মুক্তকণ্ঠঃ দুশ্চিন্তাৰ অৱসান হ’বনে
- নগেন শইকীয়া
কোনো সন্দেহ নাই৷ অসমত বিজেপিৰ যোৱা সাত বছৰৰ শাসনকালত আৰু বিশেষকৈ তাৰে যোৱা দুবছৰত ড০ হিমন্ত বিশ্ব শর্মাৰ মুখ্যমন্ত্রিত্বৰ কালছোৱাত দৈনিক লাখ লাখ কোটি টকাৰ আঁচনি ৰূপায়ণৰ ঘোষণা আৰু কাম ধুমুহাৰ গতিৰে আগবাঢ়িছে৷ তদুপৰি আগবেলা গুৰুত্বপূর্ণ ঘোষণাৰ বিষয়ে মনত খেলোৱা ধাৰণাৰ বিষয়ে ক’ম বুলি ভাবোঁতেই পিছমুহূর্তত কৰা নতুন ঘোষণাই আগৰ ঘোষণাৰ কথা ভাবিবলৈ আৰু ক’বলৈ সময় নোহোৱা কৰি দিছে৷ ভাবিলে বা ক’লে তাৰ পৰা কিবা ফল হওক বা নহওক, অসমৰ খিলঞ্জীয়া মানুহৰ স্বার্থ ৰক্ষাৰ বাবে নিজে উচিত বুলি ভবা কথা কোৱাটো, কাম নহ’লেও, প্রয়োজনীয় বুলি ভাবোঁ৷ অসমত বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান এই সময়ছোৱাত গঢ় লৈ ডঠিছে৷ প্রত্যেক জিলাতে মেডিকেল কলেজ গঢ়ি তোলাৰ, বিশ্ববিদ্যালয় গঢ়ি তোলাৰ, বিভিন্ন উদ্যোগ গঢ়ি তোলাৰ, ব্রহ্মপুত্রৰ ওপৰত কেইবাখনো নতুন দলং সাজি ডলিওৱাৰ আৰু বিভিন্ন উন্নয়নমূলক কাম কৰাৰ ঘোষণাই সর্বসাধাৰণ মানুহৰ মনত এটা উন্নত ভৱিষ্যতৰ, সম্ভাৱনাৰ ছবি আঁকি দিছে৷
মই পূর্বতেও কৈছো যে হিমন্ত বিশ্বৰ তীক্ষ্ণ বুদ্ধি, প্রতিভা, দক্ষতা আৰু ৰাতি–দিন সমাকাৰ কৰি কাম কৰাৰ ক্ষমতা অনস্বীকার্য৷ তেওঁৰ এই ক্ষমতা দেখি কেন্দ্রীয় চৰকাৰে তেওঁক অন্য ৰাজ্যৰ নির্বাচনৰ সময়তো দলৰ হৈ কাম কৰিবলৈ ব্যৱস্থা কৰি দিছে৷ বহু সময়ত মোৰ এনে ভাবোঁ হয় যে তেওঁৰ মন্ত্রীসভাত বা বিধানসভাত তেওঁৰ আঁচনি সম্পর্কে কোনো এজন সদস্যই মাত মতাৰ সুৰুঙাই নাথাকে৷ এনে ভাবোঁ হয়, তেওঁৰ বাহিৰে অসমৰ বিজেপিত দ্বিতীয় এজন একেস্তৰৰ নেতা নাই৷ সেইবাবে তেওঁ যি ইচ্ছা কৰে বা কৰিব লাগে বুলি ভাবে, সেই বিষয়ে বাকীসকলৰ দ্বিমত হোৱাৰো প্রশ্ণ নুঠে৷ ক’বলৈ গ’লে, তেওঁৰ চিন্তা আৰু ইচ্ছাই আইন যেন হৈ পৰিছে৷ বাকীসকলক দায়িত্ব দিলেও তেওঁবিলাকে নিজাববীয়াকৈ স্বাধীনভাৱে কিবা কোৱা বা কৰাৰ সুবিধা বা ক্ষমতা আছে বুলি বাহিৰৰ পৰা ভাবিব নোৱাৰি৷ এতেকে ইমানখিনি অপর্যাপ্ত ক্ষমতাৰে তেওঁ অসমক সঁচাকৈয়ে আন ৰাজ্যৰ তুলনাত ‘+স=অসম’ কৰি তোলাৰ বাবে মুকলি পথ লাভ কৰিছে৷
সন্দেহ নাই, অসমৰ বিহুক গীনিজ বুকত স্থান দিয়ালে, অসমৰ গামোচাক মর্যাদা দান কৰালে৷ সত্র, নামঘৰ আদিৰ উন্নয়নৰ বাবে হাত খুলি দান কৰিছে, বাল্য বিবাহ বন্ধ কৰাৰ সিদ্ধান্ত কৰিছে৷ বাট–পথৰ উন্নয়নত গুৰুত্ব দিছে৷ ইত্যাদি ইত্যাদি৷ একে সময়তে তেওঁ দলক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণৰ সমর্থন লাভৰ বাবে হিতাধিকাৰী সৃষ্টিক বিভিন্ন প্রকাৰে দিয়া গুৰুত্বই সর্বসাধাৰণ মানুহৰ মনৰ ওপৰত নিঃসন্দেহে প্রভাৱ পেলাইছে৷ কেৱল সেয়ে নহয়, বিভিন্ন বিভাগৰ হাজাৰ–বিজাৰ, লাখ লাখ চাকৰি মুকলি কৰি দিয়াৰো ঘোষণা কৰিছে৷ এই কামবোৰৰ প্রয়োজন কোনেও নুই কৰা নাই৷ এতিয়া আনকি সর্বসাধাৰণ মানুহ জিলাখনৰ উপায়ুক্তৰ কার্যালয়লৈ যোৱাৰ পৰিৱর্তে প্রত্যেক বিধানসভাৰ এলাকাত একোজন সহযোগী উপায়ুক্তৰ দায়িত্বত উপায়ুক্তৰ ওচৰত কৰিবলগীয়া অনেক কামৰ বাবে মানুহে সহজে ওচৰ চাপিব পৰাকৈ উপায়ুক্ত কার্যালয়ৰো ব্যৱস্থা কৰিছে৷ ইতিমধ্যে প্রত্যেক জিলাত মন্ত্রীসভাৰ বৈঠক বহুৱাই এটা নতুন আৰম্ভণি কৰিছে৷ এই সকলোবোৰেই সর্বসাধাৰণ মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ তদুপৰি তেওঁ য’লৈকে যায়, ল’ৰা–ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সীয়ালৈকে বিভিন্ন মানুহে ওচৰতে মুখ্যমন্ত্রীক পোৱাৰ সুযোগো উলিয়াই দিছে৷
ইমানখিনি ইতিবাচক কাম কৰাৰ পিছত ক’বলৈ কি আছে বুলি কোনোবাই প্রশ্ন কৰিব পাৰে৷ মই কেইটামান বিষয় দাঙি ধৰিব খোজোঁ৷ প্রথম হ’ল– অসমৰ সীমাৰ সুৰক্ষা আৰু মাটিৰ সুৰক্ষা বাৰে বাৰে এসময়ত বৰ অসমৰ অংগস্বৰূপ জিলাসমূহ ৰাজ্য হোৱাৰ পিছত নাগালেণ্ডৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে, প্রত্যেকখন ৰাজ্যই অসমৰ সীমা ভাঙি সোমাই আহিছে, নষ্ট কৰিছে৷ আনকি তেনে নকৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীৰ সন্মুখত অসমৰ মুখ্যমন্ত্রী আৰু আন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে স্বাক্ষৰ কৰি সিদ্ধান্ত কৰাৰ পিছতো এনে ঘটনাৰ পুনৰাবৃত্তি হৈ আহিছে৷ মুখ্যমন্ত্রীয়ে ‘নেডা’ৰ সভাপতি হিচাপে নহয়, অসমৰ মুখ্যমন্ত্রী হিচাপে ৰাজ্যৰ সীমাৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰিলে অসমৰ মানুহ থাকিবলৈ ঠাইৰ নাটনি হ’ব৷ দ্বিতীয়তে– বাকী আমাৰ ওচৰ চুবুৰীয়াসমূহে নিজৰ ৰাজ্যৰ মাটি, অসমৰ বাহিৰৰ মানুহৰ কথা নকৱেঁই, অসমৰ মানুহেও ক্রয় কৰিব নোৱৰাকৈ তেওঁবিলাকে সুৰক্ষা লাভ কৰিছে৷ তাৰ পৰিৱর্তে ক্রমাৎ সীমা হেৰুৱাই অহা অসমৰ মাটি ভাৰতবর্ষৰ যিকোনো ঠাইৰ মানুহে ক্রয় কৰিব পাৰে৷ সম্প্রতি অসমৰ মাটিৰ দাম বঢ়োৱাৰ ফলত অসমৰ ডাল–দৰিদ্রসকলৰ কথা নকৱেঁই, আনকি মধ্যবিত্তসকলেও সহজে ক্রয় কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হ’ব৷ আনহাতে, অসমৰ বাহিৰৰ মানুহে কেইবাগুণো দাম দি তেনে মাটি ক্রয় কৰাৰ অধিকাৰ পাব৷ নিম্নবিত্ত অসমীয়া, ধনৰ বাবে আগ–পিছ নুগুণি ৰাজ্যৰ বহিৰাগতক দিয়া মাটিৰ গৰাকীয়ে প্রতিষ্ঠা কৰা ব্যৱসায়–বাণিজ্য, ডদ্যোগ আদিত চতুর্থ বর্গৰ চাকৰি বিচাৰি যাব৷ সম্প্রতি বাহিৰৰ এনে ডদ্যোগপতিক যিমান হাজাৰ হাজাৰ বিঘা মাটি ব্যৱসায়–বাণিজ্য কৰিবলৈ, আনকি তেল ডৎপাদন কৰিবলৈ, পাম আৰু খেজুৰ গছৰ খেতি কৰিবলৈ দিয়াৰ সিদ্ধান্তই অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ দৰে সম্পদ হেৰুওৱাৰ বাট ডলিয়াই দিব৷ অসমৰ প্রধান বাট–পথৰ দাঁতিত অসমৰ কোনোবা মানুহে সামান্য দোকানখন দিবলৈও এতিয়া মাটি বিচাৰি পাবনে? বিনামূলীয়া চাডল লাভ কৰা সৰু সৰু খেতিয়কৰ খেতি নকৰাকৈ পেলাই থোৱা মাটিবোৰ বহিৰাগতে ক্রয় নকৰিবনে? অসমীয়া মানুহৰ কি দুৰৱস্থা হ’ব পাৰে, সেই কথা ভাবিলে চকুৰ টোপনি চকুতে হৰে৷ যদি চৰকাৰে থলুৱা মানুহৰ মাটিৰ সুৰক্ষা কৰিব নোৱাৰে, আমি বিহু মাৰিবলৈও নিজাববীয়া ঠাই অকণ নোপোৱা হ’ম– এই ভয়টোৱে খুলি খুলি খাইছে৷ এতেকে অসম চৰকাৰে অসমৰ মাটি বহিৰাগতক বিক্রী কৰিব নোৱৰা আইন এখন কৰাটো জৰুৰী হৈ পৰিছে৷ তদুপৰি কোনো মানুহে যাতে একঠাও মাটি খেতি নকৰাকৈ পেলাই নথয়, তাৰ বাবে বিনামূলীয়াকৈ চাডল দিয়াৰ ব্যৱস্থা বন্ধ কৰাৰ বাট ডলিয়াব লাগে৷ অসমৰ মানুহক এনেভাৱে বহিৰাগতক মাটি কিনিবলৈ অধিকাৰ দিয়াৰ ফলত ভাতে মৰাৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ সলনি যদি মাটিৰ গৰাকীয়ে নিজৰ মাটিত খেতি নকৰে, সেই মাটি চৰকাৰে নিজৰ হাতলৈ অনাৰ নতুন আইন প্রণয়ন কৰক৷ তেতিয়াও মাটিখিনি অসমৰ থলুৱা মানুহক ব্যৱহাৰ কৰিবলৈ দিব পৰা হ’ব৷
আন এটা অতি গুৰুত্বপূর্ণ বিষয় হ’ল ভাষা৷ অসমৰ খিলঞ্জীয়া বিভিন্ন জনসমষ্টিৰ প্রত্যেকৰে ভাষাৰ ডন্নয়ন সাধিত হওক৷ এইটোও মনত ৰাখিব লাগিব যে হাজাৰ হাজাৰ বছৰজুৰি থকা থলুৱা জনসমষ্টিৰ গৰিষ্ঠসংখ্যক মানুহেই ডন্নত আর্য ভাষাৰ পৰা ওলোৱা অসমীয়া ভাষা গ্রহণ কৰিয়েই এই ভাষাটো সকলোৰে ডপযোগীকৈ গঢ়ি তুলি নিজৰ ভাষা কৰিলে৷ এই ভাষা কোৱা মানুহখিনিৰ তেজত আর্যমূলীয় মানুহৰ তেজতকৈ জনগোষ্ঠীয় মূলৰ মানুহৰ তেজৰ পৰিমাণেই সর্বাধিক৷ সেইবাবেই নৃ–তাত্ত্বিকভাৱে অসমীয়া মানুহৰ এটা নৃ–গোষ্ঠীৰ পৰিচয় ডলিওৱা সম্ভৱ নহয়৷ সকলো লগ লাগিয়েই সৃষ্টি কৰা এই ভাষাটো কোৱা মানুহখিনিক আহোম ৰাজত্বৰ কালতে অসমীয়া বুলি কোৱা হ’ল৷ তাৰ পূর্বে কামৰূপী শব্দটোৰ ব্যৱহাৰ আছিল৷ আনুষ্ঠানিকভাৱে হওক বা অনানুষ্ঠানিকভাৱে হওক, এইটো ভাষাই আমাক একেলগ কৰি থৈছে৷ এইটো ভাষাৰেই চর্যাপদৰ দিনৰ পৰা এতিয়ালৈকে সৃষ্টি হৈছে স্তৰে স্তৰে যিকোনো ভাষাৰ লগত ফেৰ মাৰিব পৰাকৈ অসমীয়া সাহিত্য৷
মই অসমৰ মুখ্যমন্ত্রীক এই ভাষাটো কেনেকৈ প্রাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰলৈকে ডন্নত শিক্ষাৰ মাধ্যমৰূপে সঠিকভাৱে গঢ়ি তুলিব পাৰি আৰু অসমৰ আনকি ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকতো এই ভাষাটো কেনেকৈ বাধ্যতামূলক বিষয় হিচাপে অন্তর্ভুক্ত কৰিব পাৰি, তাৰ সঠিক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী কৰোঁ৷ তেহে সামগ্রিকভাৱে কেৱল ইংৰাজী মাধ্যমেৰে ‘যন্ত্রমানৱ’ সৃষ্টি কৰাৰ পৰিৱর্তে প্রকৃত মানুহ আমি সৃষ্টি কৰিব পাৰিম৷ মোৰাৰজী দেশাইৰ প্রধানমন্ত্রিত্বৰ কালত প্রত্যেক ভাৰতীয় ভাষাত ডচ্চতম শিক্ষা দিব পৰাকৈ বিভিন্ন বিষয়ৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি সেই সেই ভাষাত প্রণয়ন কৰোৱাই ব্যৱহাৰ কৰিবলৈ প্রত্যেক ৰাজ্যক সেই সময়ৰ মূল্যৰে এক কোটিকৈ টকা দিছিল৷ এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগে ঠিক একেধৰণৰ এটা নীতি গ্রহণ কৰিছে৷ অসমৰ মুখ্যমন্ত্রীয়ে তেওঁৰ মুখ্যমন্ত্রিত্বৰ দুবছৰ পূর্ণ হোৱাৰ সময়ত এনে এটা সঠিক আৰু সবল সিদ্ধান্ত লৈ অসমৰ খিলঞ্জীয়া মানুহৰ মাটি, ভেটি ৰক্ষা কৰাৰ লগতে ভাষাটোক ৰক্ষা কৰক, আমাৰ সন্মিলিত জাতিটোকো ৰক্ষা কৰক আৰু সমৃদ্ধি সাধন কৰিবলৈ আগবাঢ়ি আহক৷ এনে এটা সিদ্ধান্তইহে জাতিটোক আৰু তেওঁকো অমৰত্ব দান কৰিব৷ মনত ৰাখিব লাগিব, আমি যিমানেই ধন–দৌলতৰ গৰাকী নহওঁ, তথাপি আমি জৈৱিক অমৰত্ব কোনেও লাভ কৰিব নোৱাৰোঁ৷ প্রতিটো মুহূর্ততে আমি ক’ব নোৱৰাকৈয়ে মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ৷ মনত ৰাখিব লাগিব, প্রতিটো অংগ সুস্থ আৰু সবল নহ’লে যিদৰে এজন মানুহ সামগ্রিকভাৱে সুস্থ হ’ব নোৱাৰে, ভাৰতবর্ষৰ প্রত্যেক ৰাজ্য সমানে নিজৰ সামর্থ্যৰে শক্তিশালী নহ’লে সমগ্র দেশখনো শক্তিশালী হ’ব নোৱাৰে৷ ভাৰতীয় জনতা দলে বুজি পাব লাগিব, ধর্ম সলাব পাৰি, ভাষা সলাব নোৱাৰি৷