চীন সৈন্যই ভাৰতৰ পূব লাডাখত যোৱা বছৰ মে’–জুনত কৰা আগ্রাসনৰ এটা বছৰ হ’ল৷ এই বছৰৰ ১১ ফেব্রুৱাৰীত দুয়ো দেশৰ মাজত হোৱা আলোচনাৰ পাছত দুয়ো দেশৰ সৈন্যই সীমান্তত (পূব লাডাখত)disengagment প্রক্রিয়া সমাপ্ত কৰিলে৷ এতিয়া আমাৰ প্রশ্ণ হয় যে চীনৰ লগত আমি কেনেকৈ আগবাঢ়িব লাগিব৷ এই চর্চাটো কেৱল সীমান্তত বা চীনৰ ভাবুকিক লৈ নহয় বৰঞ্চ অর্থনীতি, কূটনীতি আদি সকলো মিলাই এটা পৰিকল্পনা কৰিব লাগিব আমি চীনৰ ভাৰতৰ ওপৰত সর্বাত্মক অভিসন্ধি প্রতিৰোধ কৰিব পাৰোঁ৷
১৯৬২ চনত চীনে ভাৰতৰ (জৱাহৰলাল নেহৰু) দুর্বলতা বা মহানতাৰ সুযোগ লৈ আমাৰ দেশক আক্রমণ কৰিলে৷ তাৰ কেইবাবছৰৰ আগলৈকে ‘চীনী–হিন্দী ভাই ভাই’ শ্লোগান দিছিল৷ দুয়ো দেশে Pansheel’ চুক্তিত হস্তাক্ষৰ কৰিছিল৷ উল্লেখ্য যে ভাৰতে ১৯৪৮ চনত প্রথমে চীনক স্বীকৃতি দিছিল, সংযুক্ত ৰাষ্ট্রসংঘত চীনক স্থায়ী সদস্য হোৱাতো ভাৰতৰ যথেষ্ট অৱদান আছিল৷ ‘তাৰ বিনিময়ত’ ১৯৬২ চনত চীনে ভাৰতক আক্রমণ কৰিছিল৷
১৯৬২ চনৰ পৰা প্রায় ১৯৮০ চনলৈকে ভাৰত আৰু চীনৰ মাজত বিশেষ সম্বন্ধ নাছিল বুলি ক’ব পাৰি, কিন্তু ১৯৮৮ চনত ভাৰতৰ প্রধানমন্ত্রী ৰাজীৱ গান্ধী চীন ভ্রমণলৈ যোৱাৰ পাছত দুয়ো দেশৰ মাজত সম্বন্ধ লাহে লাহে ভাললৈ আহিছিল৷ দুয়ো দেশৰ মাজত কেইবাখনো চুক্তি যেনে– ১৯৯৩ চনৰPeace and Tranquility Treaty, হস্তাক্ষৰ হোৱাৰ পাছত সীমান্তত পৰিস্থিতি ভাল হৈছিল৷ অর্থনৈতিক সম্বন্ধ, আন্তঃৰাষ্ট্রীয় ক্ষেত্রতো বহু কথাত (যেনেClimate Change, World Trade Agreement ) দুয়ো দেশৰ মাজত বিচাৰ বা মতামতো প্রায়ে একে আছিল৷
যোৱা কেইবছৰমানৰ আগলৈকে দুয়ো দেশৰ মাজত সামৰিক বাহিনীৰ মাজত (ভূখণ্ড, নৌ বা বায়ুসেনা) অনুশীলন আছিল৷ আমাৰ দেশৰ সামৰিক বিষয়াই চীনত ড্রেইনিং লোৱাৰ সুযোগ পাইছিল৷ এই লেখকেও ২০০৩ চনত চীনৰNational Defence Academyত দুমাহজোৰা ড্রেইনিং লোৱাৰ সুযোগ পাইছিল৷
কিন্তু বহুত কাৰণত ২০০৫ চনমানৰ পৰা সম্বন্ধত অলপ কেৰোণ লাগিছিল৷ চীনে ২০০৯ চনত উত্তৰ–পূবৰ উগ্রবাদীবোৰক একগোট হ’বলৈ আহ্বান জনাইছিল৷ এতিয়াও বহুকেইটা উগ্রবাদী সন্থাৰ অফিচ/আশ্রয়স্থান চীনৰRuilie (য়ুনান প্রদেশ)ত আছে৷
চীনে সময়–সুবিধা বুজি দুয়ো দেশৰ ৩৪৮৮ কিলোমিটাৰ (অৰুণাচলৰ পৰা লাডাখলৈকে) আগ্রাসন কৰে৷ তাৰ ভিতৰত মুখ্য আগ্রাসন হোৱা অঞ্চলবোৰ হৈছে ডকলাম, চুমুৰ, ডেপচাং ইত্যাদি৷ অৱশ্যে বেছিভাগ স্থানৰ পৰা ভাৰতৰ হেঁচাত চীনা সৈন্য ঘূৰি যাবলৈ বাধ্য হৈছে৷
কিন্তু যোৱা বছৰ চীনৰ লাডাখৰ গালোৱান উপত্যকা, লগতে অন্য কিছুমান স্থানত কৰা আগ্রাসন আগৰ আগ্রাসনবোৰতকৈ বহুত বেলেগ আছিল৷ যি ধৰণে চীনা সৈন্যই ভাৰতৰ কর্নেলসহ ২০জন জোৱানক হত্যা কৰিলে, সেইটোৱে চীন দেশৰ চৰিত্রটো প্রতিফলিত কৰে যোৱা বছৰৰ ১৫ জুনত গালোৱান উপত্যকাত৷ যদিও ১১ ফেব্রুৱাৰীত দুয়ো দেশৰ সৈন্য ঘূৰাই নিয়াৰ বাবে চুক্তি হ’ল, সেইটো কেৱল পেংগশ্ব হ্রদৰ উত্তৰ আৰু দক্ষিণৰ বাবে হ’ল৷ লাডাখৰ কেইবাটাও অঞ্চলত চীনা সৈন্য এতিয়াও আছে আৰু সোনকালে এই স্থান এৰি দিয়াৰ চীনৰ পৰিকল্পনা নাই যেন লাগিছে৷ মুঠতে দুয়ো দেশৰ মাজত সম্বন্ধ সোনকালে ভাল হোৱাৰ আশা ক্ষীণ৷
সকলোতকৈ চিন্তাৰ কাৰণ হৈছে দুয়ো দেশৰ মাজত আস্থা খুব কম৷ ভাৰতে এতিয়া উপলব্ধি কৰিছে যে চীনে সুবিধা পালেই আকৌ আগ্রাসন কৰিব পাৰে, সেইবাবে আমাৰ সৈন্য সীমান্তত সদায় সষ্টম হৈ থাকিব লাগিব৷ দ্বিতীয়তে, আমি যথেষ্টসংখ্যক সৈন্য সীমান্তত ৰাখিব লাগিব, যাৰ কাৰণে আমাৰ অর্থনীতিৰ ক্ষেত্রত যথেষ্ট বোজা আহি পৰিব৷ আমাৰ সামৰিক বাজেটৰ সৰহসংখ্যক অর্থ এনেকুৱা কামত ব্যয় হ’ব, যিটোৰ কাৰণে আমাৰ সামৰিক বাহিনীৰ আধুনিকীকৰণ প্রক্রিয়াত লেহেম হ’ব৷
উচ্চ সীমান্তত একেখিনি সৈন্য বহুত দিনলৈকে ৰাখিব নোৱাৰে৷ সেইবাবে সৈন্যবোৰক সলাই বা ঘূৰাই rotate) থাকিব লাগিব, সেইটোৱে আমাৰ সৈন্যবাহিনীৰ পৰিকল্পনাত প্রভাৱ পৰিব৷ মনত ৰাখিব লাগিব যে দুয়ো দেশৰ মাজত এতিয়ালৈকে সৈন্যবাহিনীৰdisengagement হৈছে, কিন্তুde-escalation হোৱা নাই৷ ইয়াৰ পৰা এইটো বুজায় যে দুয়ো দেশে সীমান্ততFace to Face (মুখামুখি) হৈ থকা সৈন্যবাহিনী নির্দিষ্ট স্থানলৈ আঁতৰাই নিছে, কিন্তু এই অতিৰিক্ত সৈন্যবাহিনী (প্রায় ৫০ হাজাৰৰ পৰা ৭০ হাজাৰ) তেওঁলোকৰ স্থায়ী ঠাইলৈ ঘূৰাই পঠোৱা নাই৷ ঠিক তেনেকৈ অতিৰিক্ত টেংক,mechanized column আদি এতিয়া লাডাখত আছে৷ অতি সোনকালে ঘূৰাই নিয়াৰ সম্ভাৱনা কম, কিয়নো আমি আকৌ চীনক বিশ্বাসত লোৱাৰ আগতে চিন্তা কৰিব লাগিব৷
আগতে হোৱা আগ্রাসনবোৰত দুয়ো দেশৰ সামৰিক বাহিনীৰ মাজত থকা বুজাবুজিৰ কাৰণে সোনকালে সমাধান কৰিব পৰা গৈছিল৷ আগ্রাসনৰ মূল কাৰণ হৈছে যে দুয়ো দেশৰ মাজত সীমান্ত ভালকৈ চিনাক্ত হোৱা নাই (মেপতো হোৱা নাই বা ভূমিতো হোৱা নাই)৷ দুয়ো দেশৰ সীমান্তলৈ (যিটো তেওঁলোকে ভাবে) সৈন্যবাহিনীয়ে পেড্র’লিং কৰে৷ কেতিয়াবা কিবা ভাল বুজাবুজি হ’লে আলোচনাৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
কিন্তু এইটোত একো সন্দেহ নাই যে যোৱা বছৰ লাডাখত হোৱা আগ্রাসনতো চীনৰ কমিউনিষ্ট পার্টীৰ মুখ্য বিষয়ববীয়া Xi Jinping–এ) যথেষ্ট চিন্তা–চর্চা কৰি পৰিকল্পনা কৰিছিল৷ টিবেটত প্রশিক্ষণ লৈ থকা দুটাmechanized division (৫০,০০০ৰো অধিক জোৱান, টেংক আদি) ড্রেইনিঙৰ স্থানৰ পৰা বুদ্ধি কৰিAksai Chinত সুমুৱাইছিল৷ তাৰ পৰা সৈন্যবোৰে লাডাখৰ বেলেগ বেলেগ খণ্ডত আগ্রাসন কৰিলে৷ এই আগ্রাসন এপ্রিলতে আৰম্ভ হৈছিল, দুখৰ খবৰ যে আমি এই খবৰবোৰ দেৰিকৈ পালোঁ আৰু সেইবাবে দেৰিকৈ প্রতিক্রিয়া কৰিলোঁ৷ ইতিমধ্যে চীনা সৈন্যই স্থায়ীভাৱে থকাৰ বাবে বাংকাৰ বনালে, বেশ্বন, বন্দুক–বাৰুদৰ ভঁৰাল বনালে,Early Warning Element, Surveilliance element, বিনষ্ট কৰিলে, ৰাস্তা–ঘাট উন্নত কৰিলে৷ তাৰ পৰা বুজা যায় যেন এই আগ্রাসনটো স্থায়ী কৰিব বিচাৰিছিল৷
দেৰিকৈ হ’লেও ভাৰতীয় সৈন্যই চীনক যথাযোগ্য প্রত্যুত্তৰ দিলে আৰু চীনৰ লগতে অন্য দেশক বুজাই দিলে চীনৰ এনেকুৱা সর্বাত্মক অভিসন্ধি সফল নহ’ব৷ যদিও জুনত (২০২১) তেওঁলোকে আগ্রাসন কৰা অঞ্চলৰ পৰা উঠাই আনিম বুলি কৈছিল, কিন্তু প্রকৃততে এই বছৰৰ ফেব্রুৱাৰীলৈকে বিশেষ একো কৰা নাছিল৷ ভাৰতীয় সৈন্য ২৯/৩০ আগষ্টত Kailash পাহাৰ দখল কৰি চীনক একেবাৰে আচৰিত কৰিলে৷ চীনে কেতিয়াও ভবা নাছিল যে ভাৰতীয় সৈন্যই এনেকুৱা চাতুর্যপূর্ণ পৰিকল্পনা কৰিব৷ কৈলাস পাহাৰ আমি দখল কৰাৰ লগে লগে ভাৰতৰ বহুতো কৌশলগত সুবিধা হ’ল৷ ইয়াত থকা উচ্চ শৃংগ যেনে–Black Top, Gurung Hill, Magar Hill আদিৰ পৰা চীনা সৈন্যৰ সঞ্চালন বিশেষকৈ টেংক, তোপখানা, সামৰিক মুখ্যালয়ৰ ওপৰত আমি নজৰ ৰাখিব পাৰিলোঁ৷ কৈলাস ৰেঞ্জ দখল কৰাতহে চীনে পূব লাডাখৰ পৰা সৈন্য ওভতাই নিয়াৰ প্রক্রিয়া দ্রুত কৰিবলৈ বাধ্য হ’ল৷
কিন্তু বহুত সামৰিক বিশেষজ্ঞই ক’ব খোজে যে ১১ ফেব্রুৱাৰীত দুয়ো দেশৰ মাজত সৈন্য ওভতাই নিয়াৰ চুক্তিয়ে ভাৰতক বিশেষ লাভৱান নকৰিলে৷ কিয়নো চীনা সৈন্যই কেৱল পেংগশ্ব হ্রদৰ পূবৰ পৰা সৈন্য ওভতাই নিলে, আনহাতে ভাৰতেstrategic কৈলাস ৰেঞ্জটো খালী কৰিবলগীয়া হ’ল৷ কৈলাস ৰেঞ্জ অধিকাৰ কৰা যিstrategic বা মিলিটেৰী সুবিধা পাইছিলোঁ সেই সুযোগ হেৰুৱালোঁ৷ কৈলাস ৰেঞ্জৰ পৰা আমাৰ সৈন্য ওভতাই অনাটো অলপ আগতীয়া আছিল যেন লাগে৷
উল্লেখ্য যে পেংগশ্ব হ্রদ বাদ দিওঁ, আন কিছুমান গুৰুত্বপূর্ণ অঞ্চল চীনে আগ্রাসন কৰিছে, তাৰ ভিতৰতGogra Height, Hot Spring আৰু ডেপচাং উপত্যকা৷ এই ডেপচাংbulege ১৮,০০০ ফুটৰ ওপৰত,Aksai Chinৰ পশ্চিমত অৱস্থিত ভাৰতীয় সৈন্যক ছিয়াচেন গ্লেচিয়াৰলৈ যোৱাত বাধা দিব পাৰে৷ এই অঞ্চলটো ২০১৩ চনতে চীনে আগ্রাসন কৰিছিল যদিও গোটেই অঞ্চল খালী কৰি দিয়া নাই৷ ভাৰতৰ কেইবাজনো বিৰোধী নেতাই চীনে লাডাখৰ ১,০০০ বর্গকিলোমিটাৰ আগ্রাসন কৰা বুলি দাবী কৰিছে৷ কৈলাস ৰেঞ্জ আমাৰ দখলত থাকোঁতে এই গোটেই অঞ্চলবোৰৰ পৰিস্থিতি আমি স্থায়ীভাৱে সমাধান কৰিব লাগিছিল৷
আনহাতে, ভাৰত চৰকাৰে ক’ব বিচাৰে ১১ ফেব্রুৱাৰীত হোৱা দুয়ো দেশৰ মাজত চুক্তি কেৱল পেংগশ্বলৈ সীমাবদ্ধ আছিল৷ বাকী অঞ্চলক লৈ আলোচনা সময়ত হ’ব৷ উল্লেখ্য যে ১১ ফেব্রুৱাৰীৰ পাছত চীনৰ লগত আৰু আলোচনা হৈছিল, কিন্তু এই আলোচনাবোৰত চীনে বাকী অঞ্চল খালী কৰাৰ ওপৰত গুৰুত্ব নিদিলে৷ ইয়াৰ পৰা বুজিব পাৰি যে কৈলাস ৰেঞ্জ খালী কৰাৰ লগে লগে চর্ত আৰোপ কৰা ক্ষমতা হেৰুৱাই পেলাইছেছা৷
১১ ফেব্রুৱাৰীত হোৱা দুয়ো দেশৰ চুক্তি মতে চীনা সৈন্যই পূব লাডাখৰFinger ৪ৰ পৰ Finger ৮লৈকে সৈন্য ওভতাই নিলে আৰু ভাৰতীয় সৈন্যইFinger ৪ৰ পৰাFinger ২ আৰুFinger ৩লৈকে ওভতাই নিলে৷ তাৰ মানে দুয়ো দেশৰ মাজত ১০ কিলোমিটাৰBuffer Zone থাকিব যাতে কোনো দেশে পেড্র’লিং কৰিব নোৱাৰিব৷ আজিৰ সময়ত দুয়ো দেশৰ মাজত ইমান দুশ্চিন্তা, ইমান আস্থাৰ অভাৱ৷ এইBuffer Zone ধাৰণাটো ভাল পদক্ষেপ বুলি ক’ব পাৰি৷ কিয়নো দুয়ো দেশৰ সৈন্য মুখামুখি হ’লে ফায়াৰিং হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি৷ আগতে দুয়ো দেশৰ মাজত মুখামুখি হ’লে আলোচনাৰ মাজত পৰিস্থিতি নিয়ন্ত্রণ হৈছিল৷
ভাৰতৰ বাবে আৰু এটা ডাঙৰ চিন্তা– যদি পাকিস্তান আৰু চীন দুয়ো মিলি একেলগে ভাৰতক শ’লঠেকত পেলাব খোজে, ভাৰতে কি কৰিব? ইতিমধ্যে ভাৰতে নির্দিষ্ট কিছু সৈন্য প্রয়োজন হ’লে পাকিস্তান আৰু চীনা সীমান্তত তদাৰক কৰিবলৈ নির্দেশ দিছে আৰু অন্য বহু সৈন্য এনেধৰণেre-orbatting কৰিছে৷ পেংগশ্ব হ্রদত পেড্র’লিং কৰিবলৈ আধুনিক পেড্র’লিং নাও ক্রয় কৰিছে৷ ভাৰতেEarly Warning Capability আৰুSurveillance শক্তি বঢ়াইছে৷ মুঠতে আমাৰ সামৰিক শক্তি চীনৰ বিপক্ষে মজবুত কৰিছে৷
এইবোৰ কৰিবলৈ আমাৰ প্রতিৰক্ষা বাজেট বঢ়াব লাগিব৷ আমাৰ প্রতিৰক্ষা বাজেট জি ডি পিৰ ২.১৫ শতাংশ মাথোন, আনহাতে পাকিস্তানে এইবাৰ প্রতিৰক্ষা বাজেট ৬.২ শতাংশ বঢ়াইছে৷ চীনৰ প্রতিৰক্ষা বাজেট ২০২১–২২ত ৬.৮ শতাংশ বঢ়াইছে৷ তাৰ উপৰি চীনে বহুতো সামৰিক বাহিনীৰ লাগতিয়াল খৰচ অন্য Head’ৰ পৰা ব্যৱহাৰ কৰে৷
ভাৰতে সৈন্যবাহিনী সষ্টম কৰি ৰাখিছে, সৈন্যবাহিনী আধুনিকীকৰণ কৰিছে, তাৰ বাদেও আন্তঃৰাষ্ট্রীয় ক্ষেত্রত আমি আমেৰিকা, ইউৰোপীয় ইউনিয়নৰ লগত সম্বন্ধ বঢ়াইছেছা৷ ইতিমধ্যে ভাৰতQUAD (Quadrilateral Securely Dialogue) অংশ, য’ত ভাৰত, অষ্ট্রেলিয়া, জাপান আৰু আমেৰিকা আছে৷ আমি চীনৰ ওচৰ–চুবুৰীয়া দেশ যেনে– ভিয়েটনাম, ৰাছিয়া আদিৰ লগত সম্বন্ধ আৰু ভাল কৰিব লাগে৷ ঠিক তেনেকৈ দক্ষিণ এছিয়াত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্র যেনে – বাংলাদেশ, ম্যানমাৰ, শ্রীলংকা, নেপাল আদিৰ লগত সম্বন্ধ আৰু মজবুত কৰিব লাগে৷ এইবোৰ দেশত চীনেString of Pearl Strategy লৈ ভাৰতে সকলো দিশৰ পৰা চীনৰ লগত আমি সামৰিক ক্ষেত্রতেই নহয়, অর্থনৈতিক ক্ষেত্রতো প্রতিযোগিতা কৰিব পাৰিব লাগিব৷ আমি গালোৱানৰ পাছত চীনৰ লগত ব্যৱসায় কম হ’ব বুলি ভাবিছিলোঁ, কিন্তু যোৱা বছৰত (২০২০–২১) চীন ভাৰতৰ সকলোতকৈ ডাঙৰ ব্যৱসায়িক পার্টনাৰ৷ অৱশ্যে আমি চীনক ভাৰতত নতুন বিনিময় যেনে– 5G’ আদি কৰিবলৈ দিয়া নাই৷ কিন্তু আজিৰ দিনত সকলো ক্ষেত্রতে সামৰিক, অর্থনীতি, আন্তঃৰাষ্ট্রীয় সম্পর্কত চীন আমাতকৈ বহুত আগত৷ সেইটো মানি, কৰি আমি চীনক ৰুধিবলৈ কৌশল অৱলম্বন কৰিব লাগিব৷