বার্ট্রাণ্ড ৰাছেলৰ দৈনন্দিন ৰুটিন
মোৰ দুই পুত্র অনিন্দ্য আৰু প্রদীপ্ত সৰু হৈ থাকোঁতে (প্রায় ১২ আৰু ৯ বছৰীয়া) ৰাতিপুৱাৰ জলপান খাবৰ সময়ত মই সিহঁতক জ্ঞান–বিজ্ঞানৰ নানা কথা কৈ শুনাইছিলোঁ৷ অর্থাৎ শৰীৰৰ আহাৰৰ লগতে সিহঁতক কিছু মনৰ আহাৰ দিবলৈকো চেষ্টা কৰিছিলোঁ৷ সেই কথা–বার্তাৰ মাজত এটা শব্দত সিহঁত ইমানেই অভ্যস্ত হৈ পৰিছিল যে মই কথা ক’বলৈ মুখ মেলাৰ লগে লগে সিহঁত দুয়োটাই একেলগে চিঞৰি উঠিছিল– ‘দেউতাই এতিয়া ৰাছেলৰ কথা ক’ব’৷
মোৰ বিভিন্ন ৰচনাত বার্ট্রাণ্ড ৰাছেলৰ সঘন উল্লেখ মোৰ পাঠকসকলে নিশ্চয় লক্ষ্য কৰিছে৷ ৰাছেলৰ দর্শন বুজিবৰ জোখাৰে প্রতিভা বা বুদ্ধিমত্তা ঈশ্বৰে মোক দিয়া নাই৷ মোক আকৃষ্ট কৰিছিল ব্যক্তি আৰু সমাজৰ বিষয়ে ৰাছেলে কৰা অজস্র বুদ্ধিদীপ্ত মন্তব্যই৷ ৰাছেলে তেওঁৰ বিস্তীর্ণ ৰচনাৱলীৰ নানা ঠাইত তেওঁৰ স্বাস্থ্যৰ বিষয়ে উল্লেখ কৰিছে৷ তাৰ পৰা বুজা যায় যে তেওঁৰ জীৱনৰ দৃষ্টিভংগী আৰু মানসিক প্রকৃতিৰ গঠনত সু–স্বাস্থ্যৰ প্রভাৱ সম্পর্কে ৰাছেল নিজেও অত্যন্ত সচেতন আছিল৷
সঁচা কথা ক’বলৈ গ’লে, মই স্বাস্থ্যৰ বিষয়ে আটাইতকৈ বেছি আৰু আটাইতকৈ মূল্যৱান কথাবোৰ শিকিছোঁ বার্ট্রাণ্ড ৰাছেলৰ পৰা৷ ৰাছেলৰ মৃত্যু হৈছিল প্রায় ৯৭ বছৰ বয়সত৷ কিন্তু তেওঁ কেৱল জীয়াই থকা নাছিল মৃত্যুৰ প্রায় শেষ মুহূর্তলৈকে তেওঁ মানৱ জীৱনৰ উৎকর্ষ সাধনৰ কাৰণে অবিশ্রামভাৱে কাম কৰি গ’ল৷ ৯৪ বছৰ বয়সত ৰাছেলে লণ্ডনৰ তেজ গোট মৰা জাৰত কঁপি কঁপি থিয় হৈ আণৱিক অস্ত্র নির্মাণৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰিছিল, জে’ললৈ গৈছিল ভিয়েটনামত আমেৰিকান বর্বৰতাৰ বিৰুদ্ধে গোটেই পৃথিৱীয়ে শুনি যোৱাকৈ প্রতিবাদৰ চিঞৰ মাৰিছিল৷
সেইজন ৰাছেলক মই নিজৰ গুৰু বুলি মানি লৈছোঁ৷ জীৱনটো কেনেকৈ গ্রহণ কৰিব লাগে সেই কথা মই তেওঁৰ পৰা শিকিছোঁ৷ ১৯৭০ চনৰ ফেব্রুৱাৰী মাহত তেওঁৰ মৃত্যু হৈছিল৷ সেই সময়তে মই ‘ৰাছেলৰ স্মৰণ’ত শীর্ষক এটা প্রবন্ধ লিখি তেওঁৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰিছিলোঁ৷ প্রবন্ধটো প্রকাশ হৈছিল চন্দ্রপ্রসাদ শইকীয়াৰ দ্বাৰা সম্পাদিত ‘প্রকাশ’ নামৰ আলোচনীখনত৷ যিটো কাৰণে মই ৰাছেলৰ প্রতি আকৃষ্ট হৈছিলোঁ সেইটো হৈছে জীৱন সম্পর্কে তেওঁৰ অতিশয় সৰল, সুস্পষ্ট আৰু সুস্থ দৃষ্টিভংগী৷
ওপৰতেই কোৱা হৈছে যে বার্ট্রাণ্ড ৰাছেলৰ মৃত্যু হৈছিল ৯৭ বছৰ বয়সত৷ মই মাত্র কেইদিনমানৰ আগতে ৮৯ বছৰ বয়সত ভৰি দিলোঁ৷ মই ৰাছেলৰ সমান দীঘল আয়ুস নাপাবও পাৰোঁ৷ কিন্তু যিমান দিন পাওঁ সিমান দিনলৈকে মই ৰাছেলৰ দৰে কর্মব্যস্ত হৈ থাকিব খোজোঁ আৰু কাম কৰি থকা অৱস্থাতে মৰিব খোজোঁ৷
৯০ বছৰ বয়সত বার্ট্রাণ্ড ৰাছেলৰ দৈনন্দিন ৰুটিন আছিল এনেধৰণৰ–
ৰাতিপুৱা ৮ বজাৰ পৰা ১১.৩০ বজালৈ চিঠি আৰু বাতৰিকাকত পঢ়া (গড় হিচাপে তেওঁ দৈনিক এশখন চিঠি পাইছিল)৷
১১.৩০ বজাৰ পৰা আবেলি ১ বজালৈ দর্শনার্থীক দেখা কৰা৷
২ বজাৰ পৰা ৪ বজালৈ কিতাপ পঢ়া৷
৪ বজাৰ পৰা ৭ বজালৈ লিখা আৰু মানুহক দেখা কৰা৷
ৰাতি ৮ বজাৰ পৰা মাজৰাতি ১ বজালৈ লিখা আৰু কিতাপ পঢ়া৷
ৰুটিনখন ভালকৈ পৰীক্ষা কৰি চাওকচোনঃ দিনৰ ১ বজাৰ পৰা ২ বজালৈ মাত্র ১ ঘণ্টা সময়ৰ বাহিৰে ৯০ বছৰীয়া বৃদ্ধ মানুহজনে জিৰণি ল’বলৈ বা খাবলৈ–শুবলৈ এক মিনিট সময়ো আছুতীয়াকৈ থোৱা নাই৷
কাম কৰাৰ আনন্দই মতলীয়া কৰা মানুহৰ স্বভাৱ–চৰিত্র এনেকুৱাই হয়৷