নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপথাৰৰ পৰা টকিঅ’লৈ লাভলীনাৰ সোণোৱালী যাত্রা

-মুকুট শর্মা

মূলাগাভৰু, সতী জয়মতী, কনকলতা বৰুৱা, ভোগেশ্বৰী শইকীয়ানী আদি বীৰাংগনাৰে মহীয়ান অসমৰ নাৰী শক্তিৰ ত্যাগ, সাহস আৰু বীৰত্ব ইতিহাসৰ পাতত বিৰল৷ আহোমৰ ৰাজত্বকালত মূলাগাভৰু আৰু সতী জয়মতীয়ে মাতৃভূমিৰ বাবে দেখুওৱা বীৰত্ব আৰু ত্যাগৰ চানেকিয়ে যুগ যুগান্তৰলৈ অসম আৰু অসমীয়াক অনুপ্রাণিত কৰি যাব৷ একেদৰে পৰাধীনতাৰ কবলৰ পৰা দেশক মুক্ত কৰিবলৈ কনকলতা বৰুৱা, ভোগেশ্বৰী শইকীয়ানীৰ দৰে মহীয়সীয়ে ব্রিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্রামত প্রাণ আহুতি দি অসমৰ নাৰী শক্তিৰ অদম্য সাহস আৰু গভীৰ দেশপ্রেমৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিছিল৷ এই বীৰাংগনাৰ দেশ অসমৰ নাৰী আজি কোনো ক্ষেত্রত পিছপৰি ৰোৱা নাই৷ সাহিত্য–সংস্কৃতি, শিক্ষা, প্রযুক্তিৰ পৰা আৰম্ভ কৰি ক্রীডাক্ষেত্রলৈ, সকলো দিশত অসমৰ নাৰী শক্তিয়ে এতিয়া বিশ্বত ৰাজ্য আৰু দেশৰ গৌৰৱধ্বজা উৰুৱাইছে৷ নিজৰ নিজৰ ক্ষেত্রত অসাধাৰণ প্রতিভাৰ পৰিচয় দাঙি ধৰি এইসকল নাৰীয়ে অসমবাসীক গৌৰৱান্বিত কৰিছে৷ অতি শেহতীয়াকৈ অসমৰ এগৰাকী উদীয়মান জীয়ৰীয়ে ক্রীডা বিশ্বত অসমৰ গৰিমা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টকি’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিবলৈ সাজু হোৱা এইগৰাকী অসম কন্যা হ’ল লাভলীনা বৰগোহঁাই৷ ভাৰতীয় বক্সিং জগতৰ অন্যতম সম্ভাৱনাময় তাৰকাগৰাকীয়ে ৰাজ্যৰ প্রথম মহিলা ক্রীডাবিদ হিচাপে বিশ্বৰ সর্ববৃহৎ ক্রীডা মহোৎসৱ অলিম্পিকত অংশ লোৱাৰ গৌৰৱ অর্জন কৰিছে৷ অলিম্পিকৰ সুবৃহৎ মঞ্চত পদক জয়ৰ বহু আকাংক্ষিত সফলতা অর্জনৰ দুর্বাৰ হেঁপাহ বুকুত বান্ধি টকি’ত উপস্থিত হোৱা লাভলীনাই অহা ২৪ জুলাইৰ পুৱা ৮বজাত বক্সিং ৰিঙত নামিব৷ দৃঢ়মনা বক্সাৰগৰাকীক লৈ এতিয়া সমগ্র ৰাজ্যবাসী উৎকণ্ঠিত৷ ইয়াৰ পূর্বে অলিম্পিকত অংশ লোৱা অসম সন্তান ডাঃ টালিমেৰন আও, দীপাংকৰ ভট্টাচার্য, শিৱ থাপা আৰু জয়ন্ত তালুকদাৰে সম্ভৱ কৰি তুলিব নোৱাৰা অসম্ভৱক বাস্তৱায়িত কৰি লাভলীনাই এইবাৰ টকি’ত পদক জয়ৰে অসমৰ ক্রীডা ইতিহাসক ধন্য কৰিব বুলি সকলো আশাবাদী৷ বক্সিং ৰিঙৰ সাহসী যোদ্ধাগৰাকীয়ে দেশ তথা ৰাজ্যবাসীৰ চকুত যোগাই তুলিছে বিশ্ব জয়ৰ দুর্বাৰ স্বপ্ণ৷ বৰপথাৰৰ দৰে ভিতৰুৱা আৰু অনগ্রসৰ অঞ্চলৰ পৰা বিশ্বৰ সর্ববৃহৎ ক্রীডা সমাৰোহলৈ লাভলীনাৰ এই সোণোৱালী যাত্রাই ৰাজ্যৰ নৱপ্রজন্মকো উদ্বুদ্ধ কৰি তুলিছে৷
শৈশৱৰে পৰা অলিম্পিক খেলাৰ সপোন পুহি ৰখা লাভলীনাৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাটৰ বৰপথাৰত৷ পিতৃ টিকেন বৰগোহঁাই আৰু মাতৃ মামণি বৰগোহঁায়ে বিচাৰিছিল কনিষ্ঠ কন্যা লাভলীনাই ভালকৈ পঢ়া–শুনা কৰি ঘৰৰ নাম উজলাব আৰু এদিন পৰিয়ালটোৰ কষ্ট দূৰ হ’ব৷ কিন্তু দুই জ্যেষ্ঠ ভগ্ণীক দেখি লাভলীনায়ো প্রায় ১২ বছৰ বয়সৰ পৰাই আৰম্ভ কৰে দুঃসাহসিক খেল কিকবক্সিং৷ জ্যেষ্ঠ ভগ্ণী লিছা আৰু লীমাই ৰাষ্ট্রীয় স্তৰত কিক বক্সিং খেলি ঘৰখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে লাভলীনাই বৰপথাৰ ছোৱালী হাইস্কুলত বক্সিং খেলৰ প্রতি আকর্ষিত হয়৷ এদিন স্কুলত গোলাঘাট ছাই কেন্দ্রই আয়োজন কৰা বাছনি শিবিৰত তেওঁৰ প্রতিভাৰ ওপৰত চকু পৰে প্রশিক্ষক পদুম বডোৰ৷ এয়া আছিল ২০১২ চনৰ কথা৷ অভিজ্ঞ প্রশিক্ষকগৰাকীয়ে লাভলীনাক শিবিৰৰ পৰা বাছনি কৰি ছাই কেন্দ্রত প্রশিক্ষণ দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পৰাই আৰম্ভ হয় দেশৰ নতুন মেৰী কম সৃষ্টিৰ এক মনোৰম কাহিনী৷ এই কাহিনী অধিক মনোৰম আৰু চিত্তাকর্ষক হৈ উঠিব, যেতিয়া গোলাঘাটৰ লাভলীনাই টকি’ অলিম্পিকৰ বক্সিং ৰিঙৰ পৰা দেশলৈ পদক কঢ়িয়াই ৰাজ্যৰ ক্রীডাক্ষেত্রত নতুন ইতিহাস ৰচিব৷ এই মধুৰ ক্ষণৰ বাবে আমি সকলো অপেক্ষাৰত৷ উল্লেখ্য যে ২০১৭ৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয়েৰে প্রথমবাৰৰ বাবে ভাৰতীয় ক্রীডা জগতত পৰিচয় লাভ কৰা লাভলীনাই ২০১৯ আৰু ২০২০ চনত একেৰাহে দুবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে৷ ২০২০ৰ মার্চত অলিম্পিক কোৱালিফায়িং প্রতিযোগিতাত পদক অর্জন কৰি বৰপথাৰৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে টকি’ অলিম্পিকৰ টিকট নিশ্চিত কৰিছিল৷ বিগত প্রায় এমাহ ধৰি ইটালীত উন্নত প্রশিক্ষণ গ্রহণ কৰি অলিম্পিকলৈ সাজু হোৱা লাভলীনাৰ প্রতিটো পাঞ্চত আছে গগনচুম্বী আত্মবিশ্বাস আৰু অদম্য মানসিক শক্তি৷ এই আত্মবিশ্বাস, সাহস আৰু শক্তিৰে বক্সিং ৰিঙৰ বীৰাংগনাগৰাকীয়ে টকি’ৰ পৰা অসমলৈ ঐতিহাসিক সাফল্যৰ সংবাদ কঢ়িয়াই আনিব বুলি অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে৷

You might also like