নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত আৰক্ষীৰ গুলীত আহত ড্রাগ্ছ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ৰাজ্যখনত বৰবিহস্বৰূপ ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰি অহাৰ সময়ত শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাহ গুদামঘাটৰ পৰা ৩জন ড্রাগ্ছ সৰবৰাহকাৰীসহ ৩ লাখ টকা মূল্যৰ ব্রাডন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ চাৰিদুৱাৰ থানাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত গুদামঘাটৰ এটা ঘৰৰ পৰা ১৩৬টা ব্রাডন ছুগাৰৰ কনটেইনাৰসহ ব্রাডন ছুগাৰ জব্দ কৰে৷ আৰক্ষী সূত্রে জানিবলৈ দিয়া মতে, আৰক্ষীৰ জালত পৰা ড্রাগ্ছ মাফিয়াকেহটা ক্রমে ৰাহুল আমিন, ৰাজিবুৰ ওৰফে ৰাজু আৰু নুৰজামাল হক৷ ৰাহুল আমিন নামৰ অভিযুক্তটো চাৰিদুৱাৰ থানাত পঞ্জীয়ন হোৱা একাধিক গোচৰৰ সৈতে জডিত হৈ থকাৰ  উপৰি ড্রাগ্ছ সৰবৰাহকাৰী ৰূপেও ড্রাগ্ছৰ বেহা মেলিছিল৷ কালি আৰক্ষীয়ে ৰাহুলক জেৰা অব্যাহত ৰখাৰ সময়ত ৰাহুলৰ জিম্মাত থকা মাৰণাস্ত্র দেখুৱাহ দিয়াৰ বাবে গুদামঘাটলৈ নিয়ে যদিও তাত দেখুৱাহ দিব নোৱাৰাত চাৰিদুৱাৰ ৰে’ল ষ্টেচনৰ পৰিত্যক্ত আৱাসত লুকুৱাহ থোৱা বুলি আৰক্ষীক জনোৱাত পুনৰ ৰাহুলক লৈ পুৱতিনিশা ৰে’ল আৱাসত ডপস্থিত হয়৷

সেহ সময়ত ধূর্ত ৰাহুলে আৰক্ষীক গঁতা মাৰি হেণ্ডকাফসহ পলাই যায়৷ আৰক্ষীয়ে ৰাহুলক পলাই নাযাবলৈ নির্দেশ দিয়ে যদিও বিভিন্ন গোচৰৰ সৈতে সাঙোৰ খাহ থকা ৰাহুলে পলোৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰাত ঘটনাস্থলীতে বহি পৰে৷ শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় পি ঘনাৱটে এহ তথ্য সদৰী কৰি ৰাহুলে বিগত সময়ত ডকাহতি, তেলৰ টেংকী চুৰি আদিৰ সৈতে জডিত বুলি জানিবলৈ দি আহত ৰাহুলক চাৰিদুৱাৰ প্রাথমিক স্বাস্থ্যকেন্দ্রলৈ আনে যদিও চিকিৎসকৰ পৰামর্শ মতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ সম্প্রতি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চার্ভিকেল ৱার্ডত আৰক্ষী বেষ্টনীৰ মাজত চিকিৎসাধীন হৈ আছে৷ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীকেহজ পৰা এখন আৰটিগা বাহন, তিনিটা ম’বাহল ফোন জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে৷
লাহৰীজানত ৩.৫ কোটি টকাৰ ড্রাগ্ছ জব্দঃ গ্রেপ্তাৰ ২ সৰবৰাহকাৰী
কার্বি আংলং জিলাৰ ৰাষ্ট্রীয় ঘাহপথসমূহক কৰিড’ৰ হিচাপে লৈ চুবুৰীয়া ৰাজ্যসমূহৰ পৰা বিভিন্ন স্থানলৈ নিষিদ্ধ ড্রাগ্ছৰ সৰবৰাহ অব্যাহত থকাৰ মাজতে যোৱানিশা অসম–নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানত আৰক্ষীয়ে তালাচী চলাহ বুজন পৰিমাণৰ ড্রাগ্ছ জব্দ কৰাৰ লগতে দুহ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া লুতফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে যোৱানিশা লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান আৰম্ভ কৰে৷ আৰক্ষীৰ তালাচী অভিযান চলি থকাৰ সময়তে নিশা প্রায় ১১ বজাত এম এন–০১ এ কে–৪৭৮৯ নম্বৰৰ বলেৰ’খনত তালাচী চলাহ বাহনখনৰ ভিতৰত ত্রিশটা চাবোনৰ বাকচত লুকুৱাহ অনা অৱস্থাত মুঠ ৪১২ গ্রাম নিষিদ্ধ হেৰ’হন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ হোৱা মাৰাত্মক হেৰ’হনখিনি বাহনখনৰ পিছফালৰ দুয়োটা লাহটৰ ভিতৰৰ অংশত কৌশলেৰে লুকুৱাহ অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ জব্দ হোৱা হেৰ’হনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য প্রায় ৩.৫ কোটি টকা বুলি অনুমান কৰা হৈছে৷ এহ ড্রাগ্ছ মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰি থকা হৈছিল৷ এহ সন্দর্ভত আৰক্ষীয়ে দুটা ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুটা ক্রমে মণিপুৰৰ থৌবাদ জিলাৰ আমজাদ আলী (৩৭) আৰু চৈয়দ আনিছ খান (৩৮) বুলি চিনাক্ত কৰা হৈছে৷

You might also like