নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকল কৰি সন্মান

🔹 ড০ পাৰ্থসাৰথি মহন্ত

‘অ’ এইজনে নতুন গানটো সেই গানটোৰ পৰা মাৰিলে৷’
‘চিনেমাখন চাই তামিল চিনেমা চোৱাৰ নিচিনা লাগিল৷’
স্বীকাৰ নকৰাকৈ আনক নকল কৰা, এটা অতি ৰঞ্জক প্রৱণতা, যাৰ বাবে আমি প্রায়েই এনেধৰণৰ আলোচনা কৰিব লগা হয়, কথা পাতিবলগীয়া হয়৷
বুদ্ধিক বৃত্তি কৰি প্রতিষ্ঠা লাভ কৰিব বিচৰা এচামৰ মাজতো এই প্রৱণতা উপলভ্য৷ লিখাৰ শৈলী, বিষয়বস্তু, শিৰোনাম ধৰা পৰি যোৱাকৈ নকল কৰিব, কিন্তু ভব্য–গব্য হৈ মৌলিকতাৰ মুখা পিন্ধি থাকিব৷
হয়– তেওঁলোকে নিজকে অত্যন্ত টেঙৰ বুলি ভাবে, নহয়– আনক একেবাৰেই বুর্বক বুলি ভাবে৷
ইংৰাজীত দুটা শব্দ আছে– ইমিটেচন আৰু এমিউলেচন৷ ইমিটেচন মানে হ’ল নকল কৰা, অনুকৰণ কৰা৷ যি অনুকৰণ কৰিছে, হুবহু একেই কামটো কৰা৷ কিছু নেতিবাচকতা আছে৷ এমিউলেট কৰাৰ অর্থ হ’ল ব্যক্তিত্ব বা কর্মক্ষেত্রত কাৰোবাৰ দৰে হ’বলৈ চেষ্টা কৰা৷ এটা ইতিবাচকতা আছে৷
আমি ইয়াত ইমিটেচনৰ কথা কৈছোঁ৷ নকল কৰিব, কিন্তু মানিতো নল’বই, বৰঞ্চ নিজৰহে সৃষ্টি বুলি দেখুৱাব৷
কিহৰ তাড়নাত মানুহ এনেকুৱা হয়?
ঈর্ষা৷ অস্বীকৃত অনুকৰণৰ এটা প্রধান কাৰণ হ’ল ঈর্ষা, হিংসা৷ এই মানুহবোৰে যেতিয়া কাৰোবাক কিবা এটা নতুন কৰা দেখে, ভাল কৰা দেখে, ভীষণ হিংসাত জ্বলে৷ লগতে তেওঁলোকৰ মনত সন্দেহ ওপজে– নিজৰ সামর্থ্যৰ ওপৰত৷ এক নিৰাপত্তাহীনতা৷ লগে লগে সৃষ্টি হয় এক তাগিদা– নিজক প্রমাণ কৰাৰ৷ যাক লৈ তেওঁলোক সন্ত্রস্ত তেওঁৰ কার্যখিনিকে নকল কৰি পেলায়৷ কিন্তু স্বীকৃতি নিদিয়ে৷ ইয়াকে কৰি তেওঁলোকে যাক হিংসা কৰে, তেওঁৰ সমকক্ষ হোৱা বুলি ভাবি লয়৷
মানুহ সামাজিক স্বীকৃতি আৰু মান্যতা ভোকীয়া৷ খ্যাতি লভাৰ অভীপ্সাত মানুহে আনে অনা নতুনত্বক নিজৰ বুলি প্রতিপন্ন কৰি পেলাব খোজে৷ আজিৰ যুগ আইডিয়াৰ যুগ৷ নতুন আইডিয়া৷ নতুনত্ব৷ যিয়েই নতুনত্ব আনে তেৱেঁই লাভ কৰে স্বীকৃতি, সন্মান আৰু প্রতিষ্ঠা৷ অর্থাৎ সফলতা৷ গতিকে এচাম ঠাইতে ওলায় এই নতুনত্বক আঁজুৰি আনি নিজৰ বুলি দেখুৱাবলৈ৷
মৌলিকত্ব বিভ্রম৷ এই মানুহখিনিয়ে যেতিয়া সিদ্ধান্ত লয় যে এটা আইডিয়া চুৰ কৰিব, তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰি দিয়ে আইডিয়াটো তেওঁলোকৰে বুলি৷ মানে এটা বিভ্রম৷ মনোবিজ্ঞানত কোৱা হয় ক্রীপ্টমনেচিয়া৷ এই আচৰণ হিংসুকীয়া নহ’বও পাৰে৷ কিন্তু কথা হ’ল– আইডিয়াটোৰ আচল স্রষ্টাজন অস্বীকৃত হৈয়ে থাকি যায়৷
ক্ষমতাৰ প্রতিযোগিতা৷ বিভিন্ন কর্মক্ষেত্রত, বহু সংগঠনত অহৰহ চলি থাকে ক্ষমতাৰ যুঁজ৷ গুপ্ত যুঁজ আৰু মুক্ত যুঁজ৷ বহু ওপৰৱালাই তলতীয়া কর্মচাৰীৰ আইডিয়া নিজৰ বুলি কোৱা বা দেখুওৱাটো নিজৰ মৌলিক অধিকাৰ বুলিয়েই ভাবে৷ এনে কৰি তেওঁলোকে নিজৰ কর্তৃত্ব বাহাল ৰাখিব বিচাৰে৷
সামাজিক তুলনা৷ মানুহে অনবৰতে নিজক আনৰ সৈতে তুলনা কৰি থাকে৷ প্রতিযোগিতা যিমানেই বাঢ়ে নিজকে আনতকৈ শ্রেষ্ঠ বুলি দেখুওৱাৰ তাড়নাও সিমানেই বাঢ়ে৷ দৰকাৰ হ’লে আনৰ আইডিয়া চুৰ কৰি হ’লেও৷
এচাম আছে–মাছ নহয়, জি জি বুলি কয়৷ ইনছপায়ার্ড বাই, অনুপ্রাণিত হৈ বুলি কয়৷ তাতো নতুনত্ব আহিল৷ ৰেফাৰেন্স পইণ্ট পদটো ব্যৱহাৰ হ’বলৈ লৈছে আজিকালি৷ যথেষ্ট ভালেই বুলিব লাগিব৷ মূলটো অন্ততঃ ধূলিসাৎ হৈ যোৱা নাই৷ এওঁলোকে এমিউলেট কৰা গুণটো পাইছে৷
কিন্তু ইমিটেট কৰাসকল৷ তেওঁলোক যেন মানৱ সভ্যতালৈ ভগৱানৰ উপহাৰ!
সেয়া তেওঁলোকৰ ভাব৷ তেওঁলোকে ভাবে যে কোনেও ধৰিব নোৱাৰাকৈ কামটো কৰি তেওঁলোক মহান হৈ গ’ল ৷ আচলতে তেওঁলোকৰ মস্তিষ্কই ঢুকিয়েই নাপায় যে মহানতা বা মৌলিকতা তেনেকৈ আহৰণ কৰিব নোৱাৰি৷ স্বীকাৰ নকৰি তেওঁলোকে মৌলিকতাক অধিক উজলাইহে তোলে৷
এই অস্বীকৃত অনুকৰণ দৰাচলতে মৌলিকতাৰ প্রতি শ্রদ্ধা৷ এয়া সাধাৰণে মহানৰ প্রতি জনোৱা সন্মান৷
অস্কাৰ ৱাইল্ডৰ কথাষাৰ সেয়েহে সুন্দৰকৈ খাপ খাই পৰে– ‘মহানতাৰ অনুকৰণ সাধাৰণ লোকৰ সেই ব্যক্তিৰ প্রতি সর্বোৎকৃষ্ট শ্রদ্ধা৷

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like