নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তি মন্ত্রীয়ে কৰিব কি? ভাষাটোৰ গতি কেনি?

প্রিয় পাঠক, লেখাটো আৰম্ভ কৰিবলৈ পাঙি আছিলোঁ সুকীয়া এটা কথাৰেহে৷ পিচে, ক্ষমা কৰিব উপায়ান্তৰ নাপাই আন এটা কথাৰে কলম পিহা আৰম্ভ কৰিবলৈ বাধ্য হ’লোঁ৷ বেছ কিছু দিন হ’ল, গুৱাহাটীত বিদ্যুতৰ লুকা–ভাকুৱে জোলোকা জোলোকে পানী খুৱাইছে৷ মাজতে দুই–এদিন ডেৰ ঘণ্টা–দুঘণ্টা পর্য্যন্ত৷ গেলা গৰমত ঘামি–জামি জুৰুলি–জুপুৰি হৈ থাকিবলগীয়া অৱস্থা৷ মুলুকৰ গ্রামাঞ্চল আৰু মফছলীয়া অঞ্চলত বিদ্যুৎ যোগানৰ গতি–গোত্র লোকগণৰ নখ দর্পণত৷ চৰকাৰ যি দলৰে বা মর্চাৰে হওক, তাৰ মাজতে, কেইখনমান চহৰত, বিশেষতঃ আটায়ে বুজিব পৰা কাৰণত, গুৱাহাটীত শক্তি কর্তৃপক্ষই যেনে তেনে, যিমান পাৰে, যোগান অব্যাহত ৰাখে৷ ইয়াৰ আগৰ সোণোৱাল চৰকাৰৰ ‘জামানা’ত আট্ছা–কংগ্রে’ছী–ভাজপা পল্লৱ লোচন দাস আৰু আছু–ভাজপা তপন গগৈৰ পাছত সম্ভৱতঃ সোণোৱালদেউ নিজেয় (হX) শক্তি মন্ত্রীও আছিল (‘থাক্’ ধাতুৰ অতীত কালৰ ক্রিয়া ৰূপ)৷ কিয়, কেনেকৈ, নাজানো কিন্তু সেইখিনি সময়ত অন্ততঃ গুৱাহাটীত বিদ্যুৎ যোগানত বিঘিনি প্রায় নাছিল বুলিয়েই ক’ব পাৰি৷ কথাটো কাক্তালীয়ও হ’ব পাৰে৷ পিচে, নতুন শক্তি মন্ত্রী বিমল বৰাই কার্য্যভাৰ লোৱাৰ দিনদিয়েক পাছতে সংবাদ মেল পাতি ভীম, দুর্য়োধন, বৃত্রাসুৰৰ বচন মাতি অনেক কথা বোলাৰ মাজতে, বিদ্যুৎ চুৰিৰ কথাও কৈ ইংগিত দিলে বোলে, প্রয়োজন হ’লে বিদ্যুৎ খণ্ডটোও ব্যক্তিগত খণ্ডক গতাই দিয়া হ’ব পাৰে কিয়? তেনে হ’লেনো তেখেত কিহৰ ‘শক্তিমান’ মন্ত্রী? তেখেতে নিজে, শক্তি বিভাগৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত মুখ্য সচিব, বিভাগৰ প্রধান সচিব, আয়ুক্ত–সচিব (কাম থাকক বা নাথাকক, বিদ্যুৎ পৰিষদখন আৰু অধ্যক্ষ এগৰাকী এতিয়াও আছে), অসম শক্তি বিতৰণ কোম্পানী (কাম্প্নি)ৰ পৰিচালন সঞ্চালক তথা অলেখ অভিযন্তা–বিষয়া সমন্বিতে এই চোৰবোৰৰ বিৰুদ্ধে একত্রিতভাবে অতি কঠোৰ ব্যৱস্থা গ্রহণ কৰি ৰাজহ সংগ্রহ বৃদ্ধি কৰি বিদ্যুৎ মাচুল হ্রাস কৰি গ্রাহকক সকাহ দিব নোৱাৰে নেকি? তাৰ বিপৰীতে, ‘প্রয়োজন হ’লে’ বুলি, ৰাজহুৱা খণ্ডটো ব্যক্তিগত ‘ত্রাণকর্তা’ (আম্বানি–আদানি–মিট্টাল?)ৰ হাতত গতোৱাৰ গোঁজৰণি কিয়? মুলুকত বিদ্যুৎ চুৰিৰ ভু–ভা এতিয়াহে পাইছেনেকি অমাত্যপ্রৱৰে? সি যি কি নহওক, এতিয়া যে কিছু ব্যৱস্থা লৈছে, ভাল কথা ৰাইজৰ শুভেচ্ছা আছে৷ পিচে, তাতে গোটাদিয়েক ‘কিন্তু’ আৰু ‘চেটেপ’ আছে ক’ম৷ কিন্তু আগেয়ে শুনক৷
মুলুকত বিদ্যুৎ তস্কৰৰ টিঘিলঘিলনিৰ কাহিনী প্রাচীন৷ এই লেখক গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতি হৈ থকা কালৰ ভিন্ ভিন্ সময়ৰ কথা৷ অসমৰ শক্তি খণ্ডৰ এই ‘সংস্কৃতি’টো (সংবহন তাঁৰত হাকোঁটা লগাই বিদ্যুৎ টনা) বন্ধ কৰাৰ বাবে ভালেকেইজন শক্তি মন্ত্রী তথা পৰিষদৰ অধ্যক্ষক, মুখামুখি আলোচনা আৰু স্মাৰক পত্রৰ যোগে দাবী জনোৱা হৈছিল৷ এই মুহূর্তত মনত পৰা মতে, মুখ্য মন্ত্রী হিতেশ্বৰ শইকীয়া, মন্ত্রী হিতেন্দ্র নাথ গোস্বামী আৰু দেৱানন্দ কোঁৱৰ তথা অধ্যক্ষ ড০ হিলেৰি পাইস্, জ্যোতি প্রসাদ ৰাজখোৱা, নিশি নাথ চাংকাকতী, প্রবীৰ দত্ত, পী কে চৌধুৰী আদি৷ বিষয়টো মানি লৈ চৰকাৰ আৰু পৰিষদে এটা সময়ত আৰক্ষী বিষয়া আই পী এ’ছ্ প্রিয় গোস্বামীৰ নেতৃত্বত, এই চোৰবোৰ ধৰাৰ অর্থে, ‘ৰাজহ চোৰাংচোৱা বিভাগ’ Revenue Intelligence Department) নামে, পৰিষদত এটা কর্তৃপক্ষও স্থাপন কৰি দিছিল৷ বোধ হয়, সেইটো এতিয়া বাষ্পীভূত৷
মন্ত্রী মহোদয়, যোৱা কিছু দিনত যে স্বয়ং গুৱাহাটীতে, ছাগলী খেদা বা পিঠা গুড়ি চলা বৰষুণ দুচিপমান আহিলেই বিদ্যুৎ শক্তিৰ অন্তর্ধান ঘটিছে (পূর্বেও ঘটিছিল) লোকজনে বাকচৰ বাতৰি বা আন একো অনুষ্ঠান চাব আৰু শুনিব নোৱৰা অৱস্থা হৈছে, তাৰ কাৰণ এনে নেকি– (১) যিসকল দাগী বিদ্যুৎ তস্কৰ (মাথোন হাকোঁটা বিজ্ঞানীসকল নহয় তথাকথিত ‘উদ্যোগপতি’ও), সেইসকলৰ লগত বিদ্যুৎ পৰিষদৰ অধীনস্থ একাংশ (আটাই নহয়) বিষয়া–কর্মচাৰীৰ কিবা সহযোগ–ষড়যন্ত্র আছে (২) সঘন বিজুতি–ব্যাঘাতৰ দ্বাৰা ৰাইজক অতিষ্ঠ কৰি তোলা,– যাতে কাগজ কল, সাৰ কাৰখানা, তৈল খাদ, মৰাপাট কল, বিমান বন্দৰ, শিক্ষা, ৰেইলৱেই, স্থল পথ পৰিবহন আদিৰ দৰেই, অসমৰ এই অত্যন্ত গুৰুত্বপূর্ণ ৰাজহুৱা খণ্ডটোও ব্যক্তিগত বণিয়াৰ হাতত তুলি দিয়াৰ সপক্ষে ৰাইজ সুৰসুৰীয়া হয় (৩) ক্রমবর্ধমানসংখ্য লোক অসমৰ যমদূত, গেৰুকামুখৰ ত্রুটীপূর্ণ বৃহৎ নদী বান্ধৰ পক্ষপাতী হয়?
এতিয়া, অলপ আগেয়ে উল্লেখ কৰা সেই ‘কিন্তু’ আৰু ‘চেটেপ’–ৰ কথা৷ মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ জুৰি ব্যৱহাৰ কৰা বিদ্যুতৰ আদেয়ক (বিল্)ৰ ধন আদায় নিদি, সৎ আৰু নিয়মিত গ্রাহকসকলৰ মূৰৰ ওপৰত সেই পৰিমাণৰ কৃত্রিম ঘাটিবোৰ জাপি দিয়া গ্রাহকসকল আৰু সৰু–ডাঙৰ–মধ্যমীয়্ বিদ্যুৎ চোৰবোৰৰ বিৰুদ্ধে কর্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্রহণ কৰা দেখি ৰাইজে ৰজাক সাধুবাদ দিলে– বাঃ বাঃ, এয়াহে সু–শাসন৷ বিচাৰ–বিৱেকসম্পন্ন্ কোনো লোকে তাত আপত্তি নকৰিলে৷ পিচে, লাগিল নহয় তাতে ‘চেটেপ’ ‘চকুচৰহা টেটকুটীয়া’ সাংবাদিক কিছুমানে খুঁচৰি খুঁচৰি উলিয়ালে নহয় স্বয়ং চৰকাৰ বাহাদুৰৰে ভিন্ ভিন্ বিভাগ আৰু কার্য্যালয়েই বিদ্যুৎ কর্তৃপক্ষক পৰিশোধ কৰিবলগীয়া হৈ পৰি আছে মূৰ আচন্দ্রাই কৰা কিমান কোটি পৰিমাণৰ টকা অধিক কি, কঠোৰ সাৱধান বাণীৰে ৰাইজক হুংকাৰ দিয়া আৰক্ষী সঞ্চালক প্রধানৰ নেতৃত্বাধীন (গৃহ বিভাগৰ অধীনস্থ) আৰক্ষী বাহিনীটোৰ সমুদায় কার্য্যালয়ে বিজুলী বাহিনীক (দৰাচলতে ৰাইজক) আদায় দিবলৈ বাকী থকা মাচুলৰ পৰিমাণেয় (‘হয়’টো উহ্য) হেনো পাঁচ কোটি পঞ্চাশ লাখ টকা এতিয়া পিচে কি হ’ব? আটাই দেখোন নিমাত–নিটাল, মন্ত্রী বৰাদেউ এই অসমীয়া ফকৰা–যোজনা, প্রবচনবোৰো বৰ দুষ্ট, নোম টেঙৰ ঃ কিবা বোলেনে, মনত নপৰিবলগীয়া সময়তেহে মনত পৰি যায়৷ এতিয়াও মনলৈ আহিল সেই যে কিবা শেন আৰু ফেঁচাৰ কথাষাৰ কিলায় বা কাক লীলা বা কাৰ এতিয়া, প্রতি বছৰৰ দৰে, ‘বিদ্যুৎ পৰিষদ’(?)ৰ দুটা নিগম আৰু এটা কাম্প্নিয়ে এই সমস্ত কথা লুকুৱাই ৰাখি অমুক–তমুক, ভচুক–তহুকৰ ঘাটিৰ নাটক দেখুৱাই, হাত–ভৰি নোহোৱা জগন্নাথৰ হাতৰ পুতলা, অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত আর্জি পেচ কৰিব এই ‘ঘাটি পূৰণৰ অর্থে’, সৎ, নিষ্ঠাৱান, সাধাৰণ গ্রাহকৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ, আৰু আয়োগেও, অলপ ইফাল–সিফাল কৰা যেন দেখুৱাই ৰসতে নাম থৈ ৰামটাঙোনৰ কোবকেইটা শোধাব আমাসৱৰ মূৰৰ ওপৰত৷ বিধায়কসকলেও একো নামাতে কাৰণ, তেৰাসৱেও প্রাগজ্যোতিষপুৰৰ চৌহদৰ ভিতৰত শক্তি বিভাগৰ ঘিউ–মৌ খাই আহিছে৷ একে ভোগৰ যোগ্য, চৌহদৰ সমূহ বিষয়া–কর্মচাৰী চাকৰিয়াল৷ দুহেজাৰ, পাঁচ হাজাৰ, ছয় হাজাৰ টকাৰ বিদ্যুৎ খৰচ কৰিলেও দিব লাগে এশ/ডেৰশ/দুশ টকা
মন্ত্রী মহোদয়, ইয়াৰ উপৰি আছে, বসুন্ধৰা ভোগ কৰাৰ বাবে যোগ্য কিছুমান উচ্চ পদবীধাৰী বিশেষ প্রশাসনীয় আৰু আৰক্ষী বিষয়া, বিশেষতঃ গুৱাহাটীৰ জৱাহৰ নগৰৰ আই এ’ এ’ছ, কলনিত থকা, চৰকাৰৰ ‘নীলাক্ষ’ আৰু ‘নীলাক্ষী’ বিষয়াসকল, যিসকলৰ বিলাসবহুল চৰকাৰী বাসভৱনসমূহত কেইবাটাও শীত–তাপ নিয়ন্ত্রণ যন্ত্রকে ধৰি বিভিন্ন বৈদ্যুতিক আৰু বৈদ্যুতিন সৰঞ্জাম ব্যৱহূত হয় যিসকলৰ অনেকৰে স্ত্রী/স্বামী দুয়ো চাকৰিয়াল সেইসকল বিষয়াই মাহেকত আঠ–দহ হাজাৰ টকাৰ বিদ্যুৎ খৰচ কৰিলেও, দিব লাগে এহেজাৰ বা সামান্য বেছি কেইটামান টকাৰ মাচুল৷ ই কেনে বিচাৰ? এই বোজা কোনে বহন কৰি আছে? আপুনি তথা চৰকাৰে কিবা কৰিবনে?
বৰাদেউ, প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন শক্তি মন্ত্রী হৈ থাকোঁতে বিদ্যুৎ কর্তৃপক্ষই বাটৰ কাষৰ বাঁহৰ খুঁটা, তামোল গছ আদিত বিদ্যুৎ পৰিবাহী তাঁৰ বান্ধি বিদ্যুৎ যোগান ধৰিলেও, দুয়োগৰাকী মন্ত্রীয়ে সঘনাই কৈছিল গ্রাহকক ২X৭ হিচাপত বিদ্যুৎ যোগান ধৰা আৰু আণ্ড্(ৰ্)গ্রাউণ্ড কেইব্ল্ বহুওৱাৰ কথা৷ আপুনি কার্য্যভাৰ লৈ দিনদিয়েক পাছতে কোৱা কথাৰ আঁত ধৰি মই আপোনাক উদ্দেশ্য কৰি লিখিছিলোঁ,– তেখেতসকলেনো সেই কাম কেনেকৈ কৰিবলৈ পাং পাতিছিল, সেই বিষয়ে তেখেতসকলৰ লগত বাক্য বিনিময় কৰা সম্ভৱনেকি তাকে ভাবি চাবলৈ,– কিজানিবা আকাশত বিজুলী এচমকা ওলালেই বা বতাহত গছৰ পাত কেইখিলামান লৰিলেই ‘লাইন কাটি’ দিবলগীয়া নহয়
যায় যদি যাওক, জহন্নামে যাওক
ওঁ, হয়, যায় যদি যাওক, জহন্নামে যাওক মানে, অসমীয়া নামৰ ভাষাটো৷ বিগত বহু বছৰ ধৰি, অসমীয়া ভাষাৰ প্রতি অসম চৰকাৰৰ শিক্ষা বিভাগ, বিভিন্ন সংশ্লিষ্ট কর্তৃপক্ষ, অনুষ্ঠান–প্রতিষ্ঠান, ক্রমবর্ধমানসংখ্য বিশিষ্ট ব্যক্তি তথা সর্বসাধাৰণ লোক আৰু, সর্বোপৰি, সামগ্রিকভাবে অসম চৰকাৰৰ মনোভাৱ আৰু আচৰণ দেখি দেখিয়েই ভাৱ হৈছে যেন, মুখেৰে যিয়েই যিহকে নকওক লাগে, গৰিষ্ঠসংখ্যক লোকৰ ইচ্ছা এয়ে৷ যোৱা ৭ জুলাইত লিখিছিলোঁ যে কোনো লোক ‘ধর্মান্তৰ হোৱা’ বোলা কথাটো ভুল কাৰণ, ‘ধর্মান্তৰ’ মানে হ’ল অন্য ধর্ম৷ এজন মানুহ ‘অন্য ধর্ম’ হ’ব কেনেকৈ? হয় বা হ’ব পাৰে ধর্মান্তৰিত, অর্থাৎ অন্য ধর্মত দীক্ষিত৷ একে দৰে,– কোনো কোনো অভিধানত অন্তর্ভুক্ত হ’লেও, – ‘ধর্মান্তৰকৰণ’–টোও ভুল, কিয়নো, তাৰো অর্থ হয়গৈ– (কোনো লোকক) ‘অন্য ধর্মকৰণ’৷ হ’ব লাগে ধর্মান্তৰিতকৰণ৷ এই প্রসংগতে উল্লেখযোগ্য যে অলেখ লোকে আৰু প্রায় আটাই সংবাদ মাধ্যমে কয় আৰু লিখে– ‘স্থানান্তৰ হোৱা’, ‘স্থানান্তৰ কৰা’ আৰু ‘স্থানান্তৰকৰণ’৷ এই আটাইকেইটা ভুল৷ হ’ব লাগে ‘স্থানান্তৰিত হোৱা/কৰা’ আৰু ‘স্থানান্তৰিতকৰণ’৷ একেদৰে, ‘উপায়ান্তৰ’ বোলা শব্দটোও লাখ লাখ লোকে ভুলকৈ ব্যৱহাৰ কৰি আছে৷ শব্দটো ভুল নহয় শব্দটো আছেই তাৰ প্রয়োগহে প্রায়ে ভুল৷ ‘দৰৱত দিবলৈ’ থকা ক’ৰবাত দুই–এজন লোকৰ বাদে আন আটাইৰে বেলিকা কথাটো সেয়ে৷ কাৰণ, উপায়ান্তৰ মানে হৈছে অন্য উপায়৷ কিন্তু এই যে প্রায় আটায়ে কয়– ‘মই উপায়ান্তৰ হ’লোঁ’ বা ‘তেওঁ উপায়ান্তৰ হ’ল’ ইত্যাদি,– ইবোৰৰ অর্থ কি? যে মই মানুহটোৱেয় অন্য উপায় হ’লোঁ তথা তেওঁ মানুহজনেয় অন্য উপায় হ’ল? আচলতে এইসকল লোকে ‘উপায়ান্তৰ’ বোলা এই শব্দটো সদায় ভুলকৈ ব্যৱহাৰ কৰি আহিছে, ‘উপায়হীন’ হোৱা(বা নোহোৱা)ৰ অর্থত৷ হ’ব লাগে উপায়ান্তৰ (অন্য উপায়) পোৱা (বা নোপোৱা), যেনে– ‘মই উপায়ান্তৰ (আকৌ কৈছোঁ, অন্য উপায়) নাপাই তেওঁৰ ঘৰলৈকে গ’লোঁ’৷ কিন্তু চাওকচোন, কিমান মাৰাত্মক এটা ভুল চলি আছে আমাৰ মাজত আটাই ‘বিন্দাছ’
দৰিদ্র মানে হৈছে দুখীয়া Poor)৷ এইটো এটা বিশেষণবাচক শব্দ ADJECTIVE)৷ আনহাতে, দাৰিদ্র্য মানে হৈছে দুখীয়া অৱস্থা POVERTY)৷ চৰকাৰীভাবে কিছু ৰেহাই/সকাহ দিয়াৰ অর্থে (আচলতে দলীয় ভোট ভঁৰাল নির্মাণৰ অর্থে) কেনেকুৱা আনুষ্ঠানিক বিধি অনুসাৰে কোনখিনি লোকক দৰিদ্র বুলি শ্রেণীভুক্ত কৰিব পাৰি, তাকে নির্ণয়কৰণৰ অর্থে কিছুমান মাপনী কাঠী YARDSTICK) আছে৷ তাতো সদায় অলেখ জঘন্য কেলেংকাৰী ঃ লাখ লাখ ভুৱা ‘দুখীয়া’ সি যি কি নহওক, এই ক্ষেত্রত ভাষা সম্পর্কীয় মূল কথাটো হ’ল– উক্ত মাপনী কাঠী অনুসাৰে ‘দৰিদ্র’ বুলি যিসকল লোক চিনাক্ত আৰু শ্রেণীভুক্ত হয়, সেইসকলৰ বাবে নির্ধাৰিত চৰকাৰী আঁচডালক ইংৰাজীত বোলা হয়POVERTY LINE; তাকে অসমীয়াত বোলা হয় ‘দাৰিদ্র্য সীমাৰেখা’৷ সেই অনুসাৰেU(-nder)PL আৰুB(-elow)PL মানুহ৷ পিচে, এতিয়া, আমাৰ যোগান মন্ত্রী তথা অন্যান্য মন্ত্রী, বিধায়ক, সাংসদ, জুমুঠি আৰু টায়া(ৰ্) দাহকাৰী সমাজকর্মী, বিষয়া, কর্মচাৰী, সাহিত্যিক, শিক্ষক, ছাত্র আদিৰ ভিতৰৰ গৰিষ্ঠসংখ্যক সহজ–সৰল, পি পু–সি শো/শু অসমীয়াই সেই সীমাৰেখাডালকে কৰি পেলালে দুখীয়া ঃ ‘দৰিদ্র সীমাৰেখা’ “POOR LINE”?) বিত্ত মন্ত্রী অজন্তা নেওগৰ বাজে’ট বত্তৃণতাতো সেয়ে৷ এতিয়া কওক,– কোনে কাৰ পৰা কি শিকিব
‘সুলভ’ মানে হৈছে সহজলভ্য দামৰ অর্থত,– কম দামত উপলব্ধ৷ বাস্তৱিকভাবে হওক বা নহওক, মই ভাষাৰ অর্থতহে কৈছোঁ যেনে– ‘সুলভ কাপোৰৰ/আচবাবৰ দোকান’৷ কিন্তু বে’–পৰোৱা অসম চৰকাৰ আৰু বে’–পৰোৱা অসমীয়া মানুহ আৰু ‘সর্বোচ্চ জাতীয় অনুষ্ঠান’কে ধৰি লেখ–জোখবিহীন ‘অসমীয়া জাতীয় অনুষ্ঠান’ৰ চেতনা চাওক৷ য়ূ পী এ’ল্ অর্থাৎ দাৰিদ্র্য (‘দৰিদ্র’ নহয়) সীমাৰেখাৰ তলৰ মানুহখিনিক কিছু সকাহ দিয়াৰ অর্থে নির্দিষ্ট পৰিয়াল পৰিচয় পত্র (আচলতে একোখন বহী)ৰ ভিত্তিত, নির্দিষ্ট পৰিয়ালসমূহক কিছুমান সুনির্দিষ্ট দোকানৰ যোগে নির্দিষ্ট পৰিমাণৰ কেইবিধমান অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰাৰ এটা চৰকাৰী ব্যৱস্থা আছে হেলেক নেচা, হৈ নেচা দুর্নীতিত পোত খাই গেলি থকা৷ সেই কথা বাৰু বাদ৷ উল্লিখিত দোকানসমূহক ইংৰাজীত বোলা হয়FAIR PRICE SHOP (শিথিলভাবে,– ‘ৰেশ্ন্ শSho)প্)৷ অসমীয়াত হ’ব লাগিছিল– ‘ন্যায্য (বা উচিত) মূল্যৰ (বস্তুৰ) দোকান (চমুকৈ ‘ন্যায্য মূল্যৰ দোকান’) অথবা– ‘সুলভ সামগ্রীৰ দোকান’৷ কিন্তু হ’লগৈ কি? ‘সুলভ মূল্যৰ দোকান’ হয়তো, তাহানিতে, খাদ্য আৰু অসামৰিক যোগান (এইটো পাহৰাই ৰাখিবলৈ বিচৰা হয়) বিভাগৰ কোনোবা ভো–ভো পণ্ডিতে কিবা ধ্যান কৰি পাই লিখি দিলে,– ‘সুলভ মূল্যৰ দোকান’, আৰু, কোলাৰটো দলিয়াই বোকাৰটো তুলি লোৱাত পাকৈত, অগ্রগামী আমি অছমীয়াই ল’লোঁ তাকে শিৰোধার্য্য কৰি পিচে, পাঠক, সেই দোকানবোৰলৈ আপোনালোক (‘লোকে’ নহয় ক’ম, ৰ’ব) কি কিনিবলৈ যায়? সুলভ সামগ্রী কিনিবলৈ, নে ‘সুলভ মূল্য’ কিনিবলৈ? (বাক্যটোত, কর্তা ‘আপোনালোক’ৰ মুখ্য ক্রিয়া ‘কিনিবলৈ’–টো নহয়, ‘যায়’–টোহে)৷ খাৰখোৱা অসমীয়া মানুহ, অসমীয়া সভা আৰু খাৰুৱা অসম চৰকাৰে আজিলৈকে ‘সুলভ মূল্যৰ দোকান’–ৰ ঠাইত, ‘সুলভ সামগ্রীৰ দোকান’কে কৰিব নোৱাৰিলে আৰু কিটো কৰিব, হেৰি? পিচে, ‘যোগান মন্ত্রী’ ৰঞ্জিত দাসদেৱ, মোৰ বোধেৰে, এইটো কৰোঁ বুলিলে, একো বিধেয়কৰ প্রয়োজন নাইনেকি এটা কার্য্যবাহী প্রশাসনীয় নির্দেশেয় যথেষ্ট নেকি?
আকৌ চাওক ঃ ‘এপষেক’ ‘পষ’ মানে হৈছে শুক্ল প্রতিপদৰপৰা পূর্ণিমালৈ তথা কৃষ্ণ প্রতিপদৰপৰা অমাৱস্যালৈ যি কোনো এটা পক্ষ, অর্থাৎ ২৮ দিনীয়া চান্দ্র মাহৰ আধা৷ আনহাতে, সাধাৰণ বা শিথিলভাবে দিন হিচাপত, পষ মানে হ’ল চৈধ্য বা পোন্ধৰ (১৪/১৫) দিন৷ তেনে স্থলত অনেক লোকে কোৱা আৰু লিখা ‘এপষেক’, ‘দুপষেক’ আদি শব্দ (?)ৰ অর্থ কি? ‘এপষ’ মানে হ’ল এটা পষ, আৰু ‘পষেক’ (প+এক) মানেও সেই একেই৷ এতেকে SO?), ‘এপষেক’ মানে ‘এটা পষ এটা’, ‘দুপষেক’ মানে ‘দুটা পষ এটা’, ‘তিনি পষেক’ মানে ‘তিনিটা পষ এটা’ নহ’ল জানো? আমি তেনে হ’লে, শব্দৰ অর্থ নজনাকৈয়ে আৰু সেই বিষয়ে নাওমানো নভবাকৈয়ে শব্দবোৰ ব্যৱহাৰ কৰি থাকিম নেকি? বিদ্যালয়–মহাবিদ্যাল্ শিকোৱা হয় কি? এনেয়েনো কৈছোঁনে,– ভাষাটো জহন্নাম যাত্রাৰ পথত বুলি? ইমানেয় নহয় আৰু চাওক৷ ‘কথা–বতৰা’ মানে হৈছে কথোপকথন৷ আনহাতে, ভাগ–বটোৱাৰা মানে হৈছে ভগাই দিয়া কার্য্য৷ কিন্তু আজিকালি বহুত লোকে সততে ‘কথা–বতৰা’–ৰ এই ‘বতৰা’টো আনি বহুৱাই দিয়েহি ‘ভাগ–বটোৱাৰা’–ৰ এই ‘বটোৱাৰা’–টোৰ ঠাইত ফলাফল– ‘ভাগ–বতৰা’ শব্দ এটা পালে, তাক ভালদৰে চাই, শুনি, তাৰ বানান, উচ্চাৰণ আৰু অর্থ শিকি–বুজি আয়ত্ত কৰি লোৱাৰ সংস্কৃতি, অভ্যাস বেছিভাগ লোকৰে নথকাৰ ফলতে আজি আমাৰ চৌদিশে এই অৱস্থা৷ মই ‘ফেইছ্ বূক’–ত নাই৷ কিন্তু কোনোবা কোনোবাই ‘ফেইছ্ বূক’ৰ পৰা মোলৈ ‘লিংক্’ দি কিবা–কিবি পঠালে, তাত প্রায়ে পাওঁ,– ‘আপোনাৰ বন্ধু পৰিয়ালবর্গ….ৰ সৈতে ভাগ–বতৰা আৰু সংযোগৰ…’
বৰপেটা হ’ল এখন নগৰ৷ তাত বহুত বিখ্যাত সত্র আছে৷ এতেকে বৰপেটাক যথার্থভাবেই এখন ‘সত্র নগৰী’ বোলা হয়৷ আনহাতে, কিছু বছৰৰ আগলৈকে এটা মহকুমা হৈ থকা আৰু এতিয়া এখন জিলালৈ উন্নত হোৱা মাজুলী হৈছে এটা নদী দ্বীপ৷ এই দ্বীপত এতিয়াও সৰু–ডাঙৰ কেইবাশও সত্র আছে৷ কিন্তু বাতৰি কাকত আৰু বাকচৰ অনেক সংবাদদাতাই মাজুলীৰ বতৰা দিওঁতে লিখে আৰু কয়– ‘সত্রনগৰী মাজুলী’ কিন্তু সমগ্র মাজুলী দ্বীপটো এটা ‘সত্রদ্বীপ’ৰ পৰিৱর্তে এখন ‘সত্রনগৰী’ হয় কেনেকৈ? অধিক আচৰিত কথা, নিজৰ সাংবাদিকসকলে এনে মাৰাত্মক ভুলবোৰ সঘনাই কৰি থকা সত্ত্বেও তেওঁলোকৰ সম্পাদকমণ্ডলীৰো সেই একেই অৱস্থা৷ সাধাৰণ শ্রোতা–দর্শকে, নৱ–প্রজন্মৰ কিশোৰ–কিশোৰীয়ে কি শিকিব, কি জানিব?
এটা উদ্ভট শব্দ যুটিৰে সামৰোঁ৷ প্রৱেশ মানে হৈছে ভিতৰলৈ সোমোৱা কার্য্য৷ আনহাতে, অনুপ্রৱেশ মানে হৈছে আইন–বিধি বহির্ভূতভাবে অর্থাৎ অবৈধভাবে কৰা প্রৱেশ৷ পূর্ব বংগ বোলক, পূব পাকিস্তান বোলক বা বাংলাদেশ বোলক, বিগত প্রায় দুশটা বছৰে, এই ভূখণ্ডৰপৰা আমাৰ মুলুকলৈ চলি থকা এই বিশেষ পৰিক্রমাটোৰ সুবাদতে আমাৰ মনুষ্যগণ এই শব্দটোৰ লগত ভালদৰেই পৰিচিত৷ কাণ্ডটোক কেন্দ্র কৰি এটা ‘বিশ্ববিখ্যাত ছবছৰীয়া আন্দোলন’–ও হৈ গ’ল৷ কাণ্ডটো আৰু তাৰ অপভ্রংশসমূহক লৈ ‘দেশ–দুনিয়া’ এতিয়াও গৰম৷ শব্দটোৱে বুজোৱা ‘প্রৱেশ’টো যে অবৈধ, সেই অর্থ তথা সংশ্লেষ, শব্দটোতে অন্তর্ভুক্ত হৈ আছে৷ অথচ, ৰাজনীতিক, সমাজকর্মী, লেখক, আন্দোলনকাৰী তথা সাংবাদিককে ধৰি আমাৰ হাজাৰ হাজাৰ লোকে এতিয়াও কয় আৰু লিখে– ‘অবৈধ অনুপ্রৱেশ’ কিমান আশ্চর্য্যজনক কি হেতু? হেতু কি? এনেদৰে কওঁতা আৰু লিখোঁতাসকলে এবাৰ ভাবি চায়নে যে ‘অবৈধ অনুপ্রৱেশ’ (ইলীগ্ল্ ইন্ফিল্ট্রেইশ্ন্?) থাকিলে, ‘বৈধ অনুপ্রৱেশ’ (লীগ্ল্ ইন্ফিল্ট্রেইশ্ন্?) এবিধো থাকিব লাগিব? প্রব্রজন (মাইগ্রেইশ্ন্) বৈধ আৰু অবৈধ দুয়ো বিধৰ হ’ব পাৰে৷ কিন্তু অনুপ্রৱেশ মাথোন এবিধহে ঃ– অবৈধ প্রৱেশ৷ ‘অবৈধ অনুপ্রৱেশ’ বোলাটো, ‘হাতীটোৱে ভৰিৰে গচকি দুজন মানুহ হত্যা কৰে’ বোলাৰ নিচিনা কথা,– অপ্রয়োজনীয় দ্বিৰুক্তি৷ হাতীয়ে ভৰিৰে নগচকি, শুঁৰেৰে, কাণেৰে বা নেজেৰে গচকিবনেকি?
পুচ্ছপট ঃ পে’ট্রলৰ দাম ঃ– (–পেট্র’ল–নহয় সেইটো, টহল বুজোৱাPATROL বোলা শব্দটোৰহে অসমীয়া লিপ্যন্তৰিত ৰূপ)৷ তলত দিয়া সংখ্যাবোৰ নাওমানকৈ ইফাল–সিফাল হ’ব পাৰে৷ কিন্তু মোটামুটিকৈ সেয়ে৷ পে’ট্রল– ৩০ টকা+ ভাৰত চৰকাৰ – ২২ টকা+ ৰাজ্য চৰকাৰ – ৪০ টকা+ বিতৰকৰ লাভ – (ডীলার্য্ কমিশ্ন্) – ৬.৫০ টকা= মুঠ?

You might also like