নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰস্বতী পূজাত ল’ৰাৰ চকুত চকু পৰা, বুকু দুৰুদুৰু কঁপা…

যি জীৱন আমি পাইছোঁ, যত জন্ম আৰু ডাঙৰ-দীঘল হৈছোঁ, সেই ঠাইখনক লৈ মোৰ গৌৰৱৰ শেষ নাই। আমি সকলো পূজা বা উৎসৱৰ আনন্দৰ মাজত ডাঙৰ হোৱা কথাই জীৱনৰ নানা ধৰণৰ সংস্কৃতিৰ কথাকে সোঁৱৰায়। এই কথা অভিনেত্ৰী ঋতুপৰ্ণা সেনগুপ্তাৰ। সৰস্বতী পূজাৰ এই বিশেষ সময়ত পুৰণি দিনৰ কথা সুঁৱৰিলে বাংলা ছবিৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ কৈ গ’ল-
লৰালিৰ পিনে উভতি চালে মোৰ সকলোতকৈ প্রিয় উৎসৱ আছিল সৰস্বতী পূজা। শৈশৱ-কৈশোৰৰ সৰস্বতী পূজা মানেই অলেখ স্মৃতি, প্ৰেম-ভালপোৱাৰ অভিজ্ঞতা। সৰস্বতী পূজা মানেই বাসন্তী ৰঙৰ শাড়ী। আচলতে আমাৰ শৈশৱলৈ উভতি চালে ভাব হয় গোটেই শৈশৱৰ কালছোৱাই বাসন্তী ৰঙৰ।

কত কথা মনত পৰে! সৰস্বতী পূজাত সেই বয়সত কি উত্তেজনা! উপবাস কৰিব লাগিব, পুৱাতে স্নান কৰাৰ দৌৰাদৌৰি, অঞ্জলি দিব লাগিব, সৰস্বতীৰ ভৰিৰ কাষত পঢ়াৰ কিতাপ-কলম থোৱা… কিমান যে ব্যস্ততা। মনত পৰে সেই ৰঙা-নীলা মঠ, পূজাৰ পাছত সেইবোৰ শেষ। প্ৰতিটো পর্বতে আনন্দ। দুপৰীয়া লুচী, বেঙেনা ভজা, খিচিৰী। আমাৰ ঘৰত পূজা হোৱাৰ দৰে কাষৰ বন্ধু-বান্ধৱৰ ঘৰতো পূজা হৈছিল। সকলো বন্ধু-বান্ধৱীয়ে মিলি গধুলি দলবান্ধি প্রসাদ খাবলৈ গৈছিলোঁ। সেইদিনা নিজৰ মতে খুব ফুৰোঁ আমি, সিদিনাই যেন আমি স্বাধীন।

ইয়াৰ পাছত আৰু অলপ ডাঙৰ হোৱাত সৰস্বতী পূজাৰ আনন্দত যুক্ত হ’ল নতুন উত্তেজনা। অঞ্জলি দিয়াৰ সময়ত আন চুবুৰীৰ ল’ৰাবোৰো আহিছিল। তেতিয়া তেওঁলোকৰ সৈতে চকুত চকু পৰে, বুকু দুৰুদুৰু কঁপে। কিছু ভয় আৰু অজান আনন্দ মিলি ৰোমাঞ্চ হৈছিল।

You might also like