নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত কেটিএম আৰচি200 মুকলি

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ মহানগৰীৰ ছয়মাইলস্থিত কেটিএম ডিলাৰশ্বিপত দ্বিতীয়-জেনেৰেছনৰ আৰচি200 স্পৰ্টছবাইক মুকলি কৰা হয়। এতিয়া আৰচি২০০ স্পৰ্টছবাইকখন কোম্পানীৰ সকলো ডিলাৰশ্বিপতে উপলব্ধ। নতুন-জেনেৰেছনৰ আৰচি200-ত পূৰ্বৰ মডেলৰ তুলনাত বিভিন্ন ধৰণৰ উন্নীতকৰণ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত কমেও ১৬ টা নতুন পৰিৱৰ্তনৰ সৈতে আৰু অধিক স্পৰ্টছ লুক দিয়া হৈছে। কেটিএম আৰচি ৰেঞ্জ স্পৰ্টছবাইকবোৰে কেটিএমৰ ৰেডি টু ৰেচ দৰ্শনক আকৰ্ষণ কৰে। উল্লেখ্য যে কেটিএমৰ দ্বিতীয়-জেনেৰেছনৰ এই স্পৰ্টছবাইকৰ গুৱাহাটীৰ এক্স-শ্ব’ৰুম মূল্য হৈছে ২.১১ লাখ টকা।

কেটিএম আৰচি 200 ত উল্লেখযোগ্য নতুন সুবিধাবোৰৰ ভিতৰত আছে-

  • নতুন এডজাষ্টেবল হেণ্ডেলবাৰ
  • নতুন এলচিডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ
  • ইন্ধন টেংকৰ পৰিমাণ 9.5 লিটাৰৰ পৰা 13.7 লিটাৰলৈ বৃদ্ধি
  • কেটিএম আৰচি 200-ত নতুন এলইডি হেডলাইটৰ সৈতে ব্লিংকাৰছ
  • নতুন আৰু ডাঙৰ এয়াৰবক্স
  • অল-নিউ ষ্টিফাৰ, লাইটাৰ স্প্লিট-ষ্টীল ট্ৰেলিছ ফ্ৰেম
  • নতুন চুপাৰমোটো এবিএছ
  • নতুন টেইললাইট ডিজাইন
  • নতুন বায়োনিক চকা
  • নতুন, পাতল 320 মিঃমিঃ ফ্ৰণ্ট ব্ৰেক ডিস্ক আৰু 230 মিঃমিঃ ৰিয়াৰ -ব্ৰেক ডিস্ক
  • এলুমিনিয়াম কাষ্ট আৰু স্প্লিট পিলিয়ন গ্ৰেব

এই কেটিএম আৰচি 200 ৰ বাবে অগ্ৰিম বুকিং সকলো কেটিএম শ্ব’ৰুমতে উপলব্ধ আছে। কেটিএম আৰচি200 হৈছে 199 চিচি, লিকুইড-কুলড, দ্বৈত-চিলিণ্ডাৰ 4-ষ্ট্ৰোক ইঞ্জিনৰ দ্বাৰা চালিত, ২৫ পিএছ পাৱাৰ আউটপুট আৰু ১৯.২ এনএম টৰ্ক দিয়ে। লগতে অল-নিউ 13.7-লিটাৰ গেছ’লিন টেংকটো কেটিএমৰ আটাইতকৈ ডাঙৰ ইন্ধন টেংক, যাৰ ফলত আপুনি দ্ৰুত আৰু দীঘলীয়া সময়ৰ বাবে বাইক চলাব পাৰিব।

কেটিএম আৰচি ৰেঞ্জত- বোল্ট-অন চাবফ্ৰেম, লাইটৱেট হুইল আৰু ব্ৰেকৰ সৈতে এটা ষ্টীল ট্ৰেলিছ ফ্ৰেমত আহে। লগতে সম্পূৰ্ণৰূপে এডজাষ্টেবল হেণ্ডেলবাৰ ৰাইজাৰৰ সৈতে, কেটিএম আৰচি ৰেঞ্জে ট্ৰেক ডে এৰ্গোনোমিক্স আৰু দৈনন্দিন ব্যৱহাৰ যোগ্যতাক এক ৰেচিং মেচিনলৈ একত্ৰিত কৰে।

You might also like