মাজুলীত পর্যটনৰ সম্ভাৱনা
-গোবিন কুমাৰ খাউণ্ড
আন্তঃৰাষ্ট্রীয় পর্যটন সংস্থাৰ বিজ্ঞানীসকলে আগবঢ়োৱা পৰিভাষা অনুসৰি পর্যটনে ঘৰুৱা পৰিৱেশৰ বাহিৰত ভ্রমণৰ জৰিয়তে আনন্দ, ব্যৱসায়, জীৱন র্ন্বিাহৰ উৎস সৃষ্টি কৰি সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা গ্র্হণ কৰে৷ সমীক্ষা অনুসৰি পর্যটন তমান পৃথিৱীৰ আটাইতকৈ হৎ উদ্যোগ৷ বিশ্বৰ জনসংখ্যাৰ প্রায় ৮ শতাংশ লোকক কর্মসংস্থান প্রদান কৰা এই উদ্যোগটোৰ জৰিয়তে বিশ্বৰ মূল আয়ৰ এঘাৰ শতাংশতকৈও বেছি উপার্জন কৰে৷ সেই দিশৰ পৰা বিনন্দীয়া মাজুলীৰ সৰগীয় কুত পর্যটনৰ প্রচুৰ সম্ভাৱনা আছে৷
সত্র সংস্কৃতিৰ বিৰাট বৈভৱ আৰু মাজুলীৰ সমৃদ্ধ প্রকৃতি, জৈৱবৈচিত্র্য, আর্দ্রভূমি, নৈপৰীয়া চহা জীৱনৰ মাদকতা, সৰল গ্রাম্য জীৱন, এৰী, মুগা, মিৰিজিম, বিস্তীর্ণ বালিচাপৰি, নৈ, বিল, জলাহভূমিত ভিন্ন প্রজাতিৰ পক্ষীৰ উপস্থিতি, সাংস্কৃতিক ঐতিহ্য, ভিন্ন জাতি– জনগোষ্ঠীৰ অভিন্নতা, খাদ্যসম্ভাৰ,গৃহ নির্মাণ, নির্মল প্রকৃতি, বিশুদ্ধ তাহ, বান আৰু খহনীয়াৰ বিপর্যয়ৰ মাজত মাজুলী বিশ্বৰ পর্যটনৰ এক উবৰ ক্ষেত্র৷ পৰিৱেশ আৰু সাংস্কৃতিক পর্যটনক গইনা কৰি মাজুলীয়ে নব্বৈৰ দশকৰ পৰাই বিশ্ববাসীক বিশ্বাস আৰু সততাৰে হাতবাউল দি মাতিছে৷ যাতায়াত–যোগাযোগক আওকাণ কৰি হাজাৰ হাজাৰ পর্যটকে ছৰৰ প্রতিটো ঋতুতে মাজুলীত ভিৰ কৰা দেখা যায়৷ আটাইতকৈ সুখৰ কথা মাজুলীৰ কুত পর্যটকসকল এক্বোৰেই নিৰাপদ৷ বিশেষকৈ মহিলা পর্যটকসকলৰ মাজুলীৰ পৰিৱেশ খুেবই নিৰাপদ লি সমীক্ষাত প্রকাশ পাইছে৷
মাজুলীৰ বুকুত দেশী–বিদেশী পর্যটকৰ লয়লাস দেখিলে এনে লাগে, তেওঁলোকে যেন এই লোকালয়ৰ প্রার্থনাতেই চিৰদিনৰ কটালে৷ মাহ মাহ ধৰি মাজুলীয়ালৰ আতিথ্যত কটাই যেতিয়া কোনোজন স্বদেশলৈ উভতি যায় কুত নিৰাপদে কঢ়িয়াই লৈ যায় নদী দ্বীপটোৰ সৌৰভ৷ পর্যটন উদ্যোগৰ গঠন আৰু বিকাশৰ মৌলিক আধাৰ হৈছে প্রকৃতি, মানৱ সমাজ, সাংস্কৃতিক ঐতিহ্য, ঐতিহাসিক গুৰুত্ব, গোষ্ঠীগত পৰম্পৰা, শিক্ষা, যাতায়াত, যোগাযোগ,বেংক প্রতিষ্ঠান আদিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ সেইফালৰ পৰা মাজুলীত বেংক, ইণ্টাৰনেটৰ প্রসাৰৰ প্রয়োজনীয়তা আছে৷ কেৱল গডমূৰ, কমলাবাৰী অথ্বা সত্রসমূহতেই পর্যটনৰ সম্ভাৱনা সঞ্চিত হৈ থকা নাই, মাজুলীৰ অৰঙে–দৰঙে এই সম্ভাৱনা সজীৱ হৈ আছে৷ ভিতৰুৱা অঞ্চলৰ সৌন্দর্য, নৈ চাপৰিৰ ছবি, ৰোৱনী–দাৱনী, খেতিপথাৰ আদিও পর্যটনৰ আহিলা হ’ পাৰে৷ ক’ভিডৰ আশংকাই ভৱিষ্যতৰ পর্যটনৰ পৃথিৱীখনক শংকিত কৰি ৰাখ্বি লিয়েই ধাৰণা কৰ্বি পাৰি৷ এটা কথা ক’ পাৰি, একাংশ পর্যটকে পৰিষ্কাৰ–পৰিচ্ছন্ন পৰিৱেশৰ মাজত ঘৰুৱাভাৱে থাকিও মাজুলীৰ ৰূপ–ৰস পান কৰ্বি খোজে৷ এইক্ষেত্রত আমি অতিথিসকলৰ ােব সুপৰিকল্পিত অতিথিশালা নির্মাণ কৰি মাজুলীৰ চুকে–কোণে অতিথিগৃহ নির্মাণ কৰ্বি পাৰি৷ স্বচ্ছ ভাৰত অভিযানৰ যোগেদি আদর্শ গাঁও গঢ়ি তুলি আমি অতিথিসকলক আকর্ষিত কৰ্বি পাৰোঁ৷
মাজুলীৰ মুখা শিল্পই পর্যটনৰ দিশত উল্লেখযোগ্য অৱদান আগ্বঢ়াই আহিছে৷ সেয়েহে নতুন প্রজন্মই এই আপুৰুগীয়া শিল্প কলাত আত্মনিয়োগ কৰিলে ন্বিনুৱা সমস্যা সমাধানৰ লগতে পর্যটনৰ দিশতো বৰঙণি আগবঢ়াব পাৰ্বি৷ পর্যটকসকলে মাজুলী ভ্রমণৰ চিন স্বৰূপে সৰু মুখা একোটা যদি লৈ যাব পাৰে, ই মাজুলীৰ পৰিচয় দাঙি ধৰ্বি পাৰ্বি৷ মুখা দর্শনৰ যোগেদি লাভ কৰা পৰিতৃপ্তি কিদৰে অতিথিসকলৰ গৃহ সৌন্দর্যলৈ পৰিণত কৰ্বি পাৰি সেই দিশত আমাৰ মুখা শিল্পীসকলে গুৰুত্ব দিব লাগিব৷ সেইদৰে সত্রাধিকাৰসকলে ৱহাৰ কৰা কাঠৰ খৰমযোৰৰ পৰা মিচিং, দেউৰী সমাজৰ সাজপাৰ পর্যটনৰ আহিলা হ’ব পাৰে৷ মাজুলীৰ কুটীৰ শিল্পৰ পৰা গুৰু আসনখনলৈ, মাজুলীৰ সৰল গ্রাম্য জীৱনৰ নিভাঁজ ছবিৰ পৰা মৎস্য চিকাৰলৈকে সকলোতে বিয়পি আছে প্রচুৰ সম্ভাৱনা৷ এই সম্ভাৱনাক মাজুলীবাসীয়ে গভীৰ আস্থাৰে বিনয়ী প্রার্থনাত পৰিণত কৰ্বি পাৰিলেই মাজুলীলৈ অহা অতিথিৰ হূদয় ভৰি পৰ্বি৷