ভাৰতৰ কেইখনমান সুশোভিত পুষ্প উপত্যকা
বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ ফুলৰেই মেলাতে পখীয়ে গীত গায়.. ফুল কোনে ভাল নাপায়! বিভিন্ন ধৰণৰ ৰঙচঙীয়া ফুলে আৱৰি থকা ঠাইলৈ যাব বিচাৰে নেকি? দেশৰ এনে কেইখনমান ফুলৰ উপত্যকা আছে, যাৰ ফুলৰ সুৱাসে পৰ্যটকক হাত বাউলি মাতে।
ভেলী অৱ ফ্লাৱাৰ্ছ, উত্তৰাখণ্ডঃ
স্থানীয় এল্পাইন ফুলৰ বনৰে বিস্তৃত হৈ থকা উত্তৰাখণ্ডৰ চামোলী জিলাৰ ভেলী অৱ ফ্লাৱাৰ্ছ নেচনেল পাৰ্ক পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বছৰৰ জুন মাহৰ পৰা অক্টোবৰলৈ এই সময়তে এইখন ৰাষ্ট্ৰীয় উদ্যান খোলা থাকে। তাৰ বাহিৰে জাৰৰ দিনকেইটা বৰফে আৱৰি থাকে। হিমালয়ৰ নামনিৰ এই পাহাৰীয়া উপত্যকাটোত নানা প্ৰজাতিৰ ফুল আৰু উদ্ভিদ বিচাৰি পোৱা যায়।
কাছ মালভূমি, মহাৰাষ্ট্ৰঃ
কাছ মালভূমি বা কাছ পথাৰ বুলি বিখ্যাত এই ঠাইডোখৰ মহাৰাষ্ট্ৰৰ চাটাৰা চহৰৰ পশ্চিমঘাটত অৱস্থিত। ১২০০ফুট উচ্চতাৰ এই বিস্তৃত বন উদ্যানখনত অৰ্কিডৰ লগতে কমেও ৮৫০ প্ৰজাতিৰ ভিন্ন ফুল আৰু উদ্ভিদ বিচাৰি পাব পাৰি।
য়ামথাং ভেলী অৱ ফ্লাৱাৰ্ছ, ছিকিমঃ
হিমালয়ৰ পাদদেশীয় ছিকিম নানা প্ৰজাতিৰ ফুল আৰু উদ্ভিদৰে সমৃদ্ধ। ছিকিমৰ বনাঞ্চলত ৫০০০ প্ৰজাতিৰ ফুল গছ, ৫১৫ বিধ দুষ্প্ৰাপ্য অৰ্কিড আদি পোৱা যায়। উত্তৰ ছিকিমৰ ৩,৫৬৪ মিটাৰ উচ্চতাত অৱস্থিত য়ামথাং ভেলী অৱ ফ্লাৱাৰ্ছ। ইয়াতেই আছে ছিংবা ৰডোডেনড্ৰ’ম অভয়াৰণ্য। ছিকিমৰ চাবলগীয়া পৰ্যটনস্থলসমূহৰ অন্যতম এই স্থান।
জুকো ভেলী, নাগালেণ্ড-মণিপুৰঃ
উত্তৰ পূৰ্বাঞ্চলৰ অতি আকৰ্ষণীয় পৰ্যটন স্থল হ’ল জুকো উপত্যকা। নাগালেণ্ড আৰু মণিপুৰৰ সীমাতে অৱস্থিত এই উপত্যকা মনোৰম প্ৰাকৃতিক সৌন্দৰ্য, ঋতুকালীন ফুলৰ বাবে জনাজাত। ভাৰতৰ সবাতোকৈ শুৱনি উপত্যকাবোৰৰ ভিতৰত জুকো ভেলী অন্যতম। দুঃসাহসিক স্থল হিচাপেও পৰিচিত এই উপত্যকা। ইয়ালৈ যাবলৈ ট্ৰেকিং কৰিবই লাগিব। কেবা মাইল পথ ট্ৰেক কৰাৰ পাছতহে উপভোগ কৰিব পাৰি ইয়াৰ পেনোৰেমিক দৃশ্য।
টিউলিপ গাৰ্ডেন, কাশ্মীৰঃ
এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহং টিউলিপ বননি হিচাপে জনাজাত কাশ্মীৰৰ ইন্দিৰা গান্ধী মেম’ৰিয়েল টিউলিপ গাৰ্ডেন। কাশ্মীৰৰ মনোৰম সৌন্দৰ্য এইখন বাগান অবিহনে যেন আধৰুৱা। বহু ছবিৰ শ্বুটিং হৈছে ইয়াত।