ঐক্যবদ্ধ শক্তিৰ আৱশ্যকতা
আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্রীয় পটভূমিৰ পৰা গুৰুত্বপূর্ণ ৰাজ্যিক সমস্যাসমূহ বিচ্ছিন্ন কৰি চাব নোৱাৰি৷ ঠিক তেনেকৈ ৰাজ্যিক সমস্যাসমূহকো অৱমাননা কৰি ৰাষ্ট্রীয় জীৱনৰ মংগলময় ভৱিষ্যৎ গঢ়ি তুলিব নোৱাৰি৷ আনহাতে, আন্তঃৰাষ্ট্রীয় ঘটনাৱলীৰ সুচিন্তিত, গ্রহণযোগ্য বিচাৰৰ অবিহনে ৰাষ্ট্রীয় জীৱনক সংশয়মুক্তও কৰিব নোৱাৰি৷ ইমানৰ মাজতো ৰাষ্ট্রই সদায় মনত ৰাখিব লাগিব যে ৰাষ্ট্রৰ ঘাই আধাৰ ৰাজ্যসমূহক ৰাষ্ট্রৰ শাসনাধিষ্ঠিত দলে নিজৰ দলীয় দৃষ্টিভংগীৰে নহয়, এটা সামগ্রিক ৰাষ্ট্রীয় দৃষ্টিভংগীৰে বিচাৰ কৰি ৰাজ্যসমূহৰ সমস্যাৱলীৰ গ্রহণযোগ্য সমাধান সাধন কৰিব নোৱাৰিলে আভ্যন্তৰীণভাৱে ৰাষ্ট্র শক্তিশালী হৈ থাকিব নোৱাৰে৷
নৰেন্দ্র মোদীৰ নেতৃত্বত ২০১৪ খ্রীষ্টাব্দত বিজেপি দেশৰ শাসনত অধিষ্ঠিত হৈ তেওঁলোকৰ দলীয় আদর্শক সমগ্র দেশৰ বাবে প্রয়োগ কৰিবলৈ আৰম্ভ কৰি আৰু ৰাষ্ট্রীয় পর্যায়তো প্রধানমন্ত্রীয়ে নিজা ক্ষমতাৰে বিমুদ্রাকৰণকে ধৰি ঘটোৱা ঘটনাৱলীয়ে ভাৰতবর্ষৰ গৰিষ্ঠসংখ্যক চিন্তাশীল লোককে হতোচ্ছাস কৰি তুলিলে৷ ভাৰতীয়ত্বৰ ঠাইত কেৱল হিন্দুত্বৰ ধ্বনিৰে আনকি চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত্ ধর্মনিৰপেক্ষ নীতিৰ পৰিৱর্তে ধর্মীয় নীতিৰ প্রভাৱেৰে দেশখনত সৃষ্টি কৰা মানসিক বিভাজনৰ পৰিৱেশ গঢ়ি উঠাত সাৰ–পানী যোগালে৷ আনহাতে মিশ্র অর্থনীতিৰ ঠাইত সম্পূর্ণৰূপে ব্যক্তিগত খণ্ডৰ অর্থনৈতিক বিকাশ সাধন কৰিবলৈ ৰাজহুৱা খণ্ডসমূহ বিক্রী কৰি জনসাধাৰণক ব্যক্তিগত খণ্ডৰ অনুগ্রহপ্রার্থী কৰি তোলাৰ আৰম্ভণি ঘটালে৷ হয়তো এতিয়াও প্রধানমন্ত্রীসহ ৰাষ্ট্রীয় নেতৃত্বৰ মনৰ সন্মুখত আছে সমগ্র বিশ্বৰ অন্যতম প্রতাপী আৰু প্রভাৱশালী দেশ আমেৰিকা৷ কিন্তু ইতিহাসে লাহে লাহে আমেৰিকাৰ সেই শক্তিৰ অৱনমন ড’নাল্ড ড্রাম্পৰ দিনৰ পৰা দেখিবলৈ আৰম্ভ কৰিছে৷ আনহাতে চীন দেশে মুক্ত বাণিজ্যৰ দুৱাৰ খুলিলেও ৰাষ্ট্রীয় অর্থনীতিক ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰ নকৰাকৈ ক্রমাৎ শক্তিশালী কৰি তুলি আহিছে৷ চীনৰ এই পৰিকল্পিত অভ্যুত্থানে ভাৰতবর্ষৰ আমেৰিকাই আফগানিস্তানৰ পৰা ৰাছিয়াৰ প্রভাৱ আঁতৰাবলৈ সৃষ্টি কৰা তালিবান সময়ত আমেৰিকাৰ বাবেই যে কালান্তক হৈ উঠিব, তাৰ পৰা পৰিত্রাণ পাবলৈ ড্রাম্পে আফগানিস্তানৰ লগত কৰি থোৱা চুক্তিৰ আধাৰত বাইডেনে এতিয়া টালি–টোপোলা বান্ধি আমেৰিকাক ঘূৰাই লৈ যোৱাৰ ফলত তালিবান এটা ভয়ংকৰ ত্রাস সৃষ্টি কৰা ক্ষমতাৰ অধিকাৰী হৈ পৰিল৷ চীনে তালিবানক স্বীকৃতি দিয়াৰ লগে লগে তালিবান এতিয়া পাকিস্তানৰ লগ লাগি ভাৰতৰ বাবেও সন্ত্রাসৰ কাৰণ ৰূপে থিয় দিছে৷ তালিবানে চৰকাৰ গঠনৰ অনুষ্ঠানলৈ চীন আৰু পাকিস্তানক মাতিলেও ভাৰতক নিমন্ত্রণ কৰা নাই৷ তালিবানৰ এই প্রভাৱে যে ভাৰতবর্ষৰ সংবিধান সংশোধন কৰি ক্ষমতাচ্যুত কৰা কাশ্মীৰৰ ৰাজনৈতিক নেতাৰ ওপৰত প্রভাৱ পেলাব পাৰে, তাৰ সম্ভাৱনা দেখা গৈছে৷ আফগানিস্তানৰ উন্নয়নৰ বাবে ভাৰতে যথেষ্টখিনি ব্যয় কৰিলে৷ এতিয়া তালিবানে যে তাৰ মূল্য নিদিয়ে, সেই বিষয়ে কোনো সন্দেহ নাই৷ কেৱল এয়ে নহয়, তালিবানে ভাৰতবর্ষৰ বিভিন্ন ঠাইত ধর্মীয় সংখ্যালঘুৰ মাজত প্রভাৱ পেলাবলৈ যত্ন কৰাৰ সংকেত ইতিমধ্যেই ফুটি উঠিছে৷ বিজ্ঞান মনষ্কতাহীন দৃষ্টিভংগীৰে ১৩/১৪শ বছৰৰ আগৰ মোল্লাই বান্ধি দিয়া শ্বৰিয়তকে শেষ শিক্ষা স্বৰূপে লৈ ধর্মীয় আচাৰ–নুষ্ঠানকে ধর্ম জ্ঞান কৰা তালিবান কিমান ভয়ংকৰ হ’ব পাৰে, আফগানিস্তানত তাৰ প্রত্যক্ষ প্রমাণ সমগ্র বিশ্বই লাভ কৰিছে৷ যদি ওচৰ–চুবুৰীয়া উজবেকিস্তান, তাজাকিস্তান আৰু ৰুছকে ধৰি শক্তিশালী অন্যান্য দেশেও তালিবানৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে স্থিতি গ্রহণ কৰে, তেতিয়া হয়তো ছবিখনৰ ৰং সলনি হ’বও পাৰে৷
এনে পৰিপ্রেক্ষিতত এতিয়া ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় জনতা পার্টীৰ যদি চকু মুকলি হয়, ভাল কথা৷ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে শেহতীয়াকৈ কৈছে– ‘ভাৰতৰ সকলো হিন্দু–মুছলমানৰ পূর্বপুৰুষসকল হিন্দু আছিল৷ ভাৰতৰ প্রতিজন নাগৰিকেই হিন্দু৷ আক্রমণকাৰীসকলৰ লগতহে এই দেশলৈ আহিছিল ইছলাম ধর্ম এই কথাকে কৈছে ইতিহাসে৷’ যদিও ভাগৱতে ইতিহাসৰ কথা কৈছে, সেই ইতিহাসৰ দুটা অধ্যায় আছে৷ প্রথম অধ্যায়ত সপ্তম শতিকাতে দুজন মুছলমান পীড সাগৰেদি আহি দক্ষিণ ভাৰতবর্ষ পাইছিলহি৷ সাগৰপৰীয়া সেই ৰাজ্যৰ হিন্দু ৰজাই এই পীড দুজনৰ কথাত মুগ্ধ হৈ তেওঁৰ দেশত এই আদেশ কৰিলে যে দেশৰ প্রতিটো পৰিয়ালৰ এজনে ইছলাম ধর্ম ল’ব লাগে৷ সেই বাবেই কেৰালালৈকে এই অঞ্চলটোত যিসকল হিন্দুৱে ইছলাম ধর্ম গ্রহণ কৰিলে, তেওঁবিলাকহে পূর্বৰ হিন্দু আছিল৷ ভাৰতবর্ষৰ বিভিন্ন স্থানত তথাকথিত উচ্চ বর্ণৰ লোকৰ পৰা ঘৃণিত, অপমানিত আৰু অত্যাচাৰিত হৈ অনেক তথাকথিত নিম্ন বর্ণৰ হিন্দুৱে ইছলাম গ্রহণ কৰি মুছলমান হৈছিল৷ দ্বিতীয়টো অধ্যায় হ’ল পাৰস্যৰ পৰা হোৱা ইছলামধর্মী শাসনকর্তাৰ ভাৰত আক্রমণ৷ এই আক্রমণ হৈছিল উত্তৰ–পশ্চিম অংশইদি৷ এই আক্রমণেই উত্তৰ ভাৰতবর্ষত সংঘাতৰ সৃষ্টি কৰিছিল৷ এই সংঘাত যদিও দেশ অধিকাৰ কৰা শক্তিৰ লগতহে আছিল, সি পৰৱর্তী কালত ধর্মীয় মেৰু বিভাজনলৈ ৰূপান্তৰিত হয়৷ কিন্তু তাৰ মাজতে আকবৰৰ দৰে শাসনকর্তা যিদৰে আছিল, হিন্দু দর্শনৰ গ্রন্থ আৰবীলৈ অনুবাদ কৰোৱা বাদশ্বাহো আছিল৷ এই কথাও মনত ৰাখিবলগীয়া যে হজৰত মহম্মদে যিহেতু লিখা–পঢ়া জনা নাছিল, তেওঁ কেৱল সাধনাৰ যোগেদি অন্তর্দৃষ্টিৰে দেখা একেশ্বৰবাদী সত্য প্রকাশ কৰিছিল৷ তদুপৰি পুৱাৰ পৰা গধূলিলৈকে আৰবৰ প্রাকৃতিক, সামাজিক পটভূমিত সৎভাৱে জীৱন যাপন কৰাৰ ক্ষেত্রত পালন কৰিবলগীয়া নিয়ম ঘোষণা কৰিছিল৷ পৰৱর্তী কালত মোল্লাসকলেহে লগ লাগি এই সকলো নিয়ম লিপিবদ্ধ কৰি কোৰান লিখিত ৰূপত উলিয়ালে৷ সভ্যতাৰ পৰিৱর্তনৰ লগে লগে জীৱন যাপনৰ অনেক সালসলনি ঘটিলেও মোল্লাসকলে সাধাৰণ মানুহক আনকি খোৱা–বোৱা, পিন্ধা–উৰাতো সপ্তম দশকৰ আৰবৰ পটভূমিত ঘোষণা কৰা নীতি–নিয়মকে সালসলনি নকৰাকৈ প্রয়োগ নকৰিলে কল্পনাৰ স্বর্গ (বেহেস্ত) নাপাবগৈ বুলি তেনে নিয়ম পালন কৰিবলৈ বাধ্য কৰি আহিছে৷ তালিবান, আল–কায়দা, আইছিছ আদি ইছলামিক গোটবোৰে এনে নীতি–নিয়ম নমনাসকলক ‘কাফেৰ’ অর্থাৎ শত্রুজ্ঞান কৰে অৱশ্যে বর্তমান বিশ্বত ক্রমাৎ শক্তিশালী হৈ উঠা চীনক বন্ধুজ্ঞান কৰে৷ ভাৰতবর্ষক শত্রুজ্ঞান কৰি অহা চীনে চীন–পাকিস্তানী ইক’নমিক কৰিড’ৰ আফগানিস্তালৈকে বিস্তাৰ কৰিবলৈ আঁচনি কৰিছে৷ আফগানিস্তানত চীনে এক ডাঙৰ বিমানবন্দৰ গঢ়ি তোলাৰো আঁচনি কৰিছে৷ ভাৰতবর্ষৰ কাৰণে এতিয়া আফগানিস্তান বন্ধু দেশ নহৈ পাকিস্তানৰ সৈতে লগ হৈ আৰু চীনৰ শক্তিৰে শক্তিমান হৈ শত্রুদেশ হৈ গঢ় লোৱাৰ সকলো আয়োজন প্রায় সম্পূর্ণ হৈছে৷
এই প্রেক্ষাপটত ভাৰতবর্ষৰ আর্থ–ৰাজনৈতিক স্বার্থ শক্তিশালী কৰি তুলিবলৈ যে কেৱল হিন্দু ধর্মৰ শ্লোগানেৰে বিজেপি সফল হ’ব নোৱাৰিব, সেই কথা উপলব্ধি কৰিব নোৱাৰিলে সমগ্র দেশৰ বাবেই বিপদ সূচিত হ’ব৷ যি গান্ধীজীৰ নেতৃত্বই ভাৰতবর্ষক ব্রিটিছ শাসনমুক্ত কৰি স্বাধীন কৰিলে, সেই গান্ধীজীতকৈ ভাৰতবর্ষৰ প্রথম গৃহমন্ত্রী বল্লভ ভাই পেটেলক অত্যুচ্ছ স্থান দিয়া নৰেন্দ্র দামোদৰ মোদীয়ে এতিয়া স্বাধীনতাৰ ৭৫ বছৰ পূর্ণ হোৱাৰ সময়ত ‘অমৃত মহোৎসৱ’ পাতি ভাৰতবর্ষৰ স্বার্থ ৰক্ষা কৰিব পাৰিবনে? বিজেপিয়ে মোদীৰ জন্মদিন ২০ দিনীয়াকৈ দেশজুৰি পাতিবলৈ লৈ জাতি–বর্ণ–ধর্ম–ভাষ্ নির্বিশেষে ভাৰতবর্ষৰ মানুহক ঐক্যবদ্ধ কৰিব পাৰিবনে? যেতিয়ালৈকে গান্ধীজীয়ে কৈ যোৱা ‘ভাৰতবর্ষ বহুত্বৰে সৈতে এক আৰু এক হৈও বহুত্বৰে পূর্ণ’ –এই বাণী উপলব্ধি কৰি সকলো ভেদাভেদ পাহৰি ভৰতবর্ষৰ সকলো মানুহক, ভাৰতবর্ষৰ সকলো ৰাজ্যক সমান জ্ঞান কৰিব নাজানিব, তেতিয়ালৈকে ভাৰতবর্ষৰ আভ্যন্তৰীণ অসন্তোষ আঁতৰ নহ’ব আৰু চীন, পাকিস্তান, আফগানিস্তানৰ দৰে শক্তিয়ে এই অসন্তোষৰ সুবিধা ল’ব৷ অন্তর্দৃষ্টি আৰু দূৰদৃষ্টিহীনভাৱে দেশ শাসন কৰিবলৈ গ’লে দেশৰ মংগল সাধিত নহ’ব, অমংগল সাধিত হ’ব৷ দেশৰ মানুহে প্রশ্ণ কৰিব গান্ধীজীৰ জন্মদিন কিমান দিনীয়াকৈ উদ্যাপন কৰাৰ বিজেপিৰ অভিজ্ঞতা আছে? বৰং তেওঁবিলাকৰ এগৰাকী সাংসদে গান্ধীজীৰ হত্যাকাৰী নাথুৰাম গড্ছেৰ মূর্তি স্থাপন কৰিব লাগে বুলি দাবী কৰাৰ কথা মনত পৰিছে৷ এই কথা স্মৰণীয় যে ক্ষুদ্র স্বার্থৰ বাবে কৰা কামে দেশৰ প্রভূত ক্ষতি কৰাৰ বাট মুকলি কৰিব৷
কংগ্রেছকে ধৰি বাকী দলবোৰৰ ঠেৰুহীন অৱস্থাই দেশৰ জনসাধাৰণৰ সন্মুখত কোনো আশাৰ পোহৰ দাঙি ধৰিব পৰা নাই৷ কেৰালা, পশ্চিমবংগ, ওডিশা, মহাৰাষ্ট্র, দিল্লী আদি কেইখনমান ৰাজ্যৰ বিজেপিবিৰোধী ৰাষ্ট্রীয় আৰু আঞ্চলিক দলৰ বাহিৰে বিজেপিশাসিত ৰাজ্যৰ সংখ্যাই অধিক৷ অসমত আঞ্চলিক শক্তি বহুধাবিভক্ত৷ যেতিয়ালৈকে ৰাজ্য তথা দেশৰ মংগল আৰু বিকাশৰ বাবে গ্রহণ কৰা আদর্শতকৈ ব্যক্তিগত স্বার্থই প্রাধান্য লাভ কৰিব, তেতিয়ালৈকে আঞ্চলিক বা ৰাষ্ট্রীয় দল ঐক্যবদ্ধ হ’ব পাৰিব বুলি আশা কৰিব নোৱাৰি৷ এনে এটা পটভূমিত অসমত সম্প্রতি বুদ্ধিৰ তীক্ষ্ণতা, দায়িত্বৰ প্রতি সচেতনতা, প্রতিটো সমস্যা অনুধাৱনৰ ক্ষমতা আৰু জনসাধাৰণৰ প্রতি সচেতনতা আৰু জনসাধাৰণৰ মনোভাব বুজি পোৱাৰ ক্ষমতাৰে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বই বিৰোধীক অনেক বিষয়ত বাকৰুদ্ধ কৰাৰ দৰে কৰিছে আৰু শাসন ব্যৱস্থাতো কিছু নতুনতা আনিছে৷ হিতেশ্বৰ শইকীয়াৰ পাছত বোধকৰোঁ ড০ হিমন্তৰ কর্মদক্ষতাই এটা শক্তিশালী খোজ পেলোৱাৰ প্রাথমিক পৰিচয় দাঙি ধৰিছে৷ কিন্তু ৰাষ্ট্রীয় বিজেপিৰ ব্যক্তিগত খণ্ডক দেশৰ উদ্যোগ, ব্যৱসায়–বাণিজ্যকে ধৰি বিক্রী কৰাৰ নীতিক আৰু হিন্দু ধর্মৰ তত্ত্বৰ ঠাইত বাহিৰৰ ৰংচঙীয়া ধর্মীয় আচৰণৰ পোষকতাক ৰাজ্যৰ কোনো মুখ্যমন্ত্রীয়ে সলাব নোৱাৰিব৷ ধর্ম ব্যক্তিগত স্তৰত থাকক, চৰকাৰৰ ক্ষেত্রত নাথাকক৷ অৱশ্যে সদায় নদীৰ সোঁত একে শক্তিৰে বৈ নাথাকে৷ সন্মুখৰ ঐক্যবদ্ধ বিৰোধী শক্তিৰ সবল স্থিতিয়ে শাসনাধিষ্ঠিত দলক দেশে বিচৰাৰ দৰে খোজ দিবলৈ বাধ্য কৰিব পাৰে৷ ভাৰতবর্ষত এই মুহূর্তত তেনে এটা ঐক্যবদ্ধ শক্তিৰ প্রয়োজন হৈ উঠিছে গুৰুত্বপূর্ণ৷