নতুন বিটিচি
বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণ ইতিমধ্যে সমাপ্ত হ’ল৷ আৰু এটা পর্যায়ৰ পাছতে ভোটগ্রহণ প্রক্রিয়াৰ সামৰণি পৰিব৷ গণতান্ত্রিক শাসন ব্যৱস্থাত ভোটদান নতুবা ভোটগ্রহণ প্রক্রিয়াটোৰ সমান গুৰুত্বপূর্ণ অংশ দ্বিতীয়টো নাই৷ প্রক্রিয়াটো সকলো ধৰণৰ ভয় আৰু শংকাৰ পৰা মুক্ত হৈ থকাটো অতি জৰুৰী৷ লগতে জৰুৰী ভোটগ্রহণ কেন্দ্রলৈ অধিকৰ পৰা অধিকসংখ্যক ভোটাৰৰ গমন৷ ইয়াৰ ওপৰতে গণতান্ত্রিক ব্যৱস্থাটোৰ স্বাস্থ্য নির্ভৰ কৰে৷ ভয়–শংকামুক্ত পৰিৱেশত ভোটদান হোৱাৰ সৰল অর্থটো হৈছে সংশ্লিষ্ট অঞ্চলটোত গণতন্ত্র পূৰঠ হৈ উঠিছে নাইবা পূৰঠ হ’বলৈ ধৰিছে৷ এইবেলিৰ বিটিচি নির্বাচনত মোটামুটিকৈ ইয়াৰে প্রতিফলন ঘটা বুলি ক’ব পাৰি৷ সেয়ে এইবাৰৰ বিটিচি নির্বাচন যথেষ্ট পৰিমাণে পৃথক আৰু সুকীয়া৷ পৰিষদীয় অঞ্চলটোত ইয়াৰ পূর্বে অনুষ্ঠিত পৰিষদীয় সাধাৰণ নির্বাচনত এনেধৰণৰ পৰিৱেশ দেখা পোৱা নগৈছিল৷ ব্যাপক হিংসা আছিল অবিচ্ছেদ্য অংগ৷ মুকলি পৰিৱেশত সকলোৱে নির্বাচনী প্রচাৰ চলাব পৰা নাছিল৷ সেই অধিকাৰ মূলতঃ মাথোঁ সীমিত পক্ষৰ মাজত সীমাবদ্ধ হৈ আছিল৷ তাকো অঞ্চলভেদে৷ অর্থাৎ যিটো অঞ্চলত যাৰ শক্তি, ক্ষমতা, প্রভুত্ব অধিক, তাত সেইটো পক্ষই মুকলিকৈ সভা–সমিতি পাতি নির্বাচনী প্রচাৰ চলায়৷ প্রতিপক্ষৰ শক্তিশালী ভিত্তি থকা অঞ্চলত আডম্বৰপূর্ণ নির্বাচনী প্রচাৰ চলোৱাৰ পৰা তেওঁলোক আঁতৰি থাকে৷ দ্বিতীয় পৰিষদীয় নির্বাচনৰ কথা যাৰ মনত আছে, তেওঁলোকে এই কথাখিনিৰ মর্ম সহজে বুজিব পাৰিব৷ পৰৱর্তী নির্বাচনটোও কম নাছিল৷ কিন্তু দ্বিতীয়টো সাধাৰণ নির্বাচন আক্ষৰিক অর্থত আছিল ভয়াৱহ৷ ইয়ে অঞ্চলটোৰ জনসাধাৰণৰ মানসিক জগতখনক বেয়াকৈ জোকাৰি যায়৷ তাৰ প্রভাৱ পৰৱর্তী পৰিষদীয় সাধাৰণ নির্বাচনটোলৈ ৰৈ যায়৷ এইবাৰহে অঞ্চলৰ জনসাধাৰণ সেই ভয়ংকৰ অৱস্থাৰ পৰা মুক্ত হৈ ওলাবলৈ সক্ষম হৈছে৷ সেয়ে এইবেলিৰ নির্বাচনটোত বিটিচি অঞ্চলৰ জনসাধাৰণৰ মাজত এটা নতুন ধৰণৰ আত্মবিশ্বাস পৰিলক্ষিত হৈছে৷ তাৰ প্রতিফলন ঘটিছে নির্বাচনী প্রচাৰ সভা, পদযাত্রা, চাইকেল–মটৰচাইকে সমদল আদিত৷ প্রায় প্রতিটো দলৰেই প্রচাৰত জনসাধাৰণ হিল–দ’ল ভাঙি ওলাই আহিছে৷ বিপিএফ, ইউপিপিএল, বিজেপি, এআইইউডিএফ, কংগ্রেছ, গণ সুৰক্ষা পার্টীকে ধৰি সকলো ৰাজনৈতিক দল আৰু প্রার্থীয়ে উছৱমুখৰ পৰিৱেশত নির্বাচনী প্রচাৰ চলাইছে৷ তদুপৰি পছন্দৰ প্রার্থীজন নতুবা দলটো বাছনি কৰাৰ ক্ষেত্রত পূর্বতে বিকল্প আছিল তেনেই সীমিত৷ এইবাৰ ইয়াৰো অভাৱ হ্রাস পাইছে৷
বিটিচিত এইটো চতুর্থ সাধাৰণ নির্বাচন৷ ইয়াৰ পূর্বে বিএচি নামৰ স্বায়ত্তশাসিত পৰিষদ এখন গঠন হৈছিল যদিও নির্বাচন অনুষ্ঠিত নোহোৱাকৈ পৰিষদখন ইতিহাস হৈ যায়৷ সেই স্থান লয় বিটিচিয়ে৷ এখন ঐতিহাসিক চুক্তিৰ জৰিয়তে সংশোধিত ষষ্ঠ অনুসূচীৰ অধীনত গঠন হয় স্বায়ত্তশাসিত পৰিষদখন৷ সাধাৰণ নির্বাচন অনুষ্ঠিত নোহোৱালৈকে চুক্তি স্বাক্ষৰকাৰী বিএলটিৰ নেতাসকলৰ হাততে পৰিষদখনৰ শাসন ক্ষমতা তুলি দিয়া হয়৷ তেওঁলোকৰ লক্ষ্য আছিল কমেও কুৰি বছৰ বিটিচি শাসন কৰা৷ এই কথা হাগ্রামা মহিলাৰীয়ে কেইবাবাৰো নিজে ঘোষণাও কৰিছিল৷ আচলতে এইটো আছিল পৰিষদীয় অঞ্চলত গণতন্ত্র পৰিপক্ব নোহোৱাৰ অন্যতম কাৰণ৷ তেওঁলোকৰ একাংশই পৰিষদখনত নিজৰ শাসন নিৰংকুশ কৰিবলৈ প্রতিপক্ষৰ ওপৰত ভিন্ন ধৰণে হেঁচাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে৷ প্রথম লক্ষ্য হৈ পৰে অঞ্চলটোত দীর্ঘদিন ধৰি ৰাজনীতি কৰি অহা কংগ্রেছ, অগপৰ দৰে দলৰ নেতা–কর্মী৷ তেওঁলোকক প্রলোভন, ভাবুকি সকলো দি নিজৰ ফলীয়া কৰি লোৱা হয়৷ আনকি কংগ্রেছৰ সৈতে দিছপুৰত মিত্রজোঁট চৰকাৰ চলাই থকা সময়তো বিপিএফৰ আগ্রাসনৰ বলি হৈছে কংগ্রেছ দলটো৷ ইয়াকে লৈ কংগ্রেছত কেইবাবাৰো উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ তদুপৰি বডো জাতীয়তাবাদী শিবিৰৰ ৰাজনৈতিক দলো তেওঁলোকৰ আগ্রাসী ৰাজনীতিৰ পৰা ৰক্ষা পৰা নাছিল৷ বিপিপিএফ নামৰ দলটো ইয়াৰ জ্বলন্ত সাক্ষী৷ ইউপিপিএল ৰক্ষা পৰিছিল সম্ভৱতঃ এবছু আৰু এনডিএফবিৰ সুৰক্ষাত থকা বাবে৷ যিয়েই নহওক, দলটোৱে দীর্ঘদিনৰ বাবে বিটিচিত শাসন ক্ষমতা ধৰি ৰখাৰ বাবে যিটো পন্থা হাতত লৈছিল, সিয়ে পৰিষদীয় অঞ্চলটোত গণতন্ত্রক শক্তিশালী হৈ উঠাত বাধাৰ সৃষ্টি কৰিলে৷ ইয়াৰ পৰা পৰিষদীয় অঞ্চলটো এইবেলি ওলাই আহিবলৈ সক্ষম হোৱা বুলি ক’ব পাৰি৷
এইবাৰৰ বিটিচি নির্বাচন আন এটা কাৰণত একক৷ নির্বাচনটোৰ আগে আগে বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছে৷ ইতিমধ্যে পৰিষদীয় অঞ্চলটোৰ নামো বিটিআৰ দিয়া হৈছে৷ চুক্তিখনে বিটিচিৰ তুলনাত কোকৰাঝাৰক অধিক ক্ষমতা দিছে৷ ইয়াৰ পোনপটীয়া অর্থটো হ’ল এটা বিশেষ জনগোষ্ঠীয়ে পূর্বৰ তুলনাত অধিক অধিকাৰ লাভ কৰিব৷ অজনজাতীয় লোকৰ অধিকাৰ পূর্বৰ তুলনাত আৰু সীমিত হৈ পৰিব৷ চুক্তিখনে বডোসকলৰ মাজত আৱেগৰ জোৱাৰ তুলিছে৷ নতুন স্বপ্ণৰে উতলা কৰিছে৷ ইয়াৰ প্রভাৱ নির্বাচনত পৰিবই পৰিব৷ ইয়াৰ বিপৰীতে অধিকাৰ ক্রমশঃ সীমিত হৈ পৰাৰ বেদনা, ক্ষোভ, অনিশ্চিত ভৱিষ্যতৰ চিন্তা আদিৰে ভাৰাক্রান্ত অজনজাতীয় লোকৰ মানসিক জগতখন ভোটকেন্দ্রত উন্মোচিত হ’ব পাৰে৷ এইবাৰ যিহেতু পৰিষদীয় অঞ্চলটোত মুকলিমূৰীয়া পৰিৱেশ এটা গঢ় লৈ উঠিছে, এইবাৰ অজনজাতীয় লোকৰ ভোটদানৰ হাৰ পূর্বৰ তুলনাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলাফলো পূর্বৰ তুলনা পৃথক হ’ব বুলি আশা কৰিব পাৰি৷
১২ ডিচেম্বৰত বিটিআৰৰ শাসন ক্ষমতা কাৰ হাতলৈ যাব, সেইটো স্পষ্ট হ’ব৷ দিনটো ভোটগণনাৰ৷ কিন্তু এইবাৰৰ নির্বাচনত পৰিষদীয় অঞ্চলটোৰ ভোটাৰে পছন্দৰ প্রার্থীজন নির্বাচিত কৰাত বহু বিকল্পৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ পূর্বে তেনেকুৱা ঘটা নাছিল৷ প্রথমটো পৰিষদীয় নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক একপ্রকাৰ সকলো ৰাজনৈতিক দলে ‘ৱাক অভাৰ’ দিছিল৷ দ্বিতীয়টো নির্বাচনতো বিপিএফৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰা বা নির্বাচনটোত অংশগ্রহণ কৰা দল আৰু প্রার্থীৰ সংখ্যা আছিল সীমিত৷ পৰিৱেশ তেনেকুৱাই আছিল৷ তৃতীয়টো সাধাৰণ নির্বাচনত সামান্য পৃথক হয় যদিও এইবেলিহে পৰিষদীয় অঞ্চলটোত ব্যাপক হাৰত ৰাজনৈতিক দল আৰু প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নামি পৰিছে৷ ২৪১গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ ইয়ে ভোটাৰৰ নিজৰ প্রতিনিধি বাছনিৰ ক্ষেত্রত বিকল্পৰ সুযোগ দিছে৷ বিটিচি নির্বাচনৰ প্রেক্ষাপটত এইটো গণতন্ত্রৰ বাবে আশাৰ খবৰ৷ এইবাৰ সম্ভৱতঃ জনজাতি–জনজাতি সকলো শ্রেণীৰ ভোটাৰৰে ভোটদানৰ হাৰ বৃদ্ধি পাব৷ নির্বাচনটোত অৱতীর্ণ হোৱা প্রতিটো ৰাজনৈতিক দল, প্রার্থীয়ে ইয়াৰ কৃতিত্ব দাবী কৰিব পাৰে৷ তেওঁলোকে নিজেই গণতান্ত্রিক মূল্যবোধ ৰক্ষা কৰি জনসাধাৰণৰ বাবে এটা ভয়–শংকামুক্ত পৰিৱেশ ৰচনা কৰি দিছে৷ এতিয়া অপেক্ষা মাথোঁ নির্বাচনী ফলাফলৰ৷