এইবাৰ জাক পাতি আহিছে মৰুভূমিৰ কাকতী ফৰিং
গোলকীয় অতিমাৰীৰ লগতে ভাৰতবর্ষ প্রস্তুত হ’ব লগা হৈছে আন এখন যুঁজৰ কাৰণে, খাদ্য নিৰাপত্তাৰ যুঁজ৷ নতুন ভাবুকিটো আহিছে, আণুবীক্ষণিক ভাইৰাছৰ নহয়, নিযুতৰ সংখ্যাত জাকপাতি অহা এবিধ পতংগৰ পৰা– মৰুভূমিৰ ফৰিং, কাকতী ফৰিং৷ খাদ্য আৰু কৃষিসংস্থাৰ FAO-Food and Agriculture Organization) শেহতীয়া তথ্য অনুসৰি সদ্যহতে ভাৰতৰ বিভিন্ন অঞ্চল আক্রান্ত কৰা ফৰিঙৰ জাকে ভাৰতত প্রৱেশ কৰাৰ আগতে বিশ্বৰ ১৩খন ৰাষ্ট্রৰ ২,৮০,০০০ হেক্টৰ অঞ্চলৰ শস্যৰ অধ্যুষণ ঘটাইছে৷ এই পতংগবিধ ভাৰতত প্রৱেশ কৰিছে ৰাজস্থানৰ পশ্চিম দিশেদি ২০২০ চনৰ ১৩ মে’ তাৰিখে৷ আগৰ বছৰবোৰৰ তুলনাত এই বছৰৰ আক্রমণটো আটাইতকৈ সাংঘাতিক আৰু বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে এই সমস্যাটো বৃদ্ধি পাব, যেতিয়া আমি মৌচুমী ঋতুত প্রৱেশ কৰিম৷ এই ফৰিংটোৱে ৰাজস্থানৰ ২০খন জিলাৰ, ৯০,০০০ হেক্টৰ অঞ্চলত ক্ষতি কৰিছে৷ ৰাজস্থানৰ পিছত ইহঁত মধ্যপ্রদেশৰ কাষৰীয়া ৰাজ্যত প্রৱেশ কৰিছে৷ উত্তৰ প্রদেশৰ বহু জিলাক ইতিমধ্যে সাৱধান কৰি দিয়া হৈছে৷ সুবিধাজনক বৰষুণীয়া বতাহে ভাৰতলৈ এই ফৰিংবিধৰ প্রব্রজনত সহায় কৰিছে৷ এই দ্রুততাৰে সংখ্যা বৃদ্ধি হোৱা জাকটোৱে বর্তমান কৃষক শ্রেণীৰ বিপর্যয় বৃদ্ধি কৰাৰ ভীতি প্রদর্শন কৰিছে৷
যোৱা বছৰ ২৬ বছৰ বিৰতিৰ পিছত, পূর্ণাংগ ফৰিং ভাৰতবর্ষৰ কোনো কোনো অংশত প্রৱেশ কৰিছিল৷ কিন্তু এইবছৰৰ ফৰিংবোৰ পোৱালি৷ ইহঁত পূর্ণ বিকশিত নহয় যদিও, অধিক ক্ষতিসাধনৰ ক্ষমতাসম্পন্ন আৰু ক্ষতিসাধনৰ কাৰণে অধিক সময় পাব৷ মাত্র ১০–১২ দিনৰ এই পোৱালিবোৰে বহু দূৰ–দূৰণিলৈ উৰিব পাৰে৷
মৰুভূমিৰ ফৰিংঃ মৰুভূমিৰ ফৰিংবোৰ(Locust-Schistocerca gregaria) নিয়মিতভাৱে জাক পতা এবিধ চুটি শিঙৰ ফৰিং প্রজাতি৷ এইবোৰক প্রধানকৈ আফ্রিকা, আৰবৰ মাধ্যমেদি পশ্চিম এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অঞ্চললৈ বিস্তাৰিত হৈ থকা দেখা যায়৷ সংখ্যা বৃদ্ধিৰ সময়ত ইহঁত স্পেইনৰ কিছুমান অঞ্চললৈও বিস্তাৰিত হয়৷ এই ফৰিংবোৰে নিয়মিতভাৱে শৰীৰৰ আকৃতি সলনি কৰে আৰু প্রয়োজনসাপেক্ষে অভ্যাসৰো বহুল পৰিৱর্তন সাধন কৰে– নিঃসংগতাপ্রিয়, চুটি পাখিৰ শক্তিশালী প্রব্রজন নকৰা ফৰিংবোৰ, জাক পতা অভ্যাসৰ দীঘল পাখিৰ, প্রব্রজনশীল ফৰিঙলৈ ৰূপান্তৰিত হয়, আৰু এই অৱস্থাত সিহঁত বহুদূৰ প্রব্রজন কৰি নতুন নতুন অঞ্চললৈ যায়৷ কোনো কোনো বছৰত ইহঁতৰ আগ্রাসন ইমান ভয়ংকৰ হয় যে মাৰাত্মক মহামাৰী প্লেগৰ দৰে– ‘ফৰিং প্লেগ’ৰ(locust plague) ৰূপ ধাৰণ কৰি, খাদ্যশস্যকে ধৰি এফালৰ পৰা সকলো শস্য, ঘাঁহ–বন ভক্ষণ কৰি যায় আৰু মানুহ, তৃণভোজী প্রাণী সকলোৰে কাৰণে প্রত্যাহ্বান হৈ পৰে৷
খাদ্য আৰু কৃষি সংস্থাই,(FAO-Food and Agriculture Organization) এই মৰুভূমিৰ ফৰিংবোৰক পৃথিৱীৰ ভিতৰত আটাইতকৈ মাৰাত্মক প্রব্রজনকাৰী কীট হিচাপে অভিহিত কৰিছে, সিহঁতৰ গঠন আৰু আকাৰ সলনি কৰিব পৰা ক্ষমতা আৰু জাক পাতি উৰি পৰিভ্রমণ পথত যি পায় সকলোবোৰ ভক্ষণ কৰি শেষ কৰি যোৱা অভ্যাসৰ কাৰণে৷ এই জাকটোৱে কণী পাৰিবৰ কাৰণে আৰু পোৱালি ডাঙৰ কৰিবৰ কাৰণে শুকান বা অর্ধ শুকান অঞ্চল পছন্দ কৰে৷ ঘনত্ব কম থকাৰ সময়ত ফৰিংবোৰ আটলাণ্টিক মহাসাগৰৰ পৰা উত্তৰ পশ্চিম ভাৰতলৈকে প্রায় ৩০খন ৰাষ্ট্রৰ ১৬ নিযুত বর্গকিলোমিটাৰ অঞ্চলত বিস্তাৰিত হৈ থাকে৷ অৱশ্যে, যেতিয়া ফৰিঙৰ ঘনত্ব বাঢ়ে, জাকটোৱে ছিৰটনিন(Serotonin) নির্গমন ঘটাই সমূহীয়া প্রব্রজন জাগৃত কৰে৷ এনে অৱস্থাত ইহঁতৰ প্রব্রজনে ভাৰতৰ কিছু অংশ সামৰি প্রায় ৬৪খন ৰাষ্ট্রৰ, ৩০ নিযুত বর্গকিলোমিটাৰমান অঞ্চল সামৰে৷
ফৰিংবোৰ খঁকুৱা প্রাণী৷ সিহঁতে গছজোপাৰ প্রতিটো অংশ খাই শস্যৰ বিস্তৰ ক্ষতি কৰে আৰু জাকপাতি বহি গছৰো ক্ষতি কৰে৷ এই পতংগবোৰে দিনে ১৫০ কিলোমিটাৰ উৰিব পাৰে৷ এক কিলোমিটাৰৰ ফৰিঙৰ জাক এটাত ৮০,০০০ পূর্ণাংগ ফৰিং থাকে, যিটো জাকে প্রতিদিনে ৩৫,০০০ মানুহে খাব পৰা খাদ্য ভক্ষণ কৰে৷FAOৰ মতে এজনী ফৰিঙে প্রায় ৯৫–১৫৮টা কণী পাৰে, এক বর্গমিটাৰ মাটিতে প্রায় ১০০০ কণী পোৱা যায়৷
ফৰিঙৰ আগ্রাসনৰ প্রভাৱঃ পাৰিৱেশিক প্রসংগত মৰুভূমিৰ ফৰিঙৰ জাকে, শস্য পথাৰ আৰু চাৰণভূমি সম্পূর্ণ উদং আৰু অনুর্বৰ কৰি ঘাঁহ আৰু তৰু–তৃণৰ ওপৰত নির্ভৰশীল প্রজাতিবোৰৰো বিস্তৰ ক্ষতি কৰে৷ যদিও সিহঁতে বনাঞ্চল বা স্বাভাৱিক গছ–গছনি ধ্বংস কৰাৰ বিষয়ে জনা নাযায়, ইহঁতৰ সর্বগ্রাসী ভক্ষণৰ ফলত স্থানীয় প্রাণী আৰু পতংগবোৰ ক্ষতিগ্রস্ত হয়৷ উদাহৰণস্বৰূপে কেনিয়াত ভীতিগ্রস্ত থলুৱা প্রাণী গ্রেভী জেব্রাৰ(grevy zebra) বাসস্থান ইহঁতৰ দ্বাৰা ধ্বংসপ্রাপ্ত হৈছে৷ ফৰিঙৰ আগ্রাসনৰ অর্থনৈতিক আৰু সামাজিক প্রভাৱো আছে৷FAOৰ মতে, ভাৰতবর্ষত মৰুভূমি ফৰিঙৰ কেইবাবাৰো আগ্রাসন ঘটিছে যদিও, ১৯৭৮ আৰু ১৯৯৩ চনত দুটা ডাঙৰ প্রার্দুভাৱ ঘটিছিল৷ পৰিসংখ্যা মতে ১৯৭৮ চনৰ ক্ষয়–ক্ষতি আছিল দুই লক্ষ টকাৰ আৰু ১৯৯৩ চনৰ ক্ষয়–ক্ষতি আছিল ৭.১৮ লাখ টকাৰ৷ ২০১৯ চনত এই ফৰিংটোৱেই, গুজৰাটত ২৫,০০০ হেক্টৰতকৈ অধিক অঞ্চলৰ খেতি নষ্ট কৰিছিল৷ ২০২০ চনত এই ফৰিংটোৱে ইতিমধ্যেই ৰাজস্থানৰ ১৮খন জিলাৰ আৰু মধ্যপ্রদেশৰ ১২খন জিলাৰ শস্য নষ্ট কৰিছে৷ আৰু উত্তৰ প্রদেশ, পঞ্জাব, হাৰিয়ানা আৰু মহাৰাষ্ট্রৰ শস্যভাগ আক্রমণৰো আশংকা আছে৷ ফৰিঙৰ আগ্রাসনে মৌচুমীৰ ওপৰত নির্ভৰশীল কৃষকসকললৈ আৰু পশুপালকসকললৈও ভাবুকি আনিছে৷
নিয়ন্ত্রণ ব্যৱস্থাঃ সম্ভাব্য নিয়ন্ত্রণ ব্যৱস্থা হৈছে, বতাহক নিচান হিচাপে লৈ মৰুভূমি ফৰিঙৰ বিস্তাৰণ ক্ষেত্রত পর্যবেক্ষণ কৰা আৰু নিয়ন্ত্রণত জৈৱ বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰা৷ শেহতীয়া পৰিঘটনাই দেখুৱাইছে, ফৰিঙৰ জাকে সিহঁতৰ বিস্তাৰণ ক্ষেত্র মহাৰাষ্ট্রৰ দিশে প্রসাৰিত কৰিছে এইবাৰৰ আগ্রাসন আগৰ বছৰবোৰতকৈ প্রবল৷ এনে প্রসাৰণ অধ্যয়ন আৰু নিয়ন্ত্রণৰ কাৰণে দ্রুত নিৰীক্ষণ ব্যৱস্থাৰ প্রয়োজন৷ ২০১৬ চনৰ আগ্রাসনৰ পিছত গৱেষকসকলে পৰামর্শ আগবঢ়াইছিল, ফেৰমন নিৰীক্ষণ পদ্ধতি প্রয়োগ কৰিবলৈ৷
এটা অঞ্চলৰ পৰা, এটা অনিষ্টকাৰী কীট নিশ্ছিহ্ণ কৰি পেলোৱাটো প্রত্যাহ্বানজনক৷ ভাৰত চৰকাৰ ‘ফৰিং নিয়ন্ত্রণ আৰু গৱেষণা উদ্যোগে(Locust Control and Research Initiative) পৰম্পৰাগত ব্যৱস্থা যেনে– বিস্তাৰণ ক্ষেত্র নিৰীক্ষণ আৰু আক্রান্ত অঞ্চলত কীটনাশক স্প্রে’ কৰা– এনে নিয়ন্ত্রণ ব্যৱস্থা ব্যৱহাৰ কৰে৷ শেহতীয়াকৈ ‘এয়াৰক্রাফ্টৰ সহায়েৰে ওপৰৰ পৰা কীটনাশক স্প্রে’ কৰিছে আৰু জৰীপ আৰু কীটনাশক প্রয়োগত ড্র’নৰ(drone) প্রয়োগো কৰা হৈছে৷ গৱেষণাই নিশ্চিত কৰিছে যে ‘ফৰিং প্লেগ’ নিয়ন্ত্রণসাধ্য, যদিহে ফৰিঙৰ আগ্রাসনৰ আৰম্ভণিতেই নিয়ন্ত্রণ ব্যৱস্থাসমূহ নিয়াৰিকৈ প্রয়োগ কৰিব পৰা হয়৷ ফৰিঙৰ জাকৰ আগ্রাসনৰ কাৰণে সুবিধাজনক অৱস্থা সৃষ্টি কৰিছে৷
ৰহস্যৰ আৱর্তত জাক পতা অভ্যাসঃ পতংগবিজ্ঞানীসকল মতে মৰুভূমিৰ ফৰিংবোৰ স্বভাৱগতভাৱে অকলশৰীয়া আৰু নিঃসংগতাপ্রিয় প্রাণী, একেটা দলৰে আনবোৰ ফৰিঙৰ লগত মিলামিছা নকৰে৷ তথাপি, শস্য চপোৱাৰ সময়ত, এই অকলশৰীয়া প্রাণীটোৱে, সৈন্যৰ জাকৰ দৰে দল বান্ধে আৰু শস্যপথাৰ উদং কৰি দিয়ে৷ ইয়াৰ ৰহস্য কি? কি জীৱ বৈজ্ঞানিক প্রক্রিয়া আছে, যি প্রক্রিয়াৰ মাধ্যমেদি এটা নিঃসংগতাপ্রিয় প্রাণীৰ সংগপ্রিয় প্রাণীলৈ ৰূপান্তৰণ সম্ভৱ হয়? যদি আমি এই ৰহস্য উদ্ঘাটন কৰিব পাৰোঁ, মৰুভূমি ফৰিঙৰ সংঘবদ্ধ ধ্বংসলীলা প্রতিৰোধৰ নতুন পন্থা উদ্ভৱ হ’ব৷