নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুমুহাৰ আকাশত ৰামধেনুৰ কিৰণ

চৈয়দ জাৰিৰ হুছেইন

২০২০ বছৰটো সন্দেহাতীতভাৱে সকলোৰে বাবে এটা স্মৰণীয় বছৰ৷ নক’লেও হয় যে ইতিবাচক কাৰণতকৈ নেতিবাচক কাৰণৰ বাবেহে ২০২০ বছৰটো সর্বাধিক চর্চিত আৰু স্মৰণীয় বছৰ হৈ থাকিব৷ সাংবাদিকসকলৰ বাবেও ২০২০ বর্ষটো অত্যন্ত প্রত্যাহ্বানমূলক বছৰ হিচাপে পৰিগণিত হ’ল৷ টেলিভিছন সাংবাদিকসকলৰ বাবে এই প্রত্যাহ্বান আৰু অধিক কঠিন আছিল৷ বৃত্তিগত আৰু ব্যক্তিগত উভয় দিশৰ পৰাই এই মহামাৰীৰ মোকাবিলা কৰাত আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷
সেয়া আছিল ২০২০ বর্ষৰ মার্চ মাহৰ শেষ সপ্তাহৰ কথা৷ সেই সময়ত সমগ্র ভাৰতত লকডাউনৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ সাংবাদিক হিচাপে আমি তেতিয়াই পূর্বানুমান কৰিছিলোঁ যে আমাৰ সন্মুখত অপেক্ষা কৰি আছে এটা ভয়ংকৰ ভৱিষ্যতে৷ কিদৰে আমি সাজু হ’ম? সেয়া আছিল আমাৰ বাবে প্রথম চিন্তা৷ আমাৰ কোনোবা এজনো যদি সহকর্মী এই মহামাৰীত আক্রান্ত হয় অথবা দুর্ভাগ্যক্রমে যদিহে আমাৰ কার্যালয়ত কোনোবা আক্রান্ত হয়, তেনেহ’লে আমি সকলোৱেই তেওঁৰ সংস্পর্শলৈ আহিলে সংবাদ সেৱাৰ পৰা নির্ধাৰিত সময়ৰ বাবে নিজকে বিৰত ৰাখিব লাগিব৷ তেনে অৱস্থাত ‘নিউজ লাইভ’ৰ পুৱাৰ পৰা নিশালৈ অহর্নিশে চলি থকা সেৱা কেনেকৈ অব্যাহত ৰখা হ’ব, সেয়া আছিল আমাৰ মনলৈ অহা চিন্তা৷ সেয়েহে আমি আগতীয়াকৈ নিজকে প্রস্তুত কৰিবলৈ সিদ্ধান্ত ল’লোঁ৷ হাতত লোৱা হ’ল পৰিকল্পনা৷ এই আগতীয়া চিন্তাই আমাক যথেষ্ট সহায় কৰিলে৷ এনে এটা দিনতে এদিন সন্ধ্যা প্রাইম টাইম নিউজৰ কাম শেষ কৰাৰ মুহূর্ততে আমাৰ কার্যালয়লৈ আহিছিল ‘ৰাষ্ট্রীয় স্বাস্থ্য অভিযান কার্যালয়’ৰ পৰা এটা অনাকাংক্ষিত টেলিফোন৷ আমাৰ লগত কাম কৰি থকা এজন সহকর্মীৰ স্বাস্থ্য পৰীক্ষাৰ পাছত তেওঁৰ শৰীৰত ধৰা পৰিছে ক’ৰোনাৰ বীজাণু৷ সেয়া আছিল ‘নিউজ লাইভ’ত কোনোবা সহকর্মী ক’ভিডত আক্রান্ত হোৱাৰ প্রথমটো ঘটনা৷ আচম্বিতে অহা সেই খবৰে আমাক খন্তেক সময়ৰ বাবে হতচকিত কৰি তুলিলে৷ আমাৰ মূৰত যেন সৰগ ভাগি পৰিল৷ কাৰণ সেই সময়ত ক’ভিডৰ আতংকই গ্রাস কৰিবলৈ আৰম্ভ কৰিছিল সমগ্র অসমক৷ দিনে দিনে বাঢ়ি যোৱা ক’ভিডৰ ভয়াৱহতাই সর্বস্তৰতেই সৃষ্টি কৰিছিল ভূমিকম্পৰ৷ ক’ভিডত আক্রান্ত হোৱাৰ খবৰ লাভ কৰি আমাৰ নিউজ লাইভৰ সেই কম বয়সীয়া সহকর্মীজনো আক্ষৰিক অর্থতে কান্দোনত ভাগি পৰিল৷ সমগ্র নিউজ ৰূম আৰু সহকর্মীসকলৰ মাজতো সঞ্চাৰ হ’ল আতংকৰ৷ মোৰ মনত আছে সেই সময়ত আমাৰ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই সাহসেৰে পৰিস্থিতিৰ মোকাবিলা কৰিছিল আৰু সহকর্মীসকলক সময়সাপেক্ষ অভয়বাণী প্রদান কৰিছিল৷ বাতৰিটো পোৱাৰ মাত্রকে শ্রীমতী শর্মাই নিশা প্রায় ১১ বজাত তৎক্ষণাৎ আহি উপস্থিত হৈছিল নিউজ লাইভৰ নিউজ ৰূমত৷ তেওঁ মহান সহূদয়তাৰে আক্রান্ত সহকর্মীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ক’ভিড হাস্পতাললৈ প্রেৰণ কৰাৰ উপৰি সকলো সংবাদকর্মীক অভয়বাণী দিছিল৷ আনকি সমগ্র প্রতিষ্ঠানটোক ক’ভিডমুক্ত কৰিবলৈ নিশাৰ ভাগত চলা বীজাণু নিষ্কাশন প্রক্রিয়া পুৱতিনিশা পর্যন্ত নিজে উপস্থিত থাকি তেওঁ তদাৰক কৰিছিল৷ শ্রীমতী শর্মাৰ এই সাহসী উপস্থিতিয়ে আমাৰ সকলোৰে মনত আত্মবিশ্বাস যোগাইছিল আৰু যিকোনো পৰিস্থিতিৰ বাবে নিজকে সাজু কৰিবলৈ আমি প্রতিজনে অফুৰন্ত শক্তি লাভ কৰিছিলোঁ৷
তাৰ পাছত আমাৰ সন্মুখত আহিছিল অন্যতম বৃহৎ প্রত্যাহ্বান৷ ক’ভিডৰ উপস্থিতি ধৰা পৰা আমাৰ কার্যালয়ত কেনেকৈ পুৱাৰ পৰা নিশালৈ কাম কৰিব অন্যান্য সহকর্মীসকলে৷ সকলোৰে মাজত সৃষ্টি হোৱা সেই ভয় ভাব দূৰলৈ ঠেলি প্রত্যাহ্বানৰ বাবে প্রতিজন সাজু হোৱাৰ সময়৷ মই পুনৰ কৈছোঁ সেই সময়ত ৰাজ্যত ক’ভিডৰ সংহাৰ আৰম্ভ হৈছিলহে মাথোঁ৷ প্রতিটো ক’ভিড আক্রান্তৰ খবৰে সেয়েহে প্রতিমুহূর্ততে ৰোপণ কৰিছিল ভয় আৰু আতংকৰ বীজ৷ পিছদিনা পুৱা মাত্র কেইজনমান সহকর্মীক লৈ নিউজ লাইভৰ পোনপটীয়া সম্প্রচাৰ আৰম্ভ কৰা হ’ল৷ এফালে কামৰ হেঁচা, সংবাদৰ ভিৰ, আনফালে কমসংখ্যক সহকর্মীৰে কাম চলাবলগীয়া হোৱাত প্রতিজন কর্মীৰ ওপৰত কামৰ পর্বত সমান হেঁচা৷ আমাৰ নিউজ লাইভৰ কার্যালয় তৃতীয় মহলাত অৱস্থিত৷ কিন্তু যিহেতু এই মহলাতে ক’ভিড বীজাণু ধৰা পৰিল, সেয়েহে আমাৰ সমগ্র নিউজ ৰূমটো মাত্র কেইঘণ্টামানৰ ভিতৰতে তৃতীয় মহলাৰ পৰা প্রথম মহলালৈ স্থানান্তৰ কৰিবলগীয়া হ’ল৷ অস্থায়ীভাৱে স্থানান্তৰ কৰা নিউজ লাইভৰ নতুন কার্যালয়ত নিৰৱচ্ছিন্নভাৱে বাতৰিৰ সম্প্রচাৰ কৰিবলগীয়া হোৱাটো আছিল আন এটা প্রত্যাহ্বান৷ টেলিভিছনত আপুনি যতি নপৰাকৈ বাতৰিও সম্প্রচাৰ কৰিব লাগিব, লগে লগে অস্থায়ী নতুন কার্যালয়টো স্থাপন কৰিব লাগিব৷ ভূতৰ ওপৰত দানহ পৰা দি আন এক বাতৰিয়ে দিলে মোক্ষম আঘাত৷ আমাৰ সহকর্মীজন ক’ভিড পজিটিভ হোৱা বাবে তেওঁৰ সংস্পর্শলৈ অহা নিউজ লাইভৰ ৯৩জন সহকর্মীৰ নমুনা সংগ্রহ কৰা হৈছিল৷ মোৰো নমুনা সংগ্রহ কৰা হৈছিল৷ সেই সময়ত নমুনা সংগ্রহ কৰাৰ ৪৮ ঘণ্টাৰ পাছতহে ফলাফলসমূহ লাভ কৰিব পৰা গৈছিল৷ দুটা দিনৰ অন্তহীন অপেক্ষাৰ অন্তত যেন আমাৰ মূৰত পুনৰ সৰগ ভাগি পৰিল৷ আমাৰ আন ২৯জন সহকর্মী এইবাৰ ক’ভিডত আক্রান্ত হোৱাৰ খবৰ আহিল৷ ভাগ্যক্রমে অৱশ্যে মই ক’ভিডৰ পৰা বাচিলোঁ৷ আমাৰ অধিকাংশ সহকর্মীক এইবাৰ মহানগৰীৰ হোটেলত কোৱাৰেণ্টাইন কৰি ৰাখিবলগীয়া হ’ল৷ যাতে নিজে আক্রান্ত হ’লেও নিজৰ পৰিয়ালক এই বীজাণুৰ পৰা বচাব পৰা যায়৷ হোটেলৰ পৰাই নামমাত্র কেইজনমান আমাৰ দায়বদ্ধ সাংবাদিকে ১২–১৩ ঘণ্টা কাম কৰি চেনেলটোক প্রাণৱন্ত কৰি ৰাখিলে৷ কিন্তু প্রত্যাহ্বান তাতেই শেষ নহ’ল৷ সেইবাৰ যেন ৰাজ্যত ক’ভিডৰ ধুমুহাহে বৈছিল৷ ইয়াৰ পাছৰ কেইসপ্তাহমানত আৰু প্রায় ৫০জন সহকর্মী ক’ভিডত আক্রান্ত হ’ল৷ নিউজ লাইভৰ এই সৰু পৰিয়ালটোৰ প্রায় ৮০জন সাংবাদিক ক’ভিডৰ হাতোৰাত বন্দী হ’ল৷ কিন্তু লাহে লাহে আমি মন বান্ধিছিলোঁ৷ যিকোনো পৰিস্থিতিত নিউজ লাইভৰ বাতৰিত যতি পৰিবলৈ দিয়া নহ’ব– সেই সংকল্প আমি গ্রহণ কৰিছিলোঁ৷ অতি কমসংখ্যক সাংবাদিকৰ একো একোটা গোট গঠন কৰা হ’ল৷ এটা গোটে ১৪ দিন ১২–১৪ ঘণ্টা কাম কৰে আৰু এই ১৪ দিনৰ চক্র সম্পূর্ণ কৰি পৰৱর্তী ১৪ দিন তেওঁলোকে হোটেলত নিজকে আবদ্ধ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হ’ল৷ তেওঁলোকৰ ঠাই ল’বলৈ আহিল আন এটা গোট৷ মুঠতে এটা গোটক কামত আৰু আনটো গোটক পৰৱর্তী ১৪ দিনৰ বাবে সাজু কৰাৰ ব্যৱস্থা কৰা হ’ল৷ ইয়াৰ মাজতে যদি কোনো সহকর্মী ক’ভিডত আক্রান্ত হয়, তেনেহ’লে তেওঁলোকৰ স্থান ল’বলৈ সাজু কৰা হ’ল আন এটা গোট৷ এই ব্যৱস্থাই কাম দিলে৷ অত্যন্ত কঠিন পৰিস্থিতিতো আমি বাতৰি, বুলেটিন, আলোচনা অনুষ্ঠান, পোনপটীয়া সম্প্রচাৰ আদি চলাই লৈ গ’লোঁ৷ কোনো সাংবাদিক ক’ভিড পজিটিভ হ’লেই ততালিকে কার্যালয়ৰ চুকে–কোণে বীজাণু নিষ্কাশন প্রক্রিয়া চলি থাকিল৷ চলি থাকিল আমাৰ সংবাদ সেৱাও৷
এই মহামাৰীয়ে আমাক দিয়া ডাঙৰ শিক্ষাটো হ’ল যে টেলিভিছনৰ সংবাদসেৱা সুকলমে চলাই লৈ যাবলৈ প্রথমেই লাগিব দলীয় সংঘবদ্ধতা৷ নিউজ লাইভৰ সাংবাদিকৰ সেই গুণ সদায়েই প্রমাণিত৷ ইয়াৰ লগে লগে আগতীয়া পৰিকল্পনা আৰু প্রত্যাহ্বান গ্রহণ কৰিব পৰাৰ মানসিকতাই আমাক অধিক পৰিপক্ব হোৱাত সহায় কৰিলে৷
ক’ৰোনাৰ সংহাৰৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণৰ মনত স্বাভাৱিকতেই বিৰাজ কৰিছিল এক হতাশাই৷ কেৱল মহামাৰীৰ বাতৰিয়ে আমাৰ ৰাজ্যখনৰ সকলো লোকক জর্জৰিত কৰি তুলিছিল৷ আমি নিউজ লাইভে সেই কথা অতি সূক্ষ্মভাৱে লক্ষ্য কৰিছিলোঁ৷ আমি সিদ্ধান্ত ল’লোঁ যে ক’ভিড মহামাৰীৰ এই সংকটকালত আমি কোনো নেতিবাচক বাতৰি সম্প্রচাৰ নকৰোঁ৷ জনতাৰ মাজত আচ্ছন্ন হৈ থকা দুখৰ বোজাক আমি অধিক গধুৰ নকৰোঁ৷ আমাৰ এই প্রয়াসে কাম দিলে৷ নিউজ লাইভৰ অগণন দর্শকে দিলে অভূতপূর্ব সঁহাৰি৷ সেয়েহে নিউজ লাইভ জন্মলগ্ণৰে পৰা আজি পর্যন্ত সপ্তাহৰ পাছত সপ্তাহ, মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ৰাজ্যখনৰ প্রথম স্থানৰ টেলিভিছন চেনেলৰ ৰেটিঙত আৰোহণ কৰি থাকিবলৈ সক্ষম হৈছে৷ আমি ক’ভিডৰ সেই সংহাৰৰ সময়ত ঘৰত আবদ্ধ হৈ থকা বিভিন্নজনে আৰম্ভ কৰা ইতিবাচক আৰু মানসিক শক্তি যোগোৱা সৃজনশীল কামৰ এখন উৎকৃষ্ট মঞ্চ দিছিলোঁ৷ তেওঁলোকৰ প্রতিভাক উদগনি দিয়াৰ প্রয়াস কৰিছিলোঁ৷ চিকিৎসক আৰু চিকিৎসাকর্মীৰ অমানুষিক কষ্ট জনতাৰ মনৰ মাজলৈ লৈ গৈছিলোঁ৷ ক’ভিডৰ বিৰুদ্ধে ৰাজ্যখনৰ মহাসংগ্রাম সফল হোৱাত আমি অনুঘটকৰ কাম কৰিছিলোঁ৷
এই কঠিন সময়ছোৱাত ঘৰত আবদ্ধ হৈ থকা বহুজনে আৰম্ভ কৰিলে এটা নতুন কাম৷ কোনোৱে গালে সুললিত গান, কোনোৱে কৰিলে শিল্পৰ সাধনা৷ আন কোনোবাই যদি কিতাপক আদৰি ল’লে, তেনেহ’লে আন কোনোৱে হয়তো ছবি আঁকিলে৷ নিউজ লাইভে তেওঁলোকক এখন মঞ্চ দিলে৷
আমাৰ সাংবাদিকৰ বৃত্তিগত মানসিকতা আৰু সাহসক লৈ মই সদায় গৌৰৱান্বিত৷ যি সময়ত ক’ভিডৰ নাম শুনিলেই মানুহে ঘৰতে আবদ্ধ কৰিও আশ্বস্ত হ’ব পৰা নাছিল, সেই সময়ত ক’ভিডৰ বিৰুদ্ধে চলি থকা যুদ্ধখনৰ প্রকৃত প্রতিচ্ছবি জনতাৰ সন্মুখলৈ আনি প্রবল জনসচেতনতা সৃষ্টিত ক’ভিড হাস্পতালতPPE KIT পৰিধান কৰি সাহসেৰে নামি পৰিছিল আমাৰ দুজনকৈ জ্যেষ্ঠ সাংবাদিক নন্দন প্রতিম শর্মা বৰদলৈ আৰু গৌৰৱজ্যেতি নেওগ৷ নিউজ লাইভৰ ৰাজনৈতিক সম্পাদক ছায়ামণি ভূঞাই অতি সাহসেৰে ৫০০তকৈ অধিক ৰোগীৰ সৎকাৰ কৰা শ্মশানলৈ গৈ ‘দেৱদূত ৰূপী চণ্ডাল’জনৰ সাক্ষাৎকাৰ লৈ প্রস্তুত কৰিছিল এক অনুপ্রেৰণা আৰু সজাগতা সৃষ্টিৰ অনুশীলন৷ নিপ কুমাৰ বৰুৱাৰ দৰে আমাৰ কেইবাজনো সাংবাদিকে নিজে ক’ভিডত আক্রান্ত হৈও চিকিৎসাধীন অৱস্থাতে ক’ভিড হাস্পতালৰ পৰা ক’ভিড ৰোগী হৈ কৰা এক বিশেষ অনুষ্ঠানে ৰাজ্যৰ হাজাৰ হাজাৰ ক’ভিড ৰোগীৰ লগতে সর্বসাধাৰণ জনতাকো মানসিক সাহচর্য দিছিল৷ এয়া আছিল আমাৰ সাংবাদিকৰ দায়বদ্ধতা আৰু সংবাদসেৱাৰ প্রতি আনুগত্যশীলতা৷
লাহে লাহে পৰিস্থিতি নিয়ন্ত্রণাধীন হৈছিল যদিও এতিয়াও এই কৰাল গ্রাসৰ পৰা মুক্ত হোৱা বুলি আমি ক’ব নোৱাৰোঁ৷ কিন্তু ২০২০ৰ অন্তিম ক্ষণত নিউজ লাইভে এক ইতিবাচক স্পৃহাৰে বছৰটো শেষ কৰাৰ উদ্যম গ্রহণ কৰিলোঁ৷ ২০০৮ চনত আমাৰ চেনেল প্রতিষ্ঠা হোৱাৰ সময়ৰে পৰা অহর্নিশে আমি জনতাৰ সেৱাত সমর্পণৰ মনোভাবেৰে একনিষ্ঠ হৈ কাম কৰাৰ প্রয়াস কৰিছেছা৷ এইদৰে অগণন লোকৰ মুখৰ হেৰোৱা হঁাহি ঘূৰাই অনাৰ চেষ্টাত কিছু হ’লেও সফল হ’বলৈ পাই কৃতার্থ বোধ কৰিছোঁ৷ নিউজ লাইভৰ বাতৰিত জটিল ৰোগত আক্রান্ত বহু নিঃকিন লোকে স্বাস্থ্য বিভাগৰ পৰা বা জনতাৰ পৰা অকুণ্ঠ সহায় লাভ কৰিছে৷ তথাপি প্রতিদিনেই ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা জটিল ৰোগত আক্রান্ত শিশুৰ অভিভাৱকে সহায় আৰু চিকিৎসাৰ বাবে নিউজ লাইভলৈ আশাৰে যোগাযোগ কৰে৷ এই কথাটো মনত ৰাখি আমি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক যোগাযোগ কৰিলোঁ৷ তেওঁক অনুৰোধ জনালোঁ যে এই শিশুসকলৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে আমি নতুনকৈ আৰম্ভ কৰিব বিচৰা ‘আশা, নৱজীৱনৰ প্রয়াস’ শীর্ষক অনুষ্ঠানত তেওঁ অংশগ্রহণ কৰা উচিত৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই ততালিকে আমাৰ এই অনুৰোধত সঁহাৰি দিলে আৰু ইতিমধ্যে আৰম্ভ হোৱা এই অনুষ্ঠানত তেওঁ পোনপটীয়াকৈ আক্রান্ত শিশুৰ অভিভাৱকসকলৰ সৈতে কথা পতাৰ সুবিধা কৰা হ’ল৷ আমাৰ প্রয়াসে যাদুৰ দৰে কাম কৰিলে৷ শিশুসকলৰ চিকিৎসাৰ পথ ততালিকে প্রশস্ত হ’ল৷ বছৰ বছৰ ধৰি আৰু কোনো কোনো শিশুৱে জন্মৰ পৰা চিকিৎসাৰ বাবে বাট চাই থকাৰ সেই অমানিশাৰ অন্ত পৰিল৷ ইতিমধ্যে ১৪ বছৰৰ তলৰ ৩০ৰো অধিক এনে শিশুৱে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় আনকি ৰাজ্যৰ বাহিৰৰ উন্নত দেশৰ ভিতৰতে প্রখ্যাত প্রতিষ্ঠানত চিকিৎসাসেৱা লাভ কৰি আছে৷ মাত্র দুসপ্তাহ আগতে আৰম্ভ কৰা এই অনুষ্ঠানে নিশ্চিতভাৱে কণ কণ দুর্ভগীয়া শিশুৰ নতুন জীৱনৰ দুৱাৰ মুকলি কৰিছে৷ কিডনীৰ পৰা স্নায়ুলৈ, মগজুৰ পৰা থেলাচেমিয়ালৈ, হাড়ৰ জটিল ৰোগৰ পৰা পলি’ ৰোগীলৈ শাৰীৰিকভাৱে দীর্ঘদিন ধৰি ভুগি থকা এনে অনেক শিশুৰ উন্নত চিকিৎসাৰ দায়িত্ব গ্রহণ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ প্রতিটো শিশুৰ ক্ষেত্রত ১ লাখৰ পৰা ২৫ লাখ টকা পর্যন্ত সমস্ত চিকিৎসা ব্যয় ততালিকে বহন কৰিলে ৰাজ্য চৰকাৰে৷ পোনপটীয়া সম্প্রচাৰত এজন মন্ত্রীয়ে এইদৰে বহু পৰিয়ালক নিমিষতে আশাৰ সঞ্চাৰ দিব পৰা এই অনুষ্ঠান দেশৰ টেলিভিছন ইতিহাসতে এক অনন্য প্রয়াস৷ ড০ শর্মাৰ প্রতি মোৰ আন এটা অনুৰোধ আছিল যে ৰাজ্যখনৰ জনতাৰ স্বার্থত তেওঁ প্রতিসপ্তাহে এই পোনপটীয়া সম্প্রচাৰত অংশগ্রহণ কৰা উচিত৷ হূদয়ৱান মন্ত্রীজনে আমাৰ এই অনুৰোধকো সঁহাৰি জনাই নিউজ লাইভৰ ষুটডি’ত প্রতিসপ্তাহে পোনপটীয়াকৈ শিশুৰ অভিভাৱকৰ সৈতে কথা–বতৰা পাতি সমাধান দিবলৈ সন্মত হ’ল৷ নিশ্চয়কৈ মন্ত্রী ড০ শর্মাৰ এয়া মহান মানৱীয়তা৷ ভগৱানে আমাৰ সকলোকে আশীর্বাদ কৰক৷ ২০২১ বর্ষটো আমাৰ সকলোৰে বাবে উজ্জ্বল হওক৷ সকলো সুখী আৰু সফল হোৱাৰ কামনা কৰিলোঁ৷
(মুখ্য পৰিচালন সম্পাদক, নিউজ লাইভ)

You might also like