বিজেপিক ৰুধিব পাৰিবনে বিৰোধীয়ে
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দুদিনীয়া কার্যসূচীৰে অসম ভ্রমণ কৰি গ’ল৷ এই সময়ছোৱাত তেওঁ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে৷ বহু আঁচনিৰ শুভাৰম্ভ কৰিলে৷ ৰাজ্যবাসীক সম্বোধি উদাত্ত ভাষণ দিলে৷ ৰাজ্যখনত বিজেপিৰ মিত্রদলকেইটাৰ প্রতিনিধিৰে কথাও পাতিলে৷ মুঠতে নির্বাচনৰ প্রাক্ক্ষণত বিজেপিক পুনৰ অসমৰ ক্ষমতালৈ আনিবলৈ যিমানখিনি কৰিব লাগে, তাৰে এটাও বাকী নৰখাকৈ তেওঁ দুদিনীয়া ভ্রমণসূচী সামৰিলে৷ লগতে সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে কেনে ধৰণৰ ৰণনীতিৰে আগবাঢ়িব, তাৰো মোটামুটিকৈ আভাস এটা দি গ’ল৷ এতিয়া প্রশ্ণ হয়, বিজেপিৰ এই আগ্রাসী ৰণনীতি তথা নির্বাচনী প্রস্তুতিক ওফৰাই অসমৰ বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰিবনে? বিজেপিক একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পৰা বাধা দিব পাৰিবনে? আজিৰ তাৰিখত এয়াই সবাতোকৈ ডাঙৰ প্রশ্ণ৷
অসমত এই মুহূর্তত বিজেপিক প্রতিহত কৰিব পৰাকৈ একক শক্তি এটাও নাই৷ ইয়াৰ বিপৰীতে বিজেপি এককভাৱেই এটা বৃহৎ শক্তি৷ তদুপৰি দলটোৰ সৈতে আছে কেইবাটাও মিত্রদল আৰু সংগঠন৷ ইয়ে বিজেপিক অসমত এটা মহাশক্তিত পৰিণত কৰিছে৷ সন্মিলিত শক্তিটোক বিচিছন্ন হৈ বা একক এককভাৱে প্রত্যাহ্বান জনোৱাটো সহজ নহ’ব৷ এক কথাত ক’বলৈ গ’লে, সেয়া হ’ব অসমৰ ৰাজনৈতিক প্রেক্ষাপটটোক আওকাণ কৰি ঁকৰাৰ দৰে যাত্রা কৰা৷ অর্থাৎ এটা মহাজোঁটৰ বাহিৰে অসমত বিজেপিক পৰাভূত কৰাটো কার্যতঃ অসম্ভৱ৷আনহাতে, মহাজোঁট গঠন কৰিবলৈ হ’লে ৰাজ্যখনত থকা এনডিএবিৰোধী সকলো ৰাজনৈতিক দল একত্র হ’ব লাগিব আৰু একেখন মঞ্চৰ পৰা প্রত্যাহ্বান জনাব লাগিব৷ নহ’লে বিৰোধীৰ ভোট বিভাজন ৰোধ নহ’ব৷ লগতে এইটোও ঠিক যে বিজেপি আৰু অংশীদাৰ দলসমূহে অসমত সহজে এটা মহাজোঁট গঠন হ’বলৈ নিদিয়ে৷ পদে পদে হেঙাৰ সৃষ্টি কৰিব৷ বিৰোধী শিবিৰৰ মাজত অবিশ্বাস, সন্দেহ, সংশয়ৰ পৰিৱেশ সৃষ্টি কৰিব৷ মুঠতে প্রতিপক্ষক একত্র হ’বলৈ নিদিয়ে৷ ইয়াক বিজেপিৰ নির্বাচনী ৰণনীতিৰ এটা অংশ বুলিও ক’ব পাৰি৷ অৱশ্যে সকলো ৰাজনৈতিক দলে কৌশলটো লয়৷
অসমত বিৰোধী মহাজোঁট সম্ভৱ হ’বলৈ কংগ্রেছ আৰু এ আই ইউ ডি এফ একেখন মঞ্চলৈ আহিবই লাগিব৷ তাৰ পাছত আন আন দলৰ কথা৷ কিন্তু দল দুটাক এখন মঞ্চলৈ অহাত বিজেপিয়ে শেষ মুহূর্তলৈকে বাধা দিয়াৰ চেষ্টা চলাব৷ ইতিমধ্যে বিজেপিয়ে এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক এটা বিশেষ সভ্যতা–সংস্কৃতিৰ প্রতীক সজাই ইয়াক যিমান পাৰি নির্বাচনী বজাৰত বিক্রী কৰি আছে৷ বদৰুদ্দিন আজমল মানে মিঞা কবিতা, মিঞা মিউজিয়াম, লাভ জেহাদ, অসমীয়া সভ্যতা–সংস্কৃতিৰ সংকট ইত্যাদি ইত্যাদি৷ ইয়াৰ লগতে শেহতীয়াকৈ যোগ হৈছে কেইটামান বিশ্বত্রাস ইছলামিক সন্ত্রাসবাদী সংগঠনক পুঁজি যোগান ধৰা সংস্থাৰ পৰা আজমলৰ প্রতিষ্ঠানে ধন লাভ কৰা বিষয়টো৷ কেন্দ্রীয় চৰকাৰে ভয়ংকৰ বিষয়টোক লৈ ইতিমধ্যে তদন্ত প্রক্রিয়া আৰম্ভ কৰা বুলি সংবাদ ওলাইছে৷ নির্বাচনৰ দিন–তাৰিখ ঘোষণালৈকে বিষয়টো অন্য ৰূপ ল’ব পাৰে৷ মৌলানা বদৰুদ্দিন আজমলৰ ওপৰত এইদৰে এশ এটা ‘টেগ’ লগাত কংগ্রেছৰ ভয় হৈছে, এ আই ইউ ডি এফৰে মিত্রতা কৰিলে নিজৰ ভৰিৰ তলত থকা মাটিখিনিও খহিব নেকি৷ সেয়ে দলটোৰ নেতৃত্বই কেতিয়াবা মিত্রতাত ছীল–মোহৰ মৰা বুলি কয়, কেতিয়াবা কয় মিত্রতা চূডান্ত হোৱা নাই৷ ইফালে আকৌ বিটিচি নির্বাচনত মিত্রজোঁট গঢ়ি প্রতিদ্বন্দ্বিতাও কৰিলে৷ যিমানেই দিন গৈছে, দলটোৰ নেতৃত্বৰ দ্বিধাগ্রস্ততা সিমানেই স্পষ্ট ৰূপত ওলাই আহিবলৈ ধৰিছে৷ আনপিনে দলটোৰ নিজৰেই অৱস্থা নোহোৱাৰ দৰে হৈ পৰিছে৷ এজনৰ পাছত এজনকৈ বিধায়ক–প্রাক্তন মন্ত্রী, নেতাৰ বিজেপিলৈ গমন চলিছে৷ আজিও কংগ্রেছ শিবিৰত পৰিৱেশ বৰ এটা সুখকৰ নহয়৷ কোনে কেতিয়া দল এৰি বিজেপিলৈ যায়, তাৰ ঠিকনা নোহোৱা হৈছে৷ অর্থাৎ কংগ্রেছৰ ভিতৰচ’ৰাত একধৰণৰ অবিশ্বাস, অস্থিৰতাৰ পৰিৱেশ এটা সৃষ্টিত বিজেপি সফল হৈছে৷ সমান্তৰালকৈ কংগ্রেছ অস্থিৰ হৈ গৈ আছে৷ এনে অৱস্থাৰ পৰা এটা দলে অসমত কিদৰে মহাজোঁট গঠন কৰিব নেতৃত্ব দিব, সেইটো প্রশ্ণৰ আৱর্তত সোমাই পৰিছে৷ কংগ্রেছ, এ আই ইউ ডি এফক বাদ দি অসমত আন কোনো দলে মহাজোঁট গঠন কৰিব নোৱাৰে৷ নকৈ গঠন হোৱা দলকেইটাৰ সম্ভাৱনা এতিয়াও স্পষ্ট হোৱা নাই৷
বিৰোধীৰ থৰক–বৰক স্থিতিৰ বিপৰীতে অসমত এতিয়া বিজেপিৰ স্থিতি যথেষ্ট সন্তোষজনক৷ বিটিচি আৰু তিৱা পৰিষদীয় নির্বাচনে দলটোক উজ্জীৱিত কৰি ৰাখিছে৷ নির্বাচনত মিত্রদল অগপক লৈ বিজেপিৰ কিছু সমস্যা হ’ব পাৰে৷ নির্বাচনত জয়ী হ’বলৈ বিজেপিয়ে নিজৰ প্রার্থীৰ সম্ভাৱনাৰ লগতে অগপৰ বিজয়ৰ সম্ভাৱনাকো বিবেচনাৰ আওতালৈ আনিব লগা হ’ব পাৰে৷
সমাগত বিধানসভা নির্বাচনক লৈ বিজেপিৰ ৰণনীতি কি হ’ব, সেইটো ইতিমধ্যে স্পষ্ট হৈপৰিছে৷ মৌলানাবদৰুদ্দিন আজমলক এটা বিশেষ সভ্যতাৰ প্রতীকৰ ৰূপত আগবঢ়াই মেৰুকৰণৰ চেষ্টা চলিব৷ ইয়াৰ বিপৰীতে সত্র, নামঘৰ, বটদ্রৱা আদি বিষয়ক আগবঢ়াই নিয়া হ’ব৷ বিজেপি দিল্লী–দিছপুৰৰ শাসন ক্ষমতাত আছে৷ গতিকে উন্নয়নমূলক আঁচনি, হিতাধিকাৰীভিত্তিক আঁচনি আদিৰ সুবিধা লোৱা হ’ব৷ তেনে আঁচনি ঘোষণা কৰা হ’ব৷ সেইমতে জনসাধাৰণক সুবিধাও দিয়া হ’ব৷ দলটোৱে প্রায় একেধৰণৰ ৰাজনীতি পশ্চিমবংগতো চলাই আছে৷ অৱশ্যে তাত শাসন ক্ষমতাত নাই বাবে কেন্দ্রীয় চৰকাৰৰ আঁচনিকেইখন হাতত লৈ ওলাবলগীয়া হৈছে৷ বংগত মমতা বেনার্জীৰ ‘বাঙালীত্ব’ৰ নীতিক প্রত্যাহ্বান জনোৱাৰ বাবে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ কাম–কাজ, স্বামী বিবেকানন্দৰ গৃহ, ক্ষুদিৰামৰ মূর্তি, দক্ষিণেশ্বৰৰ পৰা কালীঘাট আদিৰ চাৰিওফালে বিজেপি ঘূৰি আছে৷ তদুপৰি কেতিয়াবা আদিবাসীৰ গৃহত, কেতিয়াবা কৃষক নতুবা বাউল শিল্পীৰ গৃহত মধ্যাহ্ণ ভোজন চলিছে৷
মুঠতে এটা কথা ঠিক, অসমত বিজেপিক হৰুৱাবলৈ বিৰোধী ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই৷ মহাজোঁট গঠনৰ জৰিয়তে এখন মঞ্চৰ পৰা এনডিএক প্রত্যাহ্বান জনাব লাগিব৷ নহ’লে সমাগত বিধানসভা নির্বাচনত অসমত চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ কিন্তু সমস্যাটো হৈছে বিৰোধী শিবিৰক ঐক্যবদ্ধ কৰিব পৰাকৈ দক্ষ নেতাৰ অভাৱ৷ বিৰোধী ঐক্যৰ প্রয়োজন কিয়, সেইটো পতিয়ন নিয়াব পৰাকৈ জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা গ্রহণযোগ্য নেতাৰ অভাৱ৷ সবাতোকৈ ডাঙৰ কথাটো হৈছে বিৰোধী পক্ষত এনে বহু দল আছে, যাৰ পৰস্পৰৰ মতাদর্শ নিমিলে৷ কিছু দল আছে যিয়ে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সৈতে মিত্রতা গঢ়িব নোৱাৰে বা মিত্রতা গঢ়া অসম্ভৱপ্রায়৷ সৰল অর্থত ক’বলৈ গ’লে অসমত বিৰোধীৰ মহাজোঁট গঠনৰেই সম্ভাৱনা নাই৷ এনে অৱস্থাত বিজেপিক বিৰোধীয়ে কিদৰে ৰোধ কৰিব? প্রশ্ণটো উলাই কৰিব পৰাবিধৰ নহয়৷