নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগা শান্তি আলোচনা

ফ্রেমৱর্কৰ জৰিয়তে শান্তি আলোচনা প্রক্রিয়া চলি থকা নগা বিদ্রোহী সংগঠনৰ সৈতে শীঘ্রেই এখন চুক্তি সম্পন্ন হ’ব বুলি এটা বাতাৱৰণ সৃষ্টি হৈছে৷ স্বাধীনতা দিৱসৰ সময়ছোৱাৰ পৰাই শান্তি চুক্তিখনৰ ক্ষণ গণনা আৰম্ভ হৈছিল৷ কিন্তু কার্যত দেখা গৈছে, শীঘ্রেই তেনে চুক্তি এখন স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা কম৷ ইয়াৰ মূল কাৰণ দুটা, নগাসকলৰ একত্রীকৰণ আৰু পৰিচয়ৰ দাবীক লৈ এন এছ চি এন (আই–এম)ৰ আঁকোৰগোজ স্থিতি৷ বিদ্রোহী সংগঠনটোৱে কোনো কাৰণতে বৃহত্তৰ নাগালিমৰ লগতে নগাসকলৰ বাবে সুকীয়া সংবিধান আৰু পতাকাৰ দাবীটোৰ পৰা আঁতৰি নাহেবুলি ঘোষণা কৰিছে৷ শেহতীয়াকৈ ৭ অক্টোবৰত এন এছ চি এন (আই–এম)ৰ মুৰব্বী মুইভাই এটা ৱেব প’র্টেলত দিয়া সাক্ষাৎকাৰত স্পষ্টকৈ কৈছে যে নগাসকলে কোনো কাৰণতে ভাৰত যুক্তৰাষ্ট্রৰ সৈতে চামিল নহয় আৰু ভাৰতীয় সংবিধান মানি নলয়৷ অর্থাৎ নগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধান লাগিবই৷ আলোচনা প্রক্রিয়া আৰম্ভ হোৱাৰ পৰাই সংগঠনটোৱে নাগালিমৰ লগতে এই দুটা দাবীত আঁকোৰগোজ হৈ থকাত প্রকৃতার্থত আলোচনাৰ একো বিশেষ অগ্রগতি হোৱা নাছিল বুলিয়েই ক’ব পাৰি৷ তদুপৰি, মূলতঃ এই দুটা প্রশ্ণত আলোচনা প্রক্রিয়াৰ আনটো অংশীদাৰ নগা নেচনেল পলিটিকেল গ্রুপৰ সৈতে এন এছ চি এন (আই–এম)ৰ মতপার্থক্যৰ সৃষ্টি হৈছে৷ অৱশ্যে দুয়োটা পক্ষৰ মাজত মতপার্থক্য দূৰ কৰাৰ বাবে শেহতীয়াকৈ নগা পলিটিকেল এফেয়ার্ছ নামৰ মঞ্চখনে চলোৱা প্রয়াসে নীতিগতভাৱে কিছু সাফল্য লাভ কৰিছে৷ মতপার্থক্য আঁতৰ কৰাৰ বাবে দুয়োটা পক্ষৰ নেতৃত্ব আলোচনাৰ মেজত বহিবলৈ সন্মত হৈছে৷ কিন্তু মূল প্রশ্ণৰ পৰা এন এছ চি এন (আই–এম) আঁতৰি নহাত সেই আলোচনাৰ পৰা যে সুফল ওলাব, তাৰ নিশ্চয়তা শূন্যপ্রায় বুলি ক’ব পাৰি৷ ইয়াৰ কাৰণো স্পষ্ট৷ সম্ভাব্য আলোচনাৰ পূর্বেই থুইগালেং মুইভাই স্পষ্টকৈ অভিযোগ কৰি কৈছে, নগা নেচনেল পলিটিকেল গ্রুপকে ধৰি কেতবোৰ সংগঠন আৰু নাগৰিক সমাজে সুকীয়া সংবিধান আৰু পতাকা দাবী কৰা নাই৷ তেওঁলোক প্রকৃততে জাতিদ্রোহী আৰু বেপাৰী৷ মুইভাৰ এই কঠোৰ বাক্যবাণৰ পাছত নগা নেচনেল পলিচিকেল পার্টী আৰু এন এছ চি এন (আই–এম)ৰ মাজত আলোচনাৰ ফলাফল কি হ’ব পাৰে, সেয়া সহজে অনুমেয়৷ একেদৰে চৰকাৰৰ বাবেও এন এছ চি এন (আই–এম)ৰ দাবী মানি চুক্তি এখনত স্বাক্ষৰ কৰাটো কঠিন হৈ পৰিব৷ সংবিধানৰ নামত শপত খাই দেশখন শাসন কৰি থকা কেন্দ্রীয় চৰকাৰে এখন ৰাজ্য বা এটা অঞ্চলৰ বাবে সুকীয়া সংবিধান আৰু সুকীয়া পতাকাৰ ব্যৱস্থা কৰিবইবা কিদৰে৷ তাতে এবছৰ পূর্বে জম্মু–কাশ্মীৰৰ পৰা বিশেষ সাংবিধানিক ব্যৱস্থা আঁতৰোৱা হৈছে৷ দ্বিখণ্ডিত হৈ বর্তমান কেন্দ্রীয়শাসিত ৰাজ্যৰ মর্যাদাত থকা ৰাজ্যখনত বিলুপ্তি ঘটিছে সুকীয়া সংবিধান আৰু পতাকাৰ৷ তদুপৰি নাগালিমৰ সমস্যাটো আছেই৷ দাবীটো মানিব লাগিলে অসমসহ উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যৰ ভৌগোলিক অখণ্ডতা বিঘ্ণিত হ’ব৷ ইয়ে অঞ্চলটোত নতুন সমস্যা আৰু সংকটৰ সৃষ্টি কৰিব৷ অৱশ্যে নাগালিমৰ বিকল্প হিচাপে কেন্দ্রীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্যকেইখনত থকা নগা বসতিপূর্ণ অঞ্চলসমূহৰ নগাসকলক স্বায়ত্ত শাসন দিয়াৰ প্রস্তাৱ দিছে৷ কিন্তু ইয়াকো স্বীকাৰ কৰা নাই এন এছ চি এন (আই–এম)–এ৷
এটা কথা ঠিক যে নগা বিদ্রোহী সমস্যাটোৰ সমাধান পোন বাটেৰে নাহে৷ ই সাংঘাতিকভাৱে জটিল৷ সমস্যাটোৰ সৈতে প্রতিৱেশী অসম, মণিপুৰ, অৰুণাচল প্রদেশৰ ভৌগোলিক অখণ্ডতাৰ প্রশ্ণ জডিত হৈ আছে৷ কেন্দ্রীয় চৰকাৰে যিমানেই কচৰৎ নকৰক কিয়, কোনো এখন ৰাজ্যই নিজৰ ভূমি এৰি দিবলৈ ৰাজী নহ’ব বা নহয়৷ দ্বিতীয় কথাটো হ’ল সুকীয়া সংবিধান আৰু পতাকা৷ এইটোও চৰকাৰ এখনৰ বাবে কঠিন কাম৷ অসম্ভৱ বুলিয়েই ক’ব পাৰি৷ এনে অৱস্থাত মাজৰ বাট এটা নোলালে চুক্তি এখন প্রস্তুত হয় কিদৰে৷ তদুপৰি, এন এছ চি এন (আই–এম)ক বাদ দি নগা শান্তি চুক্তিখন লক্ষ্যভ্রষ্ট কাগজৰ টুকুৰাত পৰিণত হ’ব৷ নাগালেণ্ডলৈ শান্তি ঘূৰি অহাৰ সম্ভাৱনা নাথাকিব বুলিয়েই ক’ব পাৰি৷ অঞ্চলটোত এনেয়ে এন এছ চি এনৰ আন এটা শক্তিশালী গোট সক্রিয় হৈ আছেই৷ খাপলাং গোটটোৱে এইটো পক্ষৰে আলোচনা প্রক্রিয়া চলি থকাৰ মাজতে কেইবাটাও কূটাঘাতমূলক কার্য সংঘটিত কৰি কেন্দ্রীয় চৰকাৰৰ বাবে মূৰৰ কামোৰণি হৈ আছে৷
ইতিহাসলৈ যদি চোৱা যায়, নগাসকলৰ আত্মনিয়ন্ত্রণৰ সংগ্রামখন বহু পুৰণি৷ কেইবাটাও গোষ্ঠীত বিভক্ত নগাসকল নাগালেণ্ডৰ লগতে অসম, মণিপুৰ, অৰুণাচল প্রদেশৰ লগতে ছাগাইং অঞ্চলৰ নগা স্বায়ত্তশাসিত অঞ্চলসহ ম্যানমাৰৰ বিস্তীর্ণ অঞ্চলত বসবাস কৰে৷ ম্যানমাৰৰ নগা অধ্যুষিত অঞ্চলসমূহক পূব নগালেণ্ডো বোলা হয়৷ ম্যানমাৰৰ দুর্গম পাহাৰীয়া এলেকাত কেইবাটাও গোষ্ঠীত বিভক্ত হৈ বসবাস কৰা নগাসকলৰ মাজত পাৰস্পৰিক ৰক্তাক্ত সংঘাত উল্লেখনীয়৷ ভাৰতবর্ষতো নিজৰ মাজত ৰক্তাক্ত সংঘাতৰ ভয়াৱহ ইতিহাস আছে৷ ব্রিটিছৰ শাসনকালত অসম সংলগ্ণ অঞ্চলত নগাৰ আক্রমণ প্রায় নৈমিত্তিক ঘটনা আছিল৷ ১৮৮০ চনত ইংৰাজে নগা অধ্যুষিত অঞ্চলসমূহ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ ১৮৮৭ চনত সংঘটিত তৃতীয় ইণ্ডো–বার্মা যুদ্ধৰ পাছত ইংৰাজে ম্যানমাৰক ভাৰতীয় উপনিৱেশৰ অংশ হিচাপে যুক্ত কৰি লয়৷ পৰৱর্তীত ১৯৩৭ চনত শাসনৰ সুবিধার্থে ম্যানমাৰক পৃথক কৰা হয়৷ ইয়াৰ ফলত সীমান্ত অঞ্চলত বসবাস কৰা বহু জনজাতি বিভক্ত হৈ পৰে৷ ১৯৪১ চনত অসমৰ গৱর্নৰ ৰবার্ট ৰেইডে নগা আৰু চীন–লুচাই জাতি অধ্যুষিত অঞ্চলসমূহ ভাৰতৰ পৰা পৃথক কৰাৰ প্রস্তাৱ দিয়ে৷ কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে সেই প্রস্তাৱ ফাইলতে পৰি থাকে৷
দেশে স্বাধীনতা লাভৰ কেই সপ্তাহমান পূর্বে নগা নেচনেল কাউঞ্চিল (এন এন চি)ৰ সৈতে ভাৰতীয় কর্তৃপক্ষৰ নদফীয়া চুক্তি এখন স্বাক্ষৰিত হৈছিল৷ তাত এটা দফাই খেলিমেলি লগাই দিয়ে৷ ভাৰতৰ মতে, দফাটোত কোৱা হৈছিল যে দহবছৰ পিছত নগাসকলৰ সৈতে আন এখন বিস্তৃত পৰিসৰৰ চুক্তি স্বাক্ষৰ হ’ব৷ কিন্তু এন এন চিৰ মতে, দফাটোৱে দহ বছৰ ভাৰতৰ সৈতে থকাৰ পাছত নগাসকল কাৰ সৈতে থাকিব, সেইটো সিদ্ধান্ত নিজেই ল’ব৷ অসন্তুষ্ট এন এন চিৰ নেতা জেড ফিজোৱে ১৯৪৭ চনৰ ১৪ আগষ্টত নাগালেণ্ডৰ স্বাধীনতা ঘোষণা কৰি দিলে৷ ভাৰতবর্ষই সেনা পঠিয়ালে আৰু সেনাৰ বিশেষ অধিকাৰ আইন প্রণয়ন হ’ল৷ ইফালে, একেটা দিনতে বর্তমানৰ ম্যানমাৰৰ পূব নাগালেণ্ডতো নগা নেচনেল কনভেনচনে স্বাধীনতা ঘোষণা কৰে৷ আনহাতে, পৰৱর্তীত এন এন চিৰ সৈতে কেন্দ্রীয় চৰকাৰৰ আলোচনা আৰম্ভ হয় যদিও সশস্ত্র সংগঠনটোৰ বহু কেডাৰে সেই আলোচনাক বিশ্বাসত ল’ব পৰা নাছিল৷ সেই সময়ত তেওঁলোক চীনত প্রশিক্ষণ লৈ আছিল৷ তাৰ পৰা ম্যানমাৰত প্রৱেশ কৰি ১৯৮০ চনত গঠন কৰে এন এছ চি এন৷ প্রথমবাৰৰ বাবে দুয়োখন ৰাষ্ট্রৰ নগাসকলক লৈ গঠন হয় এটা সশস্ত্র সংগঠন৷ সংগঠনটোৱে ম্যানমাৰত নগা বসতিপূর্ণ অঞ্চলত নিজৰ বাবে মুক্তাঞ্চল গঢ়ি তুলি নিজাববীয়াকৈ চৰকাৰ চলাবলৈ ধৰিলে৷ সেই ভূমি হৈ পৰিল উত্তৰ–পূবৰ আন আন উগ্রপন্থী–বিদ্রোহী সংগঠনৰ আশ্রয় তথা প্রশিক্ষণৰ কেন্দ্র৷ পাছত ম্যানমাৰৰ নগা খাপলাঙৰ নেতৃত্বত এন এছ চি এনৰ এটা ফৈদ গঠন হয়৷ দুয়োটা গোটৰ মাজত কেইবাটাও ৰক্তাক্ত সংঘর্ষও হয়৷ ১৯৮৮ চনত দেখা গ’ল যে ম্যানমাৰৰ পূব নাগালেণ্ড খাপলাং গোট আৰু ভাৰতৰ নাগালেণ্ডত আই–এম গোটৰ ভেটি অধিক শক্তিশালী৷ তাৰে ইশ্বাক–মুইভা গোটটোৱে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ সন্মতি প্রকাশ কৰি ১৯৯৭ চনতে যুদ্ধবিৰতি ঘোষণা কৰে৷ কিন্তু শান্তি আলোচনাৰ অন্তিমখন চুক্তি স্বাক্ষৰ হ’বলৈ এতিয়াও বহু বাকী৷

You might also like