নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদযাপন কৰিবলগীয়া সুখবৰটো

ক’ভিডৰ ত্রাসক কাষৰ পৰা দেখা বিশ্ববাসীক ভাইৰাছবিধৰ সংহাৰী ৰূপটোৰ বিষয়ে দুনাই কোৱাৰ আৱশ্যক নাই৷ কিন্তু পৃথিৱীত মেলেৰিয়া আজিও মানৱ সভ্যতাৰ বাবে এটা আতংকৰ কাৰণ হৈ আছে৷ ৰোগবিধত প্রতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয়৷ তালিকাখনত অসমৰ নামো সন্নিৱিষ্ট হৈ আছে৷ ৰাজ্যখনত প্রতি বছৰে বহু লোক মেলেৰিয়াত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ অকল অসমেই নহয়, উত্তৰ–পূবকে ধৰি ভাৰতবর্ষৰ কেইবাখনো ৰাজ্য মেলেৰিয়াপ্রৱণ অঞ্চল হিচাপে চিহ্ণিত হৈ আছে৷ শেহতীয়াকৈ মেলেৰিয়াৰে যুদ্ধৰ ক্ষেত্রত বিশ্ব স্বাস্থ্য সংস্থা WHO)–এ এটা বিশ্ববাসীলৈ এটা সুখবৰ দিছে৷ মেলেৰিয়াৰ পৰা বিশ্বৰ কোটি কোটি শিশুক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে সংস্থাটোৱে এটা ভেকচিন ব্যৱহাৰত অনুমতি প্রদান কৰিছে৷ ‘হু’ৰ এই পদক্ষেপক পৃথিৱীৰ বহু বিজ্ঞানী আৰু পর্যবেক্ষকে এটা যুগান্তকাৰী আৰু ঐতিহাসিক পদক্ষেপ আখ্যা দিছে৷ ইয়াক কোৱা হৈছে ‘বিজ্ঞান, শিশুৰ স্বাস্থ্য আৰু মেলেৰিয়া নিয়ন্ত্রণত এটা যুগান্তকাৰী পদক্ষেপ৷ স্বাভাৱিকতে ভেকচিনটোক লৈ মানুহৰ মাজত আগ্রহ আৰু উৎসুকতা বৃদ্ধি পাইছে৷ টিকাটোৰ নাম আৰ টি এছ, এছ/এ এছ০১৷ ভেকচিনটো ১৯৮৭ চনত জি এছ কে নামৰ এটা দৰব প্রস্তুতকাৰী সংস্থাই তৈয়াৰ কৰিছিল৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক অনুমোদন দিয়া নাছিল৷ ২০১৯ চনত ভেকচিনটো ঘানা, কেনিয়াকে ধৰি আফ্রিকাৰ তিনিখন ৰাষ্ট্রত পৰীক্ষামূলকভাৱে ব্যৱহাৰৰ অনুমতি দিয়া হয়৷ পাইলট প্রকল্পটোত প্রায় কুৰি লাখ পালি ভেকচিন দিয়া হয়৷ কুৰি লাখ পালি ভেকচিনৰ ফলাফল পর্যবেক্ষণৰ অন্তত বিশ্ব স্বাস্থ্য সংস্থাই শিশুৰ দেহত ভেকচিনবিধ ব্যৱহাৰত অনুমোদন জনায়৷ এতিয়াৰে পৰা মধ্যমৰ পৰা অতি মেলেৰিয়াপ্রৱণ অঞ্চলৰ শিশুক আৰ টি এছ, এছ/এ এছ০১ ভেকচিন দিব পৰা যাব৷ আফ্রিকাৰ দেশ তিনিখনত ইয়াৰ প্রয়োগে সফলতা অর্জন কৰিছে৷ ভেকচিনৰ পৰা ভাৰতবর্ষ তথা অসমসহ সমগ্র উত্তৰ–পূর্বাঞ্চল লাভান্বিত হোৱাৰ সম্ভাৱনা আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এই সন্দর্ভত প্রকাশ কৰা বিবৃতি এটাত ভেকচিনটোক লৈ যথেষ্ট যোগাত্মক দৃষ্টিভংগী দেখুওৱা হৈছে৷ বিবৃতিটোত আফ্রিকাৰ পৰা মধ্যম পর্যায়ত সংক্রমণ ঘটা অঞ্চলত টিকাটো ব্যৱহাৰ কৰিব পৰা যাব বুলি কোৱা হৈছে৷ হু–ৰ বিশ্বজোৰা মেলেৰিয়া কার্যসূচীৰ দায়িত্বত থকা পেড্র’ এলেক্সোৱে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এইটো এটা যুগান্তকাৰী বিষয় বুলি আখ্যা দিছে৷ তেওঁ ইয়াৰ প্রেক্ষাপট দাঙি ধৰি কয় যে বিশ্বত প্রতি দুই মিনিটত এজনকৈ শিশুৰ মেলেৰিয়াত মৃত্যু হয়৷

 চিকিৎসা বিজ্ঞানৰ প্রগতিয়ে মানৱ সভ্যতাক ধন্য কৰিছে৷ ইয়াত সন্দেহৰ অৱকাশ নাই৷ গৱেষণাই প্রতিনিয়ত চিকিৎসাৰ নতুন নতুন পদ্ধতি মানুহৰ মাজলৈ আনি দিছে৷ ৰোগৰ চিকিৎসাৰ পৰা যন্ত্রণা নামৰ শব্দটো লাহে লাহে নোহোৱাৰ হোৱাৰ দিশে দিশে আগবাঢ়িছে৷ চিকিৎসাৰ উন্নত পদ্ধতিৰ সৈতে দৰবৰো মানে প্রতিদিনে নতুন নতুন উচ্চতা স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ সুখকৰ ছবিখনৰ বিপৰীতে আজিও কিছু কিছু ক্ষেত্রত সীমাবদ্ধতাই মানৱ জীৱনক পীডা দি আহিছে৷ তাৰে ভিতৰত মেলেৰিয়া অন্যতম৷ ইয়াৰ দৰব বা চিকিৎসাৰ সুব্যৱস্থা হৈছে যদিও মেলেৰিয়াৰ পৰা পৃথিৱীখন সম্পূর্ণৰূপে মুক্ত নতুবা সুৰক্ষিত কৰি ৰাখিব পৰাকৈ দৰবৰ উদ্ভাৱন হোৱা নাই৷ সেয়ে আজিও প্রতি বছৰে লাখ লাখ লোকে মেলেৰিয়াত প্রাণ দিবলগীয়া হয়৷ আফ্রিকাৰ কেইবাখনো ৰাষ্ট্রত মহৰ দ্বাৰা পৰিবাহিত ৰোগটো সভ্যতাৰ বাবেই বিপজ্জনক হৈ আছে৷ অসম বা ভাৰতবর্ষতো মেলেৰিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা কম নহয়৷ শিশুৰ বাবে ই অধিক বিপজ্জনক তথা ভয়াৱহ৷ এনে অৱস্থাত প্রভাৱশালী দৰব বা ভেকচিনৰ অভাৱ বহু বছৰৰ পৰাই অনুভূত হৈ আহিছে৷ হু–ৱে দীর্ঘকালৰ পৰীক্ষামূলক ব্যৱহাৰৰ অন্তত ভেকচিনটো ব্যৱহাৰত অনুমোদন জনোৱাত নতুন আশা এটাৰ সৃষ্টি হৈছে৷ অৱশ্যে এইটোও নহয় যে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ এইখন পৃথিৱীত ভেকচিনৰ অভাৱ৷ বৰং ওলোটাটোহে৷ কিন্তু বিশ্বত এইবাৰেই প্রথম হিউমেন পেৰাছাইট টিকা ব্যৱহাৰত বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন দিছে৷ ইয়াৰ প্রভাৱ কার্যকৰী ক্ষমতাৰ মাত্রাই সুকীয়া হ’ব৷ মেলেৰিয়াৰ বিৰুদ্ধে শৰীৰত প্রতিৰোধ ক্ষমতাৰ এটা নতুন স্তৰ গঠন কৰিব৷ বিশ্ব স্বাস্থ্য সংস্থা এতিয়া ভেকচিনটোৰ মাত্রা নির্ধাৰণত নামিব৷ কোনটো অঞ্চলত ই সর্বাধিক কার্যকৰী হ’ব আৰু ইয়াক কিদৰে প্রদান কৰিব পৰা যায়, সেয়াই নির্ণয় কৰিব৷ এটা কথা সর্বজনবিদিত যে আফ্রিকাৰ দেশসমূহত মেলেৰিয়াৰ প্রভাৱ সর্বাধিক৷ কিন্তু দেশখনত দৰিদ্রতাও সীমাহীন৷ ইয়ে ৰাষ্ট্রকেইখনত ভেকচিনটোৰ ব্যৱহাৰক সীমিত কৰিব পাৰে৷ অর্থৰ অভাৱত ভেকচিনটো আফ্রিকান দেশৰ শিশুৰ কাষলৈ নাযাবও পাৰে৷ অকল আফ্রিকাৰে নহয়, পৃথিৱীৰ বহু দৰিদ্র ৰাষ্ট্রত মেলেৰিয়াৰ বিপজ্জনক প্রভাৱ আছে৷ তেনে ৰাষ্ট্রই ব্যাপক হাৰত ভেকচিনবিধ ক্রয় কৰিব নোৱাৰে৷ ভাৰতৰ ক্ষেত্রত কথাটো সুকীয়া৷ ইয়াৰ দাম নহয়, প্রয়োজনক গুৰুত্ব দিয়া হয়৷ সেয়ে বেছিভাগ ভেকচিন কার্যসূচী ভাৰতত বিনামূলীয়া৷ যিয়েই নহওক, ৰোগৰ বিৰুদ্ধে অহৰহ যুঁজি থকা এইখন পৃথিৱীয়ে মাজে মাজে উদ্যাপন কৰিবলগীয়াকৈ ভাল খবৰ লাভ কৰে৷ মেলেৰিয়াৰ ভেকচিনটো এখন ৰোগমুক্ত পৃথিৱীৰ বাবে আশীর্বাদ হৈ পৰিব বুলি ইতিমধ্যে আশাৰ বতৰা এটা চৌদিশে বিয়পিছেই৷

You might also like