নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূব ভাৰতত তেল আৰু গেছৰ দৃশ্যপট: অইল ইণ্ডিয়াৰ ভূমিকা

-ৰঞ্জন চৌধুৰী

ভাৰতৰ উত্তৰ–পূর্বাঞ্চল মনোৰম দর্শনস্থলী, প্রচুৰ প্রাকৃতিক সম্পদসম্পন্ন, কৃষিভূমিৰ বিশাল বিস্তাৰ আৰু এক পৰিশ্রমী প্রতিভাৰ ভাণ্ডাৰ এই অঞ্চল হৈছে ২১ শতিকাৰ ভাৰতৰ বিকাশত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পৰা সম্ভাৱনাৰে পৰিপূর্ণ৷
ভাৰতৰ তেল আৰু গেছ অন্বেষণৰ ইতিহাস ইয়াৰ উত্তৰ–পূব ক্ষেত্রত স্থিত অসম ৰাজ্যত ১৯ শতিকাতে আৰম্ভ হয়৷ ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্রৰTitusville, Pennsylvaniaত খন্দাDrake’s wellৰ প্রায় ৯ বছৰৰ পিছত ১৮৬৭ চনতMcKillop, Stewart & Co.–এ মার্ঘেৰিটাৰ ওচৰৰ মাকুম কিলাত প্রথমটো তেল কূপ খান্দি উলিয়ায়৷ পৰৱর্তী সময়ত মাকুম আৰু মার্ঘেৰিটাৰ নামদাং অঞ্চলত কেইবাটাও কূপ খনন কৰা হয় আৰু সেই কূপসমূহৰ পৰা প্রায় দুটা দশকতকৈও অধিক সময় ধৰি কম মাত্রাত খাৰুৱা তেল উৎপাদন কৰা হয়৷ সেই সময়ত কাঠ, চাহ আৰু ৰে’ল লাইন নির্মাণকার্যৰ লগত জডিত The Assam Railway & Trading Co. Ltd–এ প্রথমটো বাণিজ্যিক কূপ (ছেপ্ঢেম্বৰ, ১৮৮৯– নৱেম্বৰ, ১৮৯০– মুঠ গভীৰতা ৬৬২ ফুট) ডিগবৈ– ১ খান্দি উলিয়ায়৷ প্রথম পর্যায়ত প্রতিদিনে ২০০ গেলন তেল উৎপাদন কৰা এই কূপৰ জৰিয়তে পৃথিৱীৰ এই অংশত তেলৰ অন্বেষণ আৰু উৎপাদনৰ নতুন অধ্যায়ৰ সূচনা হয় আৰু ভাৰতত আনুষ্ঠানিকভাৱে তেল উদ্যোগৰ জন্ম হয়৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পূর্বৰ এই সময়ছোৱাত ডিগবৈ তৈলক্ষেত্রৰ ব্যাপকভাৱে বিকাশ হয় আৰু নতুন তৈলক্ষেত্রৰ অনুসন্ধান অব্যাহত থাকে৷
উত্তৰ–পূব ভাৰতৰ তেল আৰু গেছ অন্বেষণৰ অন্যান্য উল্লেখযোগ্য মাইলৰ খুঁটিসমূহ প্রধানকৈ দেশে স্বাধীনতা লাভ কৰাৰ পৰৱর্তী সময়ছোৱাত গঢ় লৈ উঠে৷ ইয়াৰ ভিতৰত অসম অইল কোম্পানীৰ দ্বাৰা নাহৰকটীয়া (১৯৫৩) আৰু মৰাণ তৈলক্ষেত্র (১৯৫৬)ৰ আৱিষ্কাৰ আৰু অইল এণ্ড নেচাৰেল গেছ কর্প’ৰেচন লিমিটেড (অ’এনজিচি)ৰ দ্বাৰা ৰুদ্রসাগৰ তৈলক্ষেত্রৰ আৱিষ্কাৰ (১৯৬০) অন্যতম৷ পৰৱর্তী সময়ছোৱাত অইল আৰু অ’এনজিচিৰ দ্বাৰা উত্তৰ–পূব ভাৰতৰ অসম, অৰুণাচল প্রদেশ, নাগালেণ্ড, ত্রিপুৰা আৰু মিজোৰাম ৰাজ্যত ১০০তকৈও অধিক তেল আৰু গেছ ক্ষেত্রৰ আৱিষ্কাৰ হয়, সেইসমূহৰ ভিতৰত যোৰাজান, কুমচাই, হাপজান, শালমাৰী, ডিকম, কঁঠালনী, টেঙাখাত, ভোগপাৰা, চাবুৱা, বাঘজান, বাৰেকুৰি, মেচাকি, লাকুৱা, লাখমানি, গেলেকী, আমগুৰি, খাৰচাং, চৰালি, বৰহোলা–চামপাং, খৰাঘাট, বাৰামুৰা, টিচনা, গজলিয়া, ৰখিয়া, খোৱাল, হর্টকী আদি অন্যতম৷
তাৰ পিছৰে পৰা অইল আৰু অ’এনজিচি দুয়োটা ৰাষ্ট্রীয় তেল উদ্যোগতে বৃহৎ পৰিমাণৰ প্রমাণিত উৎপাদনযোগ্য হাইড্রকার্বন আছে আৰু জটিল ভাণ্ডাৰ নির্মাণ আৰু প্রবন্ধনৰ প্রযুক্তিগত জ্ঞান আছে৷ প্রতিবছৰে উত্তৰ–পূবত স্থিত তেওঁলোকৰ উৎপাদন এছেটসমূহৰ পৰা তে + তেলৰ সমকক্ষ গেছৰ প্রায় ৮.৬ নিযুত মেড্রিক টন অৰিহণা আগবঢ়াই আহিছে৷
নতুনকৈ আর্জিত তথ্যৰ ওপৰত ভিত্তি কৰি দেশৰ প্রগ্ণষ্টিকেটেড হাইড্রকার্বন prognosticated hydrocarbon) সম্পদৰ পুনৰ মূল্যায়ন কৰা হয়৷ আপাৰ আছাম ছেল্ফ shelf)ৰ প্রগ্ণষ্টিকেটেড হাইড্রকার্বন prognosticated hydrocarbon) সম্পদসমূহ (তেল+ তেলৰ সমকক্ষ গেছ)ৰ ক্রম ১৬৩৩ নিযুত মেড্রিক টন৷ দেশৰ সর্বমুঠ প্রগ্ণষ্টিকেটেড হাইড্রকার্বন prognosticated hydrocarbon) সম্পদৰ ১৮ শতাংশ (৭৬৩৪ নিযুত মেড্রিক টন) উত্তৰ–পূর্বাঞ্চলত আছে৷ এতিয়ালৈকে ইন–প্লেচ হাইড্রকার্বন ভাণ্ডাৰৰ প্রায় ২২৪৬.৬ নিযুত মেড্রিক টন ই এণ্ড পি কোম্পানীসমূহে আগবঢ়াইছে আৰু ই উত্তৰ–পূবৰ হাইড্রকার্বন ভাণ্ডাৰৰ আনুমানিক ২৯ শতাংশ৷ ইয়াৰ পৰা বুজা যায় ৭১ শতাংশ হাইড্রকার্বন সম্পদ yet to fund’ শ্রেণীতে আছে৷ (উৎস– পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ বার্ষিক প্রতিবেদন ২০১৮–১৯)
প্রতিবছৰে খাৰুৱা তেলৰ উৎপাদন একেৰাহে ৪ নিযুত টনতকৈ অধিক বৃদ্ধি হৈ আহিছে আৰু আহিবলগীয়া কিছু বছৰত ই প্রায় ৫ নিযুত হ’বগৈ৷ ২০১৮–১৯ বর্ষত উত্তৰ–পূর্বাঞ্চলত মুঠ খাৰুৱা তেলৰ উৎপাদন হৈছে ৪.২৯৪ নিযুত মেড্রিক টন৷
দেশৰ উত্তৰ–পূূব ক্ষেত্রৰ সর্বমুঠ উৎপাদনৰ বেছিভাগ উৎপাদন অসমত হৈছে আৰু ২০১৮–১৯ বর্ষত প্রায় ৯৮ শতাংশ উৎপাদন অসমত হৈছে৷ অসমৰ ভিতৰত অইলে অধিকাংশ শ্বেয়াৰ আগবঢ়াইছে (২০১৮–১৯ বর্ষত ৭৭.৫ শতাংশ)৷ ২০১৮–১৯ বর্ষত উত্তৰ–পূব ক্ষেত্রত খাৰুৱা তেলৰ মুঠ উৎপাদন হৈছে ৪.২৯৪ নিযুত মেড্রিক টন, ইয়াৰে ৪.২৩৪ নিযুত মেড্রিক টন অসমত উৎপাদন হৈছে, আকৌ অইলৰ পৰা উৎপাদন হৈছে ৩.২৮১ নিযুত মেড্রিক টন৷
বিগত বর্ষসমূহত প্রাকৃতিক গেছৰ উৎপাদন অপৰিৱর্তনশীলভাৱে বৃদ্ধি পাইছে আৰু প্রাকৃতিক গেছ হৈছে অর্থনীতিৰ অন্যান্য বহু ক্ষেত্র যেনে– ৰাসায়নিক সাৰ, বিদ্যুৎ, পেড্র’কেমিকেল আৰু চাহ বাগান আদিৰ জীৱনদায়িনীস্বৰূপ৷ ২০১৮–১৯ বর্ষত উত্তৰ–পূব ক্ষেত্রত প্রাকৃতিক গেছৰ উৎপাদন হৈছে সর্বমুঠ ৪৬৪৬.৭৮ নিযুত মেড্রিক ঘন মিটাৰ৷
প্রাকৃতিক গেছৰ উৎপাদনৰ ক্ষেত্রত ভাৰতৰ সর্বমুঠ উৎপাদনলৈ উত্তৰ–পূবৰ বৰঙণি প্রায় ১৫ শতাংশ৷ উত্তৰ–পূবৰ সর্বমুঠ প্রাকৃতিক গেছ উৎপাদনৰ প্রায় ৬৭ শতাংশ অসম আৰু অৰুণাচল প্রদেশৰ পৰা হয়৷ ২০১৮–১৯ বর্ষত (২০১৯ৰ ডিচেম্বৰলৈ) উত্তৰ–পূবত প্রাকৃতিক গেছৰ মুঠ উৎপাদন ৩৬৫৮ নিযুত মেড্রিক ঘন মিটাৰ (প্রতিদিনে)ৰ অসমৰ পৰা হয় ২৪৯১ নিযুত মেড্রিক ঘন মিটাৰ (প্রতিদিনে)৷
২০১৭–১৮ বিত্তীয় বর্ষত উত্তৰ–পূব ভাৰতৰ প্রাকৃতিক গেছ উৎপাদনত অইলে ৫৭ শতাংশ শ্বেয়াৰ আগবঢ়াইছে৷ আনহাতে, অ’এনজিচি–এ ৪১.৫৪ শতাংশ শ্বেয়াৰ আগবঢ়াইছে৷ অন্যান্য ব্যক্তিগত আৰু যুটীয়া উদ্যম JV) কোম্পানীসমূহৰ এইক্ষেত্রত বৰঙণি প্রায় ১.৫ শতাংশ৷
১৯৫৯ চনত ২১৬ মিলিয়ন টন উৎপাদনেৰে সৰুকৈ আৰম্ভ কৰা আছাম অইল কোম্পানী হিচাপে অইল ইণ্ডিয়ানসকলে অবিৰামভাৱে ৩ নিযুত বা তাতকৈ অধিকলৈ উৎপাদন বৃদ্ধি কৰিলে৷ এই তথ্য আভ্যন্তৰীণ উৎসৰ ভিত্তিত আহৰণ কৰা৷
একেদৰে অইলে অধিক পৰিশ্রম কৰি প্রাকৃতিক গেছৰ ক্ষেত্রত ১৯৭১–৭২ৰ ৯৭১ নিযুত মেড্রিক ঘন মিটাৰৰ পৰা ২০১৯–২০ বর্ষত প্রায় ৩০০০ নিযুত মেড্রিক ঘন মিটাৰলৈ উৎপাদন বৃদ্ধি কৰে৷
গুৰুত্বপূর্ণ বিষয়টো হৈছে, বিগত বছৰসমূহত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ উৎপাদন বৃদ্ধিৰ আঁৰত আছে যোৱা পাঁচ–ছয় দশক ধৰি দেশৰ প্রতিকূল প্রাকৃতিক বতৰ আৰু বিভিন্ন বন্ধ আৰু অৱৰোধৰ এক ইতিহাসক নেওচি অইল ইণ্ডিয়ানসকলে পালন কৰি অহা নিষ্ঠা আৰু অংগীকাৰবদ্ধতা৷ যদিহে অইল ইণ্ডিয়ানসকলে প্রকৃতি মাতৃৰ বাহিৰে বাকী সকলোধৰণৰ প্রতিবন্ধকতা, বিভিন্ন দল–সংগঠনৰ প্রতিবাদৰ বাবে অইল অৱৰোধ তথা বন্ধৰ সন্মুখীন নোহোৱাকৈ এক স্বাভাৱিক কর্ম–পৰিৱেশ লাভ কৰে, তেন্তে কোম্পানীৰ লোকসকল বছৰৰ পিছত বছৰ ধৰি তৈলক্ষেত্রসমূহৰ পৰা অভূতপূর্ব প্রদর্শন দেখুৱাব পৰাকৈ সক্ষম, যি নিজৰ মাজতে এক বিস্ময়৷ বিশ্বত এনে খুব কমসংখ্যক ক্ষেত্র আছে, য’ত তেলক্ষেত্রসমূহৰ পৰা পুনৰুদ্ধাৰক্ষম ভাণ্ডাৰৰ ৫০ শতাংশলৈকে অন্তিম পুনৰুদ্ধাৰ হয় বা সেই সীমা অতিক্রম কৰে৷ সাধাৰণতে ৰিক’ভাৰী ফেক্টৰ recovery factor) গোটেই বিশ্বতে আটাইতকৈ ভাল সময়ত ২০–২৫ শতাংশ সীমাত থাকে৷
বিগত বর্ষসমূহত গঢ় লোৱা এক নির্মিত কাহিনী বা বিশ্বাসক কাৰণ হিচাপে লৈ প্রায়ে বন্ধ আৰু অৱৰোধসমূহ হৈ থাকে আৰু সেয়া হৈছে, উত্তৰ–পূব আৰু বিশেষকৈ অসম ৰাজ্যৰ সম্পদসমূহ তেল কোম্পানীসমূহে লুণ্ঠন কৰি আহিছে আৰু ৰাজ্যৰ বাহিৰলৈ লৈ যোৱা হয়৷ কিন্তু তাৰ পৰিৱর্তে প্রতিবছৰে ৰয়েল্টী হিচাপে প্রায় ২০০০ৰ পৰা ২৩০০ কোটি লাভ কৰাৰ বাহিৰে ৰাজ্যই পর্যাপ্ত পৰিমাণে ৰাজহ লাভ নকৰে৷ কিন্তু এইটো বিচাৰ কৰা নহয় যে যেতিয়া উৎপাদনসমূহ উত্তৰ–পূব ক্ষেত্রত বিক্রী কৰা হয়, তেতিয়া এই অঞ্চল আৰু ৰাজ্যই বিক্রীকৰ আৰু অন্যান্য শুল্ক লাভ কৰে, কাৰণ বিত্তীয় আয়োগৰ পৰামর্শ অনুসৰি কেন্দ্র আৰু ৰাজ্যসমূহৰ মাজত হস্তান্তৰ তন্ত্র অনুসৰি কেন্দ্রীয় কৰসমূহৰ এটা অংশ (আবকাৰী শুল্ক হিচাপে সংগৃহীত) ৰাজ্যসমূহলৈ ঘূৰি আহে৷
এই কথাখিনি বাস্তৱ আৰু বস্তুনিষ্ঠতাৰ সৈতে বিচাৰ কৰি চাওঁ আহক৷ এই কথাখিনি আমি পেড্র’লিয়াম সামগ্রী (খাৰুৱা তেলৰ পৰা নির্মিত)ৰ উপভোগ আৰু এই অঞ্চল আৰু ৰাজ্যই পেড্র’লিয়াম কোম্পানীসমূহৰ অপাৰেচনসমূহৰ পৰা লাভ কৰা মুঠ আয় আদি দিশৰ ওপৰত বিচাৰ কৰিম৷ লগতে আমি এই কথাও মনত ৰাখিব লাগিব যে বৃহৎসংখ্যক জনসাধাৰণে এই পেড্র’লিয়াম ক্ষেত্রৰ ওপৰত প্রত্যক্ষ আৰু পৰোক্ষভাৱে নির্ভৰ কৰি জীৱন নির্বাহ কৰি আছে, যিয়ে এই অঞ্চলৰ অর্থনৈতিক গতি–বিধিসমূহক একেলগ কৰে৷ ক্ষেত্রত কাম কৰি থকা কোম্পানীসমূহ তেওঁলোকৰ চিএছআৰ কর্মৰাজিৰ বাবেও জনাজাত৷
উত্তৰ–পূর্বাঞ্চলৰ পেড্র’লিয়াম সামগ্রী (খাৰুৱা তেলৰ পৰা নির্মিত)ৰ সর্বমুঠ উপভোগ অঞ্চলত হোৱা খাৰুৱা তেলৰ উৎপাদনতকৈ বেছি৷ ২০১৯–২০ বর্ষত উত্তৰ–পূর্বাঞ্চলত এই উপভোগৰ পৰিমাণ ৪.৬১০ নিযুত মেড্রিক টন৷ ইয়াৰে অসমত হোৱা উপভোগৰ পৰিমাণ হৈছে ২৮৬৬ নিযুত মেড্রিক টন৷
গতিকে, ক্ষেত্রৰ সম্পদসমূহ বাহিৰলৈ যোৱা আৰু ক্ষেত্রই ইয়াৰ প্রাকৃতিক সম্পদসমূহৰ পৰা পর্যাপ্ত লাভ অর্জন নকৰা কথাটো শুদ্ধ নহয়৷ বৰঞ্চ উত্তৰ–পূর্বাঞ্চলৰ সর্বমুঠ পেড্র’লিয়াম সামগ্রীৰ উপভোগৰ ৬২ শতাংশই অসমৰ ভিতৰত হয়৷
ক্ষেত্রত স্থাপিত শোধন ক্ষমতা ক্ষেত্রত উৎপাদিত খাৰুৱা তেলতকৈও অধিক, যাৰ বাবে বাহিৰৰ পৰাও খাৰুৱা তেল অনা হয়৷ ভটিয়নী downstream) কোম্পানীসমূহে খাৰুৱা তেল সংসাধনৰ ওপৰত কেন্দ্রীয় চৰকাৰক আবকাৰী শুল্ক প্রদান কৰে, যাৰ এটা অংশ পূর্বে উল্লেখ কৰাৰ দৰে ৰাজ্যসমূহলৈ ঘূৰি আহে৷
শোধনাগাৰসমূহলৈ পর্যাপ্ত পৰিমাণত যোগান ধৰিবৰ বাবে বাহিৰৰ পৰা খাৰুৱা তেল আনিব লগা হয়, কাৰণ ক্ষেত্রত উৎপাদন হোৱা খাৰুৱা তেলৰ পৰিমাণে পর্যাপ্ত প্রয়োজন পূৰণ কৰিব নোৱাৰে৷ ২০১৮–১৯বর্ষত প্রায় ৬৯৫২ হাজাৰ মেড্রিক টন খাৰুৱা তেল বাহিৰৰ পৰা অসমলৈ অনা হৈছিল৷
এচাম মানুহৰ মাজত এক বিশ্বাস প্রচলিত হৈ আহিছে যে ৰাজ্যৰ পেড্র’লিয়াম সম্পদসমূহ প্রতিবছৰে অতি নগণ্য পৰিমাণৰ ধন ২০০০–২৩০০ কোটি টকাৰ বিনিময়ত লুটি থকা হৈছে আৰু এই সম্পদসমূহ ৰাজ্যৰ বাহিৰলৈ গৈ আছে৷ কিন্তু বাস্তৱিকতে এয়া সত্য নহয়৷
ৰাজ্যই তিনিটা স্তৰত আয় অর্জন কৰে ঃ ১৷ খাৰুৱা তেলৰ উৎপাদনৰ ওপৰত ৰয়েল্টী, ২৷ ১৪তম বিত্তীয় আয়োগৰ পৰামর্শ অনুসৰি কেন্দ্রীয় কৰ আৰু শুল্কৰ অংশ, আৰু ৩৷ বিক্রী কৰVAT/ SGST আদি– যেতিয়া সম্পূর্ণৰূপে নির্মিত পেড্র’লিয়াম সামগ্রী ৰাজ্যত বিক্রী কৰা হয়৷
এই খণ্ডৰ অৰিহণাৰ বিষয়ে সঁচা অর্থত জানিবলৈ হ’লে ওপৰত উল্লেখ কৰা তিনিটা স্তৰত অঞ্চল–ৰাজ্যলৈ আগবঢ়োৱা সম্পূর্ণ বিত্তীয় অৰিহণাৰ দিশটো চাব লাগিব৷ এই খণ্ডৰ পৰা অহা অৰিহণা ৰাজ্যৰ ৰাজহ বাজেটত ২০ শতাংশৰ পৰা ২৮ শতাংশৰ ভিতৰত থাকে৷ ২০১৯–২০ বর্ষত অইল আৰু অ’এনজিচিৰ ৰাজহৰ পৰিমাণ খাৰুৱা তেলৰ ক্ষেত্রত মুঠ ২০৮৫.৮৭ কোটি টকা আৰু প্রাকৃতিক গেছৰ ক্ষেত্রত ২২৭ কোটি টকা৷
আনহাতে, পেড্র’লিয়াম খণ্ডৰ পৰা ২০১৯–২০ বর্ষত কেন্দ্রীয় কৰ আৰু শুল্কসমূহৰ শুদ্ধ আয়ত উত্তৰ–পূর্বাঞ্চলৰ মুঠ বৰঙণি ২২৯৪৫.৬৯ কোটি টকা আৰু ইয়াৰে অসমৰ বৰঙণি ৯৬০৮.৩৫ কোটি টকা৷
২০১৯–২০ বর্ষত চৰকাৰী ৰাজকোষলৈ উত্তৰ–পূবৰ পেড্র’লিয়াম খণ্ডৰ বৰঙণি ৫০৭৬.৩৩ কোটি টকা, অসমৰ ৰাজকোষলৈ পেড্র’লিয়াম খণ্ডৰ বৰঙণি ৪১১৬.২৬ কোটি টকা৷ আকৌ অসমৰ ৰাজকোষলৈ অইলৰ বৰঙণি ৯৫১.৩২ কোটি টকা৷
অর্থনীতিৰ এই এটা খণ্ড (পেড্র’লিয়াম কোম্পানীসমূহ)ই ৰাজ্যৰ ৰাজহ বাজেটলৈ ১৯ৰ পৰা ২৭ শতাংশলৈকে অৰিহণা আগবঢ়ায়, ই কিছু পৰিমাণে লেখত ল’বলগীয়া৷
অসম চৰকাৰে পেড্র’লিয়াম খণ্ডৰ উদ্যোগসমূহৰ পৰা লাভ কৰা মুঠ আয়
r/Crores)

মন কৰিবলগীয়া বিষয় যে পেড্র’লিয়াম কোম্পানীসমূহে ৰাজ্যৰ ৰাজকোষলৈ অৰিহণা যোগোৱাৰ উপৰি কেন্দ্রীয় ৰাজকোষলৈও অৰিহণা যোগায় আৰু এনেদৰে ৰাষ্ট্র নির্মাণ কার্যত সহায় কৰে৷ ২০১৯–২০ বর্ষত পেড্র’লিয়াম কোম্পানীসমূহে ৰাজ্য চৰকাৰৰ ৰাজহলৈ ১৬০৩৭.৪৮ কোটি টকা আগবঢ়াইছে, কেন্দ্রীয় চৰকাৰৰ ৰাজহলৈ ৯৬০৮.৩৫ কোটি টকা আৰু চৰকাৰী ৰাজকোষলৈ ২৫৬৪৫.৮৩ কোটি টকাৰ বৰঙণি যোগাইছে৷
অর্থনীতিৰ যিকোনো খণ্ডৰ দৰে পেড্র’লিয়াম খণ্ডয়ো ইয়াৰ আশে–পাশে থকা অঞ্চলৰ লোকসকলৰ বাবে নিয়োগৰ সুযোগ–জীৱিকাৰ উপায় প্রদান কৰে৷ নিয়োগ প্রত্যক্ষভাৱেও হ’ব পাৰে, পৰোক্ষভাৱেও হ’ব পাৰে৷ পেড্র’লিয়াম খণ্ডৰ ক্ষেত্রত সাধাৰণ নিয়ম অনুসৰি প্রত্যেকটো প্রত্যক্ষ নিয়োগৰ বিপৰীতে তিনিজন ব্যক্তিক সেৱা–সম্বন্ধীয় কার্য যেনে– নিৰাপত্তা, কেণ্টিন, ধাবা, পেড্র’ল পাম্প ডেলিভাৰী বয়, এল পি জি ডেলিভাৰী বয়ৰ বাবে নিযুক্ত কৰা হয়৷ আনহাতে, প্রত্যক্ষ নিয়োগৰ সংখ্যা কোম্পানীৰ ফালৰ পৰা উপলব্ধ হয়৷
ওপৰত উল্লেখ কৰা সাধাৰণ নিয়ম অনুসৰি, পেড্র’লিয়াম খণ্ডই নিয়োগ কৰা মুঠ লোকৰ সংখ্যা হ’ব প্রায় ১,৬৮,৮৫০জন, ইয়াৰে ভিতৰত কার্যনির্বাহক শাখাৰ কিছুসংখ্যক দেশৰ অন্যান্য প্রান্তৰ আৰু বাকীসকল ক্ষেত্র তথা ৰাজ্যৰ৷ গড হিচাপে এটা পৰিয়ালত পাঁচজন লোক ধৰিলে, এইটো কোৱা ভুল নহ’ব যে প্রায় ৮,৫০,০০০ (৮৪৪২৫০ৰ বৃত্ত আকাৰে) লোক পেড্র’লিয়াম খণ্ডৰ কার্যকলাপৰ ওপৰত নির্ভৰ কৰি আছে৷
উত্তৰ–পূর্বাঞ্চল আৰু অসমত সঞ্চালন কার্য চলাই থকা প্রতিটো পেড্র’লিয়াম কোম্পানী এই বিষয়ত সচেতন যে কোম্পানীয়ে উপার্জনৰ বাবে কাম কৰি থকা অঞ্চলসমূহৰ আশে–পাশে থকা লোকসকলৰ বিষয়ে চিন্তা কৰাটো তেওঁলোকৰ নৈতিক দায়িত্ব৷ ব্যৱসায়িক অনিবার্যতাসমূহ আৰু ৰণনীতিৰ ওপৰত নির্ভৰ কৰি প্রতিটো কোম্পানীয়ে এটা পর্যায়ৰ কিছুমান কাম কৰিবৰ বাবে সিদ্ধান্ত গ্রহণ কৰে আৰু তাৰ খৰচৰ দায়িত্ব লয়৷ উদাহৰণস্বৰূপে, অইলে এক সচেতন নাগৰিকৰ ভূমিকা পালন কৰি আহিছে আৰু প্রতিবছৰে এই উদ্দেশ্য আগত ৰাখি এক লেখত ল’বলগীয়া ৰাশি ব্যয় কৰি আহিছে৷ ২০১৮–১৯ বর্ষত অইলে প্রায় ১৩৩.৩৯ কোটি টকা এই ক্ষেত্রত ব্যয় কৰিছে৷
চৰকাৰী ৰাজকোষলৈ নিয়োগ–জীৱিকা সৃষ্টিত বৰঙণি আগবঢ়োৱা আৰু চি এছ আৰত ব্যয় কৰাৰ উপৰি বিভিন্ন অন্যান্য সংস্থাপন–প্রতিষ্ঠান্ ভাগ্য অইলৰ সুচাৰু আৰু নিপুণ কাম–কাজৰ সৈতে জডিত হৈ আছে৷ তাৰে কেইটামান উল্লেখযোগ্য সংস্থাপন–প্রতিষ্ঠান্ হ’ল–
উল্লেখিত শোধনাগাৰসমূহলৈ অইলে খাৰুৱা তেল যোগান ধৰে–
১৷ নুমলীগড ৰিফাইনেৰী লিমিটেড, ২৷ আই অ’ চি– ডিগবৈ ৰিফাইনেৰী, ৩৷ আই অ’ চি– বঙাইগাঁও ৰিফাইনেৰী, ৪৷ আই অ’ চি– গুৱাহাটী ৰিফাইনেৰী৷
উল্লেখিত প্রতিষ্ঠানসমূহলৈ অইলে প্রাকৃতিক গেছ যোগান ধৰে–
১ BVFCL, ২৷NEEPCO, ৩৷Indian Oil Corporation [AOD], ৪ BCPL , ৫ NRL, ৬ DNPL, ৭ Balmer Lawrie, ৮ APGCL– নামৰূপ আৰু লাকুৱা, ৯ APL, ১০ AGCL and AGCL-CNG pilot, ১১৷ চাহ বাগান (প্রায় ৪০০ খন), ১২৷ ঘৰুৱা আৰু বাণিজ্যিক ব্যৱহাৰ৷
১৷ ২০১৯–২০ বর্ষত খাৰুৱা তেলৰ উৎপাদন ৪.২৯৪ নিযুত মেড্রিক টন হোৱাৰ বিপৰীতে একে বর্ষতে পেড্র’লিয়াম সামগ্রীৰ মুঠ উপভোগৰ পৰিমাণ ৪.৬১০ নিযুত মেড্রিক টন৷
২৷ ২০১৮–১৯ বর্ষত ৪.৩৯২ নিযুত মেড্রিক টন খাৰুৱা তেল উৎপাদন হোৱাৰ বিপৰীতে উত্তৰ–পূবত শোধনাগাৰসমূহত সংসাধন হোৱা মুঠ খাৰুৱা তেলৰ পৰিমাণ হৈছে ৬.৯৫২ নিযুত মেড্রিক টন৷
৩৷ যিহেতু মুঠ উপভোগ আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ শোধনাগাৰসমূহৰ দ্বাৰা সংসাধিত খাৰুৱা তেলৰ পৰিমাণ অঞ্চলটোত উৎপাদিত হাইড্রকার্বনৰ পৰিমাণতকৈ বেছি, ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে থলুৱা উৎপাদনসমূহ অঞ্চলটোৰ ভিতৰতে উপভোগ কৰা হয়৷ দেখা যায় যে ২০১৮–১৯ বিত্তীয় বর্ষত অসমৰ শোধনাগাৰসমূহত পর্যাপ্ত পৰিমাণে যোগান ধৰিবৰ বাবে ২.৫৬ নিযুত মেড্রিক টন খাৰুৱা তেল বাহিৰৰ পৰা অনা হৈছিল৷
৪৷ অসম ৰাজ্যৰ ৰাজহ বাজেটৰ সর্বমুঠ ১৯ৰ পৰা ২৭ শতাংশ অৰিহণা পেড্র’লিয়াম খণ্ডৰ পৰা আহে৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ ৰাজহ সৃষ্টিত পেড্র’লিয়াম খণ্ডৰ গুৰুত্ব অনুমান কৰিব পাৰি৷
৫৷ পেড্র’লিয়াম খণ্ডৰ কোম্পানীসমূহে প্রায় ১.৫ লাখতকৈ অধিক প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগ–জীৱিকাৰ সুযোগ তথা সুবিধা প্রদান কৰে আৰু এইদৰে তাৎপর্যপূর্ণভাৱে উত্তৰ–পূর্বাঞ্চলৰ জিডিপিৰ ক্ষেত্রতো অৰিহণা যোগায়৷
৬৷ তৈলখণ্ডৰ কোম্পানীসমূহে তেওঁলোকৰ চি এছ আৰ আঁচনিৰ জৰিয়তে জনসাধাৰণৰ সামাজিক–র্থনৈতিক বিকাশত ব্যাপকভাৱে অৱদান আগবঢ়াইছে৷ অইলে বিগত তিনিটা বছৰত বিভিন্ন চি এছ আৰ আঁচনিত ১০০ কোটিতকৈ অধিক টকা ব্যয় কৰি আহিছে, যিটো বিধিগত নিয়ম অনুসৰি পূর্বৰ তিনিটা বছৰৰ গড হিচাপত কৰ পূর্ব লাভৰ PBT) ২ শতাংশতকৈ অধিক৷
ওপৰত উল্লেখিত সকলোবোৰ দিশৰ ওপৰত দৃষ্টি ৰাখি উদ্যোগ, অঞ্চল আৰু জনসাধাৰণৰ দ্রুত বিকাশৰ বাবে পেড্র’লিয়াম কোম্পানীসমূহক এক শান্তিপূর্ণ পৰিৱেশ প্রদান কৰিব পৰা যায়৷
অতি দুখৰ বিষয়, বাঘজান তৈলখাদত ২৭ মে’, ২০২০ত যি জুইৰ সূত্রপাত হৈছিল, তাৰ গইনা লৈ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ নেতৃত্বত এচাম স্থানীয় দল–সংগঠন আৰু ৰাইজে সময়ে সময়ে জুই নির্বাপণৰ কামত বাধা দিয়াৰ ফলত এতিয়ালৈকে জ্বলি থকা জুইকুৰা নুমুৱাত ব্যাঘাত জন্মাই নহয়, অইলৰ ৩০টাকৈ খাৰুৱা তেলৰ খাদ, পাঁচটা গেছৰ খাদৰ ৮ অক্টোবৰ, ২০২০লৈকে ৪৬,২৫২ মেড্রিক টন খাৰুৱা তেল আৰু ১১৭.২৬ নিযুত মেড্রিক ঘন মিটাৰ প্রাকৃতিক গেছ বিনষ্ট হৈছে৷ এনেকৈ যদি বাধা–বিঘিনিৰ সন্মুখীন হৈ থাকিব লগা হয়, তেন্তে অইলে স্থানীয় মানুহৰ বাবে নিগমিত সামাজিক দায়বদ্ধতা CSR) আঁচনিসমূহৰ ক্ষেত্রত পিছপৰি যাব লগা হ’ব৷ উল্লেখিত সকলোবোৰ দিশৰ ওপৰত দৃষ্টি ৰাখি উদ্যোগ, অঞ্চল আৰু জনসাধাৰণৰ দ্রুত বিকাশৰ বাবে পেড্র’লিয়াম কোম্পানীসমূহক বিশেষকৈ অসমৰ স্বাভিমান অইল ইণ্ডিয়াক কাম–কাজৰ বাবে এক শান্তিপূর্ণ পৰিৱেশ প্রদান কৰিব লাগিব, সেয়া সম্ভৱ হৈ উঠিব যেতিয়া জাতীয় দল–সংগঠন আৰু চৰকাৰে কার্যকৰী হোৱাকৈ ইয়াৰ প্রতি যত্নৱান হ’ব৷

You might also like