নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ উগ্রপন্থীৰ বিভীষিকা

অসমত নিৰাপত্তা বাহিনী আৰু উগ্রপন্থীৰ মাজত ৯০ দশকৰ পৰা চলি থকা অঘোষিত যুঁজখন পৰিসমাপ্তিৰ দিশে অগ্রসৰ হোৱাৰ সময়তে চুবুৰীয়া মণিপুৰৰ ছিংহাটত পিএলএ উগ্রপন্থীৰ ভয়াৱহ আক্রমণত কালি অসম ৰাইফলছৰ এজন কর্নেল, তেওঁৰ পত্নী, পুত্রকে ধৰি মুঠ সাতজন লোক নিহত হৈছে৷ ৯০ দশকৰ পৰা আলফা, এনডিএফবিকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনৰ হিংসাত্মক ঘটনাই ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটাইছিল৷ ফলত ৰাজ্যখনৰ উগ্রপন্থীসকলক নিয়ন্ত্রণৰ বাবে সেনাৰ নেতৃত্বত প্রায় দুই দশক ধৰি চলি আছিল উগ্রপন্থীবিৰোধী অভিযান৷ বিগত এটা দশকত ৰাজ্যখনৰ অধিকাংশ উগ্রপন্থী সংগঠনে শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি বহু পৰিমাণে উন্নত হৈছে৷ কিন্তু ৰাজ্যখনৰ উগ্রপন্থী সংগঠনসমূহে মূলসুঁতিলৈ উভতি আহি হিংসাৰ পথ পৰিহাৰ কৰিলেও চুবুৰীয়া ৰাজ্যসমূহত উগ্রপন্থী সংগঠনৰ বিভীষিকা অব্যাহত থাকিলে অসমত স্থায়ী শান্তি বিৰাজ কৰিব বুলি আশা কৰিব নোৱাৰি৷ মণিপুৰত চুৰাচানপুৰ জিলাৰ ছিংহাটত অসম ৰাইফলছৰ নিৰাপত্তা বাহিনীৰ ওপৰত পিএলএ উগ্রপন্থীৰ বিধ্বংসী আক্রমণত কর্নেল বিপ্লৱ ত্রিপার্থী, তেওঁৰ পত্নী আৰু ৯ বছৰীয়া পুত্রৰ উপৰি চাৰিজন জোৱান নিহত হৈছে৷ এই নিহত জোৱানকেইজনৰ ভিতৰত সুমন স্বর্গীয়াৰীৰ ঘৰ বাক্সা জিলাত৷ উগ্রপন্থী অথবা সন্ত্রাসবাদৰ বিষবাষ্প ইমানেই ভয়াৱহ যে পিএলএৰ মূল ঘাটি চুবুৰীয়া মণিপুৰ হ’লেও ইয়াৰ বিষময় কুফলৰ চুবুৰীয়া ৰাজ্যসমূহেও ভুঞ্জিব লাগিব৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত সশস্ত্র সংগ্রামৰ নামত জন্ম হোৱা উগ্রপন্থী সংগঠনসমূহৰ অধিকাংশই বিগত এটা দশকত আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহৰ জন্মৰ ক্ষেত্রত বিশেষ অৰিহণা আগবঢ়োৱা এনএছচিএনৰ দুয়োটা গোটৰ স’তে আলোচনা প্রক্রিয়া চলাই আছে কেন্দ্রীয় চৰকাৰে৷ এনে আলোচনা প্রক্রিয়াৰ সময়তে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহৰ কেইবাজনো নেতাৰ মৃত্যু হৈছে৷ কিন্তু উগ্রপন্থী সমস্যাৰ স্থায়ী সমাধানৰ পথ এতিয়াও উলিয়াবলৈ সক্ষম হোৱা নাই৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহৰ জন্মৰ অন্তর্নিহিত কাৰণ নির্ধাৰণ নকৰাকৈ মূল সমস্যাটোৰ সমাধান হ’ব বুলি আশা কৰিব নোৱাৰি৷ মাথোঁ আলোচনাৰ নামত উগ্রপন্থী নেতাসকলৰ স’তে আলোচনাৰ প্রক্রিয়া আৰম্ভ কৰিলেই স্থায়ী শান্তিৰ বাতাৱৰণ ঘূৰি নাহে৷ বিগত দুটা দশকত ৰাজ্যখনৰ ১৪টা উগ্রপন্থী সংগঠনৰ স’তে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিছে৷ বছৰৰ পাছত বছৰ ধৰি এই আলোচনা চলিয়েই আছে৷ ইয়াৰে একাংশ উগ্রপন্থী সংগঠনৰ স’তে আলোচনা আধাতে সামৰি ৰাখিছে কেন্দ্রীয় চৰকাৰে৷
অসমত সশস্ত্র সংগ্রামৰ দুৱাৰ মুকলি কৰিছিল আলফাই৷ ১৯৭৯ৰ ৭ এপ্রিলত শিৱসাগৰৰ ৰংঘৰ বাকৰিত জন্মলাভ কৰা আলফাই বিগত চাৰিটা দশকত ঘাত–প্রতিঘাতৰ সন্মুখীন হৈছে৷ ১৯৯০ত আলফাৰ বিৰুদ্ধে সেনাই অপাৰেচন বজৰং অভিযান আৰম্ভ কৰাৰ পাছতেই দুর্যোগৰ সন্মুখীন হৈছিল সংগঠনটো৷ সেই সময়ছোৱাত সংগঠনটোৰ কেইবাজনো কেন্দ্রীয় নেতাই আত্মসমর্পণ কৰাৰ ফলত দুভাগত বিভক্ত হৈছিল সংগঠনটোৰ নেতা–কর্মীসকল৷ সেনাৰ নেতৃত্বত এটা নহয় দুটা অভিযান আৰু ইউনিফাইড কমাণ্ড ষ্ট্রাকচাৰৰ অভিযানত সংগঠনটোৰ প্রায় তিনি হাজাৰ নেতা–কর্মী নিহত হৈছিল৷ কিন্তু সংগঠনটোৰ হত্যা–হিংসা, ধন দাবী, অপহৰণকে ধৰি হিংসাত্মক ঘটনা বন্ধ কৰিবলৈ সক্ষম হোৱা নাছিল চৰকাৰ৷ মাথোঁ সামৰিক তথা নিৰাপত্তা বাহিনীৰ অভিযানৰ জৰিয়তে ৰাজ্যখনৰ উগ্রপন্থী সমস্যা সমাধান যে সম্ভৱ নহয় সেয়া অসমবাসীয়ে উপলব্ধি কৰিছে৷ উগ্রপন্থীক নিয়ন্ত্রণত ৰখাৰ বাবে নিৰাপত্তা বাহিনীৰ অভিযানৰ প্রয়োজন আছে৷ কিন্তু উগ্রপন্থী সমস্যাৰ স্থায়ী সমাধানৰ পথ প্রশস্ত কৰিবলৈ হ’ল ৰাজনৈতিক সদিচ্ছা লাগিবই৷ ৰাজ্যখনৰ এনএলএফবি আৰু ডিএনএলএফ নামৰ উগ্রপন্থী সংগঠন দুটাৰ শীর্ষ নেতাসকলেও শেহতীয়াকৈ আত্মসমর্পণ কৰিছে৷ ১০ বছৰ পূর্বে বাংলাদেশৰ পৰা ঘূৰি অহা আলফাৰ শীর্ষনেতাসকলৰ স’তেও কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে আলোচনা চলাই আছে৷ ২০০৯ৰ ৫ ডিচেম্বৰত বাংলাদেশৰ পৰা ঘূৰি অহা আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, উপ–মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, বৈদেশিক সচিব শশ চৌধুৰী প্রমুখ্যে কেইবাজনো কেন্দ্রীয় নেতাৰ জৰিয়তে এই আলোচনা চলি আছে৷ আলোচনা প্রক্রিয়াত চামিল হৈছে সংগঠনটোৰ সাধাৰণ সচিব অনুপ চেতিয়াও৷ বিগত ১০ বছৰে আলোচনা প্রক্রিয়াৰ পৰা দূৰত থকা আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই শেহতীয়াকৈ আলোচনাৰ বাবে সদিচ্ছা প্রকাশ কৰিছে৷ এয়া নিশ্চিত যে ৰাজ্যখনৰ বাবে এক শুভ লক্ষণ৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো আলফাৰ মুৰব্বীগৰাকীৰ স’তে প্রাৰম্ভিক আলোচনাৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে সেউজ সংকেত দিছে৷ যোৱা ১৪ মে’ত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি আলোচনা প্রক্রিয়াৰ প্রতি সদিচ্ছা ব্যক্ত কৰা পৰেশ বৰুৱাই দ্বিতীয়বাৰৰ বাবে দেওবাৰে যুদ্ধবিৰতিৰ ম্যাদ আৰু তিনি মাহলৈ বৃদ্ধি কৰিছে৷ এই সময়ছোৱাত আলফাই হিংসাত্মক কাম–কাজৰ পৰা বিৰত থকাটো নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে শুভ লক্ষণ৷ কিন্তু আলফাই যুদ্ধবিৰতি ঘোষণা কৰিলেও সংগঠনটোৱে নতুন সদস্যভর্তি অভিযান পূর্ণগতিত চলাই আছে৷ শেহতীয়াকৈ দুগৰাকী ৰাষ্ট্রীয় পর্যায়ৰ কিক বক্সিং খেলুৱৈকে ধৰি পাঁচগৰাকী মহিলাই সংগঠনটোত যোগদান কৰাৰ বাতৰি ওলাইছে৷ আলফাৰ নেতৃত্বই নতুন সদস্যভর্তিৰ বিষয়টো স্বীকাৰো কৰিছে৷ এনে পৰিস্থিতিত আলফাৰ গ্রহণযোগ্যতা নাই বুলি যিমানেই দাবী উত্থাপন নহওক কিয়, অনাগত দিনত সংগঠনটোৱে আৰু অধিক শক্তি আহৰণৰ সুযোগ লাভ কৰিব৷ সেয়ে সংগঠনটোৰ স’তে শান্তি আলোচনাৰ প্রক্রিয়া শীঘ্রে আৰম্ভ কৰাৰ ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰা উচিত৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত দেখা দিয়া নিৰাপত্তাহীনতা দূৰ কৰাৰ ক্ষেত্রতো আলফাৰ স’তে প্রস্তাৱিত আলোচনাই নির্ণায়ক ভূমিকা গ্রহণ কৰিব পাৰে৷

You might also like