নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশক বিশ্বগুৰু কৰোঁ আহক

🔹 দিলীপ শইকীয়া

আজি পৱিত্র ৰামনৱমী৷ সমগ্র বিশ্বতে সনাতন সত্তাৰ প্রতি আস্থা আৰু বিশ্বাস ৰখা জনগণে নৱৰাত্রিৰ মংগলময় উৎসৱৰ পৰিৱেশত ৰামনৱমী শ্রদ্ধা আৰু আনন্দৰে পালন কৰিব৷ ইফালে, আজিৰ দিনটোতে সমগ্র ভাৰতবর্ষত উদযাপন কৰা হয় সর্বাধিক সদস্যৰে বিশ্বৰ সর্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টী (বিজেপি)ৰ ৪৬সংখ্যক প্রতিষ্ঠা দিৱস৷ গৌৰৱময় ৪৬সংখ্যক প্রতিষ্ঠা দিৱসৰ শুভমুহূর্তত ভাৰতীয় জনতা পার্টীৰ প্রতিগৰাকী আত্মীয়, জ্যেষ্ঠ–শ্রেষ্ঠ কার্যকর্তাৰ লগতে শুভাকাংক্ষী–সমর্থকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ উল্লেখযোগ্য যে ১৯৮০ চনৰ ৬ এপ্রিল দিনটোতে দেশৰ প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু প্রাক্তন উপ–প্রধানমন্ত্রী ভাৰতৰত্ন শ্রদ্ধাৰ লালকৃষ্ণ আদৱানি ডাঙৰীয়াৰ কৰকমলেৰে, লগতে চিৰনমস্য কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ সবল নেতৃত্বত ৰাষ্ট্রীয়তাবাদী বিচাৰেৰে ভাৰতক পুনৰ বিশ্বগুৰু হিচাপে প্রতিষ্ঠা কৰাৰ সংকল্প আগত ৰাখি ভাৰতীয় জনতা পার্টীৰ প্রতিষ্ঠা হৈছিল৷
ভাৰতীয় জনতা পার্টীৰ ৪৬সংখ্যক ৰাজনৈতিক যাত্রা আমাৰ বাবে কুসুমাকীর্ণ নাছিল– আছিল কণ্টকাকীর্ণ আৰু স্বৰূপার্থত এক সদা জাগ্রত আদর্শগত সংগ্রাম৷ তদুপৰি দেশত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ৰ আদর্শ–নীতি লৈ ৰাষ্ট্রধর্ম পালন কৰাৰ লগতে জনতাৰ সেৱাক মূল কর্ম হিচাপে মানি ভাৰতীয় জনতা পার্টীৰ লক্ষ লক্ষ কার্যকর্তাই লোক সংগ্রহ, লোক সম্পর্ক আৰু লোক সংস্কাৰৰ তপস্যা–সাধনাত ব্রতী হৈ দলটোক আজিৰ গৌৰৱময় স্থিতিত উপনীত কৰাইছে৷ যদিও আমাৰ যাত্রাত পদে পদে প্রত্যাহ্বান আছিল কিন্তু সেয়া কঠিন পৰিস্থিতিৰ মাজতো আমাৰ দেৱতুল্য কার্যকর্তাই অসীম শক্তি আৰু সবল দৃঢ়তাৰে হেলাৰঙে পাৰ কৰিবলৈ সমর্থ হৈছিল৷ প্রতিকূল পৰিৱেশতো প্রতিগৰাকী কার্যকর্তাই মন–মগজু–হূদয়েৰে অপৰাজেয় পদাতিকৰ দৰে আপোচবিহীনভাৱে কাম কৰি ভাৰতীয় জনতা পার্টীক এটা বৃহৎ পৰিয়াললৈ ৰূপান্তৰ কৰিলে৷ বিশ্বৰ ৰাজনৈতিক ক্ষেত্রত জনসেৱাৰ সংগঠনৰ দৃষ্টিকোণেৰেও ভাৰতীয় জনতা পার্টী আজি এক সুবিশাল বটবৃক্ষ৷ কেন্দ্র, ৰাজ্য, স্থানীয় নিগম–নিকায়, স্বায়ত্তশাসিত উন্নয়ন পৰিষদ আদি সকলোতে আজি ভাৰতীয় জনতা পার্টীয়ে দেশৰ প্রধানমন্ত্রী তথা বিশ্বৰ জনপ্রিয় নেতা নৰেন্দ্র মোদীৰ নেতৃত্বত ৰাষ্ট্রৰ বিকেন্দ্রীকৰণ শাসন ব্যৱস্থাৰে ৰাইজক সুশাসন ব্যৱস্থা দিবলৈ সক্ষম হৈছে৷ দেশবাসীয়েও ভাৰতীয় জনতা পার্টীক আঁকোৱালি লৈ অন্তোদয়ৰ সীমালৈ বিস্তাৰিত কৰিছে৷ প্রধানমন্ত্রী ডাঙৰীয়াৰ বলিষ্ঠ আৰু দূৰদর্শী নেতৃত্বৰ বাবেই আজি ভাৰতবর্ষ বিশ্বগুৰু হোৱাৰ দিশত ধাৱমান হোৱাৰ লগতে বিশ্বমিত্রও হোৱাৰ সন্ধিক্ষণত থিয় দিছে৷ এয়া প্রতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ আৰু আনন্দৰ ঘটনা৷ ভাৰতীয় জনতা পার্টীৰ নীতি আৰু আদর্শই হৈছে মা ভাৰতীৰ প্রতিগৰাকী সন্তানক দেশৰ সামগ্রিক বিকাশৰ ধাৰাটোৰ লগত সংযুক্ত কৰোৱা, লগতে ৰাষ্ট্রীয়তাবাদী সত্তাক সদাজাগ্রত কৰি ৰখা৷ আমাৰ কার্যকর্তাই এই দিশত কেতিয়াও বিচলিত হোৱা নাই৷ যাৰ বাবে আজি ভাৰতীয় জনতা পার্টী বিশ্বতে একক, অনন্য বুলি সমাদৃত, লগতে সন্মানিত৷ আমাৰ দলৰ চালিকা শক্তিয়ে হৈছে জাগ্রত সেনানী কার্যকর্তাসকল৷
১৯৫১ চনৰ ২১ অক্টোবৰত জন্ম হোৱা ভাৰতীয় জনসংঘৰ উত্তৰসূৰীৰূপে ৰাষ্ট্রীয় ৰাজনীতিত ভুমুকি মৰা ভাৰতীয় জনতা পার্টীয়ে আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাটৰ পৰা অৰুণাচললৈ বিস্তাৰিত হোৱাত কার্যকর্তা আৰু সমর্থকৰ ভূমিকা অনস্বীকার্য৷ এই সময়ত ভাৰতীয় জনতা পার্টীৰ সদস্যৰ সংখ্যা প্রায় তেৰ কোটি অতিক্রম কৰিছে৷ নতুন ভাৰত নির্মাণৰ সপোন দেখা শ্রদ্ধাৰ বাজপেয়ী ডাঙৰীয়াৰ ‘আত্মনির্ভৰ ভাৰত, স্বাৱলম্বী ভাৰত আৰু শক্তিশালী ভাৰত’ আজি নতুন গতিৰে বাস্তৱায়িত কৰিছে ক্রমাগত তৃতীয়বাৰ প্রধানমন্ত্রী ৰূপে দেশৰ জনতাই আশীর্বাদ দিয়া শ্রদ্ধাৰ মোদী ডাঙৰীয়াই৷ ২৫ কোটি লোক আজি দাৰিদ্র্য সীমাৰেখাৰ পৰা ওপৰলৈ আহিছে৷ অভিলেখসংখ্যক জনকল্যাণমূলক আঁচনিৰে ভাৰতীয় জনতা পার্টীৰ চৰকাৰে ভাৰতবাসীৰ দৈনন্দিন জীৱন সৰল আৰু সুগম কৰি তুলিছে৷ ভাৰতীয় জনতা পার্টীয়ে ৰাষ্ট্রহিত বিষয়ত আপোচ নকৰি দেশ গঠন নীতিৰে সংগঠনক আগুৱাই লৈ যোৱাত সদায়ে অগ্রণী ভূমিকা গ্রহণ কৰি আহিছে আৰু কৰি যাব আৰু আমাৰ কার্যকর্তাই এই নীতি–আদর্শ সিৰাই সিৰাই প্রৱাহিত কৰি ৰাখিছে৷ প্রতিষ্ঠা দিৱসৰ এই গৌৰৱময় ক্ষণত আমি দলৰ প্রতিষ্ঠাপক কাণ্ডাৰীসকলক শ্রদ্ধাৰে সুঁৱৰিছোঁ আৰু আমাক পদে পদে পথ দেখুৱাই থকাসকলকো আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ৷
প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া ভাৰত নতুন যাত্রাত আগবাঢ়িছে৷ যুগান্তকাৰী সিদ্ধান্তই ভাৰতক নতুন পৰিচয় দিছে৷ ৩৭০ ধাৰা, তিনি তালাক বিলুপ্তি তথা নাৰী বন্দন অধিনিয়ম, ভাৰতীয় ন্যায় সংহিতাৰ প্রৱর্তন তথা শেহতীয়া নতুন ৱাকফ সংশোধনী বিলৰ দৰে সিদ্ধান্তই বিজেপিৰ নীতি আৰু আদর্শৰ জয়ৰ প্রতিফলন ঘটাইছে আৰু দেশৰ জনতাই এনে শক্তিশালী সিদ্ধান্তক মুক্ত মনে সমর্থন কৰিছে৷ ভাৰতৰ ঐতিহ্য–সভ্যতা এতিয়া বিশ্বত গৌৰৱেৰে চর্চা হৈছে৷ ইফালে, অসমতো যোৱা ন বছৰত ভাৰতীয় জনতা পার্টীৰ চৰকাৰে জনসাধাৰণৰ সমবিকাশত গুৰুত্ব দি সকলো শ্রেণীৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ উন্নয়ন আৰু প্রগতিৰ অনিৰুদ্ধ যাত্রাই অসমক দেশৰ ভিতৰতে এক পৃথক পৰিচয় প্রদান কৰিছে৷ ইয়াৰ পূর্বে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও সকলোকে লগত লৈ অসম গঢ় দিয়াত সফল হৈছিল বাবে ৰাইজে ভাৰতীয় জনতা পার্টীৰ প্রতি মৰম অক্ষুণ্ণ ৰাখিছে৷ প্রতিষ্ঠা দিৱসত আমাৰ সংকল্প হ’ল- অসমক দেশৰ শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ লক্ষ্যক সফল কৰা৷ ভাৰতীয় জনতা পার্টীৰ সকলো কার্যকর্তাকে বিকশিত অসম আৰু ভাৰত গঢ়াৰ কামত নিয়োজিত হ’বলৈ আহ্বান জনাইছোঁ৷ অসমী আইৰ সন্তান হিচাপে আমাৰ দায়িত্ব হ’ব মাতৃভূমিৰ গৌৰৱ বৃদ্ধি, লগতে ভাৰত মাতাৰ সন্মান বিশ্বত প্রতিষ্ঠা কৰি দেশক বিশ্বগুৰু হিচাপে প্রতিষ্ঠা কৰা৷

লেখক বিজেপিৰ ৰাজ্যিক সভাপতি আৰু লোকসভাৰ সাংসদ, ফোন : ৯১০১৯–১০২১৩

You might also like