নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাৱলম্বন

অলিভাৰ ওৱেণ্ডেল হোমছে কৈছিল– ‘চল্লিশ বছৰীয়া বুঢ়া হৈ থকাতকৈ সত্তৰ বছৰীয়া ডেকা হৈ থকাটো বেছি আনন্দদায়ক৷’ এনে এষাৰ কথা অলিভাৰ ওৱেণ্ডেল হোমছৰ মুখতেই শোভা পায়৷ তেওঁৰ মৃত্যু হৈছিল ৯৫ বছৰ বয়সত– চফল ডেকা অৱস্থাত৷ ৬০ বছৰ বয়সত তেওঁক আমেৰিকা যুক্তৰাষ্ট্রৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰা হৈছিল৷ সেই পদত সুদীর্ঘ ৩০ বছৰ কার্যনির্বাহ কৰি ৯০ বছৰ বয়সত তেওঁ স্বেচ্ছাই অৱসৰ লৈছিল৷ তেওঁ আছিল এজন অসাধাৰণ ন্যায়াধীশ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে তেওঁ যিবোৰ ঐতিহাসিক ৰায় দিছিল সেইবোৰ এতিয়া আমেৰিকাৰ ন্যায়পালিকাৰ ইতিহাসত একো একোটা মাইলৰ খুঁটি বুলি পৰিগণিত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলৰ লগত বেছিভাগ কথাতেই তেওঁৰ মতবিৰোধ হৈছিল, কাৰণ তেওঁৰ আছিল এক মৌলিক আৰু উদাৰ দৃষ্টিভংগী৷ তেওঁৰ জীৱন কালতেই তেওঁক অভিহিত কৰা হৈছিলThe Great Dissenter বুলি৷ তেওঁৰThe Common Law নামৰ কিতাপখন আইনশাস্ত্রৰ ইতিহাসত এখন ধ্রুপদী গ্রন্থ বুলি পৰিগণিত হৈছে৷ একেষাৰে ক’বলৈ গ’লে অলিভাৰ ওৱেণ্ডেল হোমছৰ আইন সম্পর্কীয় ৰচনাৱলী আৰু ঐতিহাসিক ৰায়বোৰে আমেৰিকা যুক্তৰাষ্ট্রৰ আইন–ব্যৱস্থাক গভীৰভাৱে প্রভাৱিত কৰিছে৷
কিন্তু অলিভাৰ ওৱেণ্ডেল হোমছ কেৱল এজন আইনজ্ঞই নাছিল৷ কবি আৰু সাহিত্যিক হিচাপেও তেওঁৰ বিশেষ খ্যাতি আছিল৷ তেওঁৰThe Autocrat of the Breakfast Table নামৰ সৰস ৰচনাৰ সংকলনটো এখন অতি সুখপাঠ্য আৰু শিক্ষাপ্রদ কিতাপ৷
অলিভাৰ ওৱেণ্ডেল হোমছৰ লগত মোৰ বন্ধু ডাঃ মুক্তিপ্রসাদ গগৈক তুলনা কৰাটো সমীচীন হ’ব বুলি মই নিজেও নাভাবোঁ– যদিও ডাঃ গগৈক তেওঁৰ ৰসাল বুদ্ধিদীপ্ত কথা–বার্তা আৰু মধুৰ আতিথেয়তাৰ কাৰণে মই যথেষ্ট প্রশংসা কৰোঁ৷ যোৱা প্রায় কুৰি বছৰমান ধৰি ডাঃ গগৈয়ে মাঘৰ বিহুৰ উৰুকাৰ দিনা তেওঁৰ ঘৰত খাবলৈ মোক নিমন্ত্রণ কৰি আহিছে৷ মাজতে অৱশ্যে কেইবছৰমান মোৰ ওপৰত কিবা কথাত ঠেহ পাতি তেওঁ মোক নমতা হৈছিল৷ কিন্তু মদৰ দৰে বন্ধুত্বও যিমানেই পুৰণি হয় সিমানেই তাৰ চোক আৰু সোৱাদ বাঢ়ে৷ সেই কাৰণে এলা–পেচা কথাত পুৰণি বন্ধুক জীৱনৰ পৰা বিসর্জন দিয়া সহজ নহয়৷ সি যি কি নহওক, মাঘৰ বিহুৰ উৰুকাৰ দিনা ডাঃ গগৈ আৰু মই দুয়ো মেজিৰ নামত জুই একুৰা জ্বলাই তাৰ উম লৈ লৈ আহোম পদ্ধতিৰে মাঘ বিহু উপভোগ কৰোঁ– অর্থাৎ সাঁজৰ লগত ভজা গাহৰিৰ মঙহ খাওঁ৷ সেই সময়খিনিত ডাঃ গগৈ মাজে মাজে খুব আৱেগ–প্রৱণ হৈ উঠে আৰু অতীতৰ স্মৃতি ৰোমন্থন কৰি জীৱনৰ নানা মিঠা কাহিনী মোক কৈ শুনায়৷ ডাঃ গগৈ এজন আন্তর্জাতিক খ্যাতিসম্পন্ন স্ত্রীৰোগ বিশেষজ্ঞ ডাক্তৰ৷ উচ্চ শিক্ষাৰ কাৰণে বহু বছৰ বিদেশত থকাৰ উপৰি ডাক্তৰী মেল–মিটিং কৰি তেওঁ পৃথিৱীৰ বহু দেশ ভ্রমণ কৰিছে৷ কিন্তু তৎসত্ত্বেও তেওঁ অতি আচৰিতভাৱে এজন খাৰ খোৱা গাঁৱলীয়া অসমীয়া হৈ আছে৷ খাদ্যৰ পৰা আৰম্ভ কৰি মানৱিক সম্পর্কলৈকে তেওঁ ভালপোৱা প্রায় আটাইবোৰ বস্তুৱেই হ’ল গাঁৱলীয়া বস্তু৷ গাঁৱৰ জীৱন, প্রকৃতি, ৰীতি–নীতি, বিয়া–সবাহ, খাদ্য–পানীয় –এই সকলোবোৰ বস্তু তেওঁ ইমান বেছি ভাল পায় যে গুৱাহাটী মহানগৰীত বাস কৰিও তেওঁ সেই সকলোবোৰ বস্তু সততে পাই থকাৰ সু–ব্যৱস্থা কৰি লৈছে৷ তেওঁৰ যহতে মাজে–সময়ে ময়ো সেই বস্তুবোৰৰ ভাগ পাঁও৷ কিন্তু বস্তুবোৰৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিবলৈ মই বাধ্য হ’লোঁ, কাৰণ আমি দুজন গাঁৱলীয়া মানুহে ভালপোৱা সেই অদ্ভুত গাঁৱলীয়া বস্তুবোৰৰ নাম শুনিলে বহুতো নগৰীয়া মানুহে ঘিণত নাক কোঁচাবও পাৰে৷
ওপৰত কোৱা হৈছে যে ডাঃ গগৈয়ে যোৱা ২৫ বছৰ ধৰি মোক মাঘৰ বিহুৰ উৰুকা খাবলৈ নিমন্ত্রণ কৰে৷ কিন্তু নিয়মৰ ব্যতিক্রম ঘটাই তেওঁ এবাৰ মোক ইংৰাজী নতুন বছৰৰ প্রথম দিনটো উদ্যাপন কৰিবলৈ আয়োজন কৰা এটা বিশেষ ভোজলৈকো নিমন্ত্রণ কৰিছিল৷ কোৱা বাহুল্য মাথোন যে সচৰাচৰ হৈ অহাৰ দৰে এইবাৰো নিমন্ত্রিতৰ তালিকাত আছিল একমাত্র মোৰ নাম৷ অতিথিবৎসল আৰু ভোজনবিলাসী ডাঃ গগৈয়ে নিশ্চয় তেওঁৰ অন্যান্য বন্ধু–বান্ধৱকো ভোজলৈ নিমন্ত্রণ কৰে৷ কিন্তু মোক নিমন্ত্রণ কৰিবৰ দিনা তেওঁ আন কাকো নিমন্ত্রণ নকৰে৷ তাৰ একমাত্র কাৰণ এইটোৱেই হ’ব পাৰে যে ৰসালাপী ডাঃ গগৈয়ে মোৰ লগত যি ধৰণৰ বাৰে–ভচহু কথা পাতি ভাল পায়, সেই ধৰণৰ কথা বোধহয় তেওঁৰ অন্যান্য বিদগ্ধ বন্ধুসকলে খুব বেছি পছন্দ নকৰে৷
ডাঃ গগৈৰ বিষয়ে ইয়াৰ আগতে যিমানকেইবাৰ লিখিছোঁ সেই প্রতিটোবাৰেই তেওঁৰ বিষয়ে লিখাৰ নিশ্চয় একোটা বিশেষ কাৰণ আছে৷ পেট ফাটি যোৱাকৈ মোক নানা ধৰণৰ সুখাদ্য খুওৱাৰ কাৰণে মই কেতিয়াও কৃতজ্ঞতাবশতঃ একো কথা লিখা নাছিলোঁ৷ এইবাৰো তেওঁৰ বিষয়ে লিখিবলৈ লোৱাৰ নিশ্চয় এটা বিশেষ কাৰণ আছে৷
যোৱা পহিলা জানুৱাৰীৰ দিনা ডাঃ গগৈয়ে মোক দুপৰীয়া আহাৰ খাবলৈ নিমন্ত্রণ কৰিছিল৷ তেওঁৰ নির্দেশ মতে দিনৰ এঘাৰ বজাত তেওঁৰ ঘৰত গৈ উপস্থিত হ’লোঁগৈ৷ ডাঃ গগৈৰ ঘৰত দুখন মুখ মোৰ খুব চিনাকি৷ চিনাকি মুখ দুখন হ’ল আয়েচা আৰু জয়ৰাম৷ আয়েচা নামৰ মহিলাগৰাকীয়ে তেওঁৰ ঘৰ চাফা কৰা আৰু বাচন–বর্তন ধোৱা কাম কৰে৷ কার্বি ডেকা জয়ৰাম তেওঁৰMan Friday৷ ডেনিয়েল ডিফোৰ ৰবিনছন ক্রুছো নামৰ বিখ্যাত উপন্যাস পঢ়া লোকসকলেMan Fridayক চিনি পাব৷ প্রায় ছবছৰ বয়সৰ পৰা ডাঃ গগৈৰ ঘৰত থকা জয়ৰাম এতিয়া ২২–২৩ বছৰীয়া চফল ডেকা৷ ডাঃ গগৈৰ বিশেষ প্রিয় বিচিত্র খাদ্য–সম্ভাৰ প্রস্তুত কৰাৰ দায়িত্ব জয়ৰামৰ৷ পহিলা জানুৱাৰীৰ দিনা মই ডাঃ গগৈৰ ঘৰত উপস্থিত হোৱাৰ এঘণ্টামানৰ পিছতেই আয়েচা বা জয়ৰাম কাকো নেদেখি মই অতি আচৰিত হ’লোঁ৷ ডাঃ গগৈৰ বিশাল ঘৰটো খুব ৰিঙা–ৰিঙা যেন লাগিছিল অনুমান হৈছিল যে সেই সময়ত ঘৰটোত তেওঁৰ বাহিৰে দ্বিতীয় কোনো মানুহ নাছিল৷ মোৰ অনুমানৰ বিষয়ে অনুভৱ কৰিব পাৰি ডাঃ গগৈয়ে নিজেই মোক ক’লে– ‘আজি ঘৰত মোৰ বাহিৰে আন কোনো মানুহ নাই৷ মোৰ শ্রীমতী গৈছে ডিব্রুগড়লৈ৷ আয়েচাৰ মাক মৰাৰ কাৰণে তেওঁ কেইবাদিনো কাম কৰিবলৈ আহিব পৰা নাই৷ জয়ৰাম নতুনকৈ চাকৰিত সোমাইছে– ইণ্টাৰনেচনেল হাস্পতালত৷ জৰুৰী কাম থকাৰ কাৰণে সি পুৱাই হাস্পতাললৈ ওলাই গ’ল ঘূৰি আহিব আবেলি তিনি বজাতহে৷ একে আষাৰে ক’বলৈ গ’লে ঘৰখনত মোৰ বাহিৰে দ্বিতীয় আন কোনো মানুহ নাই৷’
মই অলপ আচৰিত হৈ তেওঁৰ মুখলৈ চাই ক’লোঁ– ‘তেন্তে আপুনি মোক আহিবলৈ মানা কৰি টেলিফোন কৰি নিদিলে কিয়? মই বাৰু ঘৰলৈ ঘূৰি গৈ ভাত খাব পাৰিম৷ কিন্তু আপোনাৰ খোৱাৰ ব্যৱস্থা কি হ’ব? জয়ৰামে তিনি বজাত ঘূৰি আহি তাৰ পিছতহে ভাত ৰান্ধিব নেকি?’
ডাঃ গগৈয়ে নির্বিকাৰভাৱে দুটা গ্লাছত অতি উত্তম সুৰা ঢ়ালি ঢ়ালি ক’লে– ‘আপুনি সেইবোৰ কথা চিন্তা কৰিছে কিয়? মই আপোনাক নতুন বছৰৰ প্রথম দিনটোৰ ভোজ খাবলৈ নিমন্ত্রণ কৰিছোঁ আপুনি কিয় ভাবিছে যে ভোজ নোখোৱাকৈয়ে আপুনি খালী পেটেৰে ঘূৰি যাব লাগিব?’
‘কিন্তু ভোজ ৰান্ধিলে কোনে বা ৰান্ধিব কোনে?’ –মই তেওঁক সুধিলোঁ৷ জিভাৰ আগেৰে স্কছ্ হুইস্কী চেলেক মাৰি কিছু সময় তাৰ মাদকতা উপভোগ কৰি তেওঁ অৱশেষত মাত লগালে– ‘ঘৰত আন কোনো মানুহ নাই বুলিয়েই মই নিজে আজি ভাত নোখোৱাকৈ থাকিম নেকি? মই যদি খাম, তেন্তে আপুনিও নিশ্চয় খাবলৈ পাব৷ ভয় নকৰিব, মই নিজে ৰন্ধা–বঢ়া কৰিছোঁ যদিও আতিথ্যৰ অকণো ত্রুটি কৰা নাই৷ ৰাতিপুৱা শুই উঠি নিজে মাছ–মাংস আৰু শাক–পাচলি কাটিছোঁ৷ সকলো যা–জোগাৰ নিজে কৰিছোঁ৷ কি কি ৰান্ধিছোঁ সেই কথা জানিব খোজে নেকি?’
মই নীৰৱে সপ্রশ্ণ দৃষ্টিৰে তেওঁৰ মুখলৈ চালোঁ৷
ডাঃ গগৈয়ে ক’বলৈ আৰম্ভ কৰিলে– ‘মাংসৰ আঞ্জা ৰান্ধিছোঁ তিনিখন৷ এখন হাঁহৰ, এখন গাহৰিৰ আৰু এখন মেথোনৰ মাংসৰ৷ মেথোনৰ মাংস আপুনি আগতে নিশ্চয় কেতিয়াও খাই পোৱা নাই আজিয়েই নিশ্চয় প্রথমবাৰৰ বাবে খাই পাব৷ মাছৰ আঞ্জা অৱশ্যে মাত্র এখন চিতল মাছৰ কলঠি৷ এখন ৰহৰ দাইল ৰান্ধিছোঁ মই ডাঠি ক’ব পাৰোঁ যে ইমান উত্তম ৰহৰ দাইল আপুনি জীৱনত কেতিয়াও খাই পোৱা নাই৷ ভাত ৰান্ধিছোঁ তিনিবিধ৷ উখুৱা চাউলৰ ভাত ৰান্ধিছোঁ কেৱল মোৰ কাৰণে৷ আপুনি জানে যে উখুৱা চাউলৰ বাহিৰে আন চাউলৰ ভাত মই ভাল নাপাওঁ৷ আপোনাৰ কাৰণে ৰান্ধিছোঁ বৰা চাউল আৰু জহা চাউলৰ ভাত৷ ইয়াতকৈ বেছি ‘আইটেম’ ৰান্ধিবলৈ মই সময় নাপালোঁ, কাৰণ ইতিমধ্যে আপুনি আহি উপস্থিত৷’
মই বহুতপৰ নীৰৱে ডাঃ গগৈৰ মুখলৈ চাই ৰ’লোঁ৷ মোৰ মনলৈ আহিল অলিভাৰ ওৱেণ্ডেল হোমছৰ সেই বিখ্যাত উক্তি– চল্লিশ বছৰীয়া বুঢ়া হৈ থকাতকৈ সত্তৰ বছৰীয়া ডেকা হৈ থকাটো বেছি আনন্দদায়ক৷ ডাঃ গগৈয়েও এইবাৰ সত্তৰ বছৰত ভৰি দিছে৷
(ড০ মুক্তি প্রসাদ গগৈৰ অলপতে মৃত্যু হ’ল, প্রায় ৯০ বছৰ বয়সত৷ ওপৰত পুনর্মুদ্রণ কৰা প্রবন্ধটো প্রথমবাৰৰ কাৰণে প্রকাশ কৰা হৈছিল তেওঁৰ ৭০ বছৰ বয়সত৷)

You might also like