দেশখনৰ বর্ধিত জনসংখ্যাৰ প্রশ্ণটোৱে দেশখনৰ এটা প্রধান সমস্যা ৰূপে অতীতৰ নেতাসকলক বিশেষ চিন্তিত কৰা নাছিল আৰু বর্তমানৰ নেতা আৰু শাসক সকলোকে বিশেষ চিন্তিত কৰা নাই যেন অনুমান হয়৷ আন এটা কথা লক্ষ্য কৰি কিছু আচৰিত হওঁ যে কোনো কোনো চিন্তাবিদে জনসংখ্যা নিয়ন্ত্রণৰ বিষয়টোক বিশেষ গুৰুত্ব দিব নোখোজে আৰু জনসংখ্যা নিয়ন্ত্রণৰ বিষয়টোক এক বিভ্রান্তিৰ মাজলৈ নি বিষয়টোক তৰল কৰি পেলায়৷ তর্ক আৰু আলোচনাৰ বিষয়বস্তু ৰূপে ই এটা বিপৰীতমুখী চিন্তাৰ খোৰাক হ’ব পাৰে, কিন্তু এইটো স্ফটিকৰ দৰে জলজল–পটপট সত্য যে ৰাষ্ট্র নির্মাণ আৰু উন্নয়নৰ বাটত আগুৱাই যাবলৈ ভাৰতবর্ষৰ দৰে এখন দেশৰ বাবে জনসংখ্যাৰ ওপৰত নিয়ন্ত্রণ আৰু অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধিত বাধা প্রদান এক প্রধান প্রয়োজন৷ বর্তমান ক’ৰোনা মহামাৰীৰ দ্বাৰা সৃষ্ট সংকট কালত অনিয়ন্ত্রিত জনসংখ্যাৰ ফল কেনে হ’ব পাৰে, সেয়া স্পষ্টভাৱে পৰিলক্ষিত৷
ভাৰতবর্ষ এখন সমস্যাবহুল দেশ আৰু বর্তমান চৰকাৰখনে দাবী কৰাৰ দৰে দেশখনৰ উন্নয়ন তথা সমস্যাবোৰৰ সমাধানৰ ক্ষেত্রত চৰকাৰখনে কৰা প্রচাৰ অনুসৰি আগবাঢ়ি যাব পৰা নাই৷ মাত্র একাংশ লোকৰ আর্থিক উন্নতিয়ে ৰাষ্ট্রৰ উন্নয়ন নুসূচায়৷ কল্যাণকামী এখন ৰাষ্ট্রৰ মূল উদ্দেশ্য হোৱা উচিত এক সমতাবাদী সমাজ গঠন৷ সমধিকাৰ আৰু সমদর্শিতা এই সমতাবাদৰ মূল ভেটি৷ কিন্তু নানান কাৰণত মূলতঃ ৰাজনৈতিক কাৰণত এনেধৰণৰ এক সমতা সম্ভৱ হৈ নুঠে৷ কিন্তু যেতিয়াই গৰিষ্ঠসংখ্যকৰ বাবে সমনুপাতৰ কল্যাণ বা সর্বোচ্চসংখ্যকৰ বাবে সম্ভৱপৰ সর্বোচ্চ পৰিমাণৰ কল্যাণৰ প্রশ্ণৰ কথাৰ আলোচনা হয়, তেতিয়াই দেশখনৰ আর্থিক অৱস্থা আৰু দেশখনৰ সম্পদ তথা দেশখনে আগবঢ়াব পৰা নিয়োগ সুবিধা আদিৰ লগত জনসংখ্যাৰ আনুপাতিক সমীকৰণৰ কথা আহি পৰে৷ জনসংখ্যাৰ কথাৰ লগতে বর্ধিত জনসংখ্যাৰ দ্বাৰা সম্পদ আৰু সুবিধা বিতৰণৰ ক্ষেত্রত এক অসামঞ্জস্যৰ কথাও আহি পৰে আৰু আহি পৰে শিক্ষা তথা নিয়োগৰ সুবিধা প্রদানৰ কথা, কৃষি উৎপাদনৰ কথা, পানীৰ কথা আৰু বর্তমান দিনত অতি প্রয়োজনীয় চিকিৎসা ব্যৱস্থাৰ সুলভতাৰ কথা৷
১৯৫০ চনত ভাৰতৰ জনসংখ্যা আছিল ৩৭ কোটিৰ কিছু অধিক আৰু ভাৰততকৈ তিনিগুণ অধিক ভূখণ্ডৰ অধিকাৰী চীন দেশৰ জনসংখ্যা আছিল ৫৫ কোটি৷ বর্ধিত জনসংখ্যাৰ পৰা উদ্ভৱ হ’ব পৰা সমস্যাৰ বিষয়টো ভাৰত গণৰজ্যৰ প্রথমখন চৰকাৰে কিছু হ’লেও বিবেচনা কৰা যেন অনুমান হয়৷ কাৰণ ১৯৫২ চনতে পৰিয়ালসমূহৰ বাবে দুটা সন্তানৰ এক নীতি গ্রহণ কৰি সেই নীতি কার্যকৰী কৰাৰ দিশত এক শিথিল উদ্যমযুক্ত পদক্ষেপ গ্রহণ কৰিছিল৷ এই দিশত আগবাঢ়িবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রয়োজনীয় প্রচাৰ, বিশেষকৈ গর্ভনিৰোধৰ ব্যৱহাৰ আৰু স্ত্রীবন্ধ্যাকৰণৰ বিষয়ে জনসাধাৰণক শিক্ষিত কৰাৰ কার্যপন্থা গ্রহণ কৰিছিল৷ কিন্তু নিৰক্ষৰতা, অন্ধবিশ্বাস, ধর্মীয় বিবেচনা আদিৰ দ্বাৰা বাধাপ্রাপ্ত হোৱাৰ বাবে এই নীতি সফল নহ’ল৷ ১৯৫২ চনত ভাৰতত জনসংখ্যা বৃদ্ধিৰ বার্ষিক হাৰ আছিল ১.৬৮ শতাংশ আৰু চৰকাৰৰ পৰিয়াল সীমিত কৰাৰ নীতি আৰু চেষ্টা বাহাল থকা সত্ত্বেও ১৯৬১ চনত এই হাৰ হ’লগৈ ২.০২ শতাংশ৷ ১৯৮১ চনত ২.৩৫ শতাংশলৈ এই হাৰ বৃদ্ধি পালে৷ ১৯৮৫ চনৰ পৰাহে জনসংখ্যা বৃদ্ধিৰ হাৰ স্থিৰ হোৱা দেখা গ’ল আৰু ১৯৮৮ চনৰ ২.১ৰ পৰা নামি ২০২০ চনত হ’লহি ০.৯৯ শতাংশ৷ বৃদ্ধিৰ হাৰ কমিলেও জনসংখ্যা পৰিস্থিতি এক সন্তোষজনক অৱস্থাত বুলি আনন্দিত হোৱাৰ এইক্ষেত্রত অৱকাশ নাই, কাৰণ ১৩৭ কোটি জনসংখ্যাৰ ২০২১ চনৰ প্রক্ষেপিত ০.৯৭ শতাংশ হাৰত বৃদ্ধি হোৱাৰ অর্থ হ’ব বছৰত ১.৩ কোটি জনসংখ্যা বৃদ্ধি আৰু এই হাৰত দেশখনৰ বর্তমান জনসংখ্যাই ২০২৭ চনত তিনিগুণৰ অধিক আয়তনৰ দেশ চীনৰ জনসংখ্যা স্পর্শ কৰিবগৈ৷ এই বৃদ্ধিৰ হাৰ ৰোধ কৰাৰ কোনো মেজিক ফর্মূলা নাই আৰু ১৯৫২ চনৰ পৰা ২০২০ চনলৈ দেশখনে জনসংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত অর্জন কৰা অতি মন্থৰ কৃতকার্যতাৰ বিষয়টোৰ অৱলোকনে এই কথা ভালদৰে স্পষ্ট কৰিব যে চুবুৰীয়া চীন দেশৰ তুলনাত এইক্ষেত্রত আমাৰ দেশ বহু পৰিমাণে পিছপৰা৷
চীন দেশৰ এইক্ষেত্রত কৃতকার্যতাৰ কথা বিশদভাৱে আলোচনা নকৰি এই কথা উল্লেখ কৰাটোৱেই যথেষ্ট হ’ব যে চীনৰ জনসংখ্যা ৰোধ কৰাৰ বাবে এক বিশেষ আইন বলৱৎ কৰা আছে৷ পঞ্চাশৰ দশকত প্রথমে দুটি সন্তানৰ এখন আইন বলৱৎ কৰাৰ পিছত ১৯৭৯ চনত এটি সন্তানৰ আইন বলৱৎ কৰা হয় আৰু অতি কঠোৰভাৱে এই আইন কার্যকৰী কৰাৰ ব্যৱস্থা কৰা হয়৷ আইন নমনাৰ ক্ষেত্রত জৰিমনা, চাকৰিৰ পৰা নিলম্বন আৰু প্রয়োজন অনুসৰি জে’ললৈয়ো নিক্ষেপ কৰাৰ ব্যৱস্থাও এই আইনৰ আওতাত ৰখা হয়৷ কিন্তু ভাৰতত ১৯৭৬ চনতেই সংবিধানৰ ৪২সংখ্যক সংশোধনীৰ বিল অনুমোদন কৰি সংবিধানৰ সপ্তম অনুচ্ছেদত যদিও ‘জনসংখ্যা নিয়ন্ত্রণ আৰু পৰিয়াল পৰিকল্পনা’ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা কেন্দ্র আৰু ৰাজ্যক জনসংখ্যা নিয়ন্ত্রণ আৰু পৰিয়াল পৰিকল্পনাৰ আইন প্রস্তুত কৰাৰ দায়িত্বও দিয়া হৈছিল৷ কিন্তু আজিপর্যন্ত এনে কোনো আইন প্রণয়ন অথবা প্রস্তুত নহ’ল৷ ইয়াৰ কাৰণ ৰাজনৈতিক বুলিয়েই কোৱা হয়৷ তদুপৰি, চীনৰ চৰকাৰ, সামাজিক পৰিৱেশ আৰু অর্থনীতি ভাৰতৰ লগত মিল নথকা ধৰণৰ আৰু এনে সামাজিক পৰিস্থিতিত চীনৰ দমনমূলক নীতি ভাৰতত প্রয়োগ অসম্ভৱ৷
মোদী চৰকাৰ ক্ষমতালৈ অহাৰ তিনিটা বছৰ পিছলৈকে জনসংখ্যা নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত প্রয়োজনীয় মনোযোগ দিয়া হোৱা নাছিল যেন অনুমান হয়৷ কাৰণ প্রথমবাৰৰ বাবে ২০১৭ চনৰ স্বাধীনতা দিৱস উপলক্ষে প্রধানমন্ত্রীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণতহে এই বিষয়ত গুৰুত্ব দিয়াৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰা দেখা গ’ল আৰু এই বিষয়টোক জৰুৰী বিবেচনা কৰি এই প্রশ্ণৰ লগত যে জনগণৰ দেশপ্রেমৰ প্রশ্ণও জড়িত আছে, সেই কথাৰো উল্লেখ ভাষণৰ মাজত শুনা গ’ল৷ যিয়েই নহওক, এই প্রশ্ণটোৱে গুৰুত্ব লাভ কৰাটো এক উল্লেখযোগ্য আৰু উৎসাহজনক কথা আছিল আৰু সম্ভৱ ইয়াৰ ফলস্বৰূপেই ২০১৯ চনৰ জুলাই মাহত জনসংখ্যা নিয়ন্ত্রণ বিধেয়কখন ৰাজ্য সভাত উত্থাপন কৰা হয়৷ এই বিধেয়কৰ সপক্ষে ১২৫জন সাংসদে মতদান কৰে, কিন্তু এই বিধেয়ক আইনত পৰিণত হ’বলৈ এতিয়াও বাকী৷ এই বিধেয়কখনে দুটি সন্তানৰ নীতি নির্ধাৰণ কৰে৷ এই বিধেয়কৰ নীতিসমূহ মানি চলা দম্পতীসকলে বিভিন্ন চৰকাৰী সুবিধা লাভ কৰিব৷ এই সুবিধাসমূহৰ ভিতৰত আছে শিক্ষাৰ সুবিধা, কৰ ৰেহাই, গৃহ ঋণ, বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা আৰু নিয়োগৰ সুবিধা৷ আনহাতে, দুটাতকৈ অধিক সন্তান থকা লোকে নির্বাচনত প্রার্থিত্ব লাভ নকৰিব, চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ’ব, কোনো ধৰণৰ বিত্তীয় সুবিধা নাপাব আনকি চৰকাৰৰ অধীনত হোৱা সার্বজনীন বিতৰণৰ খাদ্য সামগ্রী লাভ কৰাৰ পৰাও বঞ্চিত হ’ব৷ এই বিধেয়কখনৰ এঠাইত এই বুলিও কোৱা হৈছে যে দাৰিদ্র্য সীমাৰেখাৰ তলৰ বিবাহিত দম্পতী, যাৰ মাত্র এটা সন্তান আৰু যিয়ে বন্ধ্যাকৰণ কৰিবলৈ সন্মত, তেওঁলোকক চৰকাৰৰ ফালৰ পৰা আর্থিক সাহায্য প্রদান কৰা হ’ব আৰু এই সাহায্যৰ পৰিমাণ হ’ব ল’ৰা সন্তানৰ ক্ষেত্রত ৬০ হাজাৰ আৰু ছোৱালী সন্তানৰ ক্ষেত্রত এক লাখ টকাপর্যন্ত৷
এক সূত্র অনুসৰি ভাৰতৰ স্বাস্থ্য সেৱাৰ বাবে অনুমোদিত ধনৰাশিৰ মাত্র ৪ শতাংশহে পৰিয়াল কল্যাণ অথবা পৰিয়াল পৰিকল্পনা শিতানত আবণ্টিত হয়৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে মুঠ আবণ্টন ৭১,০০০ কোটিৰ মাত্র ২,৮৪০ কোটি পৰিয়াল কল্যাণ তথা জন্ম নিয়ন্ত্রণৰ সকলো দিশৰ খৰচৰ বাবে আবণ্টিত৷ পৰিয়াল কল্যাণ আৰু জন্ম নিয়ন্ত্রণৰ দিশত কাম কৰিবৰ বাবে আন যাৱতীয় খৰচৰ লগতে পৰিয়ালৰ সংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত গাঁও অঞ্চলৰ নিৰক্ষৰ আৰু দুখীয়া জনগণক ধর্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিবৰ বাবে শিক্ষাদানৰ কামত জড়িত কার্যকর্তাসকলৰ ভ্রমণৰ খৰচ, লোকসকলক আকৃষ্ট কৰিবৰ বাবে সৰু–সুৰা উপহাৰ আদিৰ বাবে আছুতীয়া আবণ্টনৰ প্রয়োজন৷ তদুপৰি, পৰিয়াল কল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ মাজত সংগতিও অতি প্রয়োজনীয়, যাৰ বাবে এই ধনৰ পৰিমাণ নিশ্চয় যথেষ্ট নহয়৷ আকৌ নীতিৰ কার্যকাৰিতাৰ দিশৰ পৰা চাবলৈ গ’লে একমাত্র প্রয়োজনীয় শিক্ষাৰ দ্বাৰাহে জন্ম নিয়ন্ত্রণৰ ক্ষেত্রত থকা ধর্মীয় অন্ধবিশ্বাস দূৰ কৰিব পৰা যাব৷ কেৱল চৰকাৰী প্রচাৰত সীমিত নাথাকি অর্থৱহ শিক্ষা আৰু আর্থিক উদ্গনি এইক্ষেত্রত অধিক ফলপ্রদ হ’ব৷ অশিক্ষিত গ্রামাঞ্চলৰ লোকসকলক সৰু পৰিয়ালৰ ক্ষেত্রত থকা সুবিধাসমূহৰ বিষয়ে অৱগত কৰা, কেৱল মহিলাৰ ক্ষেত্রত নহয়, পুৰুষৰ ক্ষেত্রতো বন্ধ্যাকৰণ কার্যকৰী কৰা আৰু মহিলাৰ বিয়াৰ বয়স ১৮ৰ পৰা ২০ বছৰ কৰাটো এক ফলপ্রসূ পদক্ষেপ প্রমাণ হ’ব৷ চৰকাৰৰ ধন আবণ্টনৰ ক্ষেত্রত সুবিবেচনামূলক সিদ্ধান্তই আৰু এই ধনৰাশিৰ প্রকৃত ব্যৱহাৰে এইক্ষেত্রত প্রধান ভূমিকা গ্রহণ কৰিব৷
ইংৰাজীৰmore the merrier বোলা কথাষাৰ জনসংখ্যাৰ ক্ষেত্রত প্রযোজ্য নহয়৷ বিশেষকৈ দেশখনৰ প্রয়োজনীয় সম্বলৰ অভাৱ, নিয়োগ বা চাকৰিৰ উপলব্ধতাৰ ক্ষেত্রত, জীৱিকা অর্জনৰ উপায় আগবঢ়োৱাৰ ক্ষেত্রত আৰু বর্তমান ক’ৰোনাজর্জৰিত দিনবোৰত প্রয়োজনীয় চিকিৎসা সুবিধা আগবঢ়োৱাৰ ক্ষেত্রত দেখা যোৱা সংকটৰ পৰিপ্রেক্ষিতত দেশখনত এক সঠিক আৰু বাস্তৱধর্মী জনসংখ্যা নীতিৰ অভাৱৰ ফলশ্রুতি অতি বেছি স্পষ্টভাৱে পৰিলক্ষিত৷