নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ৰ লোকসভা নির্বাচনঃ বিজেপিৰ সন্মুখত গ’লকীপাৰেই নাই, গ’ল দি থাকিলে হ’ল– ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১০ মে’:  অসমত এতিয়া বিৰোধী শূন্য৷ অহা ২০২৪ৰ লোকসভা নির্বাচনৰ প্রসংগত আজি গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিৰোধীক লৈ তীব্র কটাক্ষ কৰি কয় যে অসমৰ গ’ল পোষ্টত গ’লকীপাৰেই নাই৷ বিজেপিৰ সন্মুখত প্রতিদ্বন্দ্বী নাই বাবেই এতিয়া ভালেই নালাগে৷ সেয়ে যোৱা দুবছৰ ধৰি তেওঁ ৰাজনৈতিক কথাও কোৱা নাই৷ অসমৰ মানুহে এতিয়া তেনে কথা পাতিবও নিবিচাৰে৷ ভোটৰ কথা উলিয়ালে ৰাইজে নিজেই কোৱা হৈছে– ভোটৰ কথা কিয় ক’ব লাগে? আনকি ছ’চিয়েল মিডিয়াত যেতিয়া ৰাজনৈতিক খবৰ ওলায়, তাত লাইক–ডিছলাইকৰ সংখ্যাও কমি আহিছে৷ এনেবোৰ কাৰণতে মুখ্যমন্ত্রী ড০ শর্মাই এতিয়া ৰাজনৈতিক কথা–বতৰা কোৱা এৰি দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ আজিৰ এই ভাষ্যই ২০২৪ত হ’বলগীয়া লোকসভা নির্বাচনক লৈ অসমৰ ক্ষেত্রত বিজেপি যে মুঠেই চিন্তিত নহয়, তাৰেই ইংগিত বহন কৰিছে৷ যিসময়ত ৰাজ্যত কংগ্রেছৰ নেতৃত্বত ১১টাকৈ বিৰোধী দল একত্রিত হৈ বিৰোধী ঐক্য গঠন কৰিছে, সেই সময়তো মুখ্যমন্ত্রী ড০ শর্মাই বিৰোধী ঐক্যক লৈ কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ বৰং অসমৰ গ’ল পোষ্টত গ’লকীপাৰেই নাই বুলি উল্লেখ কৰি সেই বিৰোধী ঐক্য যে বিজেপিৰ বাবে প্রত্যাহ্বানতো বাদেই, কোনো চিন্তাৰ কাৰকেই নহয় বুলি চিহ্ণিত কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

You might also like