান ভুল কৰিছিল৷ সবল নৈতিকতাবোধ থকা নেতাৰ উত্থান হ’বলৈ ধৰিলে৷ বাতৰিকাকতৰ সম্পাদক আৰু সাংবাদিকসকল মুক্ত ইচ্ছা আৰু গণতন্ত্রৰ ধ্বজাবাহী হৈ পৰিল যদিও ইয়াৰ ব্যতিক্রমো আছিল৷ ব্যক্তিগত স্বাচ্ছন্দ্যক একাষৰীয়া কৰি জাতিৰ স্বার্থত সমমতাদর্শৰ দেশবাসী ৰাজপথত নামি পৰিল৷ পৃথিৱীৰ বিভিন্ন প্রান্তৰ মুক্ত চিন্তাধাৰাৰ মানৱতাবাদীসকল এই আন্দোলনকাৰীসকলৰ পক্ষত থিয় হ’ল৷ সকলো প্রান্তৰ পৰা ভাৰতবর্ষৰ শুভাকাংক্ষীসকলে এই দুঃসময়ৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিলে৷ আটাহতকৈ বেয়া সময় আছিল, তথাপি নতুন ৰাজনীতিয়ে দায়িত্ব লোৱাৰ বাবে সেহটোৱেই আছিল সর্বোত্তম সময়৷ গণতন্ত্রৰ নৱজাত পর্যায়ত থকা এটা জাতিয়ে বহুত মূল্যৰ বিনিময়ত অন্ধপূজাৰ বিপদৰ বিষয়ে হূদয়ংগম কৰিবলৈ সক্ষম হ’ল৷ অৱশেষত ইন্দিৰা আৰু কংগ্রেছৰ প্রাচীৰ ভাঙি গ’ল আৰু ভাৰতত এক নতুন ৰাজনীতিয়ে আৰম্ভণিৰ সংকেত দিলে৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ শেহতীয়া ‘মন কী বাত’ত সেই দিনবোৰৰ কথা আমাক আকৌ এবাৰ সোঁৱৰাই দিলে৷ লাখ লাখ লোকৰ ত্যাগক স্মৰণ কৰি তেওঁ সেই দিনবোৰ পাহৰি নাযাবলৈ জাতিটোক আহ্বান জনালে৷ ভাবিলে আচৰিত নালাগেনে, সেইখন আসনতে এদিন আছিল এজন নির্বাচিত প্রধানমন্ত্রী, যিয়ে ভাৰতীয়ত্বৰ ৰীতি–নীতি–পৰম্পৰা আৰু আমাৰ প্রতিষ্ঠাপক পিতৃপুৰুসকলৰ তথা লাখ লাখ স্বাধীনতা সংগ্রামীৰ আদর্শক মোহাৰি পেলাবলৈও এবাৰো আক্ষেপ কৰা নাছিল আৰু প্রায় ডেৰটা বছৰৰ বাবে ফেচীবাদৰ তীখাৰ হাত দুখন কঠোৰভাৱে খামুচি ধৰি ৰাখিছিল৷
সেই অন্ধকাৰ দিনবোৰত গণতন্ত্রক বচাবলৈ যুঁজ দিয়াসকলক সম্বর্ধনা আৰু স্বীকৃতি দিয়াৰ বাবে আমি লোকতন্ত্র সেনানীসকলৰ পৰিয়ালৰ সদস্যসকলে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক ধন্যবাদ জনাহছোঁ৷ আজি এই উপলক্ষে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আজি সেই দিনবোৰলৈ উভতি চোৱাৰ পৰত অসমৰ জনসাধাৰণলৈ আৰু বিশেষভাৱে এক নিষ্ঠুৰ শাসন ব্যৱস্থাৰ হাতত ব্যক্তিগতভাৱে ক্ষতিগ্রস্ত হোৱাসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ বিনম্র আহ্বান এয়াই যে এই অমৃতকালত আমাৰ দেশখন সমৃদ্ধিৰ উচ্চ শিখৰলৈ আগবাঢ়ি যোৱাৰ পৰত গণতন্ত্র আৰু স্বাধীনতাক আমি পথ প্রদর্শক পোহৰ হিচাপে আঁকোৱালি লওঁ আহক৷
(লেখক অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্রী)