সেউজীয়া ঘাঁহ হিন্দুত্ব, আইএছআইএছ
অসমৰ কেইবাখনো দৈনিক বাতৰিকাকতৰ ১৫ নৱেম্বৰৰ সংখ্যাত এটা বাতৰি চকুত পৰাকৈ প্রকাশ হৈছে৷ বাতৰিটো প্রদেশ কংগ্রেছৰ শীর্ষনেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ বক্তব্যভিত্তিক৷ তেওঁ ‘শিশু দিৱস’ৰ দিনা মৰিগাঁৱত সাংবাদিকৰ আগত কংগ্রেছ বিধায়ক আৰু নেতাৰ বিজেপি গমনৰ ব্যাখ্যা কৰিছিল৷ সাংসদগৰাকীৰ ব্যাখ্যা অনুসৰি, সেউজীয়া ঘাঁহ দেখি কংগ্রেছৰ পৰা বিজেপিলৈ নেতা–বিধায়কৰ গমন ঘটিছে৷ সাধাৰণ কর্মী যোৱা নাই৷ দলটো শক্তিশালী হৈয়েই আছে৷ দুই–এজনে গোচৰ বা আন অসুবিধাৰ পৰা ৰক্ষা পাবলৈও বিজেপিলৈ গুচি গৈছে৷ দল এটাৰ মজিয়াত চলি থকা খহনীয়াৰ ব্যাখ্যা যদি এনেধৰণৰ আত্মসন্তুষ্টিমূলক হয়, দলটোৰ পতন ৰোধ কৰাটো অসম্ভৱপ্রায় হৈ পৰে৷ কংগ্রেছ নেতাৰ মুখত আত্মসন্তুষ্টিৰ আৰু এষাৰ কথা শুনা যায়৷ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ মুখতো কথাষাৰ সততে শুনা গৈছিল৷ তেওঁলোকৰ মতে, আগেয়েও কংগ্রেছে বহুবাৰ সংকটৰ সন্মুখীন হৈছিল৷ কিন্তু সকলো সংকট, প্রত্যাহ্বানক পৰাজিত কৰি দলটো পুনৰ স্ব–মহিমাৰে উজলি উঠিছিল৷ অর্থাৎ দলটোৰ নেতৃত্বৰ দৃষ্টিত কংগ্রেছে সন্মুুখীন হৈ অহা বা হোৱা কোনো সংকটেই স্থায়ী নহয়৷ সাময়িক৷ কম সময়ৰ ভিতৰতে সেইবোৰক পৰাজিত কৰিব পৰাকৈ দলটো সক্ষম৷ এই আত্মসন্তুষ্টিৰ বাবে কংগ্রেছক এতিয়া বিপর্যয়ে লগ নেৰা হৈছে৷ দাম বৃদ্ধিয়ে এদিন নৰেন্দ্র মোদীৰ পতন আনিব আৰু নিজেই সিংহাসনত অধিষ্ঠিত হ’ব বুলি আশা পালি থাকোঁতে থাকোঁতে দেশবাসীৰ বিচাৰত ৰাহুল গান্ধীৰ ‘ৰাজনৈতিক ভেলু’ আৰু আস্থাৰ গ্রাফডাল নামি নামি মাটিত পৰাৰ উপক্রম ঘটিছে৷ আজিৰ তাৰিখত ৰাহুল গান্ধীক দেশৰ প্রধানমন্ত্রী হিচাপে কল্পনা কৰি ৰোমাঞ্চিত হোৱা আৰু আশাবাদী লোকৰ সংখ্যা কংগ্রেছৰ নেতৃত্বই ভবাতকৈ লাখগুণে কম৷ সবাতকৈ ডাঙৰ কথাটো হ’ল, ৰাহুল গান্ধীৰ বাহিৰে প্রধানমন্ত্রীৰূপে কল্পনা কৰিবলৈ কংগ্রেছত দ্বিতীয়জন চকুত পৰা নেতা নাই৷ ছোনিয়া গান্ধীৰ দ্বিতীয়গৰাকী সন্তান প্রিয়ংকা গান্ধী ৱদ্রাও ৰাহুল গান্ধীৰ সমানেই দুর্দশাগ্রস্ত৷ কংগ্রেছে তেওঁক উত্তৰ প্রদেশৰ পথেৰে উজ্জ্বল ভৱিষ্যৎ গঢ়িবলৈ চেষ্টা চলাই আছে৷ কিন্তু মোদী আৰু যোগীৰ শক্তিশালী যুটিটোৱে কংগ্রেছৰ পৰিকল্পনাত বাৰে বাৰে কুঠাৰাঘাত কৰি আহিছে৷ কার্যতঃ প্রিয়ংকা গান্ধী ৱদ্রাক লৈও আশাৰ পৰিৱেশ এতিয়া শূন্যৰ ঘৰত৷ দলটোৱে খুব সোনকালে আগৰ শক্তি ঘূৰাই পাব বুলি ভাবিব পৰাৰ পৰিৱেশেই এতিয়া নাই বুলি ক’ব পৰা যায়৷
কংগ্রেছে এসময়ত জনগণৰ আস্থা হেৰুৱাইছিল অন্তর্কলহৰ বাবে৷ দুর্নীতি–ভ্রষ্টাচাৰৰ বাবে৷ ক্ষমতালৈ উভতি আহিছিল প্রতিপক্ষৰ দুর্বলতাৰ বাবে৷ অৱশ্যে ৰাজীৱ গান্ধীয়ে অভূতপূর্ব জনসমর্থন লৈ ক্ষমতালৈ অহাটো আছিল ব্যতিক্রম৷ ইন্দিৰা গান্ধীৰ হত্যাই দেশজুৰি কংগ্রেছৰ সপক্ষে আৱেগৰ জোৱাৰ এটা তুলিছিল৷ ইয়াৰ বাহিৰে আজিও কথাবোৰ প্রায় একেই আছে৷ পার্থক্য মাথোঁ দুটা৷ প্রথমটো শক্তিশালী প্রতিপক্ষ আৰু জনসাধাৰণৰ আস্থাত আঘাত৷ আজিৰ তাৰিখত কংগ্রেছৰ সন্মুখত বিচক্ষণ ৰাজনৈতিক নেতাৰে সমৃদ্ধ শক্তিশালী ৰাজনৈতিক দল এটা আছে৷ দলটোৰ লগত আছে কংগ্রেছবিৰোধী সৰু–বৰ দলৰ বিশাল বাহিনী৷ গুজৰাটৰ পৰা আহি নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রীৰ আসনখন দখল কৰিছিল কংগ্রেছৰ সীমাহীন দুর্নীতি আৰু বিকাশৰ ধ্বনি দি৷ ২০১৪ চনৰ নির্বাচনটোত বিজেপিৰ হিন্দুত্ববাদী আদর্শই বৰ বিশেষ কাম কৰা নাছিল৷ কাম কৰিছিল কংগ্রেছৰ হিন্দীবিৰোধী নীতিয়েহে৷ দলটোৱে জনসাধাৰণৰ আস্থাত আঘাত কৰি নিজৰ বাবে পৃথিৱীখন চমু কৰি লৈছিল৷ ইউপিএৰ শাসনকালত পি চিদাম্বৰম, সুশীল কুমাৰ সিন্দে, দিগ্বিজয় সিঙৰ দৰে নেতাই হিন্দুুত্বক সন্ত্রাসবাদৰ সৈতে সংযুক্ত কৰি এটা বিশেষ ধর্মীয় গোষ্ঠীৰ তুষ্টিকৰণ আৰু হিন্দুৰ মাজত বিভাজনৰ অপচেষ্টা চলাইছিল৷ কিন্তু হিন্দুৰ মাজত বিভাজন নঘটিল৷ হ’ল ইয়াৰ বিপৰীত৷ কংগ্রেছৰ পৃথিৱীখন সংকুচিত হৈ পৰিল৷ ইউপিএ চৰকাৰ আৰু কংগ্রেছ নেতৃত্বই ভাবিছিল যে হিন্দুত্বক মৌলবাদৰ সৈতে খিচিৰী কৰি হিন্দুবাদী সংগঠনক বদনাম কৰিব পৰা যাব৷ নহ’ল৷ হ’ল ওলোটাটো৷ কংগ্রেছৰ এই ভ্রষ্ট ৰাজনীতি আজিও অব্যাহত আছে৷ ইয়াৰ শেহতীয়া উদাহৰণ ছলমান খুৰিছদ৷ লক্ষণীয় কথাটো হৈছে এইজন জ্যেষ্ঠ কংগ্রেছ নেতাৰ সুৰতে সুৰ মিলাই পুনৰ হিন্দুত্বক অপমান কৰিবলৈ লৈছে ৰাহুল গান্ধী, দিগ্বিজয় সিং, চিদাম্বৰমৰ দৰে নেতাই৷
প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা ছলমান খুৰিছদৰ ‘ছানৰাইজ অভাৰ অযোধ্যা ঃ নেচনহুড ইন আৱাৰ টাইমছ’ নামৰ গ্রন্থখন শেহতীয়াকৈ বজাৰলৈ আহিছে৷ কিতাপখনৰ নামটোৱেই কয় ইয়াৰ প্রতিপাদ্য বিষয় কি হ’ব পাৰে বা হ’ব৷ আন কথা বাদ দিওঁ যদি কিতাপখন এজন কংগ্রেছ নেতাৰ দৃষ্টিৰে ৰচিত বুলি ধৰা হয়, তাত বিতর্কৰ সমল থাকিবই৷ অযোধ্যা অর্থাৎ ৰাম মন্দিৰ আৰু বাবৰি মছজিদ বিষয়টোত কংগ্রেছৰ স্থিতি আৰু দৃষ্টিভংগী বিজেপিৰ বিপৰীত৷ কিন্তু তেওঁ গ্রন্থখনত এনে কিছুমান কথাৰ অৱতাৰণা ঘটালে আৰু তাৰ সমর্থনত কংগ্রেছৰ শীর্ষ নেতৃত্বই ঊর্ধ্ববাহু নৃত্য আৰম্ভ কৰিবলৈ ধৰিলে যে দলটোৰ হিন্দুবিৰোধী ছবিখন জনসাধাৰণৰ সন্মুখত পুনৰ শক্তিশালী ৰূপত ধৰা দিলে৷ তুষ্টিকৰণৰ ৰাজনীতিৰে চিৰকাল ভাৰতবর্ষৰ শাসনত থাকিব পাৰিব বুলি একপ্রকাৰ বদ্ধমূল ধাৰণা কৰি লোৱা কংগ্রেছে আৰম্ভণিৰ পৰাই ৰাম মন্দিৰৰ বিৰোধিতা কৰিবলৈ লৈছিল৷ বিৰোধিতাৰে বিজেপিক ৰাজনীতিৰ বাবে লাহে লাহে ভেটিটো গঢ়িবলৈ নিজৰ পৰা ভূমি এৰি দিবলৈ আৰম্ভ কৰে৷ যিবোৰ ঠাইত বিজেপিৰ অস্তিত্বই নাছিল আৰু কংগ্রেছৰ বাহিৰে দ্বিতীয়টো শক্তিশালী ৰাজনৈতিক দল নাছিল, তাত বিজেপিৰ ভেটি শক্তিশালী হ’ল৷ পৰৱর্তীকালত বিজেপিক ভেটিবলৈ দলটোৱে আৰম্ভ কৰা যুঁজখন বিজেপিবিৰোধী নহৈ হিন্দুবিৰোধী হৈ পৰিল৷ আজিৰ তাৰিখত হিন্দু হিন্দু কৈ বিজেপিয়ে যিমান ভোট সংগ্রহ কৰিছে বা নিজৰ পক্ষলৈ আনিছে, তাৰ তুলনাত হিন্দুবিৰোধী স্থিতি লৈ কংগ্রেছে বিজেপিক কেইবাগুণ অধিক সহায় কৰিছে৷ যিহেতু বিজেপি আৰু আৰএছএছকে ধৰি দলটোৰ শিবিৰত থকা হিন্দুত্ববাদী দল–সংগঠনৰ হিন্দুুত্বক লৈ এজেণ্ডা এটা আছেই, গতিকে কংগ্রেছে দিয়া ভেটিটো অধিক শক্তিশালী কৰি দেশৰ ৰাজনীতিত নিজৰ স্থায়িত্ব চিৰদিনীয়া কৰিবলৈ তেওঁলোকে প্রয়াস চলাবই৷ ছলমান খুৰিছদে গ্রন্থখনত হিন্দুত্বক কুখ্যাত ইছলামিক জেহাদী সংগঠন আইএছআইএছ, বকো হাৰামৰ সৈতে তুলনা কৰিছে৷ তাক ৰাহুল গান্ধী, দিগ্বিজয় সিং, পি চিদাম্বৰমৰ দৰে নেতাই ভিন্ন ধৰণে সমর্থন জনাইছে৷ ইয়ে প্রতিজন হিন্দুৰ মনত আঘাত নাহানিব জানো? ই মানুহৰ আস্থাৰ ওপৰত আঘাত৷ দেশৰ সংবিধানে দিয়া অভিব্যক্তিৰ অধিকাৰৰ অপব্যৱহাৰো৷ এটা ৰাজনৈতিক দলৰ নেতা হিচাপে ছলমান খুৰিছদৰ বিজেপি, আৰএছএছ বা আন বিৰোধী পক্ষক সমালোচনা কৰাৰ অধিকাৰ আছে৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে সমালোচনাক সিদ্ধ কৰিবলৈ মানুহৰ আস্থাৰ ওপৰত আঘাত কৰিব৷ এইবাবেই হাতত হাজাৰটা ইছ্যু থকা সত্ত্বেও কংগ্রেছ আজি শক্তিহীন৷ দেশৰ জনসাধাৰণক দামবৃদ্ধিয়ে অকল্পনীয়ভাৱে জুৰুলা কৰি তুলিছে৷ মুখেৰে যিমানেই নকওক কিয়, সমস্যাটোৰ সৈতে যুঁজিবলৈ বিজেপিৰ হাতত কোনো যাদুদণ্ড নাই৷ চৰকাৰখনক শ’লঠেকত পেলাবলৈ এই সমস্যাটোৱেই যথেষ্ট৷ কিন্তু বিজেপিৰ ভেটি নষ্ট কৰিবলৈ গৈ দলটোৰ এনে কিছুমান বিষয়ক নিজকে সাঙুৰি লয় যে তেওঁলোকৰ গ্রহণযোগ্যতায়েই সংকটত পৰে৷ কথাৰ গ্রহণযোগ্যতা নোহোৱা হৈ পৰে৷ প্রতিশ্রুতিৰ বিশ্বাসযোগ্যতা সীমিত হৈ পৰে৷ ছলমান খুৰিছদে গ্রন্থখনত কৈছে, সাধু–সন্তই হূদয়ত ধাৰণ কৰা সনাতন ধর্ম আৰু ধ্রুপদী হিন্দুত্বক একাষৰীয়া কৰি হিন্দুত্বৰ এনে এটা ধাৰণা বিকশিত কৰি থকা হৈছে যিটো সকলো পিনৰ পৰা আইএছআইএছ, বকো হাৰামৰ দৰে ইছলামিক জেহাদী সংগঠনৰ ৰাজনৈতিক ৰূপৰ দৰে৷ সন্দেহ নাই, ইয়াৰ দ্বাৰা তেওঁ ৰাজনৈতিক প্রতিপক্ষ বিজেপিৰ লগতে আৰএছএছৰ দৰে সংগঠনক আক্রমণৰ লক্ষ্য হিচাপে লৈছে৷ এইটো সম্পূর্ণৰূপে ভুল ব্যাখ্যা৷ ইয়াক ইছলামিক জেহাদীৰ সৈতে তুলনা কৰি ছলমান খুৰিছদে কোটি কোটি লোকৰ আস্থাৰ ওপৰত পোনে পোনে আক্রমণ কৰিছে৷ হিন্দুত্বৰ সৈতে মৌলবাদ, জেহাদৰ দৰে চিন্তাৰ দূৰ দূৰলৈকে কোনো সম্পর্ক নাই৷
সন্মুখত উত্তৰ প্রদেশ, উত্তৰাখণ্ড, মণিপুৰকে ধৰি দেশৰ পাঁচখন ৰাজ্যত বিধানসভাৰ নির্বাচন৷ তাৰে আগে আগে যদি হিন্দুুত্বক বিশ্বৰ সবাতকৈ ভয়ংকৰ, বর্বৰ ইছলামিক সংগঠনৰ সৈতে তুলনা কৰা হয়, ৰাজনীতিত ইয়াৰ বিৰূপ প্রভাৱ পৰিবই৷ ছলমান খুৰিছদৰ বক্তব্যক কংগ্রেছ নেতৃত্বই গৰিহণা দিয়া উচিত আছিল৷ গ্রন্থখনৰ পৰা হিন্দুত্বৰ সমালোচনা কৰা অংশখিনি প্রত্যাহাৰ বা কর্তন কৰিবলৈ ছলমান খুৰিছদক দাবী জনোৱা উচিত আছিল৷ কিন্তু তাকে নকৰি ৰাহুল গান্ধী, দিগ্বিজয় সিং, পি চিদাম্বৰমৰ দৰে নেতাই ছলমান খুৰিছদৰ পক্ষত থিয় দিলে৷ ইয়ে এতিয়া কাক সহায় কৰিব? উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডৰ ৰাজনীতিত হিন্দুত্বৰ প্রভাৱ আছে৷ কংগ্রেছৰ হিন্দুবিৰোধী স্থিতিক বিজেপিয়ে আন আন ৰাজ্যলৈও লৈ যোৱাৰ চেষ্টা চলাব৷
কংগ্রেছে দেশৰ জনগণৰ মনৰ বতৰাৰ ভু ল’বলৈ চেষ্টাই নকৰে৷ বিজেপি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰোধিতাত দলটোৰ নেতৃত্বই কেতিয়াবা দেশৰক্ষক সেনাক অপমান কৰে৷ প্রতিনিয়ত হিন্দুত্বৰ অপমান কৰে৷ ভাৰতবর্ষত ১৯৮৯ চনমানলৈকে হিন্দু, হিন্দুত্বৰ দৰে শব্দ উচ্চাৰণ কৰাত স্বয়ং হিন্দুসকলে সংকোচ কৰিছিল৷ দেশৰ ধর্মনিৰপেক্ষতা সংকটত পৰাৰ ভয়তে হওক বা আন কাৰণত, ৰাজনৈতিক ক্ষেত্রখনত হিন্দু শব্দটো উচ্চাৰণ কৰাৰ পৰা সততে বিৰত আছিল৷ কিন্তু বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিয়ে ৰাম ৰথযাত্রাৰ সময়ত ‘জয় শ্রীৰাম’ ধ্বনিৰ লগতে ‘গৌৰৱেৰে কওক আমি হিন্দু’ বুলি দিয়া ধ্বনিয়ে পৰিৱেশ সলনি কৰি দিয়ে৷ আজি মই হিন্দু বুলি কোৱা লোকৰ সংখ্যা এইখন দেশত অগণিত৷ ইয়াৰ দ্বাৰা দেশৰ ধর্মনিৰপেক্ষতাও আহত নহয়৷ হিন্দুত্বৰ ক্ষেত্রত কংগ্রেছৰ স্থিতি আৰু নীতি সলনি নহ’লে দলটোৰ নেতা–কর্মীয়ে সিপাৰৰ সেউজীয়া ঘাঁহলৈ দৌৰ মাৰিবই৷ ইপাৰে দেখোঁ মাথোঁ শুকান খেৰ৷ সেউজীয়া চছমা পিন্ধাইতো সকলোকে শুকান ঘাঁহ খুৱাব নোৱাৰি৷