নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলক লৈ বিটিচিত মার্কেটিং কৰিছে ৰিপুণে

শ্রীৰামপুৰত নৱ শৰণীয়া

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ‘কংগ্রেছ দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলক লৈ মার্কেটিঙত নামিছে৷ ইয়াত কোনো সন্দেহ নাই৷ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দেখিছে ২০২১ৰ আগত একো নাই আৰু কংগ্রেছৰ আভ্যন্তৰীণ সংঘাত আছেই৷ বিটিচি নির্বাচন এনেকুৱা নির্বাচন, য’ত হাজাৰ হাজাৰ টকাৰ ইফাল–সিফাল হয়৷ গতিকে তাৰ পৰা যদি কিবা ইনকাম হয়, সেইটো কিয় এৰি দিব৷ মই ভাবোঁ ইয়াতকৈ বেলেগ অংক আৰু ৰিপুণ বৰাৰ একো নাই৷’ –এই ভাষ্য জি এছ পি দলৰ সভাপতি তথা কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ আজি বিটিচিৰ ৩নং শ্রীৰামপুৰ সমষ্টিৰ জি এছ পি দলৰ প্রার্থী হাফিজুৰ ৰহমানৰ সপক্ষে ভোমৰাবিলত আয়োজন কৰা নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি আৰু কয় যে কংগ্রেছৰ ভাল দিন থকা সময়তো মাত্র দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ এতিয়াতো দিছপুৰ–দিল্লীত ক’তো কংগ্রেছ নাই আৰু ২০২১ত কংগ্রেছ আহে নে নাই, তাৰো কোনো নিশ্চয়তা নাই৷ আজমল চাহাবৰো আগৰ কৰীশ্মা নাই৷ পূর্বে আজমলৰ মিটিঙত ৫০ হাজাৰ লোকৰ সমাগম হৈছিল যদিও এতিয়া দুই হাজাৰ মানুহ জমা নহয়৷ ৰাইজ এইবাৰ পদুমত নে হাত নে তলা–চাবিত ভোট দিব, সেয়া ৰাইজৰ কথা৷ কিন্তু মই বিটিচিবাসী ৰাইজক এইটোকে অনুৰোধ কৰিম, মোক যেনেদৰে বিপুল ভোটত জয়ী কৰাইছিল, অনুৰূপভাৱে জাতি–ধর্ম নির্বিশেষে সকলো লোকে বিটিচিৰ ২২ লক্ষ অবডো জনসাধাৰণৰ ভূমিৰ অধিকাৰ, জীৱন–সম্পত্তিৰ অধিকাৰ সুনিশ্চিত কৰাৰ স্বার্থত জি এছ পি দলক বিটিচিৰ শাসনলৈ অনাটো অতি দৰকাৰ৷ সেয়ে অন্য দলৰ নাটকবাজী কথাত ভোল নগৈ বিটিচিৰ সকলো অধিকাৰ ভোগ কৰাৰ স্বার্থত জি এছ পি দলক চৰকাৰ গঠনত মুখ্য ভূমিকা লওক, তাৰে আহ্বান জনায় শৰণীয়াই৷ শৰণীয়াই আৰু কয় যে বিটিচিত বসবাস কৰা অবডো লোকৰ সমস্যাৰ সত্যাসত্যতা বিজেপি দলে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ কংগ্রেছ আৰু বিজেপিয়ে বডোসকলৰ লগত তিনিবাৰ চুক্তি কৰিলে৷ কংগ্রেছ, বিজেপি, এ আই ইউ ডি এফ এই দলসমূহে বিটিচিৰ মানুহক একো উপকৃত কৰিব নোৱাৰে৷ বৰং জ্বলা জুইত ঘিউ ঢ়ালিব পাৰে৷ আজিৰ নির্বাচনী সভাত জি এছ পিৰ ভালেসংখ্যক নেতা উপস্থিত থাকে৷

You might also like