নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰ সমষ্টিৰ ভোটাৰৰ মাজত এলাগী প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল মহন্ত

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ  ১৯৮৩ চনৰ অবৈধ নির্বাচনত কংগ্রেছৰ প্রয়াত ৰমেশ ফুকন বিধায়ক হিচাপে নির্বাচিত হোৱাৰ বাহিৰে কোনো নির্বাচনত কংগ্রেছ দলৰ প্রার্থীয়ে জয়লাভ কৰিবলৈ সক্ষম নোহোৱা নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত এইবাৰ বিধানসভা নির্বাচনত কংগ্রেছ প্রার্থীয়ে বিজয়ৰ মুখ দেখাৰ সম্ভাৱনা আছে৷ ১৯৮৫ চনৰ পৰা অগপৰ পৰা বিধায়ক নির্বাচিত হৈ অহাৰ লগতে ১৯৯০ চনৰ পৰা একেৰাহে বর্তমান সময়লৈকে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ দখলত আছে বঢ়মপুৰ৷ অগপৰ দুর্গ হিচাপে খ্যাত বঢ়মপুৰত আগন্তুক বিধানসভা নির্বাচনত প্রফুল্ল কুমাৰ মহন্তই টিকট লাভ কৰিলে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ প্রতিবাৰ বিধানসভা নির্বাচনত জয়লাভ কৰি সমষ্টিটোত এক শক্তিশালী স্থিতি গঢ়ি তুলিবলৈ সক্ষম হোৱা প্রফুল্ল কুমাৰ মহন্তই ২০১৬ চনত বিজেপি, অগপ, বিপিএফৰ মিত্রজোঁটৰ প্রার্থী হৈ জয়লাভ কৰাৰ পিছত বিজেপিৰ কর্মকর্তাসকলৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপৰি কেন্দ্রীয় নেতৃত্বক সমালোচনা কৰি মিত্রজোঁটৰ পৰম্পৰা ভংগ কৰাৰ বাবে বিজেপি কর্মকর্তাৰ লগতে সৰহসংখ্যক অগপ কর্মীৰ পৰা এলাগী হৈ পৰে তেওঁ৷ ২০১৬ চনৰ নির্বাচনত সমষ্টিটোৰ কংগ্রেছৰ শক্তিশালী প্রার্থী সুৰেশ বৰাৰ লগত কোনোমতেহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল মহন্ত৷ অগপ আৰু বিজেপি মিত্রজেজাটৰ প্রার্থী নহৈ মহন্তই অকল অগপৰ প্রার্থী হোৱা হ’লে বঢ়মপুৰ সমষ্টিত ২০১৬ চনতে পৰাজয়বৰণ কৰিব লগা হ’ল হয়৷ বিজেপি ঢ়ৌৰ কৃপাত কোনোমতে বিধায়ক হ’বলৈ সক্ষম হোৱাৰ পিছৰে পৰা মহন্তই বিজেপিকে আক্রমণৰ লক্ষ্য কৰি সংবাদ মাধ্যমত বিজেপিক গালি পাৰিবলৈ আৰম্ভ কৰে৷ যাৰ বাবে মিত্রজোঁটৰ এজন বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী হোৱাৰ পিছতো নিজৰে মিত্রজেজাটত এলাগী হৈ পৰে মহন্ত৷ চৰকাৰৰ লগত মিলি থাকি সমষ্টি উন্নয়নৰ চিন্তা কৰাৰ বিপৰীতে নিজক হিৰো কৰিবলৈ গৈ সততে বিজেপিক গালি পাৰি সমষ্টিবাসীক চৰকাৰৰ পৰা এলাগী কৰাৰ বিষয়টো সহজভাৱে ল’ব পৰা নাই সমষ্টিৰ সহজ–সৰল ৰাইজে৷ এইবাৰ ২০২১ চনৰ নির্বাচনত অগপ, বিজেপি মিত্রজেজাটৰ পৰা প্রফুল্ল কুমাৰ মহন্তই টিকট পাবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ কেৱল নির্বাচনী বৈতৰণী পাৰ হ’বলৈ এনেধৰণৰ পদক্ষেপ গ্রহণ কৰি জয়লাভ কৰাৰ পিছতে সমষ্টিবাসীলৈ পিঠি দিয়াৰ সম্ভাৱনা থকাৰ বাবে এইবাৰ মিত্রজোঁটৰ পৰা টিকট লাভ কৰিলে প্রফুল্ল কুমাৰ মহন্ত পৰাজিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ অগপৰ দ্বিতীয় কার্যকালত মহন্তই বঢ়মপুৰ সমষ্টিৰ পৰা প্রতিনিধিত্ব কৰিছিল৷ যাৰ বাবে সেই সময়ত সমষ্টিত নিবনুৱা সংস্থাপনৰ উপৰি উন্নয়নৰ জোৱাৰ উঠিছিল বঢ়মপুৰত৷ যাৰ পৰিপ্রেক্ষিতত দীর্ঘ সময় সমষ্টিবাসীয়ে এনেধৰণৰ পৰিৱেশ পুনৰ ঘূৰি আহক বুলিয়েই মহন্তক প্রতি নির্বাচনত জয়লাভ কৰাত সহায় কৰিছিল৷ কিন্তু সমষ্টিবাসীয়ে মহন্তৰ পৰা সুফল নোপোৱাৰ লগতে মিত্রজোঁটত থাকি মিত্রজোঁটক গালি পাৰি নিজকে এজন জাতীয়তাবাদী নেতা হিচাপে পৰিচয় দিয়াৰ চেষ্টা কৰে৷ অসম আন্দোলনৰ জৰিয়তে গোলাঘাটত জন্মগ্রহণ কৰা অগপ দলটোৱে দুবাৰকৈ চৰকাৰ গঠন কৰাৰ লগতে দুয়োবাৰ কার্যকালত প্রফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্রীৰ আসনত বহিবলৈ সক্ষম হয়৷ কিন্তু পিছৰ সময়ত অগপই চৰকাৰ কৰাৰ পৰিৱেশ ঘূৰি নহাত ১৫ বছৰীয়া কংগ্রেছৰ অপশাসন আঁতৰাবলৈ বিজেপি আৰু অগপ মিত্র হৈ পৰে আৰু কংগ্রেছক ওফৰাই শাসনত বহিবলৈ সক্ষম হয়৷ সময়ৰ সোঁতত ২০২১ চনত বিজেপিয়ে পুনৰ চৰকাৰ গঠনৰ বাবে মিত্রজোঁটৰ পুনৰ প্রয়োজন হৈ পৰে৷ এইবাৰ বিধানসভা নির্বাচনত বিজেপি, অগপৰ মিত্রতা অব্যাহত থাকিব যদিও বিজেপি আৰু সৰহসংখ্যক অগপ কর্মীয়ে প্রফুল্ল কুমাৰ মহন্তক বিধায়ক হিচাপে আশা কৰা নাই৷ পুৰণাক বিদায় দি এজন নতুন মুখৰ প্রার্থীৰ সন্ধানত সমষ্টিৰ ৰাইজ আশাৰে বাট চাই থকাৰ সময়ত মিত্রজোঁটৰ পৰা প্রফুল্ল কুমাৰ মহন্তক পুনৰ প্রার্থিত্ব দিলে কংগ্রেছৰ সম্ভাব্য প্রার্থী সুৰেশ বৰা বিধায়ক হিচাপে নির্বাচিত হোৱাটো নিশ্চিত৷ ইফালে বিধায়ক হৈ থকাৰ সময়ছোৱাত প্রফুল্ল কুমাৰ মহন্তই আন অগপ কর্মীক একাষৰীয়াকৈ থৈ নিৰঞ্জন বৰা নামৰ অগপৰ বর্তমানৰ এজন পঞ্চায়ত সভাপতিৰ কথা মতে কাম কৰাৰ বাবেও সমষ্টিত প্রফুল্ল কুমাৰ মহন্তৰ ভাবমূর্তি ম্লান হোৱাৰ আন এক কাৰণ হিচাপে বিবেচিত হৈছে৷ বিশেষকৈ বহুকেইগৰাকী জ্যেষ্ঠ অগপ কর্মকর্তা সমষ্টিত থকাৰ পিছতো গুৰুত্বপূর্ণ কথা আলোচনা কৰিলে সকলো বিষয় নিৰঞ্জন বৰালৈ ঠেলি দিয়াৰ বাবে বহু অগপ কর্মকর্তাই অগপৰ পৰা আঁতৰি গৈ বিজেপিৰ লগ লাগিছে৷ বিজেপিৰ স্থিতি সমষ্টিত কিছু পৰিমাণে শক্তিশালী হৈ পৰিছে যদিও মিত্রজোঁটৰ প্রার্থী নির্বাচনৰ ক্ষেত্রত বিজেপিয়ে অগ্রাধিকাৰ পালে বিজেপি প্রার্থীজন গ্রহণযোগ্য প্রার্থী হোৱাটো অতি দৰকাৰ৷ এই সমষ্টিটোৰ পৰা প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহঁাই, এন এছ ইউ আইৰ প্রাক্তন ৰাজ্যিক সভাপতি তথা বর্তমানৰ বিজেপি নেতা বিভূতি ভূষণ বৰঠাকুৰ, বিজেপি নেতা জিতু গোস্বামী, সাংবাদিক সুনীল বৰাই বিজেপিৰ পৰা টিকট বিচাৰিছে৷ ইয়াৰে ৰাজেন গোহঁাই পূর্বতে সাংসদ থকাৰ সময়ত বঢ়মপুৰত শক্তিশালী স্থিতি আছে যদিও তেওঁ বর্ষীয়ান হোৱা হেতুকে সমষ্টিৰ ভোটাৰৰ মাজত জনপ্রিয় হোৱাৰ সম্ভাৱনা কম৷ ইফালে, আন এগৰাকী দল–বাগৰা নেতা বিভূতি ভূষণ বৰঠাকুৰে পূর্বতে কংগ্রেছ দলৰ পৰা টিকট বিচাৰি নোপোৱাৰ বাবে টিকটৰ আশাত বিজেপিত যোগদান কৰাত সমষ্টিৰ বিজেপি কর্মকর্তাৰ মাজত বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হোৱা নাই৷ বঢ়মপুৰ সমষ্টিৰ ভোটাৰে নতুন মুখৰ সন্ধান কৰিছে যদিও এই দুজন নেতাই টিকট পালে কংগ্রেছ দলৰহে লাভ হ’ব বুলি নির্বাচনী পর্যবেক্ষকসকলে মত পোষণ কৰিছে৷ ইফালে বিজেপি নেতা তথা অসম পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগমৰ অধ্যক্ষ জিতু গোস্বামীয়ে টিকট লাভৰ আশাত সমষ্টিৰ বিভিন্ন সভা–সমিতিত অংশগ্রহণ কৰি নিজৰ স্থিতি মজবুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত জিতু গোস্বামীয়ে চামগুৰি সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি কংগ্রেছৰ ৰকিবুল হুছেইনৰ হাতত পৰাজিত হৈছিল৷ ইফালে, জ্যেষ্ঠ সাংবাদিক সুনীল বৰাই যুৱ চামক আকর্ষিত কৰিবৰ বাবে সমষ্টিৰ বিভিন্ন স্থানত তৎপৰতা অব্যাহত ৰাখিছে৷ কোনোধৰণৰ বিতর্ক নথকা টিকটপ্রত্যাশী হিচাপে সুনীল বৰাই যুৱ চামৰ লগতে আন লোকৰ মাজতো নিজৰ সমর্থন আদায় কৰিবলৈ সক্ষম হৈছে৷ বঢ়মপুৰ সমষ্টিৰ অধীনৰ ডিমৰুগুৰিৰ বাসিন্দা সুনীল বৰাই বিজেপিৰ শীর্ষ নেতৃত্বৰ লগত সঘন যোগাযোগ ৰখাৰ লগতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘনিষ্ঠ৷ এনেক্ষেত্রত সুনীল বৰাই টিকট লাভ কৰাৰ দৌৰত আগবাঢ়ি আছে যদিও প্রফুল্ল মহন্তৰ হাতৰ পৰা সমষ্টি কাঢ়ি আনি বিজেপিৰ প্রার্থীক টিকট দিয়াৰ ক্ষেত্রত কিমান সফল হয়, সেইটো সময়তহে স্পষ্ট হ’ব৷ বিজেপি–গপ মিত্রজেজাটে ভুল সিদ্ধান্ত গ্রহণ কৰি যদি প্রফুল্ল কুমাৰ মহন্তক অগপৰ পৰা টিকট দিয়ে তেনেহ’লে সমষ্টিবাসীৰ মাজত সঘন যোগাযোগ থকা কংগ্রেছৰ সম্ভাব্য প্রার্থী সুৰেশ বৰা বিধায়ক হিচাপে নির্বাচিত হোৱাটো নিশ্চিত বুলি ব্যাপক চর্চা চলিছে৷

You might also like