যোৱা পাঁচোটা বছৰ আৰু সমাগত নির্বাচন
ড০ জয়ন্ত বিশ্ব শর্মা
পাঁচোটা বছৰ পাৰ হৈ গ’ল, আকৌ নির্বাচন সমাগত৷ নির্বাচনী প্রচাৰৰ ধৰণ–কৰণ দেশ অনুযায়ী সুকীয়া৷ আমাৰ দেশত উছৱমুখৰ৷ গণতন্ত্রৰ উছৱ নে ক্ষমতা দখলৰ, সেয়া নিজা নিজা দৃষ্টিভংগীৰ কথা৷ দৰাচলতে কোনো ধাৰণাত্মক সিদ্ধান্ত বগা বা ক’লা ৰঙৰ দৰে স্পষ্ট নহয়৷ মাজত এক বিশাল ধূসৰিত অনিশ্চয়তাৰ বলয় থাকে৷ স্থান, কাল, পাত্র ভেদ থাকে৷ সমাজ–ৰাজনীতিৰ জটিল বিষয় একোটাত দিয়া সিদ্ধান্তৰ মাজত অনিশ্চয়তা ভৰা ধূসৰ বলয়টো বৰ ঘন৷ আনকি বিজ্ঞানতো অনিশ্চয়তা আৰু ধূসৰতা বিৰাজমান৷ ক’ভিড–১৯ৰ লেবৰেটৰীৰ ফলাফল ‘পজিটিভ’ আৰু ‘নিগেটিভ’ এইধৰণে সৰলীকৃত কৰি উলিয়াই দিয়া হয়৷ অথচ ‘পজিটিভ’ দৰাচলতে ‘নিগেটিভ’ হ’ব পাৰে বা তাৰ ওলোটাটো৷ যোৱা মাহকেইটা মই ক’ভিড–১৯ৰ ফলাফলৰ দ্বন্দ্ব ভাঙি ৰোগীৰ কল্যাণৰ কাৰণে বিশেষজ্ঞ অভিমত দি আহিছোঁ৷ পুনৰীক্ষা বা ৰোগীৰ পৰিস্থিতি বিবেচনা কৰি ‘নিগেটিভ’ক ‘নিগেটিভ’ বুলি প্রতীয়মাণ কৰিছোঁ৷ তাৰ ওলোটাও কৰিছোঁ৷ এনে ক্ষেত্রত ৰাজনৈতিক কমেণ্টেটৰ এজনৰ সিদ্ধান্ত ইমান নিশ্চিত কেনেকৈ হ’ব পাৰে? নিশ্চিত সিদ্ধান্ত মানে মন মায়াৰ কবলত পৰিছে৷ মনে শংকা কৰা বা কামনা কৰাটোহে সিদ্ধান্ত হৈ ওলাইছে৷ মনটোৱে আমাক কিমান ছলনা কৰে আৰু এই ছলনাৰ পৰা মুক্ত হ’বলৈ বৈজ্ঞানিক পর্যবেক্ষণ–ধ্যয়ন্ কিমান প্রাণালীবদ্ধ সাৱধানতা লোৱা হয়, সেয়া বঢ়াই কোৱা অসম্ভৱ৷
সামাজিক ঘটনা–পৰিঘটনাৰ পর্যবেক্ষণ–ধ্যয়ন্ একে নীতি লোৱা হয়৷ মই কৌশলী ৰাজনৈতিক প্রচাৰ কৰা বিশেষজ্ঞ বা দলীয় প্রবক্তাৰ কথা কোৱা নাই৷ আনকি ৰাজনৈতিক কলম লিখা সাংবাদিকৰ কথাও কোৱা নাই৷ তেওঁলোকে অৱশ্যেই উদ্দেশ্যপ্রণোদিতভাৱে ব্যাখ্যা কৰিব, সিদ্ধান্ত দিব৷ সেয়া তেওঁলোকৰ কাম৷ কিন্তু নিৰপেক্ষভাৱে লিখিলে ব্যক্তিগত ধাৰণা বা মনটোৰ দ্বাৰা পর্যবেক্ষণ আৰু ব্যাখ্যা–বিশ্লেষণ প্রভাৱিত হোৱা নাই, সাৱধান হোৱা প্রয়োজনীয়৷ অলপতে সন্মানীয় হোমেন বৰগোহাঞিদেৱে অসমত বৌদ্ধিক দৈন্যৰ কথা কৈ আক্ষেপ কৰিছিল৷ সাধাৰণতে উৎকর্ষ একো একোটা কেন্দ্র বা একো একোখন ঠাইত বিশেষ পৰিৱেশ বা পৰিস্থিতি সাপেক্ষে সম্ভৱ হৈ উঠা দেখা যায়৷ আমাৰ বিশ্ববিদ্যালয়সমূহ উপাচার্য, বিভাগীয় মুৰব্বী আৰু অধ্যাপকসকলে নিজৰ অনুষ্ঠানটোক উৎকর্ষৰ কেন্দ্র কৰি তুলিবলৈ কিবা এটা সপোন আছে আৰু কার্যক্রমণিকা আছে– এনে ধাৰণা নহয়৷ সমাজ এখন বৌদ্ধিক চিন্তা–চর্চাই আন্দোলিত কৰিব নোৱাৰাটো আক্ষেপৰ কথা৷ সামাজিক মাধ্যমত আজিকালি বহুতে সাৰুৱা মতামত দিয়ে, চিন্তা–উদ্রেককাৰী কথা লিখে৷ সকলো মূলসুঁতিৰ মিডিয়াত নাই৷আমাৰ দৰে আন সমাজতো পৰিস্থিতি হয়তো একেই৷
মই নির্বাচনলৈ ঘূৰি আহিছোঁ৷ এইবাৰ বিজেপি শাসনাধিষ্ঠিত দল৷ সেয়ে বিৰোধী বৌদ্ধিক প্রবক্তাসকলৰ গাঁথাটো কেইটামান উদাহৰণেৰে জুকিয়াই চাব বিচাৰিছোঁ৷ যোৱা নির্বাচনত ‘পৰিৱর্তন’ মূল বিষয় আছিল৷ পৰিৱর্তন শ্লোগানটোৱে আক্ষৰিকভাৱে শাসকীয় দলটোৰ পৰিৱর্তনৰ পৰা আর্থ–সামাজিক ৰূপান্তৰলৈ বুজাব পাৰে৷ যোৱা পাঁচ বছৰত আর্থ–সামাজিক পৰিৱর্তন কি হৈছে বা নাই হোৱা, সেই বিচাৰৰ ৰায় নির্বাচনৰ ফলাফলত ৰাইজে দিব৷ কিন্তু বিজেপি দলটো শক্তিশালী স্থিতিত আছে৷ এইবেলিৰ নির্বাচনী এজেণ্ডা শাসকীয় দলটোৱে কৰিছে৷ বিৰোধীৰ এজেণ্ডা হৈছে বিজেপিৰ বিৰোধিতা৷ বিজেপি ‘সাম্প্রদায়িক’, ‘হিন্দুুত্ববাদী’, এই দুটা মূল অভিযোগ৷ এইবেলি বিৰোধীৰ বাবে এই দুটা অভিযোগ যথেষ্ট হ’বনে? যি স্থলত কংগ্রেছৰ সৈতে জোঁটবন্ধন কৰা এ আই ইউ ডি এফ দলটো সাম্প্রদায়িক বুলি ৰাইজৰ দলৰ নেতাজনে চিনাক্তকৰণ কৰিছে৷ এই চিনাক্তকৰণত তেওঁৰ আদর্শগত গুৰু নাৰাজ হৈছে আৰু ততালিকে দলটোৰ পৰামর্শদাতা পদৰ পৰা পদত্যাগ কৰিছে৷ আন এজন নিয়মীয়াকৈ ৰাজনৈতিক ‘বিশ্লেষণ’ কলম লিখি থকা অধ্যাপকে এ আই ইউ ডি এফ দলক সাম্প্রদায়িক আখ্যা দিয়া কথাটোত স্তম্ভিত হৈছে (অখিল গগৈৰ মুকলি চিঠি আৰু অসমৰ ৰাজনীতি, ‘আমাৰ অসম’, ‘প্রথম কলম’ ৫ মার্চ)৷ এই মন্তব্যই বিজেপিক সহায় কৰিব বুলি পর্যবেক্ষণ কৰিছে– ‘অখিল গগৈৰ এই চিঠিয়ে যথেষ্ট সুবিধা কৰি দিব বিজেপিক৷ বিজেপিয়ে অতদিনে পূর্ববংগীয় মুছলমানে অসমৰ ৰাজনীতি দখল কৰিব বুলি চলাই থকা প্রচাৰক এই চিঠিয়ে উৎসাহিত কৰিব৷ বিজেপিৰ বাবে আটাইতকৈ বেছি সুবিধা হ’ব বাম–প্রগতিশীল ৰাজনীতিত বিশ্বাস কৰাসকলক আক্রমণৰ বেলিকা৷ অখিল গগৈৰ চিঠিৰ স’তে দ্বিমত পোষণ কৰি যিসকল সমুখলৈ ওলাই আহিব, বিশেষকৈ ড০ হীৰেন গোহঁাইৰ দৰে ব্যক্তিক, তেওঁলোকৰ ওপৰত এতিয়া বিজেপি আৰু হিন্দুত্ববাদী সংগঠনে আক্রমণ কৰাৰ সুযোগ পাব৷ তেওঁলোকক মোগলৰ ৰক্ষক আৰু অসমীয়া জাতিৰ শত্রু বুলি তুচ্ছ–তাচ্ছিল্য কৰিব৷ সাধাৰণ মানুহেও এনে ব্যক্তিৰ ওপৰত গালি–গর্জন বৰষিব৷ …অখিল গগৈৰ এখন মাত্র চিঠি বিজেপি মিত্রজোঁটৰ বাবে এপাট ডাঙৰ অস্ত্র হিচাপে পৰিণত হ’ব৷’ এটা উদ্বিগ্ণতাৰ সুৰ স্পষ্ট৷ৰাইজৰ দলৰ সভাপতিয়ে এ আই ইউ ডি এফক সাম্প্রদায়িক বুলি এঘৰীয়া কৰাৰ নিশ্চয় নিজা গণিত আছে৷ হয়তো কাইলৈৰ কথা ভাবিছে৷ ইয়াত হতভম্ব হৈ পৰাৰ কাৰণ কি হ’ব পাৰে? সমালোচকে নিজেই কৈছে– দীর্ঘকালীন ৰাজনৈতিক স্থিতি হিচাপে অখিল গগৈৰ এই দৃষ্টিভংগীক নাকচ কৰিব নোৱাৰি৷ কিন্তু ‘ধর্মীয় আৱেগক মূল আধাৰ হিচাপে লৈ ৰাজনীতি কৰা এ আই ইউ ডি এফ দল এক প্রতিক্রিয়াশীল শক্তি’ হ’লেও ই ধর্তব্য নহয়৷ কাৰণ, ‘পূর্ববংগীয় মূলৰ মুছলমানক সংসদীয় ৰাজনীতিত প্রতিনিধিত্বৰ একমাত্র ৰাজনৈতিক দল হ’ল এ আই ইউ ডি এফ আৰু অসমৰ সংখ্যালঘু বাঙালী মুছলমানসকল ৰাজনৈতিক আৰু সামাজিকভাৱে নিপীডিত৷’ সেয়ে এ আই ইউ ডি এফ প্রগতিশীল নহ’ব পাৰে, কিন্তু সাম্প্রদায়িক বুলি একে আষাৰে নাকচ কৰাৰো কোনো আধাৰ নাই৷ এই দলে ৰাজহুৱাকৈ অন্য কোনো ধর্মৰ বিৰুদ্ধে উন্মাদনা সৃষ্টি কৰাৰ নজিৰ নাই৷ পূর্ববংগীয় মূলৰ মুছলমানসকল নিপীডিত হোৱাৰ কাৰণ তেওঁলোকৰ ভাষিক–ধর্মীয় পৰিচয় আৰু দৰিদ্র বুলি কৈছে৷ তেওঁলোকৰ ৰাজনৈতিক আৰু সম্পদৰ নিৰাপত্তা নাই বুলি কৈছে৷
ৰাজনীতি বাস্তৱৰ সৈতে সংপৃক্ত৷ সংখ্যালঘু বাঙালী মুছলমানসকলৰ ৰাজনৈতিক আৰু সম্পদৰ নিৰাপত্তা নাই, তেওঁলোক ভাষা–ধর্মৰ বাবে ৰাজনৈতিক আৰু সামাজিকভাৱে নিপীডিত, এই কথা মূলসুঁতিৰ অসমীয়াৰ বাস্তৱ অভিজ্ঞতা নহয়৷ বাঙালী মুছলমানসকল এটা শক্তিশালী গোষ্ঠী, বহু অঞ্চলত সংখ্যাগুৰু৷ বাঙালী মুছলমানসকলৰ অনগ্রসৰতাৰ কাৰণ অসমীয়াই কৰা নিপীডিন? বিজেপিয়ে কৰা নিপীডিন? এনেধৰণৰ কথা আনকি এ আই ইউ ডি এফ দলটোৱেও কোৱা নাই৷ এ আই ইউ ডি এফ সাম্প্রদায়িক হ’লেও গ্রহণযোগ্য৷ এনেধৰণৰ আপাতবিৰোধী আৰু অবাস্তৱ কথাৰে বিজেপিবিৰোধী এটা গাঁথা তৈয়াৰ হ’বনে?
এ আই ইউ ডি এফ দলে পূর্ববংগীয় মূলৰ মুছলমানসকলক প্রতিনিধিত্ব কৰিছে, অধ্যুষিত সমষ্টিসমূহত একে ধর্মৰ লোকক প্রার্থিত্ব দিছে, সেয়া সাম্প্রদায়িকতা হ’ল বা নহ’ল, আপত্তিৰ থল নাই৷ ৰাজনৈতিক দল হিচাপে প্রার্থী আৰু সমষ্টি বাছনি তেওঁলোকৰ অধিকাৰ৷ সম্প্রদায়টোৰ দৰিদ্রতা নির্মূল, স্বাস্থ্য–শিক্ষাৰ প্রসাৰৰৰ কাৰণে নে আন কাৰণে ক্ষমতা কুক্ষিগত কৰিব বিচাৰিছে, সেয়া মানুহে ধাৰণা কৰি ল’ব৷
দৰাচলতে সাম্প্রদায়িক হোৱাটো গৰিহণাযোগ্য নহয়৷ নিজৰ জাতি বা গোষ্ঠী–সম্প্রদায়ৰ মানুহৰ কাৰণে কাম কৰাটো স্বাভাৱিক৷ সাম্প্রদায়িকতা পৰিয়ালবাদতকৈ ভাল, সর্বজনীনতা সবাতোতকৈ উত্তম৷ আজিৰ সাম্প্রদায়িকজন কাইলৈ হয়তো জাতীয়তাবাদী বা ৰাষ্ট্রীয়তাবাদী হ’ব৷
বিজেপিৰ স্বৰূপ কি? ভাৰতৰ সংসদীয় ৰাজনীতিত বিজেপি সুপ্রতিষ্ঠিত৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে কেন্দ্রত জনাদেশ পাইছে৷ইয়াৰ পূর্বেও কেন্দ্রত শাসন কৰিছে৷ ৰাজ্যসমূহতো এই দলৰ চৰকাৰ আছে বা প্রধান বিৰোধী দল৷ এই সৰল সত্য নামানি দলটোক সাম্প্রদায়িক বুলি গৰিহণা দিলে মতদাতাক গৰিহণা দিয়া হয়৷ আজি বিজেপিৰ একপ্রকাৰ বিকল্পবিহীন স্থিতি৷ ইয়াত বিজেপিৰ মুখ্য সহায়ক হৈছে বৌদ্ধিক বিৰোধীসকল৷ এইসকলৰ ‘ছিলেক্টিভ আউটৰেজ’সমূহে বিজেপিৰ আদর্শক সবল কৰি আহিছে৷ ৰাহুল গান্ধীৰ ৰাজনীতিৰ আধাৰ মোদীৰ বিৰোধিতা, কিন্তু প্রিয়ংকা গান্ধীয়ে গেৰুৱা বসন পিন্ধি মন্দিৰে মন্দিৰে ঘূৰিছে৷ এই বিডম্বনাৰ প্রতিকাৰ বৌদ্ধিক প্রবক্তাসকলে দিব পৰা নাই৷ এজন ব্যক্তিক লক্ষ্য কৰি বিজেপিৰ আদর্শক গৰিহণা দিয়াত ব্যস্ত হৈ থাকোঁতে বিকল্প আদর্শ দাঙি ধৰিব পৰা নাই৷ ইংৰাজীত কোৱাৰ দৰে গছকে অৰণ্য বুলি ভাবিছে৷ বৃহৎ চিত্রপটখন নজৰ আন্দাজ কৰিছে৷
বিজেপিক এ আই ইউ ডি এফতকৈ বেছি সাম্প্রদায়িক বুলি কৈ আন এটা কলমত বাস্তৱ পর্যবেক্ষণ কৰিছে (দুই আঞ্চলিক দলৰ স্থিতিয়ে বিজেপিৰ জয় সুগম কৰিব পাৰে, ‘আমাৰ অসম’, ‘প্রথম কলম’ ৬ ফেব্রুৱাৰী), ‘এই দলৰ প্রধান অৱলম্বন হ’ল তিনিটা জনগোষ্ঠী– চাহ জনগোষ্ঠী, অসমৰ ভৈয়ামৰ অনুসূচিত জনজাতিসমূহ আৰু হিন্দু বাংঙালীসকল৷’ তিনিটাকৈ দুর্বল গোষ্ঠীক অৱলম্বন কৰি লোৱা দলটো এ আই ইউ ডি এফতকৈ বেছি সাম্প্রদায়িক? একেটা লেখাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কোনো পৰিস্থিতিতে সাম্প্রদায়িক এ আই ইউ ডি এফ আৰু বামপন্থীকে ধৰি ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ সৈতে নির্বাচনী মিত্রতা নকৰাটো ভুল বুলি কৈছে৷ তেওঁলোকৰ আদর্শক আদৰণীয় বুলি কৈও বাস্তৱ কৌশল নহয় বুলি জলাঞ্জলি দিবলৈ দিহা দিছে৷ সাধাৰণতে ৰাজনৈতিক দলৰ আদর্শ নাই বুলি আমি বিলাপ কৰোঁ৷পিছে এই আহ্বান বিদ্যায়তনিক লোকৰ পৰা আহিছে৷ নতুন ৰাজনৈতিক দলৰ নতুন প্রজন্মৰ নেতাই নিশ্চয়কৈ আদর্শগত সংঘাত কৰিব লাগিব৷ দীর্ঘম্যাদী চিন্তা কৰিব লাগিব৷ উদগনিহে পাব লাগে৷
বিজেপিৰ আদর্শ স্পষ্ট৷ নির্বাচনী ইস্তাহাৰ স্বচ্ছ৷ সংসদীয় ৰাজনীতিত মতদাতাৰ ৰায় সর্বোচ্চ৷ ৰাজনৈতিক দল এটাই ছ’চিয়েল ইঞ্জিনীয়াৰিং কৰি মেৰুকৰণ টিলিকতে কৰিব নোৱাৰে৷ ইমান সহজ নহয়, দৰাচলতে অসম্ভৱ৷ কিন্তু বিৰাজমান পৰিস্থিতিৰ সুবিধা গ্রহণ কৰিব পাৰে৷ বিৰাজমান পৰিস্থিতিৰ অনুধাৱন বিজেপিয়ে কৰিব পাৰিছে৷ ‘কা’ আইন বিৰোধিতা স্থায়ী নহয়, কাৰণ এই বিৰোধিতা মিথ্যাচাৰৰ ওপৰত আধাৰিত আছিল৷ নৰসংহাৰৰ বলি হোৱা পূর্ববংগীয় হিন্দুসকলক কেইবাদশকৰ পাছতো নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ সুযোগ দিয়াটো কেনেধৰণে জাতীয় সংকটৰ কাৰণ হ’ব পাৰে, যি স্থলত অসম চুক্তিয়ে বহুগুণে অধিক, প্রায় আটাইখিনি অবৈধ প্রব্রজনকাৰীক একেলগে নাগৰিকত্ব দি থৈছে, সেয়া অসমীয়াই ঠাণ্ডা মগজুৰে বিবেচনা নকৰিব, সেয়া ‘কা’বৰোধী প্রবক্তাসকলৰ ভুল অংক আছিল৷ আইনখনৰ খুটি–নাটি, ই সংবিধানবিৰোধী, ধর্মনিৰপেক্ষ নহয় আদি সাংসদ আৰু ন্যায়ালয়ৰ কথা৷ সাধাৰণ ৰাইজক মূল সিদ্ধান্তহে লাগে৷ নৰসংহাৰৰ বলি হোৱা পূর্ববংগীয় হিন্দুসকলৰ প্রতি অনমনীয় আৰু অমানৱীয় স্থিতি গ্রহণ, আনকি সমাধান সূত্র এটা দিবলৈকো অনীহা,বাম–প্রগতিশীল দৃষ্টিভংগীৰ পৰা কেনেকৈ সম্ভৱ, সেয়া এক সাঁথৰ৷ ‘কা’ আইন বিৰোধিতা নির্বাচনী বিষয় হৈ নুঠিল৷
বিজেপিয়ে ‘হিন্দুত্ববাদ’ক হিন্দুস্তান বা ভাৰতৰ মতবাদ বুলি নতুন মাত্রা দিয়াৰ চেষ্টা কৰিছে৷ এই হিন্দুত্ববাদ বিশাল, প্রতিজন ভাৰতীয়ৰ ইয়াত স্থান আছে৷ ধর্ম ইয়াত গৌণ, সভ্যতা আৰু সংস্কৃতিহে মূল৷ ইছলামিক সভ্যতাৰ আত্মীভূত হোৱা উপাদানসমূহো হিন্দুত্ববাদৰ অবিচ্ছেদ্য অংশ৷ এজন ব্যক্তি বা এটা দলে এটা বাদৰ প্রসাৰ কৰিব নোৱাৰে৷ মানুহক মানিবলৈ বাধ্য কৰাব নোৱাৰে৷ অনুকূল পৰিস্থিতি যদি বিৰাজমান, তেন্তে বাদ একোটাই প্রসাৰ লাভ কৰে৷ দল বা ব্যক্তি কাৰণ নহয়, নিমিত্ত হ’ব পাৰে৷ বাদ একোটাৰ নিজা চালিকা শক্তি থাকে৷ এটা আদর্শক বাধা দিব সমসাময়িকভাৱে গ্রহণযোগ্য বিকল্প আন এটা বাদে৷
দিল্লীৰ ‘কা’বিৰোধী অৱস্থান ধর্মঘটত দেশবিৰোধী ভাবৰ ইচ্ছা–নিচ্ছাকৃত প্রকাশ হৈছিল৷ এইবাৰ পঞ্জাবৰ একাংশ কৃষকে কৰা আন্দোলনটোত লালকিল্লাত খালিস্তানী পতাকা বদনাম কৰিবলৈ বিজেপিয়ে নিজে উৰুৱাইছে বুলি ধৰাত বুমেৰাং হৈছে৷ উদীয়মান ‘এক্টিভিষ্টে’ গ্রেটা থানবার্গৰ সহায় ল’লে, দেশত শ্বাসৰুদ্ধকাৰী পৰিৱেশ হৈছে বুলি ক’লে, এনে এক গাঁথাই প্রসাৰ নাপায়৷ বিজেপিৰ প্রথমটো কার্যকালতPEN International আন্তর্জাতিক লেখকৰ সন্থাটোৱে ভাৰতত বাক স্বাধীনতা খর্ব হৈছে বুলি তালফাল লগাইছিল৷ এই সংগঠনে আমেৰিকাত শ্বেতাংগ শ্রেষ্ঠবাদীসকলে সংসদ আক্রমণ কৰাত উৎসাহ যোগোৱা ড্রাম্পক সমালোচনা কৰা নাই৷ ড্রাম্পৰ পুনৰুত্থানৰ সম্ভাৱনা আজিও আছে৷ শ্বেতাংগ শ্রেষ্ঠবাদীসকল আজি বহু শক্তিশালী৷ কিন্তু মোদীৰ প্রথমটো শাসনকালত ভাৰতত আইন–শৃংখলাজনিত অপৰাধমূলক কেইটামান ঘটনাত তেওঁলোকে দেশখন হিন্দুত্ববাদী গোৰক্ষকে আগ্রাসন কৰিব বুলি ভাবিছিল৷ বাম–প্রগতিশীলসক এই সংগঠনটোক প্রভাৱিত কৰিছিল৷ দেশ বিৰোধিতা বাম–প্রগতিশীলসক মজ্জাগত বুলি আজি যি ধাৰণা হৈছে, তাৰ বাবে বিজেপি লাভান্বিত হৈছে৷ কেৱল প্রচাৰ–পপ্রচাৰেৰে এনে কৰা হৈছে বুলিলে ৰাইজক মূর্খ বুলি কোৱা হ’ব৷ আভ্যন্তৰীণ বিষয়ত বিদেশীৰ সৈতে লগ হৈ দেশখনক হেয় প্রতিপন্ন কৰা সাধাৰণ ৰাইজে সমর্থন নকৰে৷
নৈৰাজ্যবাদক দিয়া উচটনিয়ে বিজেপিক সহায় কৰিছে৷ সন্ত্রাসবাদীয়ে পণবন্দীক হত্যা কৰাৰ ভাবুকি আৰু দেশৰ আইনৰ আধাৰত বিচাৰাধীন বন্দীৰ দশাক ৰিজাব নোৱাৰি৷ নিষ্ঠুৰতাক গৰিহণা দিও কৌশলেৰে নৈৰাজ্যবাদক বিজেপিবিৰোধী বৌদ্ধিক প্রবক্তাই প্রশ্রয় দিয়ে (আলফা আৰু অসমীয়াৰ আৱেগ, ‘আমাৰ অসম’, ‘প্রথম কলম’ ২২ ফেব্রুৱাৰী ২০২১), ‘মানৱতাৰ বাবে চকুলো টোকাসকলৰ ওচৰতো এক আহ্বান– প্রণৱ গগৈ আৰু ৰাম কুমাৰৰ বিনাচর্তে মুক্তি দাবী কৰাসকলে অখিল গগৈৰ মুক্তিও দাবী কৰা উচিত৷’ সন্ত্রাসবাদীৰ কান্ধত ধৰি সমান্তৰালভাৱে অসমৰ সম্পদৰ ওপৰত হোৱা লুণ্ঠনৰ প্রশ্ণটোক অসমৰ বৃহত্তৰ সমাজ, জাতীয় সংগঠন আৰু ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত বুলিছে৷ ৰাজ্যত বহিঃউদ্যোগীয়ে প্রাধ্যান্য পোৱাত ৰাজ্যৰ উদ্যোগীসকল অত্যন্ত ক্ষুব্ধ বুলি কৈছে৷ লুণ্ঠন? বহিঃউদ্যোগীৰ প্রাধ্যান্য? এয়া সাধাৰণ ৰাইজৰ অভিজ্ঞতা হয়নে?
যোৱা পাঁচোটা বছৰত অসমত কি হ’ল–নহ’ল, সেয়া মতদাতাৰ অভিজ্ঞতাই শেষ কথা৷ এই চৰকাৰে নানানটা আঁচনিৰ যোগেৰে সর্বসাধাৰণ মানুহক হিতাধিকাৰীৰ ৰূপত প্রত্যক্ষভাৱে আর্থিক সাহায্য বা প্রয়োজনীয় সামগ্রী দিছে৷ নামঘৰ, মন্দিৰ, মছজিদক অনুদান দিছে৷ পূর্ববংগীয় মূলৰ মুছলমানসকল এই আঁচনিবোৰৰ সমহিতাধিকাৰী৷ ধর্মনিৰপেক্ষতাৰ ধ্বজা বিজেপিয়ে এইধৰণে উৰুৱাইছে৷ এই আঁচনিবোৰ সহজ, ব্যৱহাৰিক আৰু অর্থনৈতিক সূত্রৰ ওপৰত আধাৰিত৷ ইয়াতকৈ ভাল আঁচনি থাকিব পাৰে৷ বিৰোধীয়ে ইস্তাহাৰত দিব লাগিব৷ সদ্যহতে আমেৰিকাৰ চিনেটে ১.৯ ট্রিলিয়ন ডলাৰৰ পেকেজ পাৰিত কৰিছে৷ লাখ লাখ হিতাধিকাৰীয়ে ১৪০০ ডলাৰকৈ পাব৷ এয়া সংকটকালত অর্থনীতি সঞ্জীৱিত কৰাৰ এটা উপায়৷ ইয়াৰ ফলত দেশখনৰ অর্থনীতিৰ মৌলিক গাঁথনি শক্তিশালী হ’ব নে নহয়, নিশ্চয় বিচার্যৰ বিষয়৷ কিন্তু ইয়াৰ বাবে বাইডেনক কটু কথা কোৱা নাযায়৷ তেওঁ নির্বাচনমুখী নহয়, জিকি উঠিছেহে৷ এনেধৰণে হিতাধিকাৰীক সাময়িকভাৱে সচ্ছল কৰি ক্রয় ক্ষমতা বৃদ্ধি কৰিলে স্থানীয় আৰু জাতীয় অর্থনীতি সঞ্জীৱিত হৈ উঠিব পাৰে৷ উচ্চতৰ মাধ্যমিকৰ চূডান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা ছাত্রীসকলক একোখনকৈ স্কুটী দিয়া এখন আঁচনি আছে৷ এই আঁচনিখনৰ একাধিক কল্যাণকামী দিশ আঙুলিয়াই দিও কটু সমালোচনা কৰিছে এইবুলি যে স্কুটী লাভ কৰাসকলৰ ভৱিষ্যৎটো হেনো সুৰক্ষিত নহয়৷‘স্কুটী পলিটিক্স’ আখ্যা দি কৈছে এইবোৰ আঁচনিয়ে ক্রমাগতভাৱে ৰাজহুৱা প্রতিষ্ঠানৰ মৃত্যুপথ সুগম কৰিব পাৰে৷ শংকিত হৈ উঠিছে যে নব্য উদাৰ অর্থনীতিৰ লক্ষ্য শিক্ষা ব্যৱস্থাটোৰ ক্রমাগত ব্যক্তিগতকৰণ আৰু ‘স্কুটী পলিটিক্স’ হয়তো তাৰেই অংশ (‘আমাৰ অসম’, ৰঙা স্কুটী পলিটিক্স, ‘প্রথম কলম’, ১৭ ফেব্রুৱাৰী)৷ বিত্তমন্ত্রীয়ে কবি গণেশ গগৈৰ কবিতাৰ এটা স্তৱকেৰে এইবেলি নাগৰিকৰ সমুখত শিৰনত কৰি বাজেট ভাষণ সামৰিলে৷তেঁও ‘বাজেট ভাষণ স্ব–দলীয় কেন্দ্রীয় চৰকাৰক তোষামোদ কৰাৰ উপৰি চৰকাৰৰ প্রাপ্তিক অতিৰঞ্জিত ৰূপত তুলি ধৰা এক পৰম্পৰা কৰিলে’ (হিতাধিকাৰীৰ মেলা, তথ্যৰ খেলা, ‘আমাৰ অসম’, ’প্রথম কলম’ ১৩ ফেব্রুৱাৰী), যিটো কাম প্রফুল্ল মহন্তয়ো কৰা নাছিল৷ কিন্তু বাস্তৱ পর্যবেক্ষণো ঠিকেই কৰিছে, ‘চৰকাৰে কর্প’ৰেটমুখী নব্য উদাৰ অর্থনীতিৰ পৰিকাঠামোটোৰ মাজতে থাকি ৰাজ্যখনৰ অর্থনীতি টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে আভ্যন্তৰীণ পুঁজি বৃদ্ধিত সফলতা লাভ কৰিছে হিতাধিকাৰীৰাজক অধিক প্রসাৰিত কৰিছে ক’ৰোনা মহামাৰী কালতো ৰাজ্যৰ কর্মচাৰীসকলক নিয়মীয়াকৈ দা–দৰমহা দিছে আৰু বিনামূলীয়া আঁচনিৰ পৰিসৰ বৃদ্ধি কৰিছে৷’
এইধৰণৰ সফলতা সাম্প্রতিক বছৰটোত অসাধাৰণ বিচক্ষণতাৰ পৰিচায়ক বুলি পৰিগণিত হ’ব৷ ৰাইজ আশ্বস্ত হ’ব৷ বিৰোধী দলে ইয়াতকৈ ভাল কৰিব বুলি প্রবক্তাসকলে ৰাইজক আশ্বস্ত কৰিব লাগিব৷ অর্থনীতিৰ মৌলিক গাঁথনি শক্তিশালী হোৱা নাই বা অসম ভাৰতৰ প্রথম পাঁচখন ৰাজ্যৰ ভিতৰত এখন হোৱা নাই, ৰাইজে চৰকাৰক সময় দিব৷ ভাৰতৰ প্রথম পাঁচখন ৰাজ্যৰ এখন কৰি তোলাৰ স্বপ্ণ বিত্তমন্ত্রীৰ ব্যক্তিগত স্বপ্ণ৷ তেওঁৰ স্বপ্ণ পাঁচ বছৰত দিঠক হৈ নুঠিল, তাৰ বাবে ৰাইজে নির্বাচনত শাস্তি দিবনে? অলপতে ব্রিটেইনৰ বিত্তমন্ত্রী ঋষি চুনাকৰ বাজেট ভাষণ শুনিছোঁ৷ চৰকাৰৰ প্রাপ্তি আৰু গুণ–গৰিমা কৰেছে৷ অতিৰঞ্জিত নেকি, সেয়া দৃষ্টিকোণৰ কথা৷ বছৰেকীয়া বাজেটখনৰ অগ্রাধিকাৰ মূলতঃ হ্রস্বকালীল সমস্যাৰ ওপৰত৷ চুনাকে ৰাইজক সকাহ দিছে, কিন্তু অদূৰ ভৱিষ্যতে কৰ–কাটল বঢ়োৱাৰ ব্যৱস্থা কৰিছে৷ সংসদীয় ৰাজনীতিত বাজেটখন নির্বাচনী বছৰটোত নিশ্চয়কৈ নির্বাচনমুখী হ’ব৷ নির্বাচনমুখী নে জনমুখী, সেয়াও দৃষ্টিকোণৰ কথা৷ ঘৰুৱা বাজেট কৰাজনেও জানে কিবা কিনিব, দামী খুজিলে কিবা এটাত খৰচ বচাব লাগিব বা অতিৰিক্ত আয় কৰিব লাগিব৷
‘ৰাস্তা–পদূলি, হিতাধিকাৰী সৃষ্টি, ইখনৰ পাছত সিখন বিশ্ববিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলেই অথবা নামঘৰলৈ সাহায্য প্রদান আৰু বটদ্রৱাৰ উচ্চাকাংক্ষী সৌন্দর্যবর্ধনে অসমক দেশৰ শ্রেষ্ঠ ৰাজ্য কৰিব নোৱাৰে’– এই ঘোষণা (বাজপেয়ীৰ নেতৃত্বতো কংগ্রেছ চৰকাৰ ‘আমাৰ অসম’, ‘প্রথম কলম’ ২৭ ফেব্রুৱাৰী ২০২১)৷ অসমত যে ইমান উন্নয়নমূলক কাম হৈছে, সমালোচকজনৰ এই বাজেট সম্পর্কীয় লেখাকেইটা পঢ়িহে অৱগত হৈছোঁ৷ মই স্তম্ভিত হৈছোঁ৷ ইমান কাম হৈছে ‘ব্রহ্মপুত্র উপত্যকাৰ অজনজাতীয় অসমীয়াসকলক নির্বাচনী ৰাজনীতিত প্রভাৱান্বিত কৰিবৰ বাবে ইটোৰ পাছত সিটো পদক্ষেপ হাতত লৈছে৷ ব্যাপক হাৰত শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ জোৱাৰ তুলিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইনবিৰোধী গণ সংগ্রামত জঁপিয়াই পৰা শিল্পী–সাহিত্যিকৰ অধিকাংশই এতিয়া শাসনাধিষ্ঠিত দলৰ পক্ষ লৈছে৷ শিল্পী–সাহিত্যিকৰ বাবে প্রৱর্তিত ৫০ হাজাৰ টকীয়া বঁটা গ্রহণ কৰিছে বিনাপ্রতিবাদে (দুই আঞ্চলিক দলৰ স্থিতিয়ে বিজেপিৰ জয় সুগম কৰিব পাৰে, ‘আমাৰ অসম’, ‘প্রথম কলম’, ৬ ফেব্রুৱাৰী)৷
‘এই চৰকাৰে ৭০ শতাংশ বাজেট ব্যয় কৰিব নোৱাৰাৰ কথা স্বীকাৰ কৰিছে’ কিন্তু ‘কেন্দ্রীয় চৰকাৰৰ পৰা প্রাপ্যখিনি আদায়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’লেও অসম আৰু কিছু দূৰ আগবাঢ়ি গ’লহেঁতেন৷’ আকৌ ধন ঘূৰাই দিবলৈ? আন এটা লেখা (হিতাধিকাৰীৰ মেলা, তথ্যৰ খেলা, ‘আমাৰ অসম’, ‘প্রথম কলম’ ১৩ ফেব্রুৱাৰী)ত উল্লেখ কৰিছে যে বিগত সময়ছোৱাত গড হিচাপত দেশৰ ভিতৰতে অসমে শিক্ষা আৰু স্বাস্থ্যখণ্ডত অধিক বাজেটত ধন আবণ্টন দিছে৷ কিন্তু ফলহে অত্যন্ত হতাশাজনক৷ ইয়াৰ কাৰণ বিশ্লেষণ কৰা নাই৷ কাৰণ যে বিত্তমন্ত্রী নহয়, সেইটো সমালোচকৰ তথ্যত প্রতিফলিত হৈছে৷ সম্ভাব্য কাৰণৰ ভিতৰত এটা বিভাগীয় মন্ত্রী অদক্ষ? আন এটা হয়তো অধ্যাপক, চিকিৎসক, আমোলা–কর্মচাৰীৰ অদক্ষতা, মনোযোগিতাৰ অভ্যাস, দুর্নীতি আৰু কাম ফাঁকি দিয়াৰ অভ্যাস? এইটো সঁচাকৈয়ে প্রণালীবদ্ধ গৱেষণাৰ বিষয়৷ বাম–প্রগতিশীল শিবিৰে সময়ৰ ভিতৰত বাজেটৰ ধন সময় মতে খৰচ কৰিবলৈ কি কৰিব ইস্তাহাৰত দি মতদাতাক পতিয়ন নিয়াব লাগিব৷
গণতন্ত্র জনগণৰ বহু কষ্টোপার্জিত৷ শক্তিশালী বিৰোধী দল জনগণৰ নিশ্চয়তা৷ দলসমূহে নিয়মীয়াকৈ নির্বাচনী বৈতৰণী পাৰ হ’ব লগা হোৱাটোৱে গণতন্ত্রৰ ‘মেজিক’৷ নির্বাচনী খেল বা প্রতিযোগিতাৰ বাবে দলে যি কৰে, সেয়াই বাস্তৱ৷ ইয়াতকৈ অধিক গণতন্ত্রৰ পৰা আশা কৰা নাযায়৷ সমালোচকে কৈছে, ৰাস্তা–পদূলি হৈছে, হিতাধিকাৰী বাঢ়িছে, ইখনৰ পাছত সিখন বিশ্ববিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে, ব্যাপক হাৰত শিক্ষক নিযুক্তি আৰু শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ জোৱাৰ উঠিছে, নামঘৰৰ দৰে ‘গ্রাছৰুট’ অনুষ্ঠানে অনুদান পাইছে, বটদ্রৱাৰ দৰে এতিহ্যমণ্ডিত ঠাইৰ সৌন্দর্যবর্ধন হৈছে, শিল্পী–সাহিত্যিকে আন্দোলন বাদ দিছে৷ সর্বশ্রেষ্ঠ স্বর্গদেউ ৰুদ্রসিংহৰ শাসন কালৰ যেন এখন ছবি
এই পৰিৱেশ গঢ়ি তোলাটোৱে চৰকাৰৰ দায়িত্ব৷ ই এটা ৰাজনৈতিক তত্ত্ব৷ ৰাজ্যক প্রথম, দ্বিতীয় বা তৃতীয় কৰিবলৈ পৰিপূৰক কামখিনি শিক্ষক–ধ্যাপক, চিকিৎসক, আমোলা–কর্মচাৰী, উদ্যোগী–ব্যৱসায়ী, শিল্পী–সাহিত্যিক আমাৰ সকলোৰে৷ নিজে নেতৃত্ব দিয়া বিভাগ বা অনুষ্ঠানটো ক্রমাগতভাৱে অঞ্চল, ৰাজ্য, দেশ, বিশ্বৰ ভিতৰত প্রথম কৰাৰ পণ লৈ কার্যসূচী আমিও ঘোষণা কৰিব পাৰোঁ৷ গড জনমূৰি আয় বাঢ়িব, সমালোচকে কোৱা ধৰণে সকলো মাপকাঠীতে ঊর্ধ্বগামী গতি আহিব৷ বৌদ্ধিক কচৰৎ ভ্রম, আত্মছলনা, মায়াজালৰ পৰা মুক্ত হৈ নির্মোহভাৱে কৰিব লাগিব৷ হোমেন বৰগোহাঞিদেৱেৰ আক্ষেপৰ কাৰণটোহে দেশৰ প্রথম পাঁচখনৰ ভিতৰত এখন হোৱা স্বপ্ণৰ প্রধান হোৱাৰ বাধা৷