নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত কণীযুক্ত মাছৰ মুকলি বেহাঃ জিলা প্ৰশাসন-মীন বিভাগক ব্যৱস্থা গ্ৰহণ কৰি থলুৱা মাছৰ উৎপাদন বৃদ্ধিত সহায় আগবঢ়াবলৈ আহ্বান ৰাইজৰ

নিয়মীয়া বাৰ্তা,৮ মেঃ লুপ্ত হ’ব ধৰা থলুৱা মাছৰ বংশ বৃদ্ধি হোৱাৰ সময়তে মাছৰ নিধনযজ্ঞ চলিছে নলবাৰী জিলাৰ চুকে-কোণে৷মীন আইনক উপলুঙা কৰি একাংশ মাছমৰীয়া আৰু একাংশ লোকে নৈ,বিল,খাল,জলাশয় আদিত গাভিনী মাছৰ কণী নষ্ট কৰাত হাত উজান দিছে৷নলবাৰীৰ বিভিন্ন ঠাইৰ চ’ক,বজাৰ আদিৰ লগতে বিভিন্ন গাঁওৰ চুবুৰিয়ে-চুবুৰিয়ে থলুৱা গাভিনী মাছ ব্যাপক হাৰত মুকলিকৈ অবাধে মাছ ব্যৱসায়ীসকলে মাছ বিক্ৰী কৰি থকা ঘটনাই প্ৰকৃতিপ্ৰেমী সকলক ক্ষুণ্ণ কৰি তুলিছে৷কাৱৈ,গৰৈ,চেং,পুঠি,খলিহনা,ডঁৰিকনা, শিঙি,মাগুৰ,শ’ল,চেনাৰ,পাভ আদি মাছ সমূহ ক্ৰমান্বয়ে বিলুপ্ত হ’ব ধৰাৰ সময়তে এই মাছবোৰ ব’হাগৰ মাহৰ পৰা জেঠ মাহৰ মাজভাগলৈ পানী যুৱলিত কণী পাৰি বংশবৃদ্ধি কৰিবলৈ লৈছে৷কিন্তু দুখজনকভাৱে একাংশ লোক আৰু মাছমৰীয়া সকলে এই মাছ মাৰি চ’ক-গাঁওৰ চুবুৰি আদিত বিক্ৰী কৰাৰ বাবে মেলি দিছে৷ফলত জিলাখনত দিনক দিনে থলুৱা মাছৰ সংখ্যা কমি আহিছে৷ৰাজ্যখনৰ কেইবাটাওঁ প্ৰকৃতিপ্ৰেমী সংগঠনে গাভিনী মাছ চিকাৰ নকৰিবলৈ মাছুৱৈ আৰু অন্যান্য মাছ ধৰা ব্যক্তিক আহ্বান জনাইছিল যদিওঁ ইয়াক আওকাণ কৰি গাভিনী মাছ আৰু মাছৰ কণীপৰ্যন্ত বিক্ৰী কৰাত উঠিপৰি লাগিছে একাংশ মাছুৱৈ আৰু একাংশ লোকে৷অসম চৰকাৰৰ মীন বিভাগ আৰু নলবাৰী জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাত এনেদৰে গাভিনী মাছৰ ৰমৰমীয়া বেহা জিলাখনৰ বিভিন্ন প্ৰান্তৰ চ’ক,চুবুৰিৰ বাটে-পথে চলি আছে৷ইয়াৰ পৰিণতিত থলুৱা মাছৰ প্ৰজাতিৰ হয়তো অনাগত দিনত সম্পূৰ্ণৰূপে বিলুপ্তি ঘটিব৷নলবাৰী জিলা প্ৰশাসন আৰু মীন বিভাগক এইক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি থলুৱা মাছৰ উৎপাদন বৃদ্ধিত সহায় আগবঢ়াবলৈ সৰ্বস্তৰৰ ৰাইজে আহ্বান জনাইছে৷
প্ৰেৰকঃ শৈলেন বৰ্মন,কৈঠালকুছি
You might also like