নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএমএফৰ দুঃসংবাদ

ইউৰোপত ক’ভিড–১৯ৰ সংক্রমণ পুনৰ আৰম্ভ হোৱাৰ পৰিপ্রেক্ষিতত ফ্রান্স আৰু স্পেইনকে ধৰি কেইবাখনো ৰাষ্ট্রই নতুনকৈ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হৈছে৷ অর্থনীতিত ইয়াৰ প্রভাৱ মাত্র কেইসপ্তাহমানৰ ভিতৰত পোনপটীয়াকৈ পৰাটো পৰিলক্ষিত হৈছে৷ চলিত সপ্তাহত সমগ্র বিশ্বতে আকৌ এবাৰ অর্থনৈতিক স্থবিৰতা আহি পৰিছে৷ অৱধাৰিতভাৱেই ভাৰতেও ইয়াৰ পৰা পৰিত্রাণ লাভ কৰা নাই৷ বৃহস্পতিবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰৰ সূচকাংক ১০০০ পইণ্টৰো অধিক নিম্নগামী হ’ল বিশ্ব অর্থনীতিত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ বাবে৷ অর্থনৈতিক মন্থৰতা সন্দর্ভত আইএমএফে প্রতিবেদন দাখিল কৰাৰ এদিনৰ পিছতেই ভাৰতীয় বজাৰৰ নিম্নমুখী গতিয়ে চিন্তাৰ উদ্রেক ঘটাইছে৷ কিয়নো এই ধাৰা খুব সোনকালে সলনি হোৱাৰ সম্ভাৱনা নাই বুলি ইতিমধ্যে অর্থনৈতিক বিশেষজ্ঞসকলে সতর্ক কৰি দিছে৷ আইএমএফৰ প্রতিবেদনে ভাৰতৰ বাবে দুঃসংবাদ কঢ়িয়াই আনিছে৷ ইয়াৰ পূর্বে আইএমএফে প্রকাশ কৰিছিল যে ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ভাৰতৰ অর্থনৈতিক বিকাশ ৪.৫ শতাংশ সংকুচিত হ’ব৷ কিন্তু এইবাৰৰ প্রতিবেদনত আইএমএফে প্রকাশ কৰা মতে, দেশৰ অর্থনীতিৰ এই সংকোচন ১০.৩ শতাংশলৈ বৃদ্ধি পোৱাৰ আশংকা আছে৷ বিশ্বৰ অধিকাংশ দেশৰে বিকাশৰ হাৰ উদ্বেগজনকভাৱে হ্রাস পাব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে যদিও দুটা অংকৰ হাৰত ভাৰতক বাদ দি কেৱল ইটালী আৰু স্পেইনতহে জিডিপি সংকুচিত হ’ব৷ আইএমএফৰ প্রতিবেদনক লৈ ভাৰতত সর্বাধিক আলোচ্য বিষয়টো হ’ল এই যে জিডিপিৰ সংকোচনৰ ফলত ভাৰতৰ জনমূৰি আয় বাংলাদেশতকৈও হ্রাস পাব৷ ইয়াকে লৈ এতিয়া ৰাজনৈতিক পৰিৱেশো হৈ পৰিছে উত্তপ্ত৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ব্যংগাত্মকভাৱে এই বিষয়টোক লৈ এনডিএ চৰকাৰক সমালোচনা কৰিছে৷ ইয়াৰ প্রত্যুত্তৰত বিজেপিয়ে দাবী কৰিছে যে আইএমএফৰ প্রতিবেদন ভুল প্রমাণিত হ’ব৷ এইক্ষেত্রত চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৱলীয়ে দেশৰ অর্থনীতিক অধিক অধঃপতনৰ পৰা ৰক্ষা কৰিব৷ মন কৰিবলগীয়া কথাটো হ’ল যে বিগত কেইবাবছৰ ধৰি বাংলাদেশৰ অর্থনৈতিক উন্নতি চকুত লগা হৈ আছে৷ ভাৰতৰ জিডিপি বাংলাদেশতকৈ ১০ গুণ বেছি যদিও জনসংখ্যা বৃদ্ধিৰ পৰিপ্রেক্ষিতত জনমূৰি আয় ভাৰতত হ্রাস পাই আছে৷ সামগ্রিকভাৱে ২০০৪ চনৰ পৰা বাংলাদেশৰ বিকাশৰ হাৰ দ্রুতগতিত বাঢ়িবলৈ আৰম্ভ কৰিছিল৷ সেই সময়খিনিত ভাৰতৰো বিকাশৰ হাৰ দ্রুতগতিত বৃদ্ধি পাইছিল আৰু বিশ্বৰ ভিতৰতে ভাৰতে অন্যতম বৃহৎ অর্থনীতি হিচাপে স্বীকৃতি লাভ কৰিছিল৷ কিন্তু ২০১৭ চনৰ পৰা ভাৰতৰ বিকাশৰ হাৰ মন্থৰ হৈ পৰে৷ ইয়াৰ বিপৰীতে এনে মন্থৰতাৰ পৰা ৰপ্তানি বৃদ্ধিৰে বাংলাদেশে পৰিত্রাণ পাবলৈ সক্ষম হয়৷ তদুপৰি আইএমএফৰ মতে, ভাৰতৰ বিকাশৰ হাৰ ১০ শতাংশ সংকুচিত হোৱাৰ বিপৰীতে ক’ৰোনাকালত সকলো অর্থনৈতিক বাধা অতিক্রমি বাংলাদেশৰ অর্থনীতি ৪ শতাংশ হাৰত বৃদ্ধিহে পাব৷ ইয়াৰ পৰিপ্রেক্ষিতত বাংলাদেশৰ জনমূৰি আয় ভাৰতৰ তুলনাত বৃদ্ধি পোৱাটো অৱধাৰিত হৈ পৰিছে৷ এইক্ষেত্রত যে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰে প্রত্যক্ষ প্রভাৱ পেলাইছে, তাত কোনো সন্দেহ নাই৷ শেহতীয়াকৈ ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ হ’ল ২১ শতাংশ৷
আইএমএফৰ প্রতিবেদন মতে, অহা বছৰত ভাৰতে পুনৰ জনমূৰি আয়ত বাংলাদেশক অতিক্রম কৰিব যদিও পৰৱর্তী ৫–৬ বছৰলৈ ভাৰত আৰু বাংলাদেশৰ জনমূৰি আয়ৰ ব্যৱধান অতি সামান্য হ’ব৷ আনকি বাংলাদেশৰ জনমূৰি আয় পৰৱর্তী বছৰকেইটাত ভাৰতৰ তুলনাত অধিক হোৱাৰ সম্ভাৱনা আছে৷ ক’ভিড পৰিস্থিতিয়ে বিশ্বৰ বাণিজ্যত সৃষ্টি কৰিব পৰা নতুন সুযোগসমূহ যদি ভাৰতে গ্রহণ কৰিব নোৱাৰে, তেন্তে দেশৰ অর্থনীতিৰ সন্মুখত অধিক কঠিন সময় অৱধাৰিত হৈ পৰিব৷ কেন্দ্রীয় চৰকাৰে আত্মনির্ভৰ ভাৰত অভিযান গ্রহণ কৰি আমদানি ব্যয় হ্রাস কৰাৰ পদক্ষেপ গ্রহণ কৰাটো আদৰণীয়৷ কিন্তু ইয়াৰ লগতে ৰপ্তানি বৃদ্ধিৰ বাবেও ভাৰতে সবল পদক্ষেপ গ্রহণ কৰিব লাগিব৷ ইয়াৰ বাবে বিদেশী কোম্পানীক ভাৰতত সামগ্রী প্রস্তুত কৰাৰ বাবে সুস্থ পৰিৱেশ সৃষ্টি কৰি আকর্ষিত কৰিব পাৰিব লাগিব৷ চীনৰ পৰা বহুসংখ্যক বৃহৎ প্রতিষ্ঠানে তেওঁলোকৰ কাৰখানা আন দেশলৈ স্থানান্তৰৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ বাংলাদেশৰ দৰেই ভাৰতেও এই সুযোগ কিদৰে গ্রহণ কৰে, সেয়া হ’ব মন কৰিবলগীয়া কথা৷

You might also like