পেহেলগাম : ভাৰতৰ আত্মাৰ ওপৰত আক্রমণ
২০২৫ চনৰ ২২ এপ্রিলৰ দুপৰীয়া পেহেলগাম-ৰ সমীপৰ বৈছাৰণ ময়দানত পর্যটকৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণৰ ভয়ানক খবৰে সমগ্র দেশবাসীক জোকাৰি গৈছে৷ ধর্মৰ ভিত্তিত পর্যটকসকলক পৃথক কৰি হত্যা কৰা বর্বৰ কার্যই সমগ্র দেশতে স্বতঃস্ফূর্তভাৱে ক্ষোভৰ সৃষ্টি কৰিছে আৰু অপৰাধীৰ বিৰুদ্ধে ক্ষিপ্র প্রতিশোধৰ দাবী জনাইছে৷ ঘটনাস্থলীৰ কাষৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীয়ে সমন্বিত অভিযান আৰম্ভ কৰাৰ পৰিপ্রেক্ষিতত গৃহমন্ত্রী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলে কাশ্মীৰ উপত্যকালৈ লৰালৰিকৈ ঢাপলি মেলা, প্রধানমন্ত্রী-য়ে ছৌদি আৰব ভ্রমণৰ সময় আধাতে সামৰা আৰু পালাম বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে এখন বৈঠকৰ অধ্যক্ষতা কৰি দিল্লীলৈ উভতি যোৱালৈকে সমগ্র প্রক্রিয়া অতি ক্ষিপ্রতাৰে সম্পন্ন কৰে৷ আন্তঃৰাষ্ট্রীয় সমুদায়েও ভাৰতৰ কাষত থিয় দি এই নাৰকীয় আক্রমণক গৰিহণা দিছে৷
২৩ এপ্রিলত নিৰাপত্তা সম্পর্কীয় কেবিনেট কমিটীৰ বৈঠকত সিন্বুূ জল সন্ধি সাময়িকভাৱে স্থগিত ৰখা আৰু কূটনৈতিক সম্পর্ক অৱনমিত কৰাকে ধৰি কেইবাটাও প্রতিশোধমূলক ব্যৱস্থা ঘোষণা কৰাটো সঠিক বুলি বিবেচিত হৈছে৷ ২৪ এপ্রিলত ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদৰ বৈঠকৰ পাছত পাকিস্তানে প্রতিশোধ লয় আৰু একেধৰণৰ ব্যৱস্থা ঘোষণা কৰাৰ উপৰি ছিমলা চুক্তিকে ধৰি সকলো দ্বিপাক্ষিক চুক্তি স্থগিত ৰাখে আৰু ভাৰতীয় বিমান সংস্থাৰ বাবে পাক আকাশমার্গ বন্ধ কৰি দিয়ে৷ লস্কৰ–হ–তৈবাৰ এটা শাখা ৰেজিষ্টেন্স ফ্রণ্টে (টিআৰএফ) অলপো সময় নষ্ট নকৰি এই নাৰকীয় আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিলে৷ কিন্তু স্থানীয় লোকৰ সহায় অবিহনে এনে বৃহৎ আক্রমণ চলোৱাটো অসম্ভৱ৷ আক্রমণৰ স্থান আৰু পদ্ধতি বাছনিয়ে বিশদ পৰিকল্পনা, স্থানীয় লোকৰে মিলাপ্রীতিৰ দিশটোকে আঙুলিয়াই দিছে৷ যদিও এই আক্রমণ সম্ভৱতঃ স্থানীয় সন্ত্রাসবাদীৰ সহায়ত বিদেশী সন্ত্রাসবাদীয়ে সংঘটিত কৰিছিল, তথাপি সন্ত্রাসবাদীৰ পদানুক্রমতো এই ধৰণৰ বৃহৎ আক্রমণৰ বাবে জ্যেষ্ঠ নেতা আৰু তেওঁলোকৰ পৰিচালকসকল জড়িত থাকিব লাগিব৷ এই ঘটনাৰ তদন্তই নিশ্চিতভাৱে ৰহস্য উন্মোচন কৰিব, বিশেষকৈ পাক চিঅ’এএছ আছিফ মুনিৰৰ নিন্দনীয় ভাষণৰ পাছত পাক চৰকাৰৰ ভূমিকা স্পষ্ট হৈ পৰিছে, য’ত তেওঁ জম্মু–কাশ্মীৰৰ সৈতে পাকিস্তানৰ প্রাসংগিকতাক পুনৰবাৰ উল্লেখ কৰে৷
আক্রমণৰ পৰিসৰ, লক্ষ্য নির্বাচন আৰু সময়ৰ বিষয়ে অধিক বিশ্লেষণ কৰি প্রতিহত কৰিবলগীয়া সম্ভাব্য আর্হিসমূহ বুজিব লাগিব৷ জম্মু–কাশ্মীৰৰ অন্তর্ভাগত হোৱা সন্ত্রাসবাদী কাণ্ডক তিনি প্রকাৰত ভাগ কৰিব পাৰি, প্রথমতে নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে নিজৰ আধিপত্য আৰু প্রাসংগিকতা প্রমাণ কৰিবলৈ, দ্বিতীয়তে ৰাজ্যৰ ভিতৰত ভয়ৰ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে অস্থানীয় লোক আৰু অন্যান্যসকলৰ ওপৰত সামান্য আক্রমণ আৰু তৃতীয়তে অশান্ত জম্মু–কাশ্মীৰত বিদ্রোহীসকলৰ অবিৰত প্রাসংগিকতাৰ কৌশলগত বার্তা প্রেৰণৰ লক্ষ্যৰে সকলোৰে দৃষ্টি নিবদ্ধ হোৱাকৈ এহ বৃহৎ পৰিসৰৰ আক্রমণ সংঘটিত কৰিছে৷ এনে ঘটনাই জম্মু–কাশ্মীৰত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ সক্ষমতাত দেশৰ আস্থাত ব্যাঘাত জন্মাইছে৷ যোৱা দুবছৰত জম্মু অঞ্চলত অনুপ্রৱেশ আৰু অসংখ্য সন্ত্রাসবাদী আক্রমণৰ সৈতে বিদ্রোহ পুনৰুজ্জীৱিত কৰাৰ চেষ্টা বৃদ্ধি পাইছিল৷ অমৰনাথ যাত্রা আৰম্ভ হোৱাৰ লগে লগে কাশ্মীৰ উপত্যকাৰ ওপৰত গুৰুত্ব দিব লাগিছিল৷ নিৰাপত্তাৰক্ষীৰ সঁহাৰিৰ বাবে সময় লাগিব আৰু অপৰাধীয়ে বনাঞ্চললৈ পলায়ন কৰাৰ যথেষ্ট সুযোগ লাভ কৰিব বুলি ভালদৰে জানিও এই সময়ত সহজ লক্ষ্য আৰু পর্যটকৰ সংখ্যা বেছি হোৱাৰ বাবে সহজে যান–বাহন চলাচল কৰিব নোৱাৰা বৈছাৰণ এলেকা নির্বাচনে সর্বাধিক ক্ষতিসাধন কৰাৰ কুৎসিত উদ্দেশ্যক প্রতিফলিত কৰিছে৷
ধর্মীয় ভিত্তিত পর্যটকক পৃথক কৰি হত্যা কৰাটোৱেও তেওঁলোকৰ সাম্প্রদায়িক হিংসাক উচটনি দিয়াৰ লক্ষ্যৰ ইংগিত দিয়ে যাতে ই দেশৰ অন্যান্য অঞ্চলতো বিয়পিব পাৰে৷ এই হত্যাকাণ্ড সংঘটিত হৈছে আমেৰিকাৰ উপ–ৰাষ্ট্রপতি জে ডি ভেন্সৰ হাই প্র’ফাইল ভ্রমণ আৰু ভাৰতৰ প্রধানমন্ত্রীৰ ছৌদি আৰব ভ্রমণৰ সময়ত, যাতে ই যিমান পাৰে সিমান খবৰ বিয়পিব পাৰে৷ পূর্বতেও হাই প্র’ফাইল ব্যক্তিৰ ভ্রমণৰ সময়ত সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হৈছিল, ২০০১ চনৰ মার্চ মাহত ৰাষ্ট্রপতি বিল ক্লিণ্টনৰ ভ্রমণৰ সময়ত চিটিসিংপুৰাত ৩৬জন শিখ লোকৰ হত্যা আৰু প্রধানমন্ত্রী বাজপেয়ীৰ লাহোৰ ভ্রমণৰ সময়ত জম্মু অঞ্চলত প্রায় ২০জন সাধাৰণ নাগৰিকক হত্যা কৰা ঘটনাৰ স্মৃতি এতিয়াও দেশবাসীৰ মানসপটত সতেজ হৈ আাছে৷ এই ঘটনাৰ সম্ভাব্য উদ্দেশ্য কি হ’ব পাৰে? পর্যটকৰ বৃহৎ আগমনৰ দ্বাৰা প্রমাণিত হোৱা জম্মু–কাশ্মীৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা, ২০২৪ চনত বিপুল ভোটদানেৰে সংসদীয় নির্বাচন সূচাৰুৰূপে অনুষ্ঠিত কৰা আৰু ৩৭০ অনুচ্ছেদ বাতিলক শান্তিপূর্ণভাৱে গ্রহণ কৰা আদি সন্ত্রাসবাদী নেতৃত্বই ভাল পোৱা নাছিল৷ ৮০ৰ দশকৰ শেষৰ ফালে বিদ্রোহ আৰম্ভ হোৱাৰ পিছৰে পৰা যেতিয়াই আভ্যন্তৰীণ পৰিস্থিতি নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্রণলৈ আনিছে, তেতিয়াই এনে ঘটনা সংঘটিত হৈ আহিছে, যিয়ে শান্তি প্রক্রিয়াক পুনৰ অৱনমিত কৰিছে৷ পেহেলগাম কাণ্ডই সন্ত্রাসবাদীয়ে পৰিচালিত কৰিব বিচৰা বার্তাটো স্পষ্ট, পাকিস্তানী ৰাষ্ট্রযন্ত্রৰ সহায়ত জম্মু–কাশ্মীৰৰ প্র’ক্সি যুদ্ধ ইয়াত অব্যাহত থাকিব৷
ভাৰত চৰকাৰ আৰু নিৰাপত্তা বাহিনীৰ বছৰ বছৰ ধৰি কঠোৰ পৰিশ্রমৰ ফলত যি স্বাভাৱিকতা আহিছে সেয়া সাময়িক, যিটো সন্ত্রাসবাদীয়ে তেওঁলোকৰ কর্মকাণ্ডৰে বর্ণনা দিব বিচাৰিছে৷ পেহেলগাম কাণ্ডৰ বিৰক্তিকৰ ভিডিঅ’ই দেশবাসীৰ কণ্ঠক সংগঠিত কৰিছে, যিয়ে দ্রুত প্রতিশোধৰ দাবী জনাইছে৷ যিটো সম্ভৱতঃ বালাকোটৰ অপাৰেচন আৰু উৰি ষ্ট্রাহকতকৈও বৃহৎ পৰিসৰৰ৷ ২৪ এপ্রিলত বিহাৰত এখন ৰাজহুৱা সভাত দেশবাসীক শক্তিশালী আৰু দৃঢ় পদক্ষেপৰ আশ্বাস দি প্রধানমন্ত্রীয়ে কয় যে অপৰাধী আৰু তেওঁলোকৰ সমর্থকসকলক মাটিৰ লগত মিহলি কৰি দিব৷ জাতীয় সংকটৰ এই সময়ত দেশবাসীয়ে ঐক্যবদ্ধভাৱে থিয় দিছে যদিও যিকোনো ক্ষিপ্র সঁহাৰিয়ে আকাংক্ষিত লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহ’বও পাৰে৷ এইক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ কৌশলগত পর্যায়ৰ পদক্ষেপটো হ’ল এই জঘন্য অপৰাধ সংঘটিত কৰা সন্ত্রাসবাদীসকলৰ বিৰুদ্ধে অগ্রাধিকাৰ ভিত্তিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে তেওঁলোকৰ সমর্থকসকলক চিনাক্ত কৰি ধবংস কৰা৷ ৰে’লৱে আৰু অন্যান্য স্পর্শকাতৰ অঞ্চলকে ধৰি যোগাযোগ ব্যৱস্থাৰ পর্যাপ্ত নিৰাপত্তা নিশ্চিত কৰিব লাগিব৷ বুটছ অন গ্রাউণ্ড প্রচেষ্টাৰ পৰিপূৰক হিচাপে প্রযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব৷ উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্রহণ কৰি অতি সোনকালে পর্যটক আৰু স্থানীয় ৰাইজৰ মাজত আস্থা ঘূৰাই আনিব লাগিব৷ অমৰনাথ যাত্রা ওচৰ চাপি অহাৰ লগে লগে ৰাজ্যৰ আইন–শৃংখলা বজাই ৰখাৰ ক্ষমতাৰ ওপৰত আস্থা ঘূৰাই অনাটো আৰু অধিক গুৰুত্বপূর্ণ৷
ভৱিষ্যতে বিদ্রোহী শক্তিসমূহে এনে নিন্দনীয় কার্যৰ আশ্রয় লোৱাৰ পৰা বিৰত ৰাখিবলৈ ৰাজনৈতিক, কূটনৈতিক, অর্থনৈতিক আৰু সামৰিক পর্যায়ত ব্যৱস্থা আৰম্ভ কৰিবলৈ সমগ্র ৰাষ্ট্রৰ দৃষ্টিভংগীৰ প্রয়োজন৷ এনে কাপুৰুষৰ বিৰুদ্ধে প্রতিশোধ ল’বলৈ দেশৰ উদ্দেশ্যৰ সংকেত দিবলৈ নিজৰ পছন্দৰ স্থান আৰু সময়ত উপযুক্ত সামৰিক ব্যৱস্থাৰ পৰিকল্পনা আৰু পৰিচালনা কৰিব লাগিব৷ ভৱিষ্যতে এনে কোনো দুর্ঘটনা ৰোধ কৰিবলৈ বিশ্বাসযোগ্য প্রতিৰোধী ব্যৱস্থাৰ বিকাশ সাধন কৰাটো এক অপৰিহার্য কাম৷ সদৌ শেষত চৰকাৰ আৰু নিৰাপত্তা বাহিনীয়ে উপযুক্ত ব্যৱস্থা গ্রহণৰ ক্ষমতাৰ ওপৰত মানুহৰ আস্থা বজাই ৰাখিব লাগিব৷
🔹 ৰাণা প্রতাপ কলিতা
লেঃ জেনেৰেল (অৱসৰপ্রাপ্ত)