ইংৰাজী সাহিত্যৰ অগ্রণী কবি উইলিয়াম ৱর্ডছৱর্থে মানৱীয় প্রমূল্যৰ ধাৰাবাহিক অৱক্ষয়ৰ কথা উল্লেখ কৰি‘World is Too Much With Us’ বুলি এক যাউতিযুগীয়া কবিতা লিখি থৈ গৈছিল, যাৰ নাম প্রথমে নল’লে লেখাটি পিছলৈ আধৰুৱা হ’ব যেন বোধ হয়৷ তেওঁৰ ভাষাত–
‘The world is too much with us; late and soon Getting and spending, we lay waste our powers- Little we see in Narture that is ours;’ স্বপ্ণোপম প্রকৃতিৰ লয়লাস পাহৰি পার্থিৱ সম্পদ আহৰণৰ অপৰিণামদশ্ প্রতিযোগিতাত ভাগ লোৱাৰ প্রৱণতা যেন আজি সর্ববিদ্যমান, যাৰ প্রমাণ দিনক দিনে বাঢি অহা ম’বাইল ফোনৰ গ্রাহকৰ সংখ্যা৷ ২০১২ চনত চলোৱা এক সমীক্ষা অনুসৰিApple কোম্পানীটোৱে প্রতি ৪ ছেকেণ্ডত বিক্রী কৰিছিল ৩,৪০,০০০তকৈও অধিকI-Phone৷ ইয়াৰ পয়োভৰ ইমানেই বৃৃদ্ধি পাইছে যে ২০২০ চনৰ শেষৰ ফালে বিশ্বৰ প্রতি দহজনব্যক্তিৰ ভিতৰত সাতজনৰ হাতত ম’বাইল ফোন হ’বগৈ বুলি অনুমান কৰা হৈছে৷ আজি কিছুদিনৰ আগলৈকে ম’বাইল ফোন একোটা সমাজৰ কিছুসংখ্যক ধনাঢ্য লোকৰ মাত্রাধিক বিলাসী তথা খৰচী জীৱনৰ উপযোগী বৈষয়িক সম্পদ বা ‘বস্তু’ৰূপে চিহ্ণিত হৈছিল৷ কিন্তু আজিৰ দিনত এই ধাৰণা পূর্ণমাত্রাই সলনি হৈছে৷ কাৰণ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ আমূল পৰিৱর্তনৰ আশীর্বাদত ব্যস্ততাপূর্ণ জীৱনত সমাজৰ বেছিসংখ্যক লোকেই ক্রমান্বয়ে সহজলভ্য হৈ উঠা আহিলাবিধ আঁকোৱালি লৈছে, যাৰ প্রতি মানুহৰ আগ্রহ তথা মানসিক প্রয়োজনবোধ এনেদৰেই তুংগত উঠিছে যে শৰীৰৰ এটা অংগ বিকল হ’লেও হয়তো এচাম মানুহে ইমান হৈ–চৈ নকৰিব, যিমান এই আহিলাবিধ হেৰুৱালে বা নষ্ট হ’লে কৰা পৰিলক্ষিত হয়৷ যদিওবা আজিৰ বিজ্ঞানৰ যুগত ম’বাইল ফোনে শিক্ষা, মনোৰঞ্জনকে ধৰি বিভিন্ন ক্ষেত্রত আগবঢোৱা অৱদানক নুই কৰিব নোৱাৰি, তথাপি ইয়াৰ মাত্রাধিক প্রয়োগে মানৱজগতলৈ এনেদৰে ভয়াৱহ বিহ কঢিয়াই আনিছে তাৰ কু–ফলসমূহ সহজে লোকচক্ষুত ধৰা নপৰিলেও তাৰ কবলৰ পৰা মুক্তি পোৱা দুৰূহ হৈ পৰিছে৷ তেনে এক বৰবিহ হৈছে ন’ম’ফ’বিয়া Nomophobia) অর্থা ‘No Mobile Phobia’৷ একৈশ শতিকাৰ এই নৱতম ৰোগ বা ব্যাধি ন’ম’ফ’বিয়াক লণ্ডনৰ বিখ্যাত বাতৰিকাকতEvening Standard–এ‘Plague of our 24 x 7 age’ বুলি অভিহিত কৰিছে৷ পৃথিৱীৰ সর্ববৃহৎPsychiatric প্রতিষ্ঠানAmerican Psychiatric Associationৰ মতে ন’ম’ফ’বিয়া এনে এক ব্যাধি, যাক ব্যাখ্যা কৰাটো কঠিন এই প্রতিষ্ঠানৰ দ্বাৰা প্রকাশিতDiagnostic and Statistical Manual of Mental Disorders Fifth Edition চমুকৈ‘DSM-5’ ৰিপ’টত ইয়াক এক‘Specific Phobia’ বুলি চিনাক্ত কৰিছে৷ এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হ’ল– উদ্বেগ, কম্পন, বিষণ্ণতা, আতংক, ভয়, নির্ভৰতা আদি৷ এনে ব্যাধিগ্রস্ত ৰোগীয়ে নিজৰ ব্যৱহূত ফোনটোকে সর্বেসর্বা বুলি গণ্য কৰিবলৈ লয় আৰু অনবৰতে সেইটোকে লিৰিকি–বিদাৰিবা নিৰীক্ষণ কৰি থকাৰ প্রৱণতা গঢি তোলে যাৰ অত্যধিক আসক্তিয়ে পিছলৈ জটিল ৰূপ লয়৷ সমাজতত্ত্ববিদIchiyo Habuchiৰ মতে এনে লক্ষণসমূহে দেখা দিয়া যুৱকসকলে ম’বাইলৰ প্রতি আসক্তিৰ ফলস্বৰূপে মানৱ সম্বন্ধৰ শিপাডালৰ পৰা বিচ্ছিন্ন হৈ এনে এখন কল্পনাপ্রসূত জগতত প্রৱেশ কৰে, য’ত মুষ্টিমেয় তথা মনেমিলা দুই–এক বন্ধুক ওচৰত ৰাখি মূর্ত জগতখনৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে৷ এই পৃথকীকৰণ পৰিস্থিতিটোক তেওঁ‘Tele-cocooning’ নামে অভিহিত কৰিছে৷ কিন্তু পৰিস্থিতি বিষম তেতিয়াহে হয়, যি মুহূর্তত মূর্ত আৰু বিমূর্ত পৃথিৱীখনৰ মাজত সংঘাত সৃষ্টি হয়৷ হঠাতে ফোনটোৰ পৰা আঁতৰি গ’লে ব্যক্তিজন আতংকিত হৈ পৰে আৰু মূর্ত পৃথিৱীখনৰ পৰা নিজকে পৃথক দেখি অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰে৷ এনে আচৰণৰ ওপৰত কৰা এক পৰীক্ষাৰ কথা উল্লেখ আছেBusiness Insider নামৰNews Websiteত য’ত কোৱা হৈছে যে এজন ম’বাইল ফোন ব্যৱহাৰকাৰীয়ে প্রতিদিনে গডে ২৬১৭ বাৰ স্পর্শ কৰে নিজৰ ফোনটোক৷ বার্তালাভৰ নিমিত্তে ম’বাইলৰ প্রতি অতিমাত্রা নির্ভৰশীল ব্যক্তি এজনৰ সাধাৰণতে হ্রস্বম্যাদী স্মৃতি(Short-term Memory)ৰ বেছি ব্যৱহূত হয়, যি দীর্ঘম্যাদী স্মৃতিৰ ধাৰকত্বক হ্রাস কৰি তোলে৷ ব্যক্তিজনৰ গাত দেখা দিয়া ন’ম’ফ’বিয়াৰ লক্ষণসমূহে সামাজিক উদ্বিগ্ণতা তথা সমাজ সম্বন্ধীয় ফ’বিয়াসমূহকো বেছি গাঢ কৰি তোলে৷ এনে ইলেকড্রনিক সজুলিবিধৰ প্রতি নির্ভৰশীলতা যিমানেই বৃদ্ধি পায় সিমানেই তেওঁৰ সূক্ষ্ম কথা স্মৰণ কৰিবলৈ লাহে লাহে অপাৰগ হৈ উঠে কাৰণ এনে পৰনির্ভৰশীলতাই মনোজগতত এক অদ্ভুত ধৰণৰ খেলিমেলিৰ সঞ্চাৰ ঘটায়৷ লণ্ডনত অৱস্থিতYougov নামৰ আন্তর্জাতিক গৱেষণা প্রতিষ্ঠানে কৰা অধ্যয়ন অনুসৰি ন’ম’ফ’বিয়াৰ প্রাবল্য মহিলাতকৈ পুৰুষৰ মাজত অধিক৷ ব্রিটেইনৰ শতকৰা প্রায় ৫৩ শতাংশ লোকেই এনে ব্যাধিৰ কবলত পৰা দেখা গৈছে৷ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ তুলনাত ভাৰতবর্ষত এই ব্যাধিৰ গৱেষণা এতিয়ালৈকে খুবেই কম৷ কিন্তু যি হাৰত ম’বাইল ফোনৰ ব্যৱহাৰ ভাৰতত দেখা গৈছে তাৰ প্রতি লক্ষ্য ৰাখি এনে চিন্তা–চর্চা কৰা নিতান্তই প্রয়োজন আছে বুলি ভবাৰ সম্পূর্ণ থল আছে৷
আমাৰ সমাজৰ লোকৰ বিলাসবহুল জীৱন–প্রণালী তথা ভোগবাদী মানসিকতাই এক ভয়ংকৰ ৰূপ লোৱাৰ দিশে অগ্রসৰ হৈছে৷ অনলাইন সংযোগৰ তৎপৰতাত মানুহে বজাৰৰ বিপণীত অহাৰ আগতেই ক্রয় কৰিছে লাখলাখ ম’বাইল ফোন, যাৰ গুণগত মানৰ চাক্ষুষ সাক্ষী হৈ চালি–জাৰি চাই লোৱাৰ কোনো অৱকাশ নাই৷ এনে ধৰণৰ কাম–কাজে আমাৰ নিজৰেই অদূৰদর্শিতা তথা এক সস্তীয়া চিন্তাৰ পৰিচয় বহন কৰা নাইনে? ভাৰতীয়সকলে বৈজ্ঞানিক চিন্তাধাৰাক আঁকোৱালি ল’লে সঁচা, কিন্তু দূৰদর্শিতাৰ অভাৱে তাক সঠিক দিশে আগুৱাই নিব পাৰিছেনে? অতীজতে মানুহৰ মাজত থকা অকৃত্রিম মৰম–চেনেহ, আত্মীয়তা, সহধমিতা তথা মূল্যবোধৰ শিপাডালৰ পৰা বিচ্ছিন্ন হৈ ‘হাই–হেল্ল’ৰূপী তথাকথিত ‘স্মার্ট’ জগতত প্রৱেশ কৰিছে যদিও ফুটা টেকেলিৰ তলেৰে পানী অহৰহ নির্গত হোৱাৰ দৰে সুস্থ মানৱ সম্পর্ক গঢিবলৈ প্রয়োজনীয় আঠাবোৰ আলম–বিলমকৈ তৰল হৈ নিগৰি যাব ধৰিছে৷ প্রশ্ণ হয়, যি ‘স্মার্টফোন’ৰ অধিকাৰী হৈ সগর্বে নিজকে মানুহে ‘স্মার্ট’Citizen ৰূপে পৰিচয় দিছে এনেকুৱা‘Smartness’ আমাক সঁচাই প্রয়োজননে, যি আমাক মানৱ সমাজ বা প্রকৃতিৰ পৰা বিচ্ছিন্ন কৰি এনে কিছুমান ব্যাধিৰ দিশে ঠেলি দিয়ে, য’ত মানুহে ভয়, শংকা তথা উদ্বিগ্ণতাৰে জীৱন অতিবাহিত কৰিব লগা হয়? মনৰ সতেজতাক হত্যা কৰা এনে এবিধ আহিলাক আমি কিমান দূৰ জীৱনৰ সংগীৰূপে লৈ ফুৰিম সেইটো এক বিচার্যৰ বিষয়৷ এতিয়া কথা হ’ল আজিৰ মানুহে কেনেদৰে আগবাঢিলে ন’ম’ফ’বিয়াৰ দৰে মাৰাত্মকব্যাধিৰ পৰা পৰিত্রাণ পাব পাৰিব? আমেৰিকাৰ প্রখ্যাত মনীষী তথা অসাধাৰণ কাব্য প্রতিভাৰ গৰাকী হেনৰী ডেভিড থ’ৰোৱে‘Walden’ নামৰ গ্রন্থখনত লিখিছে, ‘বেছিভাগ বিলাস–বৈভৱ আৰু তথাকথিত আৰামদায়ক বস্তু জীৱনৰ কাৰণে অপৰিহার্যতো নহয়েই, বৰং মানৱ জাতিৰ বিকাশৰ পথত সেইবোৰ প্রতিবন্ধক স্বৰূপ’৷ এনে প্রতিবন্ধকতাৰ বেহু ভাঙি নিজৰ প্রয়োজনীয়তাখিনিৰ বিষয়ে এক সম্যক ধাৰণা গঢি লৈ তাক পোৱাৰ চেষ্টা কৰা সকলোৰে কাৰণে নিতান্তই প্রয়োজন৷ বাস্তৱৰ জাকজমকতা আৰু আডম্বৰপূর্ণতাৰ কথা বেছিকৈ চিন্তা কৰাৰ সলনি স্বনির্ভৰশীল তথা অকৃত্রিম মানসিক সুস্থিৰতাপূর্ণ জীৱন প্রণালী আঁকোৱালি ল’বপৰাজনৰ ওপৰতেই সমাজৰ বিকাশ নির্ভৰ কৰে৷ আজিৰ পৰিস্থিতিত ম’বাইল ফোনৰ পৰা সমূলি আঁতৰি থকাটো অসম্ভৱ, কিন্তু এনে ইলেকড্রনিক সঁজুলিসমূহৰ ব্যৱহাৰৰ সমান্তৰালকৈ সামাজিক প্রয়োজনীয়তাখিনিক তেনে সঁজুলি ব্যৱহাৰৰ অবিহনেই যিমান দূৰ সম্ভৱ তাক পূৰণ কৰাৰ অভ্যাসটোক সাৰ–পানী যোগান ধৰি জীয়াই ৰখাটোহে আচল কথা৷ প্রতিজন মানুহে যেতিয়ালৈকে বৈদ্যুতিন আচবাবসমূহৰ সন্তুলিত ব্যৱহাৰ(Balanced Use)ৰ ওপৰত গুৰুত্ব আৰোপ নকৰে, তেতিয়ালৈকে ন’ম’ফ’বিয়াৰ কবলৰ পৰা হাত সৰা সহজ নহ’ব৷ অসন্তুলিত প্রতিটো কাম বা কথাই আন এক অসন্তুলনৰ জন্ম দিয়ে৷ প্রকৃতি জগতৰ ভাৰসাম্যক আওকাণ কৰি তাৰ সন্তুলনত আঘাত কৰাৰ পৰিণাম কেনে ভয়াৱহ হ’ব পাৰে তাৰ উমান মানৱ জাতিয়ে ইতিমধ্যে পাইছে৷ গতিকে সকলো কথা চালি–জাৰি চাই আজিৰ যুৱ প্রজন্মই সময়ৰ আহ্বানৰ প্রতি সঁহাৰি দি প্রযুক্তিবিদ্যাৰ মাধ্যমেৰে নিজৰ লাগতিয়ালখিনিও বুুটলি ল’ব লাগিব আৰু তাৰ সমান্তৰালকৈ তেনে কলাবিদ্যাৰ অনিয়ন্ত্রিত ব্যৱহাৰৰ পৰা বিৰত থাকি এক সন্তুলিত বাতাৱৰণ সৃষ্টি কৰিব লাগিব৷ সময়ৰ শৰ সময়মতে মৰাৰ যিদৰে প্রয়োজন সেইদৰে সেই একেপাত শৰে যাতে নিজকে আঘাত নকৰে তাৰ কাৰণে সজাগ থাকিব লাগিব৷ তদুপৰি মানুহৰ জ্ঞানোদয় হ’ব লাগিব যে বৃদ্ধি আৰু বিকাশৰ মাজত এক অন্তৰাল আছে, স্মার্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱাটোৱেই প্রকৃত বিকাশ হোৱাৰ ইংগিত বহন নকৰে৷ তেনে বিকাশ তেতিয়াহে সম্ভৱ, যেতিয়া মানুহ ম’বাইলৰ পর্দাৰ পৰা আঁতৰি নিজকে মূর্ত জগতখনৰ পৰিৱেশৰ লগতে খাপ খুৱাই ল’ব পাৰিব৷ এইক্ষেত্রত প্রতিজন পিতৃৃ–মাতৃৰ ভূমিকাৰ কথা নক’লে সকলো প্রচেষ্টা বিফল হোৱাটো খাটাং৷ তেওঁলোকৰ কৰণীয় বহুখিনি আছে৷ উদাহৰস্বৰূপে ক’বলৈ গ’লে ইলেকড্রনিক মাধ্যমৰ লগত জডিত বিশ্বৰ আগশাৰীৰ ব্যক্তি যেনেSteve Job আৰুBill Gates–এNew York Timesৰ সাক্ষাৎকাৰত যিদৰে নিজৰ সন্তানক স্মার্টফোন ব্যৱহাৰৰ ক্ষেত্রত নির্দিষ্ট সময়সীমা বান্ধি দিছিল সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে৷
গতিকে লেখাটোৰ শেষত কওঁ যে প্রতিজন পিতৃ আৰু প্রতিগৰাকী মাতৃয়ে নিজৰ ফুলকুমলীয়া সন্তানক ব্যস্ত ৰাখিবলৈ ‘ম’বাইলতে গেম খেলি থাক’ বুলি এৰি নিদি হাতত আকর্ষণীয় কিতাপ এখনকে তুলি দি মনতে ‘ফালিলেও ফাল’ বুলি এৰি দিয়া প্রৱণতাটো গঢি তুলিব নোৱাৰেনে? নিজৰ ক্ষেত্রত অন্ততঃ সপ্তাহটোৰ এটা দিন হ’লেও যদি‘No Mobile Day’ ৰূপে পালন কৰিব পৰাকৈ আমি নিজৰ ৰুটিনখন বনাই লওঁ তাত কিবা ক্ষতি আছে জানো নিশ্চয় নাই৷ প্রয়োজন মাথোঁ অকণমান সংযমৰ৷
লেখক ঃ সহকাৰী অধ্যাপক, অসম ডনবস্ক’ বিশ্ববিদ্যালয়, ফোন ঃ ৯৯৫৪৩–৭৪০৬