নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্কট আক্রান্ত পত্নী–সেনাৰ তীক্ষ্ণ দৃষ্টিত নিৰুপায় হৈ বিদ্রোহী জীৱন এৰিলে আলফাৰ দৃষ্টিয়ে

৩৩ বছৰীয়া সশস্ত্র সংগ্রাম সামৰি ল’লে আত্মসমর্পণৰ পথ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ সুদীর্ঘ ৩৩ বছৰৰ সশস্ত্র সংগ্রামৰ পথ এৰি আত্মসমর্পণ কৰিলে আলফা (স্বা)ৰ দুর্ধর্ষ নেতা দৃষ্টি ৰাজখোৱাই৷ নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠনটোৰ উপ–মুখ্য সেনাধ্যক্ষগৰাকীৰ আত্মসমর্পণৰ লগে লগে কার্যতঃ ‘দৃষ্টিহীন’ হৈ পৰিল পৰেশ বৰুৱাও৷ কালি মেঘালয়ৰ গাৰো পাহাৰত সেনা–আৰক্ষীয়ে আলফা (স্বা)ৰ নেতাগৰাকীক নিজৰ জিম্মাত লোৱাৰ পাছত আজি চাৰিগৰাকী সতীর্থসহ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই আত্মসমর্পণ কৰে৷ ৰঙিয়াস্থিত ভাৰতীয় সেনাৰ ৰেডহর্ন ডিভিজনত দৃষ্টি ৰাজখোৱাৰ লগত আত্মসমর্পণ কৰা আন আলফা (স্বা)ৰ আলফা (স্বা)ৰ নেতাগৰাকীক নিজৰ জিম্মাত লোৱাৰ পাছত আজি চাৰিগৰাকী সতীর্থসহ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই আত্মসমর্পণ কৰে৷ ৰঙিয়াস্থিত ভাৰতীয় সেনাৰ ৰেডহর্ন ডিভিজনত দৃষ্টি ৰাজখোৱাৰ লগত আত্মসমর্পণ কৰা আন আলফা (স্বা)ৰ নেতাকেইগৰাকী হ’ল ৰূপজ্যোতি ৰাভা (২৪), মিঠুন অসম ওৰফে ৰংগিলা (২৫), য়াছিন আলী (২৪) আৰু ৰাহুল হাজৰিকা৷ বিগত কেইবামাহ ধৰি ইউনিফাইড কমাণ্ডৰ তীক্ষ্ণ নজৰত থকা দৃষ্টি ৰাজখোৱা আৰু সতীর্থসকলৰ আত্মসমর্পণ অনুষ্ঠানত উপস্থিত থাকে ৰেডহর্ন ডিভিজনৰ জি অ’ চি দীপক মেহৰা, অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথৰ লগতে মেঘালয় আৰক্ষীৰো শীর্ষ বিষয়া৷ আত্মসমর্পণৰ সময়ত আলফা (স্বা)ৰ নেতাকেইগৰাকীয়ে এটা এ কে–৮১, দুটা পিষ্টল, ৱাকীটকী আৰু বোমা বনোৱা সামগ্রী জমা দিয়ে৷

মূলসুঁতিলৈ উভতি অহা উগ্রপন্থী নেতাকেইজনক নিজৰ জিম্মাত লৈ ৰেডহর্ন ডিভিজনৰ জি অ’ চি দীপক মেহৰাই কয় যে দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই আজি সশস্ত্র পথ এৰি মূলসুঁতিত যোগ দিলে৷ আজিৰ পৰা পৰেশ বৰুৱা ‘দৃষ্টিহীন’ হৈ পৰিল৷ এয়া সেনা–আৰক্ষীৰ এক উল্লেখযোগ্য সফলতা৷ বিগত ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁ আলফা (স্বা)ত সক্রিয় হৈ আছিল৷ আজি হিংসাৰ পথ এৰি অহাৰ বাবে সেনাৰ তৰফৰ পৰা দৃষ্টি ৰাজখোৱাক অভিনন্দন জনোৱা হৈছে৷ লগতে আন উগ্রপন্থী সংগঠনৰ সদস্যসকলকো মূলসুঁতিলৈ উভতি আহিবলৈ তেওঁ আহ্বান জনায়৷ ইপিনে, অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথে কয় যে ১৯৮৭ চনতে দৃষ্টি ৰাজখোৱাই আলফাত যোগদান কৰিছিল৷ ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতিৰ বাবে তেওঁ সদায়ে ভাবুকিৰ সৃষ্টি কৰি আহিছিল৷ আজি দৃষ্টি ৰাজখোৱাই হিংসাৰ পথ এৰি শান্তিৰ পক্ষলৈ আহিছে৷ তেওঁৰ আত্মসমর্পণে অসমৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলত হিংসাৰ পৰিৱেশ দূৰ কৰাত বিশেষ ভূমিকা ল’ব৷ অসমক সন্ত্রাসমুক্ত কৰাৰ পথত বহুদূৰ আগুৱাই নিব৷ আলোচনাৰ মাজেৰে সকলো সমস্যাৰ সমাধান সম্ভৱ হ’ব বুলি মন্তব্য কৰি হীৰেন নাথে শান্তি প্রক্রিয়াত জনসাধাৰণৰ সক্রিয় সহযোগিতা কামনা কৰে৷ ইফালে সংগঠনৰ অনুমতি সাপেক্ষে দৃষ্টি ৰাজখোৱাই আত্মসমর্পণ কৰা বুলি মন্তব্য কৰি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে পৰিস্থিতিগত কাৰণত আৰু সংগঠনৰ অনুমতি সাপেক্ষে দৃষ্টি ৰাজখোৱাই আত্মসমর্পণ কৰিছে৷ ইয়াৰ প্রথম কাৰণটোৱে হ’ল তেওঁৰ পত্নী কর্কট ৰোগত আক্রান্ত আৰু সন্তান এতিয়াও নাবালক হৈ আছে৷ ইফালে ভাৰত–বাংলাদেশ সীমান্তত বিগত কিছু দিন ধৰি তেওঁ সতীর্থসহ সেনাৰ মাজত আবদ্ধ হৈ পৰিছিল৷ খোৱা–লোৱাৰ ক্ষেত্রতো অসুবিধাৰ সন্মুখীন হৈছিল৷ এই সময়ছোৱাত শীর্ষ নেতৃত্বৰ লগত তেওঁৰ সঘন যোগাযোগ আছিল৷ মানৱতাৰ দৃষ্টিৰে সংগঠনে দৃষ্টি ৰাজখোৱাক আত্মসমর্পণৰ বাবে অনুমতি প্রদান কৰে৷

আনহাতে, চোৰাংচোৱাৰ এক সূত্রই জনোৱা মতে, ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰাই দৃষ্টি ৰাজখোৱা সেনা–আৰক্ষীৰ লগত যোগাযোগত আছিল৷ ইয়াৰ পূর্বে মেঘালয়ৰ ভাৰত–বাংলাদেশ সীমান্তত সেনাৰে হোৱা সংঘর্ষত কথমপি ৰক্ষা পৰিছিল আলফা (স্বা)ৰ নেতাগৰাকী৷ তাৰ পাছৰে পৰা তেওঁৰ ওপৰত ধাৰাবাহিক চাপ সৃষ্টি কৰা হয়৷ সেই সময়ত পত্নী কর্কট ৰোগত আক্রান্ত হোৱাত চাৰিওফালৰ পৰা চাপত পৰে আলফা (স্বা)ৰ নেতাগৰাকী৷ ইফালে, দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণৰ পাছতে পশ্চিম গাৰোপাহাৰত উদ্ধাৰ হৈছে আলফাৰ বিশাল বিস্ফোৰক ভাণ্ডাৰ৷ আলফা নেতা ৰাজখোৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয় আৰক্ষীয়ে পশ্চিম গাৰো পাহাৰৰ নাৰাগ্রে সংৰক্ষিত বনাঞ্চলত পুতি থোৱা অৱস্থাত তিনি বাকচ বিস্ফোৰক উদ্ধাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণৰ পাছতে অসম মেঘালয় সীমান্তত বিভিন্ন অঞ্চলত উগ্রপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ বিশেষ অভিযান চলাৰ সম্ভাৱনা আছে৷ আলফাৰ দুর্ধর্ষ গেৰিলা দৃষ্টি ৰাজখোৱাই দিয়া তথ্যৰ ভিত্তিতে অসম মেঘালয়ত বিভিন্ন উগ্রপন্থীৰ সংগঠনৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷

You might also like