নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! গৰ্ভাৱস্থাত নাখাব অমিতা, জানো আহক কিয়

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ অমিতা এবিধ ঘৰুৱা স্বাস্থ্যকৰ আহাৰ তথা ফল। অমিতা কম কেলৰিযুক্ত ফল আৰু স্বাস্থ্যক বিভিন্ন ধৰণে লাভান্বিত কৰে। অমিতাত পুষ্টি থাকে, যেনে আঁহ, প্ৰচুৰ পৰিমাণে ভিটামিন। হজমৰ পৰা ওজন বৃদ্ধিলৈকে, মধুমেহ, কৰ্কট ৰোগৰ দৰে ৰোগ আঁতৰ কৰাত সহায় কৰিব পাৰে অমিতাই। কিন্তু অমিতা নতুনকৈ গৰ্ভধাৰণ কৰা মহিলাৰ বাবে ক্ষতিকাৰক। ঘৰুৱা দিহা বাদ দিও চিকিসকেও আনকি গৰ্ভৱতী মহিলাক অমিতা খাবলৈ মানা কৰে। কিন্তু কিয়, জানো আহক।

আধা পকা বা কেঁচা অমিতাত থকা লেটেক্স নামৰ বস্তুবিধে জৰায়ুৰ সংকোচন আৰম্ভ কৰিব পাৰে। এনে পৰিস্থিতিত, আগতীয়া প্ৰসৱৰ সম্ভাৱনা থাকে। ইয়াৰ বাহিৰেও অমিতাত থকা পেঁপানৰ বাবে আমাৰ শৰীৰে প্ৰষ্টাগ্লেণ্ডিন বুজাত ভুল কৰে। ই ভ্ৰূণৰ আৱৰণত বেয়া প্ৰভাৱ পেলাব পাৰে। তদুপৰি অমিতাত থকা চিটিনেজ হৈছে এবিধ এনজাইম, যি লেটেক্সত প্ৰতিক্ৰিয়া ঘটাব পাৰে। ইয়াৰ ফলত উশাহ লোৱাত অসুবিধা, হাঁচি আৰু কাহ, চকুত পানী আদি সমস্যা হ’ব পাৰে। এইকাৰণে গৰ্ভাৱস্থাত অমিতা খোৱা পৰিহাৰ কৰা উচিত।

You might also like