অপাৰেচন সিন্দূৰ : পেহেলগামৰ প্রতিশোধ
🔹 ৰাণাপ্রতাপ কলিতা
লেফটেনেণ্ট জেনেৰেল (অঃ)
২০২৫ চনৰ ৭ মে’ৰ মাজনিশা ১.০৫ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত, যি সময়ত সমগ্র বিশ্ববাসী নিদ্রাত আছিল সেই সময়ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধ্যুষিত জম্মু–কাশ্মীৰৰ ৯টা সন্ত্রাসবাদী শিবিৰত নিখুঁত আক্রমণ চলাই অপাৰেচন সিন্দূৰ সফলতাৰে সম্পন্ন হোৱাৰ কথা ঘোষণা কৰে৷ প্রাৰম্ভিক প্রেছ বিজ্ঞপ্তিত প্রকাশ যে ‘এই কার্য কেন্দ্রীভূত, সঠিক আৰু অপ্রৰোচিত আছিল আৰু ইয়াৰ দ্বাৰা কোনো পাকিস্তানী সামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা নাছিল৷’ পেহেলগামৰ ভৈয়াম অঞ্চলত নিৰীহ পর্যটকৰ ওপৰত কাপুৰুষৰ দৰে কৰা আক্রমণৰ পিছৰে পৰা ইয়াৰ প্রত্যুত্তৰ আৰু প্রতিশোধলৈ সমগ্র দেশে বহু অপেক্ষাৰে বাট চাই আছিল৷ ৯টা বৃহৎ সন্ত্রাসবাদী শিবিৰ লক্ষ্য কৰি লোৱা আক্রমণে অর্থনৈতিক, কূটনৈতিক, ৰাজনৈতিক আৰু সামৰিক শক্তিৰ দ্বাৰা উদ্বুদ্ধ হৈ দেশৰ সন্মান ৰক্ষাৰ বাবে দৃঢ়প্রতিজ্ঞ নতুন আৰু পুনৰুত্থানশীল ভাৰতৰ আগমনৰ সংকেত দিছিল৷
জনপ্রিয় পর্যটনস্থলী পেহেলগামৰ বাইচাৰণ ক্ষেত্রত ২৬জন পর্যটকক কাপুৰুষৰ দৰে হত্যা কৰাৰ প্রতিশোধ হিচাপে সন্ত্রাসবাদী শিবিৰত ভাৰতীয় সেনাই এই আক্রমণ চলায়৷ বাইচাৰণ ক্ষেত্রত পর্যটকসকলক তেওঁলোকৰ ধর্মৰ বিষয়ে সুধি তাৰ পিছত পত্নী–সন্তানৰ সন্মুুখত নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল৷ ইয়াৰ পিছত শ্বহীদ পৰিয়ালৰ আৱেগিক দৃশ্যই সমগ্র দেশবাসীৰ অন্তৰাত্মা কঁপাই তুলিছিল আৰু উপযুক্ত প্রতিশোধৰ দাবী জনাইছিল৷ ১৯৬০ চনত চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্রথমবাৰৰ বাবে কূটনৈতিক সম্পর্ক অৱনমিত কৰি সিন্ধু জল চুক্তি বাতিল কৰাৰ বাবে দেশে দ্রুত পদক্ষেপ গ্রহণ কৰে৷ পাকিস্তানেও একেধৰণৰ পদক্ষেপ অনুসৰণ কৰি চিমলা চুক্তিকে ধৰি সকলো দ্বিপাক্ষিক চুক্তি স্থগিত ৰখাৰ উপৰি পাকিস্তানৰ আকাশমার্গ ভাৰতীয় বিমানৰ বাবে বন্ধ কৰি দিয়ে৷ ভাৰতেও পাকিস্তানৰ বিমানৰ বাবে আকাশমার্গৰ লগতে পাক জাহাজৰ বাবে বন্দৰ বন্ধ কৰে আৰু পাকিস্তানৰ সৈতে সকলো বাণিজ্য নিষিদ্ধ কৰে৷ দুয়োখন দেশৰ সশস্ত্র বাহিনী সংগঠিত হৈ পৰে আৰু পাকিস্তানে জম্মু–কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাৰ কাষত যুদ্ধবিৰতি উলংঘা কৰিবলৈ আৰম্ভ কৰে৷ ভাৰতীয় সামৰিক বাহিনীয়েও একেধৰণৰ ব্যৱস্থাৰে প্রত্যুত্তৰ দি আহিছে৷ ২৬জন নিৰীহ পর্যটকৰ নৃশংস হত্যাৰ ন্যায্য প্রতিশোধ লোৱাৰ উদ্দেশ্যে দেশে ঐক্যবদ্ধভাৱে থিয় দিছে আৰু জঘন্য অপৰাধৰ দোষী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলক উপযুক্ত শিক্ষা দিবলৈ শক্তিশালী আৰু দৃঢ়প্রতিজ্ঞ প্রত্যুত্তৰৰ আহ্বান জনাইছিল৷
৭ মে’ত ভাৰতীয় সশস্ত্র বাহিনীয়ে বিশদ পৰিকল্পনা আৰু প্রস্তুতিৰ অন্তত সংঘটিত কৰা নিখুঁত আক্রমণ আৰু ৭ মে’ত নাগৰিকক যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে প্রস্তুত কৰিবলৈ দেশজোৰা মকড্রিল ঘোষণা কৰি এই কথা সংগোপনে ৰখা হৈছিল৷
ইয়াৰ আগতে উৰি আৰু বালাকোট বিমান আক্রমণৰ পিছত হোৱা ছার্জিকেল ষ্ট্রাইক পাকিস্তান অধ্যুষিত জম্মু–কাশ্মীৰতে সীমাবদ্ধ আছিল যদিও ২২ এপ্রিলৰ বর্বৰ আক্রমণৰ বাবে বৃহৎ পৰিসৰৰ গতিশীল পদক্ষেপৰ প্রয়োজন হৈছিল৷ সেয়েহে লক্ষ্যসমূহ সযতনে বাছনি কৰা হৈছিল আৰু পাকিস্তানৰ দুর্গ পাক পঞ্জাবৰ চাৰিটা সন্ত্রাসবাদী শিবিৰ অন্তর্ভুক্ত কৰা হৈছিল৷ ভাৰতীয় সশস্ত্র বাহিনীয়ে জইছ–ই–মহম্মদৰ মুখ্য কার্যালয় বাহাৱালপুৰ আৰু লস্কৰ–ই–তৈবাৰ মুখ্য কার্যালয় মুৰিদকেক লক্ষ্য কৰি লোৱাটোৱে পাকিস্তানক আচৰিত কৰি তুলিছিল, কাৰণ তেওঁলোকে কেতিয়াও ভাৰতে তেওঁলোকক লক্ষ্য কৰি ল’ব বুলি ভবা নাছিল, কিয়নো ইয়াৰ অন্তর্নিহিত আশংকা আছিল যে দুয়োখন পাৰমাণৱিক অস্ত্রধাৰী দেশৰ মাজত পূর্ণ সংঘাতলৈ পৰিণত হ’ব৷ পেহেলগাম হত্যাকাণ্ডৰ ন্যায় প্রদানৰ উপৰি অপাৰেচন সিন্দূৰে কেইবাটাও কৌশলগত বার্তাও প্রেৰণ কৰে, প্রথম বার্তাই ভাৰতবিৰোধী কার্যকলাপৰ লগত জড়িত যিকোনো ব্যক্তিক শাস্তি দিবলৈ সংকল্পবদ্ধ নতুন আৰু পুনৰ উত্থানশীল ভাৰতৰ উত্থানৰ সংকেত দিয়ে৷ দ্বিতীয়টো বার্তাই ভাৰতীয় সেনাই পাকিস্তানৰ সামৰিক বা অসামৰিক আন্তঃগাঁথনিৰ কোনোধৰণৰ ক্ষতি নকৰাকৈ, কেৱল নির্দিষ্ট লক্ষ্যত আঘাত কৰি এনে সীমা অতিক্রম কৰি নিখুঁতভাৱে চলাব পৰা ক্ষমতাক সূচাইছে৷ এই আক্রমণে ভাৰতীয় সশস্ত্র বাহিনীৰ সামর্থ্যৰ প্রতি দেশৰ আস্থা আৰু লগতে সশস্ত্র বাহিনীয়ে আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ নিজৰ কৌশল আৰু ইয়াত নতুন প্রজন্মৰ প্রযুক্তি অন্তর্ভুক্ত কৰাৰ ক্ষমতা প্রদর্শন কৰে৷ সন্ত্রাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকললৈ দিয়া বার্তা স্পষ্ট এই যে ভাৰতে কোনোধৰণৰ সন্ত্রাসবাদ সহ্য নকৰে আৰু ভাৰতৰ মাটিত যিকোনো সন্ত্রাসবাদী কূটাঘাত সংঘটিত কৰা দোষী আৰু তেওঁলোকৰ সমর্থকক খেদি খেদি নিঃশেষ কৰিব৷ শেষত, এই আক্রমণে আন্তঃৰাষ্ট্রীয় সমুদায়ে নতুন ভাৰতক গ্রহণ কৰাটোও প্রতিফলিত কৰিছে, যিটো আক্রমণৰ প্রতি মৌন প্রতিক্রিয়াই উজ্জ্বল কৰি তুলিছে, অধিকাংশ দেশে সম্ভাব্য তীব্রতাক লৈহে উদ্বেগ প্রকাশ কৰিছে৷
ভাৰতৰ যিকোনো পদক্ষেপৰ মোকাবিলা কৰিবলৈ উচ্চ পর্যায়ৰ কার্যকৰী প্রস্তুতিৰ বৃদ্ধিৰ প্রয়োজনীয়তাৰ পৰিপ্রেক্ষিতত আৰু এই আক্রমণৰ বদনাম ভোগ কৰি এতিয়া পাকিস্তানী সেনাৰ প্রত্যুত্তৰ কি হ’ব, সেয়া হ’ব লক্ষণীয়৷
বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱাত বেলুচিস্তান লিবাৰেচন আর্মী আৰু তেহৰিক–ই–তালিবানৰ হাতত পৰাজয়, আফগান সীমান্তত তালিবানৰ সৈতে সংঘর্ষ অব্যাহত থকাৰ লগতে পাকিস্তানৰ ৰাজনীতিত তেওঁলোকৰ হস্তক্ষেপ অব্যাহত থকাৰ পিছত পাকিস্তান সেনাৰ বিশ্বাসযোগ্যতা পুনৰ অৱনমিত উপনীত হৈছে৷ বহু থিংক টেংকে পেহেলগাম আক্রমণক পাকিস্তান সেনা বাহিনীয়ে জম্মু–কাশ্মীৰত অব্যাহত থকা অস্থিৰতা আৰু দুয়োখন যুদ্ধংদেহি প্রতিৱেশী দেশৰ মাজত দ্বিপাক্ষিক সম্পর্কত ইয়াৰ গুৰুত্ব বৃদ্ধিত সাধাৰণ জনতা আৰু আন্তঃৰাষ্ট্রীয় সমাজৰ দৃষ্টি আকর্ষণ কৰাৰ প্রয়াস হিচাপে গণ্য কৰিছে৷ গতিকে এতিয়া ভাৰতৰ আক্রমণৰ প্রতি পাকিস্তানে প্রত্যুত্তৰ দিব বুলি ধৰি লোৱাটো সমীচীন হ’ব৷ তেওঁলোকে ভাৰতৰ সামৰিক ঘাটি বা অসামৰিক আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি ল’ব পাৰে, ফলত ভাৰতৰ পৰাও আগ্রাসী প্রত্যুত্তৰ দিয়াৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাব৷ যিকোনো যুক্তিবাদী চিন্তাধাৰাই এইটো স্পষ্ট কৰিছে যে পাকিস্তানে যুদ্ধ কৰিব পৰাকৈ সামর্থ্যৰ অভাৱ, অর্থনৈতিক অৱস্থা আৰু আন্তঃৰাষ্ট্রীয় সমাজৰ হেঁচাত পৰি এনে কার্যৰ ক্ষতিশংকা বহন কৰিব নোৱাৰে৷ পাকিস্তানে ইয়াৰ পৰিপ্রেক্ষিতত নিয়ন্ত্রণ ৰেখাৰ সমীপত গুলীচালনা বৃদ্ধি কৰি নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছে আৰু জম্মু–কাশ্মীৰৰ এটা ব্রিগেডৰ মুখ্য কার্যালয় আক্রমণ কৰাৰ সময়ত পাঁচখন ভাৰতীয় যুঁজাৰু বিমান গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰিছে৷ এই ব্যৱস্থাসমূহ পাকিস্তানী সেনাই ইয়াৰ প্রতিপত্তি বজাই ৰখাৰ বাবে ভাৰতীয় আক্রমণৰ প্রতি প্রত্যুত্তৰ হিচাপেও ধৰি ল’ব পাৰি৷ পাকিস্তানে সম্ভৱতঃ ইতিমধ্যে উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি কৈ এই সুযোগ অব্যাহত ৰাখিছে৷
কিন্তু পাকিস্তানে সদায় ভাৰতৰ বিৰুদ্ধে প্রতিৰোধমূলক ব্যৱস্থা হিচাপে পাৰমাণৱিক অস্ত্রৰ ভাবুকিকে ধৰি অযুক্তিকৰ নীতি অনুসৰণ কৰি আহিছে৷ তেওঁলোকৰ সম্ভাব্য প্রতিশোধ নুই কৰিব নোৱাৰি, যাৰ বাবে ভাৰতীয় সশস্ত্র বাহিনী সদায় সাজু হোৱাটো প্রয়োজন৷ বাহাৱালপুৰ আৰু মুৰিদকেৰ সন্ত্রাসবাদৰ মূল কেন্দ্রসমূহক লক্ষ্য কৰি সন্ত্রাসবাদী সংগঠনসমূহে হিংসাত্মক পৰিস্থিতি বৃদ্ধিৰ সম্ভাৱনীয়তাৰ বিৰুদ্ধেও দেশ সাজু হৈ থকাটো প্রয়োজন৷ পাক সমর্থিত সন্ত্রাসবাদী গোটসমূহৰ যিকোনো সম্ভাব্য হিংসা ৰোধ কৰিবলৈ ফলপ্রসূ চোৰাংচোৱা তথ্য আৰু এক শক্তিশালী প্রত্যুত্তৰ দিব পৰা ব্যৱস্থা গঢ়ি তোলাটো অতি প্রয়োজন৷
উৰি অভিযান আৰু বালাকোট বিমান আক্রমণে প্রদান কৰা সন্ত্রাসবাদী কার্যৰ বিৰুদ্ধে প্রতিৰোধমূলক ব্যৱস্থাৰ ফলপ্রসূতা সময়ৰ লগে লগে কমি আহিছে, যাৰ প্রমাণ পুলৱামা আৰু পেহেলগাম আক্রমণ৷ একেদৰে সন্ত্রাসবাদী সংগঠন আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে কেতবোৰ ব্যৱস্থা গ্রহণ নকৰিলে বর্তমান কার্যকৰী কৰা অপাৰেচন সিন্দূৰৰ ফলপ্রসূতা এটা ডাঙৰ প্রশ্ণবোধক হৈ ৰ’ব৷ প্রথম আৰু প্রধান কথাটো হ’ল, আমি চোৰাংচোৱাৰ নেটৱর্ক শক্তিশালী কৰাৰ লগতে সমগ্র দেশতে শত্রুতাপূর্ণ শ্লীপাৰ চেলসমূহক চিহ্ণিত কৰি আমাৰ ঘৰখনক শৃংখলাবদ্ধ কৰি ৰখাটো প্রয়োজন৷ ধর্ম আৰু জাতি নির্বিশেষে জনগোষ্ঠীৰ মাজত সাম্প্রদায়িক সম্প্রীতি আৰু শান্তিপূর্ণ সহাৱস্থানেৰে দেশবাসী একত্রিত হৈ থকাটো প্রয়োজন৷ অসন্তুষ্ট শ্রেণীৰ প্রকৃত অভিযোগসমূহ গণতান্ত্রিক ব্যৱস্থাৰ ভিতৰত জৰুৰীভাৱে সমাধান কৰাটো প্রয়োজন৷ বর্তমান আৰু ভৱিষ্যতৰ ভাবুকিৰ পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি ভাৰতে ৰাজ্যৰ নীতি হিচাপে প্রতিৰোধমূলক ব্যৱস্থা আৰু সক্রিয় ব্যৱস্থাৰ মাজত পছন্দ কঠোৰ কৰাটো প্রয়োজন৷
যদিও এই পর্যন্ত সকলো কার্যকলাপ পশ্চিম সীমান্ততে সীমাবদ্ধ আছে, তথাপি উত্তৰ–পূবৰ সমীপৱর্তী অঞ্চলত অস্থিৰতা, সংকীর্ণ শিলিগুৰি কৰিড’ৰৰ কৌশলগত দুর্বলতা, পাকিস্তান সেনা বাহিনী আৰু আইএছআইৰ সৈতে বাংলাদেশৰ বর্তমানৰ মৌলবাদী চৰকাৰৰ ক্রমবর্ধমান মিলা–প্রীতি তথা এই অঞ্চলত দুর্বল জনসাংখ্যিক গাঁথনি ইত্যাদিয়ে উত্তৰ–পূর্বাঞ্চলৰ ভংগুৰ শান্তিৰ প্রতি বিপদ মাতিব পাৰে, যিবোৰ সক্রিয়ভাৱে মোকাবিলা কৰাটো অতি প্রয়োজন৷
ফোন : ৯৪১৯০–৫৮৭০৫