জেইন ডেভিছ ওঠৰ বছৰ বয়সতে মাতৃ হ’ল৷ কিন্তু সন্তানৰ পিতৃ–পৰিচয় গোপন ৰাখিব লগা হ’ল, কাৰণ মানুহজনে তেওঁৰ পিতৃত্ব স্বীকাৰ কৰিবলৈ ৰাজী নহ’ল৷ ওঠৰ বছৰীয়া জেইন ডেভিছে সন্তানটোক প্রতিপালন কৰাৰ সমস্ত দায়িত্ব নিজেই ল’ব লগা হ’ল৷ কিন্তু তেওঁ আছিল দৰিদ্র আৰু অকলশৰীয়া৷ তেওঁৰ জীৱিকাৰ একমাত্র উপায় আছিল দৰিদ্র লোকসকললৈ চৰকাৰে আগবঢ়োৱা আর্থিক সাহায্য৷ দৰিদ্রতা আৰু নিঃসংগতাই স্বাভাৱিকতে তেওঁক সকলো সময়তে বিমর্ষ কৰি ৰাখিছিল৷ এদিন আবেলি পৰত তেওঁ নিঃসংগতা আৰু বিমর্ষতাৰ পৰা মুক্তি বিচাৰি স্থানীয় ৰাজহুৱা পুথিভঁৰালটোলৈ গৈছিল৷ কৌতূহলৰ বশৱর্তী হৈ পুথিভঁৰালটোলৈ যাওঁতে তেওঁ কল্পনাই কৰিব পৰা নাছিল যে এই পুথিভঁৰালটোৱেই তেওঁৰ জীৱন সলনি কৰি দিব৷
পুথিভঁৰালটোতে বহি তেওঁ এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে৷ পঢ়ি থাকোঁতেই তেওঁ অনুভৱ কৰিলে যে কিতাপখনে তেওঁৰ মনত বিশেষ এটা ক্রিয়া কৰিবলৈ আৰম্ভ কৰিছে৷ পানীৰ অভাৱত শুকাই মৰহি যাব ধৰা গছৰ পুলিত পানী ঢালিলে সি যেনেকৈ অলপ সময়ৰ ভিতৰতে ঠন ধৰিবলৈ আৰম্ভ কৰে, ঠিক তেনেকৈ জেইনেও অনুভৱ কৰিলে যে কিতাপখনে তেওঁৰ মনলৈ কিছুমান আচহুৱা ভাব আৰু অনুভূতি সঞ্চাৰিত কৰি দি তেওঁৰ নিস্তেজ মনটোক সজীৱ কৰি তুলিছে৷ কিতাপখন তেওঁ ঘৰলৈ লৈ আহিল৷ মাজৰাতিলৈকে টোপনি খতি কৰি তেওঁ কিতাপখন পঢ়িবলৈ ধৰিলে৷ শুবলৈ বুলি বিছনাত পৰোঁতেই তেওঁ অনুভৱ কৰিলে যে আন ৰাতিবোৰৰ দৰে সেইদিনা তেওঁক এটা নামহীন বেদনাই গ্রাস কৰি ধৰা নাই৷ কিতাপত পঢ়া কাহিনীটোৱে, কাহিনীটোৰ চৰিত্রবোৰে, চৰিত্রবোৰৰ কথা–বার্তাই, সিহঁতৰ জীৱনত ঘটা ঘটনাবোৰ আৰু অন্তৰত ঘটা অন্তর্দ্বন্দ্ববোৰে তেওঁৰ মনত বহু বিচিত্র অনুভূতি জগাই তুলিলে৷ তেওঁৰ মনত বিমর্ষতাৰ কাৰণে ঠাই নোহোৱা হ’ল৷
সেয়াই আছিল আৰম্ভণি৷ তাৰ পিছৰ পৰাই তেওঁ প্রতিদিনেই পুথিভঁৰালটোলৈ যাবলৈ ধৰিলে৷ প্রতিদিনেই পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িবলৈ ধৰিলে৷ তেওঁৰ জীৱনটো সলনি হৈ গ’ল৷ মনৰ পৰা বিষাদ আৰু নিঃসংগতাৰ ভাব নোহোৱা হ’ল৷ তেওঁ এদিন নিজকে কোৱাৰ দৰে ক’লে – ‘কিতাপেও মানুহক দুখ আৰু যন্ত্রণাৰ পৰা মুক্তি দিব পাৰে৷ কিতাপেও মানুহক ৰক্ষা কৰিব পাৰে’ তেওঁ তেতিয়া ভাবিলে যে কিতাপে যদি তেওঁক নতুন জীৱন দিব পাৰিছে, তেন্তে তেওঁৰ নিচিনাকৈয়ে মানসিক যন্ত্রণাত অসহায়ভাৱে ভুগি থকা আন মানুহক সহায় কৰিব নোৱাৰিব কিয়?
জেইনে তেওঁৰ চিনাকি আৰু তেওঁৰ নিচিনাকৈ একে ধৰণৰ দুৰৱস্থাত পতিত হোৱা কিছুমান পুৰুষ আৰু মহিলাক গোটাই লৈ তেওঁলোকক নিজৰ অভিজ্ঞতাৰ কথা ক’লে৷
জেইনৰ উদগনিতে সকলোৱে লগ লাগি এটা সংগঠন স্থাপন কৰিলে,The Readers Organization৷ তেওঁলোকৰ শ্লোগান হ’ল–Get Into Reading, অর্থাৎ কিতাপ পঢ়াৰ অভ্যাস কৰা৷ কিতাপ পঢ়িবলৈ অভ্যাস কৰিবৰ কাৰণে মানুহক উদগনি বা উপদেশ দিয়াটোৱেই তেওঁলোকৰ একমাত্র উদ্দেশ্য নাছিল৷ কিতাপ পঢ়াৰ কামটোক আনন্দদায়ক আৰু ফলদায়ক কৰিবৰ কাৰণে তেওঁলোকে একে ঠাইতে গোট খাই একেলগে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে৷ এজনে ডাঙৰকৈ শব্দ কৰি কিতাপখন পঢ়ি যায়, আৰু বাকীবিলাকে কিতাপখনৰ কথাবোৰ আলোচনা কৰে, ইজনে সিজনক প্রশ্ণ কৰে, কিতাপখনৰ লগত মিল থকা যেন লগা নিজৰ জীৱনৰ অভিজ্ঞতাকো বর্ণনা কৰে৷
কিতাপ পঢ়ি থকাৰ মাজতে তেওঁলোকে পঢ়োঁতাজনক বাৰে বাৰে বাধা দিয়ে আৰু ইজনে সিজনক নানা প্রশ্ণ কৰি কিতাপ পঢ়াৰ কামটোক এটা জীৱন্ত অভিজ্ঞতাত পৰিণত কৰে৷
কিতাপ পঢ়াৰ অভ্যাসে সঁচাকৈয়ে সেই সংগঠনটোৰ সদস্যসকলৰ জীৱনলৈ এটা বিৰাট পৰিৱর্তন আনিলে৷ কিতাপে তেওঁলোকৰ মানসিক দুশ্চিন্তাৰ ভাৰ যথেষ্ট লাঘৱ কৰিলে আৰু তেওঁলোকৰ মনবোৰক সক্রিয় কৰি তুলিলে৷The Readers Organizationৰ খবৰ চৌদিশে বিয়পি পৰিল৷ ব্রিটেইনত এতিয়া সংগঠনটোৰ ১৫০টা শাখা গঠিত হৈছে৷ সামূহিক কিতাপ পঢ়াৰ এই আন্দোলনটো এতিয়া অষ্ট্রেলিয়ালৈকে বিয়পি পৰিছে৷
সংগঠনটোৰ সদস্যসকলে নিজে কিতাপ পঢ়াৰ পৰা পোৱা উপকাৰৰ ভাগ আনকো দিবলৈ মন কৰি হাস্পতাল, কাৰাগাৰ, অনাথ আশ্রম আৰু বৃদ্ধনিৱাস আদি ঠাইতো এই কিতাপ পঢ়াৰ আন্দোলন আৰম্ভ কৰিছে৷ হাস্পতালৰ ৰোগীসকলৰ মানসিকতালৈ কিতাপ পঢ়াৰ এই আন্দোলনে বিস্ময়কৰ পৰিৱর্তন আনিছে৷ ঠিক সেইদৰে ই কাৰাগাৰৰ কয়দীসকল, অনাথ আশ্রমৰ শিশুসকল আৰু বৃদ্ধ নিৱাসত নিৰানন্দ জীৱন কটোৱা বয়সস্থ লোকসকলক নতুন জীৱন দান কৰিছে৷ কিন্তু এই কথা মনত ৰখা দৰকাৰ যে এইবোৰ ঠাইত পঢ়া কিতাপবোৰ কেৱল মনোৰঞ্জনৰ কাৰণে পঢ়া লঘু গল্প–উপন্যাস বা তেনে ধৰণৰ লঘু সাহিত্য নহয়৷
যদিও কোনে কি কিতাপ পঢ়িবলৈ বা শুনিবলৈ ভাল পাব সেই বিষয়ে কোনো ধৰা–বন্ধা নিয়ম নাই, কিন্তু সকলো সময়তে উদগনি দিয়া হয় গভীৰ বিষয়বস্তুৰ কিতাপ পঢ়িবলৈ– শ্বেইক্সপীয়েৰ, গ্যেটে, টলষ্টয় পঢ়িবলৈ৷ এনে ধৰণৰ গভীৰ বিষয়ৰ কিতাপেহে শ্রোতাসকলৰ মনত জীৱনৰ বিষয়ে নানা গভীৰ চিন্তা আৰু প্রশ্ণৰ উদ্রেক কৰি তেওঁলোকৰ মনটো সঞ্জীৱিত কৰি তুলিব পাৰে৷ আচলতে বেছিভাগ মানুহে, বিশেষকৈ কিতাপ পঢ়াৰ অভ্যাস নথকা মানুহে গভীৰ আৰু গধুৰ বিষয়ৰ কিতাপ পঢ়িবলৈ ভয় কৰে৷ তেওঁলোকে ভাবে যে এনেবাৰ কিতাপ তেওঁলোকৰ কাৰণে নহয়৷ কিন্তু এবাৰ জনা–শুনা লোকৰ সহযোগত টলষ্টয় বা গ্যেটে পঢ়িবলৈ আৰম্ভ কৰাৰ পিছত তেওঁলোকে এখন নতুন জগত আৱিষ্কাৰ কৰে৷ যিমানেই তেওঁলোকে এনে গধুৰ কিতাপ পঢ়িবলৈ ধৰে, সিমানেই তেওঁলোকৰ ভয় ভাগিবলৈ আৰম্ভ কৰে৷
সেইটোৱেই হ’ল কেইবাজনো মানুহ লগ লাগি একেলগে পঢ়াৰ আকর্ষণ৷ কিতাপ পঢ়াৰ দায়িত্বটো এনে এজন মানুহক দিব লাগে, যিজন মানুহ কিতাপৰ জগতখনৰ লগত খুব ভালকৈ পৰিচিত আৰু তেওঁ পঢ়ি থকা কিতাপখনৰ টান অংশবোৰ ব্যাখ্যা কৰি সেইবোৰ ৰসাল কৰি তোলাত সিদ্ধহস্ত৷ ব্রিটেইনৰ এই কিতাপ পঢ়াৰ আন্দোলনটোৱে যিবোৰ মানুহক আটাইতকৈ বেছি উপকৃত কৰিছে তেওঁলোক হ’ল নানা ধৰণৰ মানসিক ৰোগত আক্রান্ত ৰোগী, হুইল–চেয়াৰ বা বিছনাত গোটেই জীৱন আবদ্ধ হৈ থাকিবলৈ বাধ্য হোৱা প্রতিবন্ধী মানুহবোৰ, হাস্পতাল আৰু কাৰাগাৰত নিৰানন্দ জীৱন কটোৱা ৰোগী আৰু কয়দীসকল৷
অনাথ আশ্রমৰ শিশুসকলৰ ওপৰতো কিতাপ পঢ়াৰ এই আন্দোলনে বিৰাট প্রভাৱ পেলাইছে৷ আনকি স্মৃতিভ্রংশ Dementia) ৰোগত আক্রান্ত হোৱা ৰোগীসকলো এনে ধৰণে সামূহিকভাৱে কিতাপ পঢ়া অভ্যাসৰ দ্বাৰা বিশেষভাৱে উপকৃত হৈছে৷ অর্থাৎ আনে কিতাপ পঢ়ি থাকোঁতে সেইবোৰ শুনি শুনি স্মৃতিভ্রংশত ভোগা ৰোগীসকলে আংশিকভাৱে হ’লেও স্মৃতি ঘূৰাই পোৱা সম্ভৱ হৈছে৷
মানুহৰ সমাজখনক দুটা ভাগত ভাগ কৰিব পাৰিঃ এভাগ মানুহে কিতাপ পঢ়ে, আনভাগে নপঢ়ে৷ কিতাপ পঢ়া মানুহে নিজৰ অভিজ্ঞতাৰ পৰাই জানে যে নিঃসংগতাৰ যন্ত্রণা দূৰ কৰিবলৈ আৰু ৰোগৰ যন্ত্রণা লাঘৱ কৰিবলৈ কিতাপতকৈ ডাঙৰ মহৌষধ আন একো নাই৷ কিতাপ নপঢ়া মানুহবোৰ কিতাপৰ এই সঞ্জীৱনী সুধাৰ পৰা বঞ্চিত৷ কিন্তু এবাৰ ৰাগিয়াল বস্তু খোৱা মানুহে ৰাগিয়াল বস্তু নোখোৱাকৈ থাকিব নোৱৰাৰ দৰে এবাৰ কিতাপ পঢ়া মানুহেও সেই অভ্যাস এৰিব নোৱৰা হয়৷ ইংৰাজীত অভ্যাসকSecond Nature বা দ্বিতীয় স্বভাৱ বুলি কোৱা হয়৷ কথাটো এনেকৈ ব্যাখ্যা কৰি বুজাব পাৰি৷ ধৰক এজন মানুহে গান গোৱাৰ প্রতিভা লৈ উপজিছে৷
কিন্তু সেই সহজাত প্রতিভাক যদি বিকশিত কৰিবলৈ তেওঁ একো চেষ্টা নকৰে, তেন্তে তেওঁ কেতিয়াও ভাল গায়ক হ’ব নোৱাৰে৷ ভাল গায়ক হ’বলৈ তেওঁ দীর্ঘদিন ধৰি নিয়মিতভাৱে ৰেৱাজ বা অভ্যাস কৰিব লাগিব৷ জন্মতে লৈ অহা গান গোৱাৰ প্রতিভাটো হ’ল তেওঁৰ প্রথম স্বভাৱ কিন্তু সেই প্রতিভা বিকশিত কৰিবলৈ তেওঁ দীর্ঘদিন ধৰি অবিৰামভাৱে যি চেষ্টা কৰি থাকে সেইটোৱেই হ’ল তেওঁৰSecond Nature বা দ্বিতীয় স্বভাৱ৷ এই কথাটোকে প্রথমবাৰৰ কাৰণে কৈছিল প্রাচীন গ্রীক দার্শনিক এৰিষ্ট’টলে৷ একেটা কামকে দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি কৰি থকাটোকে অভ্যাস বুলি কোৱা হয়৷ অভ্যাসৰ বলত মানুহে কৰিব নোৱৰা কাম একো নাই৷
সেই কাৰণে মানুহৰ জীৱন গঢ়াৰ অভ্যাসৰ ভূমিকাই আটাইতকৈ গুৰুত্বপূর্ণ৷ মানুহে কিতাপ পঢ়িবলৈ আৰু তাৰ পৰা উপকাৰ পাবলৈ কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব৷ ওপৰত যিGet Into Reading আন্দোলনৰ কথা কোৱা হ’ল তাৰো প্রাথমিক উদ্দেশ্য হ’ল কিতাপ পঢ়িবলৈ অভ্যাস গঠন কৰা৷ এই আন্দোলনৰ বতৰা এতিয়া লাহে লাহে গোটেই পৃথিৱীতে বিয়পি পৰিছে৷ আমি অসমতো তেনে এটা আন্দোলন আৰম্ভ কৰিব নোৱাৰোঁনে? পৰীক্ষামূলকভাৱে কেইখনমান বছা বছা ঠাইত যেনে– হাস্পতাল, কাৰাগাৰ, বৃদ্ধাশ্রম আৰু অনাথ আশ্রমৰ নিচিনা ঠাইবোৰত? কিতাপেও মানুহক ৰক্ষা কৰিব পাৰে– এই কথা সত্য বুলি ইতিমধ্যে প্রমাণিত হৈছে৷