ভাষাটোৰ এই গতি!
বিগত প্রায় দুশটা বছৰত এটা বিশেষ বর্গৰ সকলো লোকে অসমীয়া ভাষাৰ বিৰুদ্ধে একো ষড়যন্ত্র নকৰিলেও, সেই একেটা বর্গৰে ভিন্ ভিন্ বহু চাম লোক তেনে ষড়যন্ত্রত লিপ্ত হৈ আহিছে৷ জলজল পটপট, তর্কাতীত সেই কথাটো ব্যাখ্যা কিম্বা অস্বীকাৰ কৰাৰ একো প্রয়োজন নাই৷ কিন্তু নিতান্ত ইচ্ছাপূর্বক আৰু সক্রিয়ভাবে কোনোবা প্রদীপ দত্ত ৰায়, কোনোবা অৰবিন্দ ঘোষ বা গর্গ চেটার্জী কিম্বা তেনে আন হাজাৰ হাজাৰ জনে অসমীয়া ভাষাৰ যিমান অপকাৰ বা হানি কৰিব পাৰে, অনিচ্ছাপূর্বক, অজ্ঞাত, অসাৱধান আৰু নিষ্ক্রিয়ভাবে হ’লেও, একান্ত দায়িত্বজ্ঞানহীন আৰু দায়বদ্ধতাহীনভাবে কিন্তু তাতোকৈ বহু বেছি অপকাৰ, অনিষ্ট আৰু হানি কৰি আহিছে ইখনৰ পাছত সিখনকৈ ‘অসমীয়া’ অসম চৰকাৰ, বিশেষতঃ চৰকাৰৰ শিক্ষা বিভাগৰ ৰাজনৈতিক তথা আমোলাতান্ত্রিক, প্রশাসনীয় নেতৃত্ব, বিভিন্ন স্বায়ত্তশাসিত বিদ্যায়তনিক কর্তৃপক্ষ, শৈক্ষিক–বিদ্বৎ মহল, তথাকথিত ‘সর্বোচ্চ’জাতীয় অনুষ্ঠানৰ শেহতীয়া তথা বর্তমান নেতৃত্বকে ধৰি অলেখ ‘জাতীয়’ অনুষ্ঠান আৰু সামগ্রিক অসমীয়া সমাজখনৰ আওকণীয়া মনোভাৱ আৰু অনীহাপূর্ণ আচৰণে৷ বিগত ভালেকেইটা দশকত সেইবোৰ বিষয়ে অলেখ কথা ক’লোঁ, অলেখ কথা লিখিলোঁ৷ আজি আৰু নকওঁ৷ ভাষাটো দিনে দিনে কেনে এটা, ‘নোম–নেগুৰ বর্জিত’, বিধিবিহীন ‘দোৱান’লৈ পর্য্যবসিত হৈছে, তাৰেহে গোটাচেৰেক উদাহৰণ দিওঁ৷
জানোতাই জানে, আৰু মই কিমানবাৰ আঙুলিয়াই দিলোঁ যে ‘ই’–ৰ লগত ‘আ’ যোগ (হ+আ) হ’লেহে ‘য়া’ অর্থাৎ ‘া’ হয় (যেনে, অতি+আধুনিক=অত্যাধুনিক অতি+আচা=অত্যাচাৰ অতি+আৱশ্যকীয=অত্যাৱশ্যকীয়) কিন্তু হ+অ হ’লে ‘য়’ অর্থাৎ ‘’–হে হয় (যেনে, অতি+অধিক=অত্যধিক প্রতি+অর্পণ=প্রত্যর্পণ), তাৰ সীমা সংখ্যা নাই৷ কিন্তু অশিক্ষিত, অর্ধশিক্ষিত লোকৰ কথা বাদ শ শ, হাজাৰ হাজাৰ উচ্চশিক্ষিত, জাতীয়তাবাদী আন্দোলনকাৰী নেতা, বিয়াগোম সাহিত্যিক, সম্পাদক আৰু সাংবাদিক তথা হৰেকবর্গৰ অসমীয়া লোকে নিতৌ ‘অত্যাধিক’ (অতি+আধিক নেকি?), ‘বাংলাদেশী প্রত্যার্পণ’ (প্রতি+আর্পণ নেকি?) আদি ইত্যাদি বুলি কলম পিহিয়েই আছে, টেঁটু ফালি ফালি চিঞৰিয়েই আছে ‘সাষ্টাংগে প্রণিপাত’ মানে হৈছে, উবুৰি খাই পৰি শৰীৰৰ আঠোটা (অষ্ট) অংগৰে মাটি স্পর্শ কৰি কৰা প্রণিপাত৷ পিচে যোৱা দুর্গা পূজাৰ দশমীৰ দিনা এটা বাকচৰ পর্দাত জিলিকি উঠিল বোলে ‘দেৱীৰ ভক্তগণে দেৱীক ‘সাস্তাংগে’ (অর্থাৎ অস্ত অংগৰে?) প্রণিপাত কৰিছে’ যি অংগ অস্ত হৈছে, সেই অংগৰে প্রণিপাত কৰা যায়নে? কিম্বা কৰিলে কিবা লাভ? মইতো কৈয়েই থাকোঁ যে বেছিভাগ (প্রায় সকলো) অসমীয়া, বাঙালী আৰু ওড়িয়া পূজাৰীয়ে মন্ত্র মাতি আৰম্ভ কৰা দুর্গা পূজাই কাকো একো সুফল নিদিয়ে কিয়নো, গৰিষ্ঠসংখ্যক এই পূজাৰী/পুৰোহিতসৱে, ষষ্ঠীত দেৱী মূর্তি প্রতিষ্ঠা কালৰেপৰা আৰম্ভ কৰি শেষলৈকে ‘য়া দেৱী (তাকো আকৌ ‘দেবী’ বুলি) সর্ৱভূতেষু…’ আদিৰ পৰিৱর্তে ‘যা দেবী, যা দেবী’ বুলি দেৱীক হুদু খেদা, পহু খেদা দিহে পূজি থাকে৷ একেটা বাকচে কোনো এখন সভাৰ সিদ্ধান্ত সদৰি কৰি পর্দাত লিখি দেখুৱালে বোলে ‘সভাত তিনিতা(টা)কৈ প্রস্তাৱ গ্রহণ কৰা হয়’
‘উন্নতি’–ৰ বিপৰীত শব্দ হ’ল ‘অৱনতি’৷ কিন্তু আজিৰ দিনতো কিমান যে অতি উচ্চ শিক্ষিত লোকে ‘অধোন্নতি’ বোলা অপশব্দটো কৈ আৰু লিখি আছে, তাৰ লেখ–জোখ নাই৷ সভা–সমিতি, আলোচনা সত্র আৰু সৰু পর্দাকে ধৰি সকলো ফালে কাণ উনাব,– শতকৰা ৯৫/৯৬ ভাগ অসমীয়া মানুহে ‘নূ্যনতম’ শব্দটো উচ্চাৰণ কৰিবলৈ ভালকৈ জিভা ঘূৰাব নোৱাৰে উচ্চাৰণ কৰে ‘নুইন্নতম’ বুলি৷ একো পূর্ব পৰিকল্পনা নোহোৱাকৈ বা ইটোৰ লগত সিটোৰ সম্বন্ধ নোহোৱাকৈ একে সময়তে ঘটা দুটা ঘটনাক ‘কাক্তালীয়’ Kaaktaaleeya ‘ক’–ৰ তলত দিয়া হলন্ত চিনটো চাওক) বোলা হয়৷ কিন্তু আমাৰ বিদ্যালয়বিলাকত শিক্ষকে ছাত্র–ছাত্রীক বুজাই নিদিয়া হেতুকে এতিয়াও বেছিভাগ মানুহেই, বুজাই–নুবুজাই, শব্দটো ‘কাক+অ)তালীয়’ Kakotaaleeya) বুলিয়েই উচ্চাৰণ কৰি থাকে৷ কথাটো এনেকুৱা ঃ ‘কাক্’ Kaak) মানে হৈছে কাউৰী, আৰু ‘তাল’ হৈছে তাল Palm) গছ তথা তাৰ ফল৷ ধৰা হওক, এজোপা তাল গছৰ এটা তাল ফল পকি, এই সৰে, এই সৰে হৈ আছিল৷ তেনেতে ক’ৰবাৰপৰা এটা কাক্ (কাউৰী) উৰি আহি গছজোপাত পৰিল৷ সৰিবলগীয়া হৈ থকা তাল ফলটোও ঠিক সেই সময়তে গছৰপৰা সৰি পৰিল৷ তাকে বোলা হয়– ‘কাকো পৰিল, তালো সৰিল’ সেয়ে ‘কাক্তালীয়’ Coincidental),– অর্থাৎ, পাৰস্পৰিক সম্বন্ধ নথকাকৈ একে সময়তে ঘটা ঘটনা৷ আনহাতে, ঘটনাটো দেখোঁতা কোনোবাই ভাবিব পাৰে যে কাক্–টো আহি পৰা হেতুকেহে তালটো সৰিল৷ কিন্তু নহয় কাক্–টো গছত নপৰাহিহেঁতেনো তালটো সৰিলহেঁতেন৷ উপন্যাস বা কৱিতা কিম্বা বজাৰৰ খৰচ লিখা কাকতেয় হওক বা বাতৰি কাকতেয় হওক, ‘কাক্তালীয়’ শব্দটোৰ লগত সিবোৰৰ একো সম্বন্ধ নাই৷ শব্দটোৰ দ্বিতীয় আখৰটোত হলন্ত চিনটো (কাক্–) অপৰিহার্য্য নিদিয়া হেতুকেই যতমানে অথন্তৰ
এই প্রসংগতে, একে ধৰণৰ আৰু দুটা শব্দৰ কথা শুনক৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় অৱস্থিত বিহগুৰি, আৰু, ব্রিটিশৰ বিৰুদ্ধে খেতিয়কে ‘ধেৱা’ দিয়া, নগাঁও–ৰ বিখ্যাত ফুলগুৰিৰ নাম বোধ কৰোঁ আটায়ে শুনিছে৷ পিচে, ভূগোল, বুৰঞ্জী আৰু প্রশাসনৰ সামান্য সাধাৰণ জ্ঞান নথকা, কোনো কোনো বাকচৰ বহুতো বাতৰি পঢ়োঁতাৰ মুখেদি ‘বি+(অ)গুৰি’ BihAguri)টো ‘বিহ্গুৰি’ Bihguri) বুলি আৰু ‘ফু+(অ)গুৰি’ Phuloguri)টো ‘ফুল্গুৰি’ Phulguri) নির্গত হোৱাটো নিশ্চয় বহুতো শ্রোতা–দর্শকে শুনিছে৷ এইসকলৰ ‘ওপৰৱালা’ স্বৰূপে, ভিন্ ভিন্ পদ মর্য্যাদাৰে একাধিক সম্পাদক থাকে৷
বানান চাওক, পাঠক৷ আটাই শ্রোতা–দর্শকে ভুল বুলি ধৰিব পাৰকেই বা নোৱাৰকেই, আৰু, পাৰিলেও, কেৰেপ কৰকেই বা নকৰকেই, কোনো কোনো বাকচৰ পর্দাত পৰিৱেশিত/সম্প্রচাৰিত, গৰুখুঁটিৰ ঘটনা সম্পর্কীয় বাতৰিত ‘উচটনি’–ৰ ঠাইত ‘উচতনি’, আৰু, বিগত বিজয়া দশমী আৰু কাতি বিহু সম্বন্ধীয় বাতৰিত, ‘সন্ধিয়া’–ৰ ঠাইত ‘সন্ধীয়া’ আদি ইত্যাদি হীৰা, মুকুতা, মণি–মৰকত যেন বানান নিশ্চয় হাজাৰ হাজাৰ, লাখ লাখ লোকে নিশ্চয় দেখিছিল৷ ক্রিকেটৰ ‘আই পী এ’ল্’ নে কিবা খেলত হেনো জুৱা নে বাজিৰ বিৰাট খেল চলিছিল৷ তাতে হাৰি সর্বস্বান্ত হৈ হেনো ফাঁচীবজাৰৰ তিনিটা, নে কেইটা জুৱাৰীয়ে, ‘শোলে’– নামৰ হিন্দী কথা ছবিখনত বৃদ্ধ লোক এজনে কোৱাৰ দৰে, ‘অংৰেজ্ লোগ্’–সকলে কৰাৰ দৰে, ‘ছ’ছাইড্’–ও কৰিলে৷ পিচে, আমাৰ এটা বাকচে পর্দাত লিখি দেখুওৱা মতে, সেই জুৱাৰ ‘মাস্ত্(ৰ্) মাইণ্ড্’– কেইডুখৰি হেনো ধৰা পৰিলগৈ পশ্চিম বংগৰ ‘চি(শি)লিগুৰি’–ত তাকে বোলোঁ, শেষৰ আখৰ দুটা ‘গুৰি’ নহৈ ‘গুড়ি’ হোৱা হ’লে চহৰখন ‘জলকীয়া গুড়ি’য়েই হ’লহেঁতেন নহয়নে বাৰু, আমাসৱৰ ভাষা–সাহিত্য–সংস্কৃত্ ‘সর্বোচ্চ জাতীয় অনুষ্ঠান’?
আজিকালি, চুৰি–ডকাইতি আদি হৈছে সাধাৰণ দৈনন্দিন বতৰা৷ অলপতে শুনিলোঁ আৰু দেখিলোঁ বোলে– ‘লুটিলে নগদ তিনি হাজাৰ ধন’ বোলোঁ, বাপ্পা হেৰেই, ধন হৈছে ‘মানি’৷ সেই ধনক ‘ধন’ বা ‘মানি’ ৰূপে সংখ্যাৰে হিচাপ কৰিব নোৱাৰি কোনো দেশৰ প্রচলিত, মান্য কাগজি নৌট বা ধাতু মুদ্রা,– যেনে, টকা, টাকা, ৰূপয়া, ডলা(ৰ্), ৰুব্ল্, পাউণ্ড, শিলিং, লিৰা, ফ্রাঁ, য়ূৰ’ আদি নির্দিষ্ট মান্য মুদ্রা (কাৰন্সি)–ৰ ৰূপতহে ধনৰ হিচাপ কৰিব পাৰি৷ অর্থাৎ পাঁচশ টকা, দুহেজাৰ পাউণ্ড বা দহ হাজাৰ য়ূৰ’ হ’ব কিন্তু ‘পাঁচশ ধন’, ‘দুহেজাৰ ধন’ বা ‘দহ হাজাৰ ধন’ হ’ব নোৱাৰে নহয়৷ অথচ আমাৰ ইয়াত বৰ বৰ সাহিত্যিকৰ কলম, দেশ আৰু সমাজক নেতৃত্ব দিয়া ৰাজনৈতিক ‘ৰৌ–বৰালি’ৰ মুখ, আৰু, ‘বাঘা বাঘা’ সম্পাদকৰ ছত্রছায়াত পোষিত কড়ায়–গণ্ডায় বে’–পৰোৱা সাংবাদিকৰ মুখেদি ওলোৱা ‘হাজাৰ হাজাৰ ধন’–এ নিতৌ আমাৰ দর্শনেন্দ্রিয় আৰু শ্রৱণেন্দ্রিয় ধন্য কৰিয়েই আছে৷
দৰাচলতে এতিয়া অসমীয়া ভাষাটো, ক্রমবর্ধমানসংখ্য লোকৰ কলম আৰু জিভাৰ অত্যাচাৰত আগ–গুৰি নোহোৱা এটা উদ্ভট ‘বস্তু’ত পৰিণত হৈছে৷ অধিক কি বৃত্তিগত তাড়নাত বা অন্য কোনো কাৰণত সকলো সময়তে ভাষাটো ৰাজহুৱাকৈ ব্যৱহাৰ কৰি থকা, আতংকজনকভাৱে বৃহৎ সংখ্যক লোক, ভাষাটোৰ বহুতো আখৰ আৰু শ শ শব্দৰ লগত সাধাৰণভাবেও পৰিচিতেই নহয় সিবিলাকৰ ধ্বনি, উচ্চাৰণ, অর্থ ব্যঞ্জনা, দ্যোতনা আদি বহুযোজন দূৰৰ কথা৷ ঠাইৰ অভাৱত নিচেই চমুকৈ গোটাদিয়েক উদাহৰণ দিওঁ,– চাওক, পঢ়ক, কাণ পাতি শুনক ঃ ‘ক্ষমা খুজাৰ (খোজাৰ) দাবী’ ‘বস্তু–বাহানিৰ দাম বৃদ্ধিত ৰাইজে ত্রাহি মধুসুধন (সুদন) সুঁৱৰিছে’ ‘মই এগৰাকী ৰাইজৰপৰা (‘এগৰাকী ৰাইজ’) জানিব ‘খুজিম’ (তেতিয়াই জানিব খোজা নাই জানো? হিন্দী ভাষাৰ ভূতে পাইছে)৷ গোসাঁই নাম, বিয়া নাম আদি গোৱাত পাকৈত মহিলাক বোলা হয় ‘নামতী’ Naamotee)৷ তেনে মহিলাৰ দলক বোলা হয় ‘নামতী দল’ Naamotee dal)৷ আনহাতে, শিৱসাগৰৰপৰা জয়সাগৰ হৈ খৰিকটিয়া আলিয়েদি কালুগাঁও হৈ ধোদৰ আলিত উঠি পূবলৈ নাজিৰাৰফালে ঘূৰোঁতে পোৱা চাৰিআলিটো আৰু তাৰ চৌকাষৰ ঠাইখিনিক বোলা হয় ‘নাম্তি’ Na(a)mti)৷ তাতে এটা দৌল বা দ’ল–ও আছে তাক বোলা হয় ‘নাম্তি দ’ল’৷ কিন্তু যদি কিবা নাম প্রতিযোগিতাত ভাগ লোৱা কোনো নামতী দলৰ নামটো লিখা হয় অমুক বা তমুক ‘নামতি দল’ (দ’ল নহয়) বুলি, তেন্তে, সেইটো কেনে কথা বাৰু? কিন্তু, তেনেকৈ লিখা হৈ গৈছে৷
এইটো এটা সুকীয়া কথা যে অসমীয়াত হ্রস্ব ধ্বনি বা স্বৰসূচক কাৰ আৰু দীর্ঘ ধ্বনি বা স্বৰসূচক কাৰ (চিহ্ণ) তথা তালব্য, মূর্ধন্য, দন্ত্য, উষ্ম, অন্তঃস্থ আদি বিভিন্ন বর্গৰ বর্ণ, লিখিত ৰূপত থাকিলেও, প্রায় আটাই ক্ষেত্রতে, কথিত বা ধ্বনিত ৰূপত, সিবিলাকৰ মাজত পার্থক্য প্রায় নায়েই৷ কিন্তু, সেই বুলি, দক্ষিণহেঙেৰা হাট, দেওবৰীয়া হাট, বৰহাট, নগা বাট, ৰাজপাট, কাঁড়পাট, দক্ষিণপাট, ধুঁৱাহাট, পাটৰ কাপোৰ আদিৰ ঠাইত দক্ষিণহেঙেৰা হাত, দেওবৰীয়া হাত, বৰহাত, নগা বাত, ৰাজপাত, কাঁড়পাত, দক্ষিণপাত, ধুঁৱাহাত, পাতৰ কাপোৰ বুলি আৰু, কলপাত, কচুপাত, বজ্রপাত, টেঙাখাত, বোকাখাত আদিৰ ঠাইত কলপাট, কচুপাট, বজ্রপাট, টেঙাখাট আৰু বোকাখাট বুলি লিখিলে হ’ব জানো? অৱশ্যে, লিখা হৈ থাকে অসমৰ বহু ঠাইত নাতিয়েক–নাতিনীয়েক ককাদেউতাকক বোলে ‘আতা’৷ আনহাতে, লুচি, ৰুটী আদিৰ বাবে ঘেঁহুৰপৰা কৰা গুড়িক বোলা হয় ‘আটা’ A(a)tta)৷ উত্তৰ আৰু পশ্চিম ভাৰতত মূর্ধন্য বর্ণবোৰৰ উচ্চাৰণ প্রায়ে স্পষ্ট৷ সি যি কি নহওক, সেই গুড়িবিধৰ কথা ‘আতা’ বুলি আৰু ককাদেউতাকৰ কথা ‘আটা’ বুলি লিখিলে কেনে হ’ব বাৰু দৰাচলতে, উচ্চাৰণত পার্থক্য নাথাকিলেও, চকুৰ দৃষ্টিয়ে শব্দত, ইটো আৰু সিটোৰ মাজত থকা বর্ণগত আৰু কাৰ বা চিহ্ণগত পার্থক্য অনুসাৰে অর্থগত পার্থক্য ততালিকে হূদয়ংগম কৰাত পাঠকক সহায় কৰে৷ ‘মই অংক বৰ তান পাওঁ’ ‘ল’ৰাহঁতে ৰছী তনাতনি খেলিছে’ ‘ঘাট–প্রতিঘাট’ ‘কুৰিজন লোক আঘাটপ্রাপ্ত হৈছে’ ‘শৰাইঘাট দলঙত ফটো টোলা নিষেধ’৷ কেনে মজা?
যোৱা ১৮ ছে’প্ঢে’ম্বৰৰ কথা৷ ক’ৱিড্–১৯ এ কিছু শাম কটাত, সুদীর্ঘ কালৰ অন্তত, সেইদিনা ৰাজ্যৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ কেইটামান শ্রেণীত পাঠ দান পুনৰ আৰম্ভ কৰা হৈছিল৷ বাতৰিত দেখিলোঁ,– এখন বিদ্যালয়ৰ প্রধান শিক্ষক, নে অধ্যক্ষগৰাকীক এজন সাংবাদিকে ‘কেনে অনুভৱ হৈছে’– বুলি কৰা সেই চিৰাচৰিত প্রশ্ণটোৰ উত্তৰত শিক্ষকগৰাকীয়ে ‘উৎসাহিত’ বোলা শব্দটোৰ হসন্ত ৎ–টোৰ ঠিক পৰৱর্তী ‘সা’–টোSAA ৰূপে (উsaaহিত) উচ্চাৰণ কৰাৰ পৰিৱর্তে, ‘সা’ ৰূপে utসhit) উচ্চাৰণ কৰি (চিকিৎসা, বীভৎস, উৎস, উৎসৱ, উৎসর্গা, কুৎসা ইত্যাদিৰ উচ্চাৰণ শ্রাৱ্য) ক’লে ‘দশম মান শ্রেণী’ সেইটোও ভুল৷ শিক্ষানুষ্ঠানৰ শ্রেণী সন্দর্ভত ‘মান’ আৰু ‘শ্রেণী’ দুয়োটা সমার্থক৷ এতেকে, একেলগে দুয়োটাৰ প্রয়োগ এক অপ্রয়োজনীয় দ্বিৰুক্তি হয় ‘দশম শ্রেণী’, নহ’লে, ‘দশম মান’৷ ইংৰাজীতো কোৱা হয় ‘ক্লাছ্ টে’ন্’ অথবা ‘টে’ন্থ্ স্তেণ্ডার্ড্’৷ আজিকালি অসমীয়াত এনে অহেতুক দ্বিৰুক্তি দেধাৰ চৌদিশে যেনে– ‘এতিয়া বর্তমান’, ‘হাত কৰযোৰ’, ‘মূৰৰ শিতান’ (শিতান মানেই শিৰ থোৱা বা মূৰ থোৱা স্থান), ‘ভৰিৰ পথান’ (পথান হ’ল ‘পদ স্থান’–ৰ সৰলীকৃত ৰূপ ঃ ভৰি থোৱা ঠাই), ‘ভৰিৰে গচকা’ (গচকা কামটো ভৰিৰ বাহিৰে আন কিহেৰে কৰেনো?) ‘ল’ৰালি কাল’ (‘কাল’ বোলা শব্দটোৰ অর্থ ‘ল’ৰালি’–তে সোমাই আছে এতেকে, হয় ‘ল’ৰালি’, নহয়,– ‘ল’ৰা কাল’) ‘শাকনি বাৰী’ (হয় ‘শাকনি’, নহয়,– ‘শাক বাৰী’) ‘ফুলনি বাৰী’ (হয়, ‘ফুলনি’, নহয়,– ‘ফুল বাৰী’) ইত্যাদি ইত্যাদি ইত্যাদি৷ আতিশয্য, আতিশয্য, অত্যাচাৰ৷
কথাটো একে বর্গৰ আৰু একে প্রকৃতিৰ হ’লেও, কেইবাটাও কাৰণত তাক সুকীয়াকৈ ক’বলগীয়া হ’ল৷ সেইদিনা আছিল ১৮ অক্টোবৰ কাতি বিহু৷ সন্ধিয়া তুলসীৰ তলত সেৱা এটা কৰি বাকচৰ সন্মুখত বহিলোঁহি৷ আকৌ সেই ঃ মানে, কাণত ঠিলা দিব আৰু চকুত কাপোৰ বান্ধিবলগীয়া অৱস্থা৷ যিমানেই বুটাম টিপি টিপি চেন্ল্ সলাওঁ, সিমানেই, সকলোতে মাথোন ‘ধাননি পথাৰ, ধাননি পথাৰ’৷ কিন্তু ধাননি মানেই ধানৰ পথাৰ৷ এতেকে, হয় ‘ধাননি’, নহয়,– ‘ধানৰ পথাৰ’৷ কিন্তু অসমীয়াই নিশিকে৷ সিসৱৰ ‘ভাষা’টো এতিয়া ব্যাকৰণবিহীন, বিধিবিহীন, এটা দোৱান৷ সেইটোক অমুক ভাষাৰ অপভ্রংশ বুলি ক’বলৈ কোনোবাই সাহস নকৰিব কিয়? অসমীয়াৰ শত্রু ‘আসামীরা’ নিজেই৷ এইবোৰ ভাবি থাকোঁতেই এটা বাকচত লেথাৰি নিছিগাকৈ দেখিলোঁ,– ‘তুলসীৰ তলে তলে মৃগ পহু চৰে’ হয়তো কোনো ‘লোকে’ নতুনকৈ ৰচনা কৰা নতুন এটা ‘লোক গীত’ কাৰণ, আমি ল’ৰালিৰেপৰা শুনাটোত ‘তলে তলে’ বুলি (মানে, দুবাৰ) নাছিল ‘তুলসীৰ তলে মৃগ পহু চৰে’ বুলিহে (মানে, এবাৰ) আছিল৷ এটা বাকচত দেখা পালোঁ,– ‘আকাশ দ্বীপ’ জানো–ও–ও দেওহে, কাতি বিহুৰ সন্ধিয়া আকাশলৈনো মাজুলী বা আন্দামান নে নিকোবৰৰ নিচিনা ‘দ্বীপ’ এটা তুলি কোনে জ্বলালে এফেৰাত দেখিলোঁ,– পথাৰৰ মাজত বোলে চাকিবোৰ ‘ধিমিক ধামাককৈ’ জ্বলিছে বোলোঁ, বাপ্পা হেৰেই, ‘ধিমিক ধামাক’ নহয়, ‘ঢ়িমিক ঢ়ামাক’৷ ২৪ তাৰিখে গধূলি দেখিলোঁ, এজনে হেনো কৈছে বোলে মুখ্য মন্ত্রীয়ে মানুহক ‘ধোকা–ধোকে’ পানী খুৱাইছে ‘ধোকা–ধোকে’ নহয় ‘ঢ়োকা–ঢ়োকে’৷ এই দন্ত্য, মূর্ধন্য, তালব্যৰ অসমীয়া পুৰাণখনৰ অন্ত নাই৷ ২০০৮ চনত নয়দাত ডাঃ ৰাজেশ তলৱৰ আৰু ডাঃ নুপুৰ তলৱৰ নামৰ এক দন্ত চিকিৎসক দম্পতীৰ আৰুষি A(a)rushi) নামৰ এটি দুহিতাৰ মৃত্যু/হত্যাৰ বাতৰিয়ে চৌদিশে তোল–পাৰ লগাইছিল৷ হিন্দীত ‘আৰুষি’ মানে হৈছে সূর্য্যৰ প্রথম ৰশ্মি, পুৱাৰ ৰঙা আকাশ ইত্যাদি৷ কিন্তু শব্দটোৰ অর্থনো কি, তাৰ অসমীয়া লিপ্যন্তৰিত ৰূপটোনো কি হ’ব লাগে, সেই বিষয়ে হিন্দী সংবাদপত্র বা আন ক’তো একো খা–খবৰ নকৰি, আমাৰ সমগ্র অসমীয়া সংবাদ মাধ্যমে ছোৱালীটিৰ নামটো কৰিলে– ‘অৰুচি’ পিচে, অৰুচি মানে হৈছে, (বিশেষতঃ, অসুখীয়া অৱস্থাত) খাদ্য বস্তুৰ প্রতি ৰুচিহীনতা, অনীহা, বিতৃষ্ণা ইত্যাদি৷ এতিয়া আকৌ অ’ত ত’ত দেখোঁ,– কোনো কোনো অসমীয়া লড়কীৰ নাম– ‘অৰুচি’
মোৰ, ফেইছ্বুক্, য়ূ টিয়ূব্ আদিৰ লগত একো সম্পর্ক নাই৷ কিন্তু মোৰ চিনাকি, অচিনাকি কোনো কোনোৱে, কি ভাবি, নাজানো, মাজে মাজে সিবোৰৰপৰা ‘লিংক্’ নে কিবা দি ইটো সিটো পঠাই থাকে৷ দুদিনমান আগেয়ে, তেনে এজনে, আন এজন লোকে কাতি বিহুত ৰাইজলৈ দিয়া এটা ওলগ বার্তা মোলৈ পঠাই দিছিল৷ তাত আছিল– ‘…ওলগ জনালো (লোঁ)/ওপচি (উপচি) পৰক মোৰ…’৷